ফটাঢোল

লিমাৰিক আখ্যান – স্বপ্নালী কলিতা

খঙতে থূপ খাইছে কপালৰ ৰেখা

ভালেদিন লিমাৰিক পোৱা নাই দেখা

ভবাবোৰ নাহেচোন

ক’ত গ’ল লগ কোন

পালে ধৰি টপাটপ্‌ ল’ম এটা লেখা।


গৈ আছিল লয়লাসে লিমাৰিক বাই

মই বোলো ক’ত যোৱা দেখাদেখি নাই

আহাচোন আহা বুলি 

ক’লোঁ কথা ‘দিল’ খুলি 

বায়ে বোলে মৰা কিয় টেন্‌চন খায়। 


ভয়ভীত আঁতৰালোঁ মৰসাহ কৰি 

এইবাৰ লাগিবই বুলি ল’লোঁ ধৰি

যেনে চিন্তা তেনে কাম

নপঢ়িলে বেয়া পাম

সেইবুলি বহি লৈয়ে চিন্তি আছোঁ হৰি।


ধন্যবাদ নিবেদিলোঁ বাইজনী অ’ই

সাহসকেই দিলা আহি হাঁহিটিকে লৈ

আৰু আছে বহুবোৰ 

মোৰ দৰে কমজোৰ  

মাত এষাৰ দি যাবা ড’ণ্ট্ অ’ৰি কৈ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *