ফটাঢোল

মূল: জগাদাৰ বজাৰ,লেখক : আলপনা,অনুবাদ-অঞ্জু মহন্ত

জগাদাক বজাৰলৈ পঠিয়াই এতিয়া খঙত জ্বলি-

পকি টিঙিৰি তুলা হৈ আছে বুলিবৌ। জৰ্দাপাণ চোবাই চোবাই চোতালৰ চুকত পিক পেলাই জগাদাই ক’লে,

: এক কেজি মিছামাছ আৰু এককেজি পুঠিমাছ আনিছোঁ। মিছামাছেৰে লাউ আৰু পুঠিমাছেৰে চচ্চৰি, দাইল আৰু পুঠিমাছ ভজা কৰিবা।

বুলি বৌৱে বেগখন উলোটাই এটা চৰিয়াত ঢালি দিয়েই নাকত সোপা দি ক’লে,

: ইস! কি পঁচা গোন্ধ। লগে লগে মাখিৰ দল উৰি আহিছে? এই পঁচা মাছসোপা কিনি আনিবলৈ মন গ’ল কেনেকৈ তোমাৰ?

বুলি বৌৰ মেজাজ দেখি জগাদাই মনে মনে ঘৰৰ পৰা ওলাই বন্ধু সত্যেনৰ ঘৰলৈ গ’ল। ইফালে সত্যেনৰ ঘৈণীয়েক লীলাৱতীয়েও বজাৰৰ বেগৰ বস্তুবোৰ উলিয়াই তীক্ষ্ণ কণ্ঠেৰে বকিবলৈ ধৰিলে,

: বজাৰখনত একো নোহোৱা হৈছে নেকি? মাত্ৰ এইকেইটা পাচলি লৈ আহিছা। বাৰে বাৰে কৈ পঠিয়াছিলোঁ মাছ আনিবলৈ, মাছ নানিলা কিয়?

অপৰাধীৰ দৰে সত্যেনে ক’লে,

: মইনো কি কৰিম? বজাৰত মাছেই নাই।

লীলাৱতীয়ে মুখ জোকোৰা দি ক’লে,

: কিয় মাছবেপাৰীবোৰে দল বান্ধি সন্ন্যাসী হৈ তীৰ্থলৈ গ’ল নেকি?

ঠিক এই সময়তে জগাদা আহি উপস্থিত। লীলাৱতীৰ ফালে চাই তাইৰ মেজাজ আৰু অলপ গৰম কৰিবলৈ সুধিলে,

: সত্যেনে কি কি বজাৰ কৰি আনিলে? কি মাছ আনিলে?

অতি বিৰক্তিৰে লীলাৱতীয়ে উত্তৰ দিলে,

: জগাদা তোমাৰ বন্ধুৱে কি কি আনিছে চোৱা। কেইটামান পঁচা আলু আৰু বুঢ়া চজিনা কেইডালমান। কোৱাচোন এইবোৰ ৰান্ধিম

কেনেকৈ আৰু খাম কেনেকৈ? এই কৃপণ মানুহজনক লৈ আৰু নোৱাৰা হৈছোঁ। বজাৰত হেনো মাছেই নাই।

জগাদাই ক’লে,

: বুজিছা লীলাৱতী বজাৰ কৰাটো এটা আৰ্ট।জানিব লাগিব ক’ত কি পোৱা যায়। মই আজি বজাৰত টাটকা ইলিচ পালোঁ। তিনিকেজি ওজনৰ। ঘৈণীক কৈ আহিছোঁ ইলিছ ভজা আৰু চচ্চৰি বনাবলৈ, লগত মিহি চাউলৰ ভাত। বহুদিনৰ পিছত আজি বজাৰত টাটকা ইলিচ পালোঁ। ঘৈণী খুচ। তোমাৰ হাতৰ নেমু দিয়া চাহ বহুদিন খোৱা নাইহে। আজি অকণ খুওৱা। মই ইয়াতে বহিছোঁ দিয়া, বৰ গৰম পৰিছে আজি। মানুহবোৰে কোৱা-মেলা কৰি আছে আজি হেনো মোবাইলত তাপমাত্ৰা প্ৰায় চল্লিশ ডিগ্ৰী দেখুৱাইছে।

জগাদাৰ বকবকনি শুনি শুনি সত্যেনে চুপচাপকৈ ঘৰৰ পৰা ওলাই গ’ল। জগাদাই যে মিছাকৈ কৈছে সি বুজি পালে। ডিটেকটিভ গিৰি কৰাত সত্যেনৰ আকৌ বৰ চখ। জগাৰ ঘৰলৈ গৈ ৰান্ধনী ঘৰত উকি মাৰি ক’লে,

: বৌ ইলিচ মাছৰ গোন্ধত গোটেই ঘৰ মলমলাই গৈছে। জগাদাই ক’লে, তিনিকেজি ওজনৰ টাটকা ইলিচ মাছ আনিছে হেনো বজাৰৰ পৰা?

বুলিয়ে ক’লে,

: ডাঙৰ ডাঙৰ লেকচাৰ দিয়াত তোমাৰ জগাদা ওষ্টাড। তেওঁ ক’লে আৰু তুমি বিশ্বাস কৰিলা? মানুহজনক লৈ আৰু নোৱাৰা হৈছোঁ। ক’ত মোক অলপ সহায় কৰিব, বজাৰৰ বেগ থৈ মনে মনে ওলাই গ’ল।

সত্যেনে ক’লে,

: আমি সৰুমাছ আনিলে দুয়ো একেলগে বাচোঁ।কথা পাতি পাতি গমেই নাপাওঁ কেতিয়া যে মাছ বচা শেষ হয়।

বুলিয়ে ক’লে,

: এয়া চোৱা তিনি কেজি ইলিচ বুলি কিহক কৈছে তোমাৰ জগাদাই। ডাঙৰ ডাঙৰ লেকচাৰ দিছেগৈ তোমাৰ ঘৰত বহি। সস্তাত বজাৰ কৰিবলৈ গৈ বজাৰৰ পৰা পঁচা মিছামাছ আৰু পঁচা পুঠিমাছ লৈ আহিছে এইবোৰ, চোৱাচোন খোৱাৰ উপযুক্ত হৈ আছেনে? চব ঝামেলা মই চম্ভালিব লগা হয়। কৃপণালি এৰিব নোৱাৰে তোমাৰ বন্ধুৱে। ইমান কৃপণ এই মানুহজন!

সত্যেনে ক’লে,

: আমাৰ জনীয়ে আকৌ সৰুমাছ খুব ভাল পায়। মই তাজা মোৱামাছ পালেই লৈ আহোঁ। মোৱামাছৰ পাতুৰি তেওঁ ইমান ধুনীয়াকৈ ৰান্ধে যে কি কম তোমাক! পাতুৰিৰ গোন্ধটো পালেই মোৰ অৰ্ধেক পেট ভৰি যায়। মানুহে যে কয়, “ঘ্ৰাণেন অৰ্ধ ভোজনং”- কথাটো ঠিকেই।

বুলিয়ে বিৰক্ত মুখেৰে ক’লে,

: এই পঁচা গোন্ধটো কেনেকুৱা লাগিছে তোমাৰ? এইটোৰ ঘ্ৰাণেন অৰ্ধ ভোজনং হৈছে নে?

: মই তোমাক অলপ সহায় কৰি দিওঁ দিয়া বুলি বৌ মোৰ অভ্যাস আছে।

: নালাগে সত্যেন দা। কঁপালত যেতিয়া আজি পঁচা মাছেই আছে তেতিয়া যিখিনি পাৰোঁ কাটি বাচি লৈ

বাকীখিনি পেলায় দিম। দুৰ্গন্ধত ঘৰ সোমাব নোৱাৰা হৈছে।

: মই তেনেহ’লে যাওঁ বুলি বৌ।

কাম হৈ গৈছে সত্যেনৰ। জগাদা যে কিমান মিছলীয়া সেয়া লীলাৱতীৰ আগত আজি প্ৰমাণ কৰিহে এৰিব। মোবাইলত মাছৰ ফটো তুলি লৈ সত্যেন বেগাবেগিকৈ ঘৰলৈ গ’ল। মনে মনে ক’লে,

“জগাদা তোমাক এইবাৰ মজা দেখুৱাম। ইলিচ মাছৰ ভাজি আৰু ইলিচ মাছৰ চৰ্চৰিৰ কথা মই গৈ নোপোৱালৈ যিমান ইচ্ছা কৈ থাকা। মই গৈ আছোঁ তোমাৰ ভাণ্ডা ভাঙিম এইবাৰ।”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *