ফটাঢোল

ফটা লিমাৰিক-ধনজিৎ বৰুৱা

ক্লেশ


বাপেক আছিল মাটিৰ মালিক খেলিছিল তীৰ

মাটি বেচি দিয়া যুদ্ধৰ অপ্ৰমাদী বীৰ 

পুত্র ধনো একেই বদন 

মদৰ আড্ডাই তেওঁৰ সদন

কৰ্মফলৰ বেদনাত হয় মাটি চিৰা-চিৰ। 


ভেশ


অনলাইন থাকে তিনিপ্ৰহৰ জলাই সেউজীয়া লাইট

টপিক বোৰত বীৰ বাপু কমেণ্টেৰে ফাইট 

বুদ্ধিজীৱীৰ যিটো লবী

তাৰে বাপু পৰজীৱী 

আদৰ্শবাদীৰ ঢেমাঢোল পিটি নিজ স্বাৰ্থত টাইট। 


দেশ


নিত্য নতুন পৰীক্ষা নিৰীক্ষা নিত্য নতুন ঘোষণা

নৃত্য চন্দত আবেগ নাচে বিৰোধীৰ ভণ্ড ৰটনা 

ফ্ৰী ৰেচন ফিৰাই কৰত

সাধু জনতা মৰে  ভৰত 

নিজ শিক্ষাৰে আগবঢ়াতেই সাধু জনতাৰ প্ৰেড়ণা।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *