প্ৰেমৰ স্মৃতি -জ্যোতিকা কলিতা
সকলো মানুহৰ জীৱনত প্ৰেম আহেই। একপক্ষীয় প্ৰেম, অজানিতে হোৱা প্ৰেম, কেতিয়াবা এজনে আনজনক প্ৰকাশ কৰিব নোৱাৰা প্ৰেমো আছে। মোৰ জীৱনলৈও প্ৰেম আহিছিল। কিন্তু, দেউতাৰ ৰঙা চকুলৈ ভয় কৰি দুখোজ পিছুৱাই আছিলোঁ। মোৰ ভাইটিহঁত আছিল মহাভাৰতৰ ভীমৰ দৰে। বায়েক-ভনীয়েকহঁতক কোনোবাই প্ৰেম কৰিব বুলি সকলো সময়তে গদা ঘূৰাইয়েই থাকে। সেয়ে প্ৰেমৰ গভীৰতাত সোমাব পৰা নাছিলোঁ।
হাইস্কুলত পঢ়ি থকা অৱস্থাত গাঁৱৰ এজনে মোৰ লগৰ কেইজনীৰ আগত কয় হেনো মোৰ গাল দুখন ঔ-টেঙাৰ বাকলিৰ দৰে একেবাৰে ফুলি থাকে। মোক হেনো তাৰ বহুত ভাল লাগে আৰু বিয়াও পাতিব মন যায়। কথাটো মোৰ কাণত পৰাত মোৰ খঙে টিঙিচকৈ মাৰিলে। এদিন বাটতে ধৰি তাক কুকুৰে নোখোৱা গালি সোধালোঁ। বোলো হেৰৌ, তই অকলে ভাল পালে হ’ব জানো? ময়োতো তোক ভাল পাব লাগিব, তেতিয়াহে। তোক যে মোৰ অকণো ভাল নালাগে। তই যিহে মেও-মেও, মাও-মাও কৈ থাক। এনেকৈ কৈ নুফুৰিবি, নহ’লে মোৰ ভাইটিহঁতক জানই নহয় -“গদাৰ’ কোবত’ তোৰ’ হাড়’-মূৰ’ ভাঙিব’, হুহ”। ভাল নাপাওঁ বুলি কোৱাত সেইপাতে বোলে চিপজৰীয়েই ল’বলৈ ওলাইছিল। পিচে মাক-দেউতাকে ধৰি বচালে।
আগৰ গাঁৱৰ মানুহবোৰে ছোৱালীবোৰ টাউনৰ কলেজত পঢ়িবলৈ আহিলে কয় এইজনীৰ কলেজীয়া হাৱা লাগিছে, ঠিক সেইদৰেই কলেজত পঢ়াৰ পিছত কলেজৰ হাৱা লাগিল মোৰো। দুই-এজনৰ খুচুৰা-খুচুৰী প্ৰেমত পৰিলোঁ যদিও ভেলিদিতি কম আছিল। এজনক আক’ মই বৰ ভাল পাইছিলোঁ। কিন্তু, পাছত গম পালোঁ সি হেনো বৃন্দাবনৰ কৃষ্ণৰ লেখীয়া। ষোল্লশ গোপীৰ লগত তাৰ লীলা পিচে মই ভাবি আছোঁ, মোৰ হ’ব লগীয়া স্বামীজন যাতে শ্ৰীৰামচন্দ্ৰৰ দৰে হয়। মনতে ভাবিলোঁ এই শ্ৰীকৃষ্ণৰ লগত যদি কেনেবাকৈ বিয়া হয় মই ৰাসৰ ৰাধাজনীৰ দৰে -“কৈক গৈলা প্ৰাণনাথ হামাক এৰীয়া এ ……..”- বুলি বিনাই ফুৰিব লাগিব। এইদৰেই প্ৰেমত মুখ থেকেছা খোৱাৰ পিছত মোৰ আৰু ঘৰৰ মতত মোৰ জীৱনলৈ আহিল শ্ৰীৰামচন্দ্ৰৰ দৰেই মোৰ স্বামী। আমাৰ প্ৰেম বিবাহ নহয়, বিয়াৰ পিছৰ পৰাহে দগৰী প্ৰেম কৰিছোঁ দুয়ো দুয়োকে। মই স্বামীৰ আগত মোৰ সকলো প্ৰেম কাহিনী ভেল ভেলকৈ কৈছিলোঁ। তেওঁ কোনো আপত্তি কৰা নাছিল।
মোৰ বা-ভিনদেউৰ চাকৰিৰ সূত্ৰে কেইবা বছৰমান বোকাখাটত আছিল। মেট্ৰিক পৰীক্ষা দি মই আৰু ভিনদেউৰ ভাগিনী এজনী বাহঁতৰ লগত বোকাখাটলৈ গ’লোঁ। কিছুদিন তাত থকাৰ পিছত আমি ঘৰলৈ আহিবলৈ আপত্তি কৰিলোঁ। ভিনদেউৱে অফিচৰ কামৰ হেঁচাত আমাক থ’বলৈ আহিব পৰা নাছিল। আমি অকলেই আহিব পাৰিম বুলি কোৱাত আমাক নগাঁও অভিমুখে অহা চুপাৰ এখনত উঠাই দিলে।
আমাৰ গাড়ীখন আহি পুৰণিগুদামত ৰ’লহি। তেনেতে এজন সুন্দৰ যুৱক বাছখনত উঠিল। বহিবলৈ চিট নোহোৱাত আমাৰ ওচৰতে থিয় হৈ ৰ’ল। পলকতে সি মোৰ ফালে চালে আৰু ময়ো চালোঁ। আই ঐ……………….দেহি ইমান ধুনীয়া তাৰ চকু জুৰি তাৰ চাৱনিয়ে মোৰ মন মুহি পেলালে। হৃদয়ৰ কোনোবা এটা কোণত এইছাঁ ঝাটকা এটা মাৰিছে ………. কৈছোঁ নহয় একেবাৰে …….। লাহে লাহে আমাৰ চাৰি চকু তয়া-ময়া মিলন। সি পিৰিক কৈ মোলৈ চাই আৰু মই তালৈ। এইদৰে গাড়ীখন আহি নগাঁৱত ৰ’লহি। সকলো নিজ নিজ স্থানলৈ গতি কৰিলে। আমি দুয়োজনীয়ে ৰিক্সা এখন লৈ মৰিগাঁও ষ্টেণ্ডলৈ আহি গাড়ী এখনত বহি ল’লোঁ।
তেনেতে ভুটুংকৈ সেই ল’ৰাজন আহি আমাৰ সন্মুখত ওলাল। মই উচপ খাই উঠিলোঁ। সি দুটা দামী চকলেট দুয়োজনীৰ ফালে আগবঢ়াই দিলে। অলপ সময় ইটো-সিটো কথা সোধাৰ পাছত সি বগা সৰু কাগজৰ টুকুৰা এটা মোৰ হাতত দিলে। মই ভাবিলোঁ, আউ’……. ইমান কম সময়তে এইডালে ক’ত লাভ লেটাৰ লিখিলে। তেনেতে ড্ৰাইভাৰে গাড়ী ষ্টাৰ্ট দিয়াত ল’ৰাজনে আমাক বিদায় দি নামি গ’ল।
মই টুকুৰাটো খুলি চালোঁ। সেইটো আছিল তাৰ ফোন নাম্বাৰ। গাড়ীখন চলিবলৈ ধৰিলে। আমিও চকলেট দুটা খুলি মুখত ভৰাইছোঁ। তেতিয়া আকৌ চৰকাৰে গাঁৱে গাঁৱে দিয়া টেলিফোনটো আমাৰ ঘৰতে আছিল। মই মনতে বৰ ৰং পালোঁ। লুকাই চুৰ কৰি তাৰ লগত প্ৰেমৰ আলাপ কৰিব পাৰিম বুলি। এনেকৈ ভাবি ভাবি চকলেটৰ বাকলিটো খিৰিকীৰে দলিয়াই দিলোঁ। চকলেটৰ বাকলি লগতে ফোন নাম্বাৰটোও বতাহত উৰি গ’ল। চলন্ত গাড়ীৰ পৰা জঁপিয়াই নাম্বাৰটো লৈ আনিবলৈ মন গৈছিল, পিচে হাত-ভৰি মুখ থেতেলা-থেতেলী হোৱাৰ ভয়ত নগ’লোঁ। মনটো মোৰ কিছু সময়ৰ বাবে দুখেৰে ভৰি পৰিল। তেতিয়া মোৰ সেই – ‘কুছ কুছ হোতা হ্যে’ৰ কাজলৰ ডায়লগটোলৈ মনত পৰিল -“মেৰা পেহলা প্যাৰ আধুৰা ৰেহ গেয়া….!”
☆ ★ ☆ ★ ☆
7:20 am
সুন্দৰ
10:56 am
ভাল লাগিল
8:45 pm
ভাল লাগিল