ফটাঢোল

বেঙেনা, আলু  আৰু শনিগ্ৰহৰ চাউল-দেবজিৎ দুৱৰা

আজি শনিবাৰ।

উত্তৰাধুনিকতাবাদী যুগত যিদৰে মোৰ 

মূল্য নাই

সেইদৰে  লকডাউনৰ সময়ছোৱাত মোৰ মুৰ্গী ফাৰ্মৰ

 কুকুৰা কেইটাৰো গ্ৰাহক নাই। 

পিতায়ে ঠিকেই কয়, ” দৰিদ্ৰ মুকলি ফুৰিব গ’লেও  নল

 গজালি সোমায়”।

মুৰ্গী বেচি মাৰচিডিজ কিনাৰ বাসনা মোৰ নাই।

সৰু সৰু সপোন।

তথাপি লকডাউনে দি গ’ল আৰ্থিক মন্দাৱস্তাৰ বিষাক্ত

 ইঞ্জেকছন ।

ইঞ্জেকছন আগতেও পাইছোঁ।

 সহিছোঁ…..!

জীৱনলৈ ধুমুহা বহুত আহিছে।

“জনম জনম তোমাৰ হৈ ৰ’ম বুলি” ইস্তাহাৰ প্ৰকাশ কৰি,

 

হৃদয়ত আধাৰশিলা স্থাপন কৰা তাই এতিয়া কোনোবা

 ধনৱন্তৰ বেবী!!

 দুবছৰ আগত তাই এৰি গৈছে।

 তাইৰ মতে…..

 “তোৰ দৰে সন্দেহবাদী এটাৰ লগত কোন থাকে।”

 ঘৃণাৰ থু ছটিয়াই তাইৰ বিদ্ৰুপৰ ভ্রূকুটি।

মই বোলো 

“স্বয়ং ৰামচন্দ্ৰও আছিল সন্দেহবাদী!! “থাকিম তোমাৰ

লগত থাকিলেও ভোকত” বুলি হাবিয়ে-বনে ঘূৰিবলৈ

যোৱা ৰাজকন্যা ৰাজবধু সীতাকো  ৰামে ‘ডাউট’

 কৰিছিল! 

যৌন ঈৰ্ষা স্বাভাবিক প্ৰবৃত্তি !!!  

আৰু তুমিনো কিয় ফাদাৰ মাদাৰে  বেবী জনচন চাবোন

পাউদাৰ ঘঁহি ঘঁহি

আতৌ পুতৌ কৈ তোলা মখমলি দেহাটো গণমাধ্যমত 

প্ৰদৰ্শন কৰিব লাগে?”

তাই ক’লে “তোৰ মুৰ্গী সোপাকে পাঠ পঢ়াগৈ যা । নেৰ’

মাইণ্ডেত!”

তাৰ পাছত ৰাস্তা বন্ধ।

হোৱাতচএপ,ফেচবুক সকলোতে ভলুকা বান্ধিলে। 

ব্লক ব্লক…..

পদূলিত গাড়ী এখন ৰ’ল। লক ডাউনত কোন

আহিলনো? 

 মুৰ্গী নিলেই হ’ল আৰু……।

পুলিচ পাৰ্টি নেকি? 

নহয়!

গাড়ীৰ পৰা নামিল  এজন  দক্ষিণ ভাৰতীয় বোলছবিৰ

 নায়ক কাষত তেওঁৰ সংগোপাংগ। 

পোছাক ফিট।

গলত সোণৰ চেইন জিক মিক।

সেমেনা সেমেনকৈ আগতীয়াকৈ সুধিলোঁ ” দেদা মুৰ্গী

 লাগিব নি বাওঁ?

 কণ্ঠত আধাপোৱা  উৎসাহ।

কাষত থকা এজনে ক’লে 

“নিব নহয় দিবহে আহিছোঁ!”

“এইকেইটাকে মুৰ্গীকে খুৱাব পৰা নাই আৰু নেলাগে”

 মই সৰু সৰুকৈ ক’লো । 

ডাঙৰ মানুহৰ আগত সৰুকৈ কথা কোৱাটোকে

সামাজিক দূৰত্ব বোলে। 

সেইবোৰ মই জানো।

“নহয় হে সাহায্য দিবলৈ আহিছোঁ! আমি সদায় ৰাইজৰ

কাষত ” এইবুলি দক্ষিণ ভাৰতীয় অভিনেতাই মোৰ ফালে

আলু দাইল মিঠাতেল চাবোনৰ টোপোলা এটি হাঁহিমুখে

আগবঢ়াই দিলে।

আই ওলাই আহিল।

পিতায়ো।

আই পিতাইৰ ফুৰ্তিৰ হাঁহি …..

এহ !!ঘৰত যেন কোনোবাই পুতেকৰ বাবে লখিমী

বোৱাৰী এজনীহে দি গ’ল!

তেওঁলোকে  আই পিতাই আৰু মোক টোপোলাটোৰ

 সৈতে ফটো ল’লে।

 অভিনেতা নায়কৰ টোপোলা দিয়া চিনটো ৰীক্ৰিয়েচন

 কৰা হ’ল । খিছিক খিছিক চেপলুক…..

আমিও প্রাগ চিনে এৱাৰ্ড গ্ৰহণ কৰাৰ দৰে অভিনয়

 কৰিলোঁ।

  

টোপোলাটো নাতি লোৱাৰ দৰে আয়ে বুকুত ললে। ” বহু 

দিন দাইল দেখাই নাই হি হি …..

অকল মাংস, আমনি লাগিছিল!”

ফটোত ফটা গেঞ্জিটোৰ সতে মোক এশ শতাংশ চাগৈ

‘থাৰ্ড ৱৰ্ল্ড কাউন্তি’ৰ মানুহ যেনেই লাগিছিল,ছেহ ! যি হয়

 হ’ব।

 কামত লাগিলোঁ। 

বন্ধু মইনাৰ ফোন। 

:ঐ তোৰ ফটো ফেচবুকত দেখিছোঁ  যে সাহায্য পালি?

:: ও…

::সাহায্য দিয়াটো কোন গম পালিনে হা হা?

:: ওহোঁ ! কিয় হাঁহিছ গাধ?”

:: সাহায্য দিয়াটো তোক যে লাথ দিছিল আইভিলতাৰ

বয়ফ্রেণ্ড হা হা!!  সীমান্ত বিকাশ  বৰা,  এম. এল. এ 

উঠিব এইবাৰ নাওবৈছাৰ পৰা হা হা ! আৰু শুন তোৰ

 ফটোত আইভিলতায়ো কমেণ্ট কৰিছে ” মহানুভৱতাৰ

 পৰিচয়, মানৱতাৰ জয়গান” হা হা !!

মইনাক বেয়া মাত এষাৰ উপহাৰ দিম বুলিও ৰৈ গ’লো।

মাতৃয়ে আলুৰ বাকলি গুচাই কাষতে বহি আছিল।

আইক ক’লো

“বাকলি মই গুচাওঁ তই বেলেগ কাম কৰ যা”

আই গ’ল…

প্ৰচণ্ড খঙেৰে আলু কেইটা কটাৰীখনেৰে এশ তেত্ৰিশ 

 টুকুৰামান কৰি পেলালোঁ।

মুখেৰে প্ৰলাপ

“ঘৈণীয়েৰে দুবছৰ আগত বেঙেনা দিছিল!!

তই কুকুৰে আলু দিব আহ!!”

মই  চিঞৰি উঠিলোঁ!! পিতাই দৌৰা দৌৰিকৈ ওলাই

আহিল

মোৰ দেহাটো কঁপি উঠিল !

ভিতৰলৈ গৈ দেখোঁ আয়ে  আগলি কলপাত এখনত

টোপোলা এটা বান্ধিছে 

” কৃষ্ণ প্ৰভু লোৱাটো ভাল হ’লেই শনি গ্ৰহৰ চাউল একথা

 খুৱাম।”

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *