ফটাঢোল

শইকীয়াৰ ডিভ’ৰ্চ পিটিচন-জয়ন্ত প্ৰীতম

: অৰ্ডাৰ.. অৰ্ডাৰ… ইমান সৰু কথা এটাক লৈ ডিভ’ৰ্চ পিটিচন ফাইল কৰি ন্যায়ালয়ৰ বহুমূলীয়া সময় নষ্ট কৰাৰ বাবে শ্ৰীযুত শইকীয়াক শাস্তি প্ৰদান কৰা হয় যে অহা ছমাহলৈ তেওঁ পাকঘৰৰ সকলো কাম কৰিব আৰু অহা দুবছৰলৈ তেওঁক কঁঠাল গুটি খাবলৈ দিয়া নহ’ব। আৰু ইয়াৰ লগতে শইকীয়াৰ ডিভ’ৰ্চ পিটিচন অমান্য ঘোষণা কৰা হ’ল। ভৱিষ্যতে এনেদৰে ক’ৰ্টৰ বহুমূলীয়া সময় নষ্ট কৰিলে শইকীয়াৰ জেইল হোৱাটো নিশ্চিত।

শইকীয়াৰ বিৰুদ্ধে দিয়া ক’ৰ্টৰ ৰায়দান শুনি শ্ৰীমতী শইকীয়াকে ধৰি ক’ৰ্টত উপস্থিত সকলোৱে হাত চাপৰি বজাবলৈ আৰম্ভ কৰিলে। সকলোৱে একে মুখে স্বীকাৰ কৰিলে যে শইকীয়াৰ দৰে মানুহক মহামান্য আদালতে উচিত শাস্তি প্ৰদান কৰিছে। তেওঁৰ দৰে মানুহৰ এনেকুৱাই হ’ব লাগে।

ক’ৰ্টৰ ৰায়দান শুনি শ্ৰীমতী শইকীয়া সুখী হোৱাৰ বিপৰীতে শ্ৰীযুত শইকীয়া কিন্তু দুখী হৈ পৰিল। দুখী নহ’বই কিয়। ছমাহ তেওঁ পাকঘৰত কাম কৰিবলৈ বেয়া নাপায়। কিন্তু দুবছৰ কঁঠাল গুটি নোখোৱাকৈ কেনেকৈ থাকিব তেওঁ। ক’ৰ্টত ভিভ’ৰ্চ পিটিচন ফাইল কৰাৰ একমাত্ৰ কাৰণেই আছিল এটা মাত্ৰ কঁঠালগুটি।

আপুনি হয়তো ভাবিছে এটা কঁঠালগুটিৰ বাবে কোনোবাই ডিভ’ৰ্চ ফাইল কৰেনে? তেন্তে আপোনাক মই গোটেই কাহিনীটো সংক্ষেপত ক’ব লাগিব।

এদিনৰ কথা। সেইদিনা শইকীয়াৰ অফিচ বন্ধ আছিল শইকীয়াৰ মনটো সেইদিনা ভাল হৈ আছিল বাবে পাকঘৰত ভাত বনাবলৈ সোমাল। আচলতে ভাত বনাবলৈ সোমোৱাৰ একমাত্ৰ কাৰণ আছিল সযতনে সাঁচি থোৱা কঁঠালগুটি দহটা। পৃথিৱীত শইকীয়াৰ কঁঠালগুটিতকৈ প্ৰিয় একো নাছিল। শইকীয়াৰ সন্মুখত যদি এপিনে পৃথিৱীৰ সমস্ত ধন-দৌলত আৰু আনপিনে কঁঠালগুটি দিয়া হয় তেন্তে শইকীয়াই কঁঠালগুটিহে ল’ব। 

সেয়ে সেইদিনা মুখত কিশোৰ কুমাৰৰ গান এটা গুণগুণাই দহটা কঁঠালগুটি ধুনীয়াকৈ চাফা কৰি দাইলত দিলে। আৰু কিবাকিবি আঞ্জা আৰু ভাজি বনাইছিল যদিও কঁঠালগুটি কেইটা সেইদিনা খাদ্যৰ মূল আকৰ্ষণ আছিল। 

যথাসময়ত তেওঁ ভাত বাঢ়িলে। পাঁচটা কঁঠালগুটি নিজে ল’লে আৰু ইচ্ছা নথকা স্বত্তেও পাঁচটা কঁঠালগুটি নতুনকৈ বিয়া পতা শ্ৰীমতী শইকীয়ানীক দিলে। শ্ৰীমতী শইকীয়াই আকৌ কঁঠালগুটি খাই বিশেষ ভাল নাপায়।

এনেদৰেই দুপৰীয়াৰ ভাতসাজ কঁঠালগুটিৰে সৈতে শইকীয়াই তৃপ্তিৰে খাই পাকঘৰত বাচন ধুবলৈ সোমাল। হঠাৎ তেওঁৰ তীক্ষ্ণ দৃষ্টি পাকঘৰৰ বেচিনত শ্ৰীমতী শইকীয়ানীৰ ভাত খোৱা থালখনত পৰিলে। তেওঁ দেখিলে এটা কঁঠালগুটি শ্ৰীমতী শইকীয়ানীয়ে থালতে নোখোৱাকৈ এৰি দিছে। দৃশ্যটো দেখাৰ লগে লগে শইকীয়াৰ খঙে চুলিৰ আগ পালেগৈ। কঁঠালগুটিৰ এই অপমান তেওঁৰ সহ্য নহ’ল। তেওঁৰ ইমানেই খং উঠিল যে চিধাই ক’ৰ্টত ডিভ’ৰ্চ পিটিচন ফাইল কৰিলেগৈ। পিচে শইকীয়াৰ দিন বেয়া আছিল যে এনেকুৱা এজন জাজে তেওঁৰ কে’ছটো পালে যি তেওঁৰ বিৰুদ্ধে আৰম্ভণিতে উল্লেখ কৰা ৰায়দান দিলে। 

কাহিনীটো ইমানেই। আপুনিয়েই ভাবকচোন এতিয়া, শইকীয়া বাৰু এটা কঁঠালগুটিৰ বাবে ক’ৰ্টলৈ যাব লাগেনে? কিন্তু আমাৰ এই শইকীয়াৰ কথা কি ক’ম আৰু। এতিয়া দুবছৰলৈ কঁঠালগুটি নোখোৱাকৈ দুখে বেজাৰে থাকক আৰু।

☆ ★ ☆ ★ ☆

One comment

  • কমলা দাস

    😂😂😂মজা লাগিল দেই

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *