ফটাঢোল

ভুতৰ ভৱিষ্যত-অভিজিত কলিতা

(শিৰোনাম এখন বাংলা চিনেমাৰ পৰা ধাৰ কৰা)

হয়…. হয়, হয়েই! ভুতেই হয় সেইটো, নহ’লে কি হ’ব, এনে সময়ত? হে ভগৱান, কি উকহে খাইছিল মোক এই সন্ধিয়াখন এইফালে আহিবলে….হৰি ঔম! হৰি ঔম!….জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপিচ তিনো লোক উজাগৰ!…. লা ইলাহা ইল্লালাহো মোহাম্মদুৰ ৰছুলুল্লাহি,…. ঔঁম মণি পদ্মে হুঁম…. ইন দ নেম অৱ দ গ’ড এণ্ড দ হলী স্পিৰিট….আমেন….ক’ত যাওঁ ….ক’ত পলাওঁ…. কোন ক’ত আছ….আজি ৰাতিটোও ইমান এন্ধাৰ হ’ব লাগেনে? আৰু এই গেজেপনি মৰা বাঁহনিখন এইফালে আছে বুলি জনাহেঁতেন মই মৰি গ’লেও এইফালে নাহোঁ। কি হ’ব এতিয়া, আজি মই ‍শেষ…. আজি ভুতে মোৰ তেজকণ শুহি খাব, সেইটো…. সেইটো আহিছে মোৰ ফালে….মই দেখোন দৌৰি পলাবও পৰা নাই….আৰে মোৰ ভৰিকেইটা লৰচৰেই নহয়চোন….খতম মই… শেষ….

তেনেকুৱাতে মই সম্বিত হেৰুৱাই বাগৰি পৰিলোঁ…. তাৰ পাছত মোৰ একো মনত নাই। 

*

ভুতৰ প্ৰতি মোৰ ভয়টো এতিয়াৰ নহয়, কাছুটি লোৱা দিনৰে পৰা ভুতে মোক খেদি ফুৰিছে। কিমান ৰাতি মই ভুতৰ ভয়ত নোশোৱাকৈ আছোঁ হিচাপ নাই। ৰাতি শুবলে লওঁ- লাগে যেন কোনোবাই খিৰিকীৰে বা ভেণ্টিলেটৰেৰে মোক চাই আছে। অকলে খোজকাঢ়িলে দিনতে লাগে যেন কোনোবা মোৰ পিছে পিছে আহি আছে….কিমান বাৰ ৰাতি মোক কোনোবাই টেঁটু চেপি ধৰিছে, ধৰফৰাই সাৰ পাইছোঁ…. চিঞৰিছোঁ…. অকলে থাকিলেই অদ্ভূত মাত কিছুমান শুনো। ৰাতি দূৰত লাইট এটা জ্বলা দেখিলেই লাগে যেন সেইটো ধনগুলৈ, মোক খেদি আহিছে। আৰু তাৰো ওৰপৰত এই ভুতৰ চিনেমাবোৰ….”আমি মঞ্জলিকা!!!” মঞ্জলিকাৰ চকুকেইটাই এমাহ মানলৈ মোৰ পিছা কৰি ফুৰে। কিয় বনাই এইবোৰ চিনেমা মই বুজি নেপাওঁ, এনেই ভুতৰ উৎপাতত মোৰ জীৱন নৰক হৈ গৈছে, তাৰ ওপৰত আকৌ নিত্য নতুন ভুতৰ আইডিয়া। কনজিউৰিং, দা নান কত কি? মুঠতে ভুত আৰু ভুতৰ চিনেমাই মিলি মোৰ জীনা হাৰাম কৰি দিছে….সেয়ে মই পৰাপ‍‍ক্ষত ভুতৰ কথা নেপাতোঁ, আৰু ভুতীয়া ঠাইবোৰলৈ নে‍যাওঁ। ৰাতি শোৱা বিছনাখনৰ তলত সৰিয়হ, কেঁচা নহৰু, লোহাৰ কটাৰী সকলো ৰাখোঁ, আৰু সেইবোৰ সাৱটিয়েই শোওঁ।  পগলা বাবাৰ পৰা অনা চাৰিটা ভুত প্ৰতিৰোধী তাবিজ সকলো সময়তে মোৰ গাত থাকেই, নেৰোঁ সেইকেইটা। সেইবোৰ প্ৰটেকচন লোৱাৰ বাবেই হয়তো আজিলৈকে মোক ভুতে ভয় খুওৱাৰ বাদে বিশেষ একো অপকাৰ কৰিব পৰা নাই। পিছে আজি কথাটো পুৰা গৰবৰ হৈ গ’ল।

অচিন ঠাই এখনলৈ বিশেষ চিন্তা অনুসন্ধান নকৰাকৈয়ে আহি গ’লোঁ। শুনিছিলোঁ ইয়াত বোলে পগলা বাবাতকৈয়ো শক্তিশালী তান্ত্ৰিক এজন আছে, পগালা বাবাৰ চাৰিটা তাবিজে কৰিব নোৱাৰা কাম, তেওঁৰ এটা তাবিজেই কৰি দিয়ে। গতিকে তেনে চাৰিটা তাবিজ যদি মই পিন্ধি লওঁ, তেনে মোৰ ভুত প্ৰতিৰোধী ব্যৱস্থাটো S-400  মি‍ছাইল ডিফেন্স চিষ্টেমৰ দৰে হৈ যাব। ভুতে মোৰ ফালে মূৰ ডাঙিয়েই চাব নোৱাৰিব। এনে সুবিধা পালে মই এৰি দিয়াত নাই, ভুতে মোক ইতিমধ্যে বহুত জ্বলাকলা দিছে, আৰু নোৱাৰি আৰু, লাগিলে পইচাকে খৰছ হওক। জীৱনতকৈ পইচা ডাঙৰ নহয়।

তাতেই ভুল হৈ গ’ল মোৰ, ‘১২৯ নং মৌলানা পৰমহংস কৃষ্ণ কৰিম প্ৰভূপাদ ঘাণ্টে বাবাৰ’ আশ্ৰম বিচাৰি ফুৰোঁতেই সন্ধিয়া লাগি ভাগিল। যাকে সোধোঁ সিয়ে ভুল ৰাষ্টা দেখুৱাই। আৰু আজি এই ৰাতি আঁঠ বজাত মই গেজেপ মৰা বাঁহনি এখনৰ মাজত, ইফালে অন্ধকাৰ, জনপ্ৰাণী এটা নাই!  তেতিয়াই ঘটানাটো হ’ল…. অচিন অদ্ভূত ছাঁয়া এসোপাই মোক বেৰি ধৰিলে, হাত ভৰি লৰচৰ কৰিব নোৱাৰা হ’লোঁ….আৰু এসময়ত মোৰ কোমল হৃদয়ে এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰিলে, মই বেহুচ হৈ গ’লোঁ।

কিমান দেৰি অচেতন হৈ আছিলোঁ ক’ব নোৱাৰোঁ- কিন্তু এসময়ত মোৰ জ্ঞান ঘূৰি আহিল….অনুভৱ কৰিলোঁ, মোক ক’ৰবাত আঁটি আঁটি বান্ধি থোৱা আছে, হাত ভৰি লৰাব নোৱাৰোঁ মই। জান নিজান কৈ চকুকেইটা মেলি চালোঁ….আৰে! মোৰ চাৰিওফালেচোন কোনোবা আছে! কোন এইবোৰ, মানুহ যেনেই লাগে, বা নেলাগেও। কোন এইবোৰ? তেনে ক্ষেত্ৰত মই মোৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা বুদ্ধিমত্তা ব্যৱহাৰ কৰিলোঁ- সাৰ সুৰ নোহোৱাকৈ পৰি থাকি, জান নিজান চকু দুটা মেলি কাণ উনাই শুনাৰ চেষ্টা কৰিলোঁ। কিবা মীটিং চিটিং হৈ থকা যেন লাগিল। হয় মীটিঙেই হয়, শুভ্ৰ ধূতি চোলা পিন্ধি, মূৰত প্ৰকাণ্ড ৰাজকীয় পাগ মৰা, হাটত লাখুটি এডাল লৈ থকা মানিহ এজনক কেন্দ্ৰ কৰি বিছ পচিশজন মানুহ!! ৰ’ব। মানুহেই যেন লাগিছে হয়, কিন্তু কিবা আচহুৱা, তাতে আধামেলা চকুৰে ভালকৈ দেখাও নাই। 

: পাতকীটোৰ জ্ঞান আহিল নেকি?

গুৰু গম্ভীৰ স্বৰে পাগ মৰা মানুহজনে সুধিলে। 

: নাই অহা ডাঙৰীয়া, সি এনেই অলপ ধতুৱা মানুহ, আমি ধৰোঁতেই তাৰ চিলিম চিগিব যেন লাগিছিল, পিছে কিবা কৰি বাচিল। হ’ব আমি কথাখিনি পাতি লওঁ, তাৰ পাছত তাক জগাম। মানুহৰ পো হে, পানী এবাল্টি ঢালি দিলেই হুঁচ আহিব যাব তাৰ। 

অ’ হয় যি হয়, মোক ভুতে পালে। আৰু সেই বুঢ়াজন ‘বুঢ়া ডাঙৰীয়া’, আৰু বাকীবোৰো ভুত। আজি মোৰ জীৱনৰ শেষ দিন,  একোটা ভুতেই মোৰ কালিজা বন্ধ কৰোঁ কৰোঁ কে থাকে, আৰু আজি মই ভুত সমাজৰ মীটিঙত সোঁশৰীৰে বহি আছোঁ, তাকো মোৰ হাত ভৰি বন্ধা। ইয়াতকৈ বেয়া অৱস্থা হ’ব পাৰে? মই শেষ। মই কৰিব লগা একো নাই এতিয়া, যি কৰে ভুতেই কৰিব। এল আই চি পলিচিকেইটা মানুহজনীৰ হাতত আছে বাৰু, চলিব পাৰিব যেনে তেনে। পিছে আকৌ ভুতে মাৰিলে এল আই চিয়ে কভাৰ কৰে বা নকৰে, আত্মহত্যা কৰিলে নকৰে যেনেকৈ। হ’ব দে, আজি জীৱনৰ শেষ দিনটোত সেইবোৰ কথা নেভাবোঁ, যাৰ কপালত যি আছে হ’ব। মই মীটিঙলৈ মন দিলোঁ। কোনোবা এটাই টেংটেঙীয়া মাতেৰে সভা আৰম্ভ কৰিছে। 

: শ্ৰদ্ধাৰ অসমবাসী খিলঞ্জীয়া ভুত সংস্থাৰ সভাপতি ‘বুঢ়া ডাঙৰীয়া’ ডাঙৰীয়া, ভুত লিবাৰেচন ফ্ৰণ্ট অৱ আছামৰ কমাণ্ডাৰ ইন চিফ ‘কন্ধ মহাশয়’, মহিলা ভুত মুক্তি মৰ্চাৰ সভানেত্ৰী ‘ঘৰ জেউতি’ মহোদয়া, অসমীয়া ভুত যুব মঞ্চৰ সৰ্বাধিনায়ক ‘ম’হ যখ’ ভাইটি, ভুত মৎস উদ্যোগৰ স্বত্বাধিকাৰী বাঁক চন্দ্ৰ আগৰৱালা, আৰু মোৰ প্ৰাণৰো প্ৰাণৰ, গানৰো গানৰ বাকী ভুত সকল! আপোনালোক সকলোলৈকে মোৰ সশ্ৰদ্ধ প্ৰণাম জনালোঁ। আজিৰ দিনত আমি খিলঞ্জীয়া ভুতসকলৰ আগত আমাৰ অস্তিত্বৰ সংকটৰ প্ৰশ্ন আহি পৰিছে, মানে আজিৰ ভাষাত ক’বলৈ গ’লে কোনেও আমাক পাত্তাই নিদিয়ে। এনে পৰিস্থিতিত কি আমি নিজকে হেৰুৱাই পেলাম, হাজাৰ বছৰীয়া অসমীয়া ভুত পৰম্পৰা কালৰ কুটিল গতিত বিলীন হৈ যাব? ই আজি আমাৰ ভুত সমাজৰ সমুখত সকলোতকৈ বৃহৎ প্ৰত্যাহ্বান। কিয় এনে হ’ল, আৰু এই অৱস্থাৰ পৰিত্ৰাণ কি? এই বিষয়ে বিষদ ভাৱে আলোচনা কৰি তাৰ সমাধান উলিয়াবৰ বাবেই আজিৰ এই সভাখন আহ্বান কৰা হৈছে। সদায় হোৱাৰ দৰেই আজিও আমাৰ সভাৰ সভাপতিত্ব কৰিব আমাৰ মাজত সকলোতেকৈ গুণী জ্ঞানী “বুঢ়া ডাঙৰীয়া” ডাঙৰীয়াই, তেখেতে ইতিমধ্যেই নিজ গুণে সভাপতিৰ আসন গ্ৰহণ কৰিলেই। এতিয়া আমি তেওঁৰ পৰিচালনাত সভাখন আগুৱাই নিম। এইখিনিতে এটা কথা, আজি আমি এটা নৰমনিচৰ পোৱালীও ধৰি আনিছোঁ, বুঢ়া ডাঙৰীয়াৰ পৰামৰ্শ মতে, বৰ্তমান সি অচেতন হৈ আছে। তাৰ প্ৰয়োজন হোৱা সময়ত তাক জগাই দিয়া হ’ব। ধন্যবাদ। 

বুঢ়া ডাঙৰীয়াই দুটামান গলখেকাৰি মাৰিলে যেন লাগিল মোৰ, চকু দুটা অলপ বহলকৈ মেলি দেখিলোঁ, তেঁও মাজতে থকা ৰঙা প্লাষ্টিকৰ চকী এখনত বহি লৈছে। হাতত এখন কাগজ! মাতটো কিন্তু কিছু গুৰুগম্ভীৰ।

: মোৰ মৰমৰ অসমীয়া খিলঞ্জীয়া ভুতসকল, উদ্দেশ্য ব্যাখ্যা কৰোঁতা ‘খেতৰ’ মহোদয়ে কথাখিনি আপোনালোকক বুজাই ক’লেই। আমি আজি এনেই চাহ-ভাত খোৱা মীটিং নকৰোঁ৷ আজি বুজিবলৈ চেষ্টা কৰিম, আপোনালোক প্ৰতিজনৰ পৰা, যে কি কাৰণত আজি আমি স্থানচ্যুত হ’লোঁ। আমালৈ কোনেও কিয় ভয় নকৰা হ’ল? আমাৰ অসমৰ ল’ৰা-ছোৱালীয়ে আজি কিয় আমাৰ দৰে ভুতলৈ ভয় নকৰি, ড্ৰাকুলা, নান, ২০১২ আদিৰ দৰে ভুতৰ ভয়ত কঁপি থকা হ’ল? আজি যদি আমি একেলগ হৈ কিবা এটা ব্যৱস্থা নলওঁ তেনে আমি নিশ্চিহ্ন হৈ নেযাম নে? কিয় এনে হ’ল? আজি আমি তাৰ সমাধানৰ পথ বিচাৰিম, মই এজন এজন ভুতক সুধিম, তেওঁৰ সমস্যা কি? চাওক ৰাইজ, ভয়েই ভুত, মানুহে আমালৈ ভয় নকৰিলে আমাৰ অস্তিত্বৰ সংকট আহিবই! আজি ৫০ বছৰ আগতেতো এনেকুৱা নাছিল, আমাৰ ভয়ত অসমীয়া নৰমনিচ সান্ধিয়াৰ পাছত ঘৰৰ পৰা ওলোৱা নাছিল। আমাৰ চকুত পৰে বুলি ন-বোৱাৰীয়ে ৰাতি চৰিয়াত চুচু কৰিছিল, ছোৱালীৰ মাক বাপেকে সেই চৰিয়াটো যৌতুকত দিছিল! তেনে কিয় এনে হ’ল? আজি যে কোনেও আমাক কুত্তা বুলিও নোপোচে? এইবোৰ জ্বলন্ত সমস্যাৰ সমাধান আমি উলিয়াবই লাগিব। তাৰ বাবেই আজিৰ এই মীটিং অতিশয় গুৰুত্বপূৰ্ণ। তাৰ লগতে এটা কথা কওঁ, আমি আজি নৰমনিচৰ পোৱালী এটাও ধৰি আনি থৈছোঁ, তাৰ কি কাম মই পিছত কম। এতিয়া আপোনালোকৰ এজন এজনকৈ সকলোৰে সমস্যাবিলাক শুনিম। গতিকে মই সময় নষ্ট নকৰি আপোনালোকক দিল খুলি নিজ নিজ বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ। 

: সভাপতি মহোদয়!

সেয়া কন্ধই হ’ব, চেহেৰাটো দেখিছোঁ মই, ডিঙিৰ ওপৰত মূৰটো নাই, বুকুত দুটা প্ৰকাণ্ড চকু, পেটত মুখ এখন, আৰু একোচা ৰাৱণ টাইপৰ মোচ। মাতটোও কিবা গব্বৰ সিং যেন। 

: কওক কন্ধ মহাশয়৷

ঠিক ধৰিছিলোঁ মই৷

: এইবিলাক মীটিং ফিটিং কৰি লাভ নাই, মোক আপুনি ফ্ৰী হেণ্ড দিয়ক। এই অসমীয়া নৰমনিচসোপাক মই কম্বিং অপাৰেচন কৰি এনেকৈ মোচোৰা মাৰিম নহয়, গম পাই যাব, ড্ৰাকুলা ভয়ংকৰ নে মই। আপুনি সদায় মোক অসমীয়া ভুতৰ ঐতিহ্যৰ কথা কৈ বাধা দি আহিছে, সদায় “ভুত আৰু মানুহৰ সহাৱস্থান” নামৰ এটা অবাস্তৱ আইডিঅ’লজিক প্ৰোৎসাহন দি আজি আমাৰ খিলঞ্জীয়া ভুত সমাজক বিপদৰ মাজলৈ ঠেলি দিছে। লাভ নাই, ডাঙৰীয়া, আপোনাৰ আউটডেটেড চিন্তাৰ কাম নাই আজিকালি। ৰিজাল্ট লাগে আমাক, ফলাফল ফলদাতা বিভূৰ হাতত বুলি শুই থাকি লাভ নাই। মই জানো মোক সমৰ্থন কৰা ভুত এইখন সমাজতে বহুত আছে, আমি মানুহৰ দৰে গণতান্ত্ৰিক প্ৰক্ৰিয়া মানি চলিলে এতিয়াই মই আপোনাক স্থানাচ্যুত কৰি নিজে সভাপতি হ’ব পাৰোঁ। কিন্তু মই মানুহ নহয়, মই ভুত, সেয়ে তেনে বিসম্বাদী কাম মই নকৰোঁ, সেয়ে ডাঙৰীয়া, অনুৰোধ কৰিছোঁ, মোক ফ্ৰী হেণ্ড দিয়ক। অসমীয়া খিলঞ্জীয়া ভুতৰ সামাজিক, অৰ্থনৈতিক স্থিতি মই আকৌ ঘূৰাই আনিম। ডাঙৰীয়া, নামঘৰৰ আগৰ অৰ্জুন গছ জোপাৰ তলত মাজনিশা পাগ মাৰি ঠিয় হৈ থাকিলে আজি আপোনালে কোনেও ভয় নকৰে, নাম্বাৰ ৱান বা আৰু তাৰো ওপৰৰ বিধৰ নিচাত, হেলমেট নিপিন্ধাকৈ তীব্ৰ গতিত বাইক চলাই অহা অসমীয়া ডেকাই নিজে মৰিবলেকে ভয় নকৰে, আপোনাকতো খুন্দিয়াই উৰাই দিব। মোক মোৰ মতে কাম কৰিবলৈ দিয়ক, আহিব লগা বলীউড, হলীউড সকলো ভুতৰ চিনেমাতে, আনকি “ঘোষ্ট অফ মাইখুলি”তো আমিয়েই ওলাম, ড্ৰাকুলা, জম্বি বা সেই ইৰিটেটিং মতা নানজনী নোলায়। এনেকুৱা টেৰ’ৰ সৃষ্টি কৰিম। এয়ে মোৰ শেষ কথা।

: কন্ধ মহাশয়, প্ৰথম কথা, আপুনি মোৰ সৈতে এইটো ‘টিউন’ত কথা পাতিব নোৱাৰে, কাৰণ সভাপতি ময়েই এতিয়াও। আৰু যদি আপুনি এনে ব্যৱহাৰ কৰে, তেনে আমি ভুত সংবিধানৰ ৩৭৫ ধাৰা মৰ্মে আপোনাৰ সাকলো চুপাৰ নেচাৰেল পাৱাৰ কাৰ্টেইল কৰিব পাৰোঁ। হ’লেও মই আপোনাৰ কনচাৰ্ণখিনি বুজি পাইছোঁ- একো উপায় নহ’লে আমি আপুনি কোৱা পথতে যাবলৈ সাজু আছোঁ- কিন্তু তাৰ আগতে আমি প্ৰব্লেম এনালাইছিচখিনি ভালকৈ কৰিব লাগিব, বুজিব লাগিব এপাৰেণ্ট ক’জ আৰু ৰুট ক’জৰ পাৰ্থক্যখিনি। ব্ৰেইন ষ্টৰ্মিং কৰিব লাগিব, চাব লাগিব যে আমি লোৱা পন্থাটোৱে যাতে বেকফায়াৰ নকৰে। বুজিছেতো? গতিকে কিছু সমায় আপুনি মনে মনে থাকক, বাহিৰত গৈ চিগাৰেট এটা টানক। মই সমস্যাটো বুজিবৰ চেষ্টা কৰোঁ- সকলোৰে সৈতে কথা পাতোঁ!

: কিন্তু ডাঙৰীয়া…

: ইউ আৰ ডিছমিছড ফৰ হাফ এন অৱাৰ! প্লীজ লীভ!

কথাখিনি শুনি মোৰ ভয়ৰ মাজতো অলপ আশা জাগিল, মানে ইহঁতৰ মাজতো বিসম্বাদ আছে, সেইটো লাইনত খেলিব পৰিলে মই হয়তো বাচিও যাব পাৰোঁ- কন্ধ আৰু বুঢ়া ডাঙৰীয়া দুই পাৰ্টিৰে ভুত সমাজত হ’ল্ড বেয়া নহয়, প্ৰায় সমান পাৱাৰ। আৰু ইটোৱে সিটোক ভালো নেপায়! খেল খেলিব পৰা যাব- মোৰ মনুষ্য মগজটোৱে বাৰে বাৰে ক’লে।

: শুনক ৰাইজ, আমি পোন প্ৰথমেই উগ্ৰপন্থাৰ কথা ভৱা উচিত নহয়! একেবাৰে উপায় নহ’লেহে আমি সেইটো পথ ল’ম। আজি হাজাৰ হাজাৰ বছৰ ধৰি আমি অসম দেশত নৰ মনিচৰ সৈতে একেলগে সমিল-মিলেৰে বাস কৰি আহিছোঁ- যদিও আমি ইটোৱে সিটোক মাৰিবলৈ সদায় উৎসুক। এনে মতবিৰোধৰ মাজতো সহাৱস্থান সম্ভৱ, আমাৰ ঐতিহ্যই তাকে কয়। এতিয়া মই প্ৰতিজন ভুতৰ পৰা জানিব বিছাৰিম, আপোনালোকে কিয় অসমীয়া মানুহক ভয় খুৱাব নোৱাৰা হ’ল? আগতেই কৈছোঁ, ভয়েই ভুত, ভয় নেথাকিলে আমাৰ অস্তিত্ব নাই। কিয় অসমীয়া মানুহৰ মাজত আমাৰ ভয় হৰাই গ’ল? প্ৰথমতে মই “দ’ত”ক নিজৰ বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিলোঁ!”

: শ্ৰদ্ধাৰ সভাপতি মহোদয়!

কেনকেনীয়া মাতৰ এজন ঠিয় হ’ল! মই আঁৰ চকুৰে চাই দেখিলোঁ- প্ৰায় দহ ফুট মান ওখ, আউল বাউল চুলি আৰু আৰু দীঘল নখৰ এটা ভুত। ৰং ক’লা মানে আলকতৰায়ো লাজ পাব, বাকী কাষৰ বস্তুবিলাক অলপ পোহৰ বুলিহে তেওঁৰ অবয়ব দেখা পোৱা গৈছে। 

: মহোদয়, মই আৰু মোৰ কাজিন ব্ৰাডাৰ ‘বাঁক’, আমি মাছ প্ৰেমী ভুত। আমাৰ মডাছ অপৰেণ্ডি প্ৰায় একেই। আমি মাছ ধৰিবলৈ আৰু খাবলৈ  পাগল হৈ থকা অসমীয়া ৰাইজক টাৰ্গেট কৰোঁ। মাছৰ উজান উঠা নদীত বান বা খোকা, হুকুমা পাতি থৈ অহা মৎস্যপ্ৰমীক আমি বোৱাৰী পূৱাতে কোনো লগ বন্ধুৰ ৰূপে গৈ নদী বা বিলৰ পাৰলৈ লৈ যাওঁ, আৰু তেওঁ মাছৰ লোভত পাগল হৈ থকা সময়ছোৱাতে তেওঁক পাকৰাও কৰোঁ। আমি মাছ খাই ভাল পাওঁ আৰু আমাৰ মাছ ভোজনত হকা বাধা কৰিলে আমি আমাৰ চিকাৰক ডিঙি মোটোকাই মাৰি ওলোটাকৈ পুটি থওঁ। তেনেকৈয়ে আমি হাজাৰ বছৰ ধৰি চলি আহিছোঁ। মাজতে দুই এটা পাহোৱাল নৰ মনিচে আমাৰ কাষলতিৰ তলৰ মোনাটো থপিয়াই নি সৰিয়হৰ ঢুলিত লুকুৱাই আমাৰ হতুৱাই গেবাৰিও খটাইছে, স্বীকাৰ কৰোঁ। আমিও সুবিধা বুজি গিৰিহঁতনীক পতাই মেলি আকৌ মোনাটো লৈ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছোঁ। সেইবোৰ সমস্যা নাছিল আমাৰ। কিন্তু আজিৰ পৰিবেশ সম্পূৰ্ণ পৃথক। আজি কোনো অসমীয়া ডেকাই কালিহি পোহৰত হুকুমাত লগা মাছ চাবলৈ নেযায়। অন্ধ্ৰ আৰু কাণপুৰৰ পৰা অহা চালানী মাছ খায়েই তেওঁলোকে ক্ষুধা নিবাৰণ কৰে, বৰ বেছি বৰপেটা, খাৰুপেটীয়াৰ ইউৰিয়া দিয়া ৰৌ বাহু মাছ খায়। খোকা, হুকুমা, বান বেছি ভাগেই চিনি নেপায়। আৰু কেৱল মাছৰ বাবে, আগদিনা খোৱা বস্তুকণৰ হেং অভাৰৰ সোৱাদ কোনো অসমীয়া ডেকাই নেৰে। এৰিবও নোৱাৰে, হেং অভাৰ কেনে বস্তু আপুনি হয়তো নেজানে। তাৰ ওপৰত আকৌ ৰাতি তিনি বজালৈকে ফোনত বাবু সোণা কৰিবলৈ আছেই। তেনে কওক ডাঙৰীয়া, এজনো অসমীয়া ডেকা যদি ব্ৰহ্ম পূৱাতে মাছ ধৰিবলৈ নেযায়, আমি কৰিম কি? কাক ভয় খুৱাম, কাক ডিঙি মোচোৰা দিম? কাক উলোটাই পুতিম কওকচোন?

: হমমমম! গম্ভীৰ সমস্যা! ‘বাঁকে’ কিবা ক’ব?

: কি ক’ম ডাঙৰীয়া, দ’তৰ সৈতে সহমত। আৰু এটা কথা যোগ দিওঁ, অসমৰ নদী বিলত আজি মাছেই নাই। সৱ বিহ দি, পথাৰত কীটনাশক মাৰি শেষ কৰিলে, অসমৰ ল’ৰাবোৰ যাওঁ বুলিলেও ক’লৈ যাব? এতিয়া আমি পূৱা ৪ বজাত টাটাৰ ছোটা হাতীত চিনটেক্স টেংকত মাছ ভৰাই অনা সন্দেযুক্ত বাংলাদেশী মাছ বেপাৰীকেইটাক হামলা দিলেহে হ’ব? মাছ আজিকালি ফিছাৰীতহে পায়, আমি এটেক কৰিবলৈ সুবিধাই নেপাওঁ! যেনি তেনি লাইট জ্বলি থাকে, পাম্প চলি থাকে, এশমান মানুহে মাছক ইউৰিয়া খুৱাই থাকে, আমাৰো সীমাৱদ্ধতা আছে দিয়কচোন, এশ মানুহৰ মাজত এটাক ধৰিবলৈ গ’লে কোনোবাই যদি দ’ত’ৰ মোনাটোকে কাঢ়ি লয়? সি বেটাতো ডুবিল না, তাকে মাছক ইউৰিয়া খোৱাৰ কামত লগাই দিব। 

: হয়, বুজি পাই‍ছোঁ, মাছ ভিত্তিক ভুতসকলৰ অসমীয়া মানুহৰ মাছ যোগান ব্যৱস্থাটো সলনি হোৱা বাবে এটা মেজৰ চেটবে’ক হৈছে। আমি পিছলৈ এই আলোচনা আগবঢ়াই নিম, তাৰ আগতে মই বাকী ভুতসকলৰ কথাও শুনিব খোজোঁ। হমমম! ঘৰ জেউতী মহোদয়া, আপোনাৰ কামটোতো একেবাৰে চিম্পল আছিল, আপুনি মাত্ৰ মাজনিশা গৈ মতা মানুহ অকলে থকা ঘৰবিলাকত চৰক চৰক শব্দ কৰি ঝাড়ু লৈ সাৰিব লগা আছিল, দুৱাৰ মূখত কোনো মতা মানুহ শুই থাকিলে তেওঁ গাৰ ওপৰেদি মেকুৰী পাৰ হোৱাদি পাৰ হ’ব লাগিছিল। একেবাৰে সহজ কাম, সেইটো কাম কৰাত আপোনাৰ কি অসুবিধা হৈছে?

মই আকৌ এবাৰ চকু মেলিলোঁ! আঃ !  এইজনীয়েই ঘৰ জেউতী, মধ্য বয়সৰ এগৰাকী সুন্দৰী মহিলা, চুলিখিনি কিন্তু পুৰা বগা, গাৰ ৰঙো বগা। একদম শ্লীম ফিগাৰ, মেখেলা চাদৰ জোৰো শুৱাই পৰিছে, চিম্পল বাট এলিগেণ্ট। মিহি মাত এটাৰে তেওঁ কবলৈ ধৰিলে, 

: ডাঙৰীয়া, মোৰ কামটো আপুনি কোৱাৰ দৰে ইমান সহজ নহয়। মোৰ ইউ এচ পি আছিল ঘৰ সৰাৰ শব্দটো। মতা মানুহে ঘৰ সাৰি বেয়া পাই, সেয়ে ঘৰ সৰাৰ শব্দত তেওঁলোকে ভয় খায়। কিন্তু আজিকালি কোনেও ঘৰ নেসাৰে ডাঙৰীয়া, সকলোৱে ভেকুৱাম ক্লীনাৰ ব্যৱহাৰ কৰে। ভেকুৱাম ক্লীনাৰৰ শব্দটো চৰক চৰক নহয়, কোওওওওও ধৰণৰ হয়। মানুহবোৰ ঘৰ পৰিষ্কাৰ কৰাৰ নামত সেইটো শব্দতহে অভ্যস্ত! চৰক চৰকটো তেওঁলোকে কাষৰ ফ্লেটত হৈ থকা টাইলচ কাটিঙৰ শব্দ বুলি ভাৱি লয়। মোৰ পুৰা কামটো সেই শব্দটোৰ সৈতেই জড়িত আছিল, আজিকালি সেইটো শব্দৰ ভেলুৱেই নাইকিয়া হৈ গ’ল। মই কি কৰিম, যিমান চৰক চৰক নকৰোঁ লাগে, মতাকেইটাৰ টোপনিয়ে নেভাগে। তাতে অকলশৰীয়া মতাবোৰে পুৰা মাল টানি লৈ শোৱে নহয়, গাত পানী ঢালি দিলেও গম নেপায়। মই উপায়বিহীন ডাঙৰীয়া, স্বেচ্ছা অৱসৰৰ বাদে মোৰ আন কোনো উপায় মই দেখা নাই।

: অহ! মই জনা নাছিলোঁ ইমানখিনি। আপোনাৰ মূল সমলটোতে যদি আঘাত হয়, তেনে আপুনি তিস্থি থাকিব কেনেকৈ, বুজি পাইছোঁ মই! কিবা এটা উপায় কৰিব লাগিব, তাৰ আগতে বাকীসকলৰ কথা শুনোচোন। ম’হ যখ ভাইটি, তোমাৰ কাম আছিল, ম’হৰ জাকৰ মাজত, ম’হৰ ৰূপ লৈ থাকি সুবিধা পালেই গোৱালক শিঙেৰে খুচি দুফাল কৰা। তোমাকতো আজিকালি দেখাই নেপাওঁ, যোৱা দহ বছৰত কোনো ম’হ গোৱাল ‘ম’হ যখ’ৰ খোচত মৰা নাই, মোৰ ওচৰত ডকুমেণ্ট আছে! কি কৰি আছা তুমি?

: ছাৰ মোক সেইবিলাক কথা কৈ লাভ নাই।

চেঙেলীয়া মাতেৰে তজবজীয়া ভুত এটাই কৈ উঠিল। 

: ছাৰ? মোক ছাৰ নক’বা, ডাঙৰীয়া বুলি কোৱা। তোমালোকে ইংলিছ মিডিয়ামত পঢ়াবোৰে কাক কি সম্বোধন কৰিব লাগে সেইটোও পাহৰি গৈছা।  

: অ’কে অ’কে, ডাঙৰীয়া ছাৰ। শুনক, মই ইংলিছহ মিডিয়ামত পঢ়া কাৰণেই আজি এই বাকী ভুত বোৰৰ দৰে বেকৱাৰ্ড হৈ থাকিব লগা হোৱা নাই! মোৰ কাম কি মই জানো, কিন্তু অসমত আজিৰ ডেটত ম’হ গোৱাল নায়েই, মই কাক খুঁচি মাৰিম?  সেয়ে মই আজি ৫ বছৰ আগত গুজৰাট এক্সপ্ৰেছত উঠি আনন্দ গুচি গ’লোঁ, আনন্দ চিনি পাইতো? আমুল ফেক্টৰী আছে যে, তাত ম’হেই ম’হ। মই চাৰভাইভ কৰিবৰ বাবে ম’হৰ মাজত থাকিব লাগিব, সেয়ে মই অসম এৰি দিলোঁ- যেনে তেনে চলি আছোঁ গুজৰাটত। কিন্তু ন’ কমপ্লেইন। ইনকাম কম হ’লেও ভুখা মৰিব নেলাগে, আপুনি ছাৰ, আই মীন ডাঙৰীয়া, ইয়াত ম’হৰ মহল বঢ়াই দিয়াক, গাখীৰৰ বিজিনেছ বনাই দিয়ক, মই আধা দৰমহা, মানে আধা মানুহ খুঁচি ইয়াতে থাকিম। কিন্তু পাৰিব জানো? নোৱাৰে ছাৰ। চ’ লীভ মী এল’ন!

: ম’হ জখ ভাইটি, মই তোমাৰ সমস্যাটো বুজিছোঁ, কিন্তু তুমি যি ভাষা ব্যৱহাৰ কৰিছা, কথাখিনি কওঁতে, তাক লৈ মোৰ আপত্তি আছে। অসমীয়া কেৱল অসমৰ নৰ-মনিচৰে ভাষা নহয়, আমি খিলঞ্জীয়া ভুতবিলাকৰো ভাষা, এনেকৈ ভাষাটো নষ্ট কৰিব নোৱাৰা তুমি। অলপ বহা, মই আকৌ তোমাৰ সৈতে কথা পাতিম। মই এতিয়া ‘পৰুৱা’ৰ পৰা দুই এটা কথা শুনিব বিছাৰিম। ভুত সংবিধান মতে, পৰুৱাৰ কাম এটাই, পৰুৱাই পোৱা, মানে বাট হেৰুৱা। তুমি অকলশৰে যোৱা পথিকক মাত্ৰ পথভ্ৰষ্ট কৰি ভয় খুৱাব লাগিছিল, তোমাৰ সেইটো কাম কৰাত কি অসুবিধা হৈছে, মোক বুজাই কোৱা?

: মিছা নকওঁ ডাঙৰীয়া, আপুনি একদম বেকৱাৰ্ড মানুহ। স্মাৰ্ট ফোনৰ নাম আপুনি শুনাই নাই চাগে। তেনে স্মাৰ্ট ফোনত গুগল মেপ বুলি এপ এটা আছে, সেইটোৰ নাম কেনেকৈ শুনিব? সেইটো লগাই দিলেই ছোৱালী এজনীয়ে  মানুহক গন্তব্য স্থানৰ এশ মিটাৰ ওচৰ পোৱায়ে দিয়ে।  তাৰ পাছত তেওঁক গুমৰাহ কৰা কি কঠিন আপুনি কি বুজিব? তথাপিও মই গুগলৰ চাৰ্ভাৰ হে’ক কৰি শেষ এশ মিটাৰত মানুহক ৰাষ্টা পাহৰাই আছোঁ, এই হাই টেক যুগতো মই নিজৰ কাম কৰি আছোঁ- সুন্দৰ পিছায়ে দিন ৰাত ক‍ষ্ট কৰিও গুগল মেপক মোৰ কবলৰ পৰা উদ্ধাৰ কৰিব পৰা নাই। বিশ্বাস হোৱা নাই যদি যিকোনো গুগল মেপ ইউজাৰক সুধি লওক, শেষ মুহূৰ্তত তেওঁলোকক সদায় পৰুৱাই পাই নে নেপায়? মই মোৰ কাম কৰি আছোঁ ডাঙৰীয়া, আপুনি বাকীবোৰক সোধক।

: হমম! হয়! মোৰ ইনফৰমেচন মতেও তুমি গুগল মেপক এতিয়াও নিজৰ বশত ৰাখিছা, আমি সকলোৱে তোমাৰ পৰা শিক্ষা লোৱা উচিত। এই হাইটেক যুগত জীয়াই থাকিবলৈ হ’লে আমিও হাইটেক হ’ব লাগিব। বাকী এই পাতকীটোক জগাব লাগিছিল, মোৰ এটা পৰিকল্পনা আছে ইয়াক লৈ। 

**

পাঠকসকল, এইখিনিলৈকে মই মীটিংখন শুনি আছিলোঁ! মোৰ চেন্সো আহি গৈছিল, চকু মুদি পৰি থাকোঁতেই মই হঠাৎ অনুভৱ কৰিলোঁ- কোনোবাই মনে মনে মোৰ হাত ভৰিৰ বান্ধবোৰ খুলি দিছে। মই কিন্তু কাকো দেখা নাছিলোঁ, কিন্তু মই নিশ্চিত যে মোক সহায় কৰাকেইটা ভুতেই আছিল। 

তাৰ পাছত মই পলালোঁ- পগলা বাবাৰ তাবিজকেইটা বুকুত মুঠি মাৰি ধৰি ওচাইন বল্টতকৈয়ো বেগত দৌৰি মই পলালোঁ। ইফালে পূৱ দিশ উজ্বলিও উঠিছিল। বেছি দূৰ যাব লগা নহ’লেই, মানুহ লগ পালোঁ মই।  তেওঁলোকে ৰাতি হাবিত গছ কাটি আছিল, হাতত বন্দুক বাৰুদ, জেচিবি, চেইন শ্ব’ সকলো আছিল। মই উধাতু খাই দৌৰি যোৱা দেখি মোক ধৰি পেলালে তেওঁলোকে। মুখত পানীও চটিয়ালে। মানুহ লগ পাই মই বৰ সকাহ পালোঁ, মৃত্যুৰ মুখৰ পৰা বাচি আহিলোঁ আজি। 

*

এতিয়া মোক আকৌ বান্ধি থোৱা হৈছে, মাটিৰ গাত এটাত। মই বুজা মতে মই হেনো কিবা বস্তু দেখিলোঁ, যিবোৰ মই বাহিৰত কৈ দিলে, চৰকাৰ গিৰি যাব পাৰে। সেয়ে মই ইয়াৰ পৰা ওলাই যাব নোৱাৰোঁ। খানা পীনা দি আছে অৱশ্যে, মোবাইলটোও চলি আছে। হয়তো গছ কটা পাৰ্টিয়ে গম পোৱা নাই। 

*

আশা কৰি আছোঁ, কালিলৈ আকৌ ৰাতি হ’লে আকৌ ভুতবোৰে মোক কিডনেপ কৰেই নেকি? মোক লৈ কিবা প্লেন আছিল সিহঁতৰ। যদি প্লেনটো আজিও আছে, ভুতবোৰে বাদ দিয়া নাই, তেনে, 

মই বাচি যাবও পাৰোঁ!

☆ ★ ☆ ★ ☆

10 Comments

  • সাংঘাটিক লিখিলে দাদা৷ একে উশাহতে পঢ়িলোঁ৷

    Reply
  • Bedanta

    ভাল লাগিল পঢ়ি।

    Reply
  • হিৰণ্যজ্যোতি দাস

    বেলেগ ধৰণৰ লেখা এটা পঢ়িলো ৷ খুব ভাল লাগিল ৷

    Reply
  • জুই 🔥🔥। মানুহতকৈ ভূতেই ভাল।

    Reply
  • ৰিণ্টু

    বোলে তু ঝাকাচ

    Reply
  • নীলাঞ্জনা

    বহুত ভাল লাগিল পঢ়ি৷৷

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল। ভূতবোৰ স্বাধীনতা সংগ্ৰামৰ আটাইকেজন যেন লাগিছে। এতিয়াৰ সমস্যাবোৰ তো সচাঁকৈ ভূতৰে প্ৰয়োজন।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *