ফটাঢোল

জ্বৰ আৰু মূৰ বিষ-বিজয় মহন্ত

ফেচবুকটো লগ ইন কৰি স্ক্ৰল কৰি থাকোঁ‌তে আপডেটটোত চকু ৰৈ গ’ল ৰিণ্টুমণি দত্তৰ।পৰিস্মীতা দত্তৰ আপডেট। প্ৰফাইল পিকচাৰখনত ক্লিক কৰিলে।আঃ অপুৰ্ব সুন্দৰী।

“চোৱা, সময়খিনি বেয়া। সাৱধান হোৱা অতি প্ৰয়োজন।তুমি এটা কাম কৰা। পানী অলপ গৰম কৰি তাত অলপ নিমখ দি ভাপ লোৱা আৰু গাৰ্গল কৰা। জালুক আৰু আদা দি লাল চাহ খোৱা দিনটোত চাৰি – পাঁ‌চ কাপ।কুহুমীয়া পানীত নেমু চেপি চৰবত খোৱা তিনি – চাৰিবাৰ আৰু শুবৰ সময়ত গৰম পানীত নিমখ দি ভৰি ধোৱা আৰু মিঠাতেল অলপ সানি শুই থাকা। ভাল পাই যাবা।”

কমেণ্ট বক্সত কমেণ্টটো পোষ্ট কৰোঁ‌তেই ভিতৰৰ পৰা পৰিবাৰৰ মাত দত্তৰ কাণত পৰিল,

: হেৰা শুনাচোন কঁ‌কালটো খুব বিষাইছে। ভাতকেইটা বনাবা নেকি?

: দেখা নাই নেকি মই কিবা এটাত ব্যস্ত হৈ আছোঁ‌।সপ্তাহটোত এটা দিন বন্ধ পাও সেইদিনাও মই পাকঘৰত কটাম নেকি? যি কৰা কৰা। মই নোৱাৰোঁ‌ দেই।

গৰগৰাই উঠিল দত্তই।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *