বচ্চন হালৈ-দিগন্ত কুমাৰ ভট্টাচাৰ্য
দুৱাৰখন খুলি যেতিয়া সন্মুখত অমিতাভ বচ্চনক দেখিলোঁ, উচপ খাই উঠিলোঁ। সন্মুখত থকা মানুহজন অমিতাভ বচ্চন কাৰণে যিমান উচপ খালোঁ তাতকৈ বতাহ-বৰষুণৰ মাজেৰে কেনেকৈ আহি আমাৰ ঘৰলৈ আহিল সেই ৰাতিখন – সেইটো ভাবিহে। লগে লগে আন এটা টেনছনে আহি মূৰত ধৰিলে – কাৰেন্ট নাই। কাৰেন্ট নাই কাৰণে ম’বাইলটোত চাৰ্জ নাই সন্ধিয়াৰেপৰা – সেইটো প্ৰধান টেনছন।
বাহিৰলৈ চালোঁ। বৰষুণ নাই। কিন্তু চোতালত ভৰিৰ গোৰোহা তল যোৱাকৈ পানী। পদুলিৰ পৰা ঘৰলৈ অহা ঠাইখিনিতো কিছু আছে পানী, বেছি নাই। ৰাস্তাত হয়তো আছে। গাৱলীয়া ৰাস্তা। বোকা হয়। বচ্চন চাহাবে যে কেনেকৈ বোকা-পানী গচকি ক’তো নপৰাকৈ ঘৰ আহি পালে, ভাবি আচৰিত হ’লোঁ। পদুলি মুখত এখনো বিলাসী গাড়ীও নেদেখিলোঁ। না কোনো মানুহ, না কোনো ছেনেলৰ সাংবাদিক, না কোনো ব’ডী গাৰ্ড। অসম্ভৱ! কেনেকৈ আহিল বচ্চন চাহাব আমাৰ ঘৰলৈ?
মই সোধোঁ বুলি ভবাৰ আগতেই অমিতাভ বচ্চনে চিঞৰি উঠিল সেই চিৰ পৰিচিত কন্ঠেৰে – “নমস্কাৰ দেৱীয়ো অউৰ সজ্জনো! কেইছে হ্যে আপ লোগ?”
কোঠাটোত অকল মই হে, তেওঁ ‘দেৱীয়ো অউৰ সজ্জনো’ বুলি কাক নো বুজালে বাৰু? নে স্বভাৱ?
তেওঁ বুজিব পাৰি সুধিলে – “ঘৰ মে অউৰ কোয়ি নেহি হ্যে ক্যা?”
: হ্যে। মেৰে পাছ মা হ্যে। অলপ বেমাৰী, বয়সো হুৱা হ্যে না, সেয়েহে ছ’ গয়ী ন’ বজাতে কাষৰ ৰুমত। আভি তো ৰাত এঘাৰ বাজা হ্যে না
“মেৰে পাছ মা হ্যে”টো শুনি বচ্চন চাহাব অলপ ভাবুক হৈ পৰিল যেন।
: আপ আও না ভিতৰলৈ – মই আথে বেথে মাতিলোঁ। বহিবলৈ চকী এখনলৈ আঙুলিয়াব লওতেই মন কৰিলোঁ, চকীখনত তিতা কাপোৰ এসোপা আছে। ৰ’দ নাই, বাৰাণ্ডাত মেলি দিয়াৰ ব্যৱস্থাও নাই। আঁতৰালোঁ কাপোৰবোৰ।
: আপ কুছ পিওগে? চাহ? পানী? – সুধিলোঁ।
: আৰে নেই নেই। অউৰ এক চীজ – ‘আছামি’ত কথা পাতিলে ভী মই বুজি পাওঁ। থোড়া বোহুত ক’বও পাৰোঁ। ছ’ তুম্হাৰে জিভাকো ইতনা তকলীফ মত দো। আছামি মে কথা কোৱা
: হয়? ৱাহ, বঢ়িয়া। আমাৰ মানে হিন্দী অলপ বেয়া ন। পিছে আপুনি হঠাত আহিল কিয়? আহিল ক’ৰ পৰা?
: মোৰ দেউতা আৰু তোমাৰ গ্ৰেণ্ডফাডাৰ ভাই-ককাই আছিল। একদম ওচৰ সম্পৰ্কৰ নহয়, কিন্তু বহু দূৰৈৰো নহয়। মানে তোমাৰ দেউতা মোৰ ভাইৰ দৰে।
: কি কয়? আমি মানে অ’ৰিজিনেল এলাহবাদ চাইদৰে ন? মানে আপুনি মোৰ বৰদেউতাৰ দৰে। আচ্চা, মই ‘বৰতা’ মাতিম
: ওকে, নো ইচ্যু! এই সম্পৰ্কটোৰ কথা মই গম পাওঁ কিছুদিন আগতে। ছ’ ভাবিলোঁ এক ভিজিট দে কে যা তে য়াহা। অউৰ আই লাভ আছাম, দ্য এনভাইৰ’মেন্ট, ৱেদাৰ, ফুড.. এৱৰিথিং। আজি ইভিনিং ছেভেন পি.এমত বৰঝাৰত লেণ্ড কৰি ডাইৰেক্ট আহিছোঁ অ’লা কেব লৈ। মৰ্ণিং বেক টু মুম্বাই। আহোতে মাস্ক পিন্ধি আহিছোঁ। মূৰত কেপ। ছ’ কোনোৱে ধৰিব পৰা নাই যে মই বচ্চন!
: বোহুত আচ্ছা বৰতা।
: নাউ ইটছ্ ইলেভেন অ’ ক্ল’ক। গাঁৱৰ মানুহবোৰ শুইছে নে?
: ইয়াত কোনেও দহটাৰ পাছত নাথাকেই। আজিকালি কিছুমানে ম’বাইল টিপি বাৰ মানলৈ থাকে। কিন্তু আজি আশা নাই। বৰষুণৰ কাৰণে গাঁৱত তিনিদিন কাৰেন্ট নাই। কাৰোবাৰ ম’বাইলত যে চাৰ্জ আছে, আশা কম। গতিকে সব মানুহ খাই-বই শুইছে বুলিয়ে ভাবক
: গ্ৰেট, মই অলপ গাঁৱখন চাম। থোড়া এইছে হী ঘুমেংগে। ফীৰ আ কে নিকল যায়েংগে এয়াৰপ’ৰ্ট কে লিয়ে। মৰ্ণিং আঠ বজে হ্যে ফ্লাইট। ৱ’ অ’লা কেব ৱালা আয়েগা
: অ’কে বৰতা….চলিয়ে
মই টেবুলত পৰি থকা ম’বাইলটোলৈ চালোঁ। দুই পাৰ্ছেন্ট চাৰ্জ আহিলে কেনেকৈ! মৰাৰ আগত যেন ফাইনেল এঙামুৰিটো দিছে, বেছি সময় নাই ইয়াৰো।
আমি দুয়ো বাহিৰ ওলালোঁ। হাতত মোৰ পাঁচ বেটাৰীৰ টৰ্চ। মই আগে আগে, বচ্চন বৰতা পিছে পিছে।
আলিবাট পালোঁ। সেইটোৰে দক্ষিণে এক কিল’মিটাৰ গ’লে হাই-ৱে’ত উঠিব পাৰি। তাৰপৰা গুৱাহাটীলৈ চিধা সত্তৰ কিল’মিটাৰ।
আমি উত্তৰে আগবাঢ়িলোঁ। গাঁৱৰ ভিতৰলৈ। পথটোত পানী অ’ত ত’ত। মাজে মাজে বোকা। পানীত ভৰি নিদিবলৈ সতৰ্ক কৰি দিলোঁ বচ্চন বৰতাক। কিছুমান আধা-একফুটৰ গাঁতো লুকাই আছে পানীৰ তলত। তাত খোজ দিব লাগিলে বচ্চন বৰতাৰ দামী লংপেন্টটোৰ কি যে নহ’ব। লগত বা আৰু পেন্ট-ছাৰ্ট আনিছে নে নাই। বে’গ-চে’গ একো দেখাতো নাই।
ৰাস্তাৰে খোজ কাঢ়ি গৈ থাকোতে ভাবিলোঁ -এই পথৰ মাজতে বচ্চন বৰতাক থিয় কৰাই ভিডিঅ’ এটা ল’ব লাগিব। তাৰ পাছত ভিডিঅ’টো কোনোবা ছেনেলক বিক্ৰী কৰিম। তেওঁলোকে এসপ্তাহমান চিঞৰিব – এয়া চাওঁক বলিউডৰ মহীৰূহ অভিনেতা অমিতাভ বচ্চন অসমৰ মাটিত…বোকা-পানী ভৰা পথ এটাত খোজ কাঢ়ি অমিতাভ বচ্চনৰ আলৈ-আথানি..আৰু যে ক’ত কি ক’ব!
ভিডিঅ’টোত ময়ো ওলাব লাগিব। নাই নোলাও। এইটো ভিডিঅ’ টেলিকাষ্ট কৰাৰ পাছত সমগ্ৰ অসমতে হাঁহাকাৰ লাগি যাব। তাৰ পাছত মোৰ এক্সট্ৰাকৈ সাক্ষাৎকাৰ ল’বলৈ ছেনেল-প’ৰ্টেলৰ লাইন লাগিব। বিধায়কেও ৰাস্তাটো দুদিনতে পকী কৰিব, পাক্কা! গাঁৱত হিৰো বনি যাম দেখোন মই! কিমানে মোক গামোচা পিন্ধাব, ফুলৰ মালা দিব। কম ফেমাচ হ’ম নে মই! ৰূপশ্ৰীৰ দেউতাকে তেতিয়া বাপ বুলি মোৰ হাতত গটাব লাগিব তাইক। বচ্চন হালৈক না কৰিব? পলিটিকেল প্ৰেছাৰো আহি যাব পাৰে লাক মোৰ ভালে থাকিলে। চাল্লা ভেন্সাৰ স্কুলৰ শিক্ষক বুলি মোক ঠাট্টা কৰে। চাওচোন এতিয়া ‘বচ্চন হালৈ’ক এতিয়া কি বুলি ঠাট্টা কৰে।
: আচ্চা বৰতা, আপোনালোকৰ উপাধি ‘বচ্চন’। আমাৰ ‘হালৈ’। মই যদি কাইলৈৰ পৰা নিজৰ নামৰ পাছত ‘বচ্চন হালৈ’ দুয়োটা লিখোঁ, কিবা প্ৰ’ব্লেম?
: আৰে নেই বেটা..ক্যা প্ৰ’ব্লেম? কিউ প্ৰ’ব্লেম? তুমি না কুছ ভি লিখিব পাৰা। য়ে তো অধিকাৰ হ্যে
: মজ্জা
আমি অলপ আগবাঢ়িলোঁ। অলপ দূৰ গৈ ৰূপশ্ৰীহঁতৰ ঘৰ পাম। মাতিয়েই দিওঁ নেকি তাইক ফ’ন কৰি। লগতে দেউতাকক। বচ্চন বৰতাক মোৰ লগত দেখিলে যদি বেহুচ হৈ যায়, কোনে ৰিস্ক ল’ব? নাই নলওঁ ৰিস্ক। তাতকৈ সিহঁতৰ ঘৰৰ সন্মুখত ফ’টো তিনিখনমান তুলি ৰাখিম, প্ৰমাণ হিচাপে।
আন এটা চিন্তাহে মনত সোমাল। কাইলৈ যেতিয়া মই ফে’চবুকত ফ’টোবোৰ আপলোড কৰিম, বহুতে ফ’টোশ্বপ কৰা বুলি ভাবিব ছিউৰ। গাঁৱৰে নৰোত্তমহঁতেই ক’ব। নহ’লে সিহঁতে জোৰ দিব মোক- “যদি সঁচা হয়, তোৰ বচ্চন বৰতাক অহাবাৰ বিহু ফাংচনত মুখ্য অতিথি হিচাপে মাতি আনিব লাগিব তই, ফ্ৰীতে। নহ’লে তেওঁৰপৰা এক শকত চান্দা তই আনি দিব লাগিব, ধৰ কমেও এক লাখ টকা”। জানোঁ, সিহঁতেই জেং লগাব। তাৰ আগতে মই আৰু কেইটামান প্ৰমাণ ৰাখি থব লাগিব বচ্চন বৰতা আমাৰ গাঁৱলৈ অহাৰ, মেইনলি আমাৰ ঘৰলৈ অহাৰ। হ’ব, কিবা এটা কৰিম। ময়ো বুৰ্বক মানুষ নহয়তো।
আগবাঢ়িলোঁ আকৌ অলপ দূৰ। আগে আগে মই। হাতত পাঁচ বেটাৰীৰ টৰ্চ। টৰ্চৰ পোহৰ অনুসৰন কৰি খুপি জুপি পিছে পিছে বচ্চন চা’ব, মোৰ বচ্চন বৰতা।
হঠাতে মনত পৰিল অলপ আগত হৰিহৰ দোকানীৰ গেলামাল দোকান। আমি তাৰপৰাই বাকীত খাওঁ। কেতিয়াবা আগৰ মাহৰ বাকী মাৰিবলৈ পিছৰ মাহৰ পোন্ধৰ-বিশ দিন পাৰ হৈ যায়। তেতিয়া হৰিহৰে অলপ কেং কেং কৰে। এদিন মাকো কথা শুনাইছিল কিবা কিনিবলৈ যাওতে। খঙতে মই খেদি গৈছিলোঁ যদিও কাজিয়া কৰি একো লাভ নহ’ব বুলিয়েই উপায়হীন হৈ উভতি আহিছিলোঁ। ভাল কথা এটা মনত পৰিল। জানোঁ, হৰিহৰ চিনেমা পাগল। দোকানত গ্ৰাহক নাথাকিলে সৰু টিভিটোত চিনেমাত মগন হয়। আজি কাম এটাকে কৰিম। বচ্চন বৰতাক হৰিহৰৰ বন্ধ দোকানৰ সন্মুখত থিয় কৰাই দিম। বিভিন্ন এংগোলৰপৰা ফ’টো কেইখনমান উঠাই ল’ম। পিছফালে ‘বৰ্মন ষ্টোৰ’ লিখি থোৱা ফলকখন ফ’টোত আনিবই লাগিব। য’ত কোটি টকাৰ কমত বচ্চন বৰতাই একো এড নকৰে, বিনা পইচাত হৰিহৰৰ দোকানৰ এডভাৰ্টাইজ কৰি দিব. হৰিহৰ পাগল হৈ নাযাব নে? এইখন কিয় আৰু ওচৰৰ দহখন গাঁৱৰ মানুহেও এই দোকানলৈ গেলামাল কিনিবলৈ লৰি আহিব। হৰিহৰে খুছী কে মাৰে মোক আজীৱন ফ্ৰীতে গেলামাল আনিবলৈও দিব পাৰে, কি ঠিক!
দোকানৰ ওচৰ পাওতে বচ্চন বৰতাক অলপ আগুৱাই গৈ ৰ’বলৈ ক’লোঁ। নিমাখিত মানুহৰ দৰে তেওঁ ৰ’ল দোকানৰ সন্মুখত।
জেপৰপৰা ম’বাইলটো উলিয়ালোঁ। কিন্তু….চাৰ্জ নাই। মূৰতে ম’বাইলটো মাৰি দিবলৈ মন গ’ল। পাগলৰ দৰে চিঞৰিব মন গ’ল। সকলো প্লেন শেষ হৈ যোৱাৰ দুখতে চকুপানী ওলাই আহিল।
হঠাতে দোকানৰ কাষৰপৰা হামিয়াই হামিয়াই হৰিহৰ ওলাই আহিল। হাতত ম’বাইল। ম’বাইলৰ টৰ্চটো অন কৰি প্ৰথমে মোলৈ চালে। তাৰ পাছত বচ্চন চাহাবলৈ। চকু মোহাৰিলে। আকৌ চালে। এইবাৰ খেক খেককৈ হাঁহিলে। তাৰ পাছত জোৰকৈ। মোৰ লাগিল তাৰ যেন এতিয়া ফূৰ্তিতে হাৰ্ট ফেইল কৰিব।
এইবাৰ হৰিহৰে বচ্চন বৰতাৰ ওচৰলৈ আহি মুখৰ ওচৰলৈ মুখখন নিলে। ম’বাইলটো দুয়োৰে সন্মুখত ধৰিলে। খেক-খেক হাঁহিটো মিচিকিয়া হাঁহিলৈ পৰিৱৰ্তিত হ’ল। ছেলফি ল’বলৈ উদ্যত হ’ল। মই দৌৰি গৈ বচ্চন বৰতাৰ হাতত ধৰি দৌৰিবলৈ ধৰিলোঁ। বচ্চন বৰতাই একো তত ধৰিব নোৱাৰিলে। কেবল মোৰ লগত একেলগে দৌৰিলে। পিছে পিছে ম’বাইলটো লৈ হৰিহৰ -“আৰে, এখন ছেলফি ল’বলৈ দে অমিতাভ বচ্চনৰ লগত..হেৰৌ”।
আমি দৌৰি থাকিলোঁ, দৌৰিয়েই থাকিলোঁ।
ৰাতিপুৱা:
: ও মা, মোৰ ‘হালৈ’ উপাধিটোৰ লগত ‘বচ্চন’টোও যোগ দি লওঁ বুলি ভাবিছোঁ। ‘বচ্চন হালৈ’ – কেনে দেখিছ? কেনে শুনিছ?
: চাহপাত এচিকুটো নাই। হৰিহৰৰ দোকানলৈ যা আৰু আন গৈ, নহ’লে কিন্তু চাহ নাই।
000
☆ ★ ☆ ★ ☆
11:33 am
অলিক সপোন, ভাল লাগিল।
2:32 pm
বাঃ! ক্যা খাব দেখে হে। একদম মানে সত্য সত্য যেন লগা।