ফটাঢোল

বান্দৰ-ত্ৰৈলোক্য কাশ্যপ

ৰাতিপুৱাৰ পৰা পেনপেনাই থকা বতৰটোৱে আমনি লগাইছে৷ কিনো কৰোঁ বুলি ভাবি চিন্তা কৰিলোঁ ছাতিটো লৈ এপাক ওলায়ে যাওঁ৷ ভবা মতেই কাম। য’ত থাকোঁ তাত বানপানী হোৱাৰ ভয় নাই বাবে বিশেষ চিন্তাও নাই। আহি কালী মন্দিৰ চক পাওঁতেই লগ পালোঁ এজন পুৰনি বন্ধুক। কাষৰ সৰু চাহ দোকানখনতে ৰৈ নাকে মুখে ধোঁৱা উৰুৱাই আছে৷

: কি হে বন্ধু? অফিচ নাই?

মোৰ কথা শুনি সি হুমুনিয়াহ এটা কাঢ়ি ক’লে,

: নাই নগ’লোঁহে, মন চন ভাল নহয় কিবা৷

: কিয়! কি হ’ল?

এইবাৰ বন্ধু ওচৰ চাপি আহিল। ইতিমধ্যে বৰষুণ এৰা দেখি ময়ো ছাতিটো বন্ধ কৰিলোঁ।

: আৎসা, এটা কথা কোৱাচোন। বান্দৰ বাৰু সঁচাকৈয়ে আমাৰ পূৰ্বপুৰুষ আছিল নেকি?

চাহৰ দোকানখনৰ চালিৰ তলত ৰৈয়ে সি আৰম্ভ কৰিলে৷

: কিয় সুধিলা?

: নহয় যদি এই বান্দৰসোপা আমাৰ পূৰ্বপুৰুষ নাছিল তেনে fix যে মই বান্দৰ মাৰিম। চাল্লা এটাও বাচি থাকিব নিদিওঁ।

: আৰে কি হ’ল আকৌ! তোমাৰ ঘৰত সোমাই কিবা খালে নেকি?

: (অশ্লীল) শেষ কৰি দিছে চাল্লা মোক। জিন্দেগী বৰ্বাদ দি দিছে৷

: হ’ল কি ঐ?

: তুমিটো জানাই পলিক মই কিমান ভাল পাওঁ। তাইক পোৱাৰ পৰা মই আন ছোৱালীক চকু তুলিও নাচাওঁ। ইমানৰ পাছতো চাল্লা এটা বান্দৰৰ বাবে মই ফচিব লগা হৈছে। চাল্লা জহনিতযোৱাটোৰ বাবে কালিৰ পৰা পলিয়ে মোক ব্লক কৰি থৈছে বে। What’s app, ফোন, ফেচবুক সবতে।

: হৌৰা মই হ’লে একোডাল বুজা নাই দেই । কি হৈছে অলপ ক্লিয়েৰকৈ কোৱা৷

: চাহ খাবা?

: খাম বুলিযয়েতো আহিছিলোঁ। তোমাৰ লগত কথা পাতি পাহৰিয়ে গ’লোঁ। দাদা চাহ দুটা….

: এটা লাল। গাখীৰ চাহে নামানে মোক৷ সিদিনা খাই আহি যি হে অৱস্থা। ৰাতিয়েই ফাৰ্মেছি দৌৰিছোঁ ….

: আৰে কথাটোতো কোৱা। কি লাগিলা পলিৰ লগত?

: হেই মই লাগোঁ নেকি কোৱা! মই হৈছোঁ শান্তিপ্ৰিয় মানু্হ। কাজিয়া পেচাল মই নকৰোঁ ৰে। সদায় মোৰ লগত হে কৰে।

: দাদা চাহ

দোকানীজনে চাহ দুকাপ আগুৱাই দিলে।

: কি হ’ল ঐ ডিম্ব। ৰাতিপুৱাই বনাই আনি ফ্লাস্কত থৈ দিয় আৰু ন! জহনি একাপ ফ্ৰেছ কৈ বনাই খুৱাব নোৱাৰ হাঁ?

: দাদা ফ্ৰেচেই হয় Just অলপ আগত বনাইছোঁ৷

: জনা আছে দে তোক। আৰু তোৰ ফ্ৰেচ চাহক৷

: ৰাজখোৱা হ’ব আৰু এতিয়া মেইন কাহিনীটো কোৱা। আৰু নোকোৱা যদিও বাদ দিয়া। বৰ ফ’কাছ চিফট হৈ থাকেহে তোমাৰ৷

: কৈ আছোঁ কৈ আছোঁ। আৰে তোমাক নকৈ কাক ক’ম। তুমি মোৰ চাইল্ড হুড ফ্ৰেণ্ড ন! একচুৱেলী কালি আবেলি পলি আহিছিল মোৰ ৰূমলৈ। ছোৱালীজাতটোৰতো এটা বেমাৰ জানাই। হাজাৰ চাফা কৰি থ’লেও সদায় সেই লেতেৰাই দেখা পায়। ৰুমটোত সোমায়েই বকনি আৰম্ভ হৈ গ’ল। তাইৰ বকনি শুনি এটা সময়ত মোৰো প্ৰায় বিশ্বাস হ’বলৈ ধৰিলে যে ময়েই পৃথিৱীৰ আটাইতকৈ লেতেৰা মানুহজন। পৃথিৱীত চাগৈ মোতকৈ লেতেৰা আৰু কোনো নাই। মানে থাকিবই নোৱাৰে। ঝাৰুটো লৈ সাৰি সাৰি তাই বেলকণি পালেগৈ। তাতেইটো লাগিল অথন্তৰটো৷

: কি?

: বেলকনিৰ ফ্লৰখনতে পৰি আছে কোনোবা ছোৱালীৰ ইনাৰ এটা। দেখাৰ লগে লগেই পলিৰ চকু পকাই প্ৰশ্ন। বোলে কাৰ এইবোৰ। মই বোলো মই নাজানো মে বি কাষৰ ফ্লেটৰ কাৰোবাৰ হ’ব। তাই বোলে ইয়াত কেনেকৈ পৰিবলৈ পালে। বোলো নাজানো। নাই তাই নামানে৷ কান্দি কাটি গোটেই চিঞৰ বাখৰ। মই বোলে কোনোবা ছোৱালীক মনে মনে ৰূমলৈ আনিছোঁ। যিমানেই বুজাওঁ নাই নুশুনে। কান্দি কাটি গুচিয়ে গ’ল। আৰু তেতিয়াৰ পৰা যি ব্লক কৰিলে এতিয়ালৈ খোলাৰ নাম নাই।

: কিন্তু ইয়াৰ লগত তোমাৰ বান্দৰ হত্যাৰ সম্পৰ্ক কি?

: আৰে জহনিতযোৱা বান্দৰটোৱেইতো চাইদৰ ফ্লেটৰ পৰা আনি পেলালে ন৷ কাপোৰৰ ওচৰতে কালি বান্দৰৰ গু অলপ পায় ভাবিছিলোঁ কিন্তু আজি কনফাৰ্ম হ’লোঁ। ৰাতিপুৱাই জহনিটোৱে কাৰোবাৰ শাৰী এখন আনি বেলকণিত মেলিছেহি। দেখা পায় দাখন দলিয়াই দিছিলোঁ। পাচে নালাগিল পলাল। কেনেবাকৈ যদি বেছি খেলি মেলি হ’বলৈ হয় নহয় বন্ধু। তুমি চাই থাকা এইখন পৃথিৱীত যে বান্দৰ নামৰ এবিধ প্ৰাণী আছিল সি এক ইতিহাস হৈ পৰিব৷

কথাষাৰ কৈ ৰাজখোৱাই পুনৰ এটা চিগাৰেট জ্বলালে। মই তাক চাই চাই ভাবিলোঁ। আচলতে কেৱল চিগাৰেট নহয়, কেতিয়াবা কেতিয়াবা বান্দৰো ক্ষতিকাৰক। দেহ আৰু মন দুইটাৰ বাবেই।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *