ফটাঢোল

ফটাপ্ৰশ্ন অক্টোবৰ ২০২২

১) অজান অনুভৱ বৰা : মানুহৰ কেঁচুৱাক ল’ৰা-ছোৱালী আৰু জন্তুৰ পোৱালীক মতা-মাইকী বুলি কোৱা হয় কিয় ?

 

উত্তৰ : মানুহে নিজে দি লোৱা জীৱশ্ৰেষ্ঠ নামৰ ফটাঢোলটো সুবিধা পালেই বজাব লাগে বুলি নিয়ম এটা আছে নহয়।

 

২) (ক) কমলা দাস : হাবিত কাহে ; ওলাই নাহে!

কিয় আৰু কোনে ওলাই নাহে হাবিৰ পৰা?

 

উত্তৰ : কুঠাৰ অ’ কুঠাৰ। আপুনি পৃথিৱীৰ সকলোতকৈ সহজ সাঁ‌থৰটোকে সুধিলে দেই।

 

(খ) হাঁহৰ লগত কোমোৰা কিয় খায়?

 

উত্তৰ : আমি বান্দৰৰ পৰা মানুহ হোৱাৰ কিছুবছৰৰ পাছৰ কথা, সেই সময়ত বান্দৰছলীয়া বুলি এখন অৰণ্যৰ এটা গুহাত এজন লোদোৰ পোদোৰ গুহামানৱে বাস কৰিছিল। সেইসময়ত সেই অঞ্চলত কেৱল যেনি তেনি কোমোৰাৰ গছ আছিল। বাকী খিনি নক’লেও বুজি পাইছে চাগে!

 

৩) ৰঞ্জনা গোস্বামী : সাঁথৰ এটা আছে। 

“হাবিত কাহে, ওলাই নাহে।” 

ইমান দিনে তেওঁক কোনো সদাশয় ব্যক্তিয়ে কিয় এটা কফ চিৰাপ দিব পৰা নাই বাৰু?

 

উত্তৰ : সেইকাৰণেই কওঁ, মানৱীয়তা আজি ভুলুণ্ঠিত, নাই, এই পৃথিৱীত কোনো সদাশয় ব্যক্তি নাই আজিৰ তাৰিখত। সকলো স্বাৰ্থপৰ বুজিছে।

 

৪) লখিমী হাজৰিকা : ফটাপ্ৰশ্নবোৰ কেনেকৈ ফটা হ’ব লাগিব? আই মিন কোনোবাই টানি আঁজুৰি ফলা নে ফিচিকি গৈ ফটা?

 

উত্তৰ : ফাটিলেই হ’ল- নিখুঁ‌ট প্ৰশ্নৰ বাদে যিকোনো ফটা, গেলা, মৰা প্ৰশ্নকে এই শিতানলৈ স্বাগতম জনোৱা হয়।

 

৫) চন্দনা শৰ্মা : ফটাঢোলটো কোনফালৰ পৰা ফাটিছে আৰু কোনে ফালিছে তাৰ উপযুক্ত বিচাৰ কোনে কৰিব?

 

উত্তৰ : উপজিয়েই ফটা এই ঢোলটো। ফটা বাবেই ই আন ঢোলবোৰতকৈ পৃথক।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *