ফটাঢোল

বাপা আতাৰ আখ্যান-শ্ৰুতিমালা মিশ্ৰ

বাপা আতা আমাৰ মাৰ সৰু আতাহঁতৰ সৰুটো পুতেক, অৰ্থাৎ মাৰ খুঁড়াক। তেওঁ আভ্যন্তৰীণ জল পৰিবহন বিভাগত চাকৰি কৰিছিল, এতিয়া ৰিটায়াৰ্ড হ’ল। সৰুৰেপৰাই বাপা আতাৰ সান্নিধ্য পোৱা মই আজিলৈকে জীৱনত যিমানবোৰ জমনি প্ৰকৃতিৰ মানুহ লগ পাইছোঁ সেইসকলৰ ভিতৰত বাপা আতাক এক নম্বৰ আসনত থʼম। মানুহজনে টিলিকতে এনেকুৱা কিছুমান ধেমেলীয়া কথা কৈ দিয়ে, এনেকুৱা কিছুমান কমেডি কৰে যিবোৰ এনেই মনত পৰিলেও হাঁহি হাঁহি মৰিব লাগে।

বাপা আতা চাকৰি কৰি থকা কালৰে ঘটনা এয়া। তেওঁৰ চাকৰি তেতিয়া শুৱালকুছিত। এদিন বাপা আতাৰ বিৰাট ইচ্ছা গ’ল বোলে নাৱত গভীৰ ৰাতি শুই কেনেকুৱা লাগিব তাৰে অভিজ্ঞতা লোৱা যাওক। লগত তেওঁৰ সহকৰ্মী বৰ্মন।

গভীৰ ৰাতি, দুই সহকৰ্মী নাৱত, ওপৰত খুলা আচমান, তলত ভৰা লুইত। পানীৰ খলখল, খলখল শব্দ। ইপিনে ফিৰফিৰীয়াকৈ বতাহ এজাকো বলিছে নদীৰ ওপৰত। দুই বন্ধুৱে এপেট এপেট ভাতো খাই লৈছে, গৰমত সুন্দৰ বতাহ বলি আছে, নাৱৰ ওপৰত গাটো পেলাই হেলান দিওঁতে লাহে লাহে দুয়োৰে চকু লাগি আহিল।

হঠাৎ খকমককৈ বহুদেৰি পিছত বাপা আতা এবাৰ সাৰ পালে। তেতিয়া মোবাইল নাছিল। কাষতে থোৱা সৰু টৰ্ছটো জ্বলাই হাতঘড়ীটো চাই দেখিলে দোভাগ ৰাতি, প্ৰায় আঢ়ৈমান বাজিছে৷ ইফালে নাৱৰ কিবা প্ৰকাৰে লংগৰ খোলা গৈ নাও গৈ মাজপানীত টুলুংভুটুং। দৃশ্য দেখি বাপা আতাৰ বুকু চিৰিংকৈ গ’ল৷

কাষতে নাকৰ পেঁপা বজাই বাঘৰ গোজৰণিৰ নিচিনা ঘোৰঘোৰাই শুই থকা বৰ্মনৰ পিঠিটোতে আঙুলিৰে হেঁচুকি হেঁচুকি বৰ্মনক উঠালে – “অʼ বৰ্মন, সৰ্বনাশ হ’ল দক৷ কহয়ো আকো ঘাট-চাট দেখাদেখি নাই দেখুন হে। আমি কি পালু দক আহি কবা নৈচ্ছু৷ আহি আহি আমি ভাৰত মহাসাগৰ পাৰ হৈ বাংলাদেশে পালু হানপাও দক।” ইপিনে বৰ্মনৰ সুন্দৰ টোপনিত বিঘিনি ঘটোৱা বাপা আতাক বৰ্মনে দিলে এক ধমকি -“ঔৰি গোস্বামী, এএ পালি পালু দক৷ ঘূমে থাকক হে, আটাহ পাৰবা নালগে এই ৰাতিখান।”

বৰ্মনৰ ধমকি খাই বাপা আতা সেইভাগে তাপ মাৰিলে। ভয়-শংকাৰে ৰাতিটো কটাই কাহিলীপুৱাতে কোনো এক ঘাটত নাও লগা দেখি চকু মোহাৰি চাই দেখে সেয়া ‘কাছাৰীঘাট’। যা হওক, কোনোমতে পাৰ পোৱা দেখি তেতিয়াহে বাপা আতাৰ মুখলৈ পানী আহিল যেনেতেনে। আৰু কাহানিও নাৱত গভীৰ ৰাতি কটাম বুলি সেইভাগে মনৰ ইচ্ছা মনতে দমন কৰি ৰাখিলে৷ আন এদিনাখনৰ কথা। বাপা আতাৰ ঘৰলৈ গৈ তেওঁৰ ছোৱালীজনী অৰ্থাৎ মাহীৰ লগত চোতালত বহি আছোঁ৷ জোনাক ৰাতি। ফিৰফিৰীয়া এজাক বতাহ বলি আছে। গৰমৰ দিন, আকাশত মাজে মাজে কʼলা মেঘৰ আচ্ছাদন৷ বিচনীখন হাতেৰে নিৰ্দ্দিষ্ট লয়ত ঘূৰাই ঘূৰাই বাপা আতাই আমাক নিজৰ জীৱনৰ কথা কৈ আছে৷ কথাই কথাই ধুমুহা-গাজনিলৈ ভয় কৰা কথা ওলাল৷ মই কʼলোঁ – “মোৰ এই বতাহ-বৰষুণলৈ ভয় লাগে”৷

বাপা আতা : কিয়া ভয় লাগে হা মুনু? এগলা সৰু কথাতো ভয় কৰে না! মোৰতো এগলাক লৈ আকো ভয়-চয় নাই৷

ঠিক তেনেতেই আহিল নহয় আকাশখন আন্ধাৰ-মুন্ধাৰ কৰি৷ লগতে গুৰুমকৈ শব্দ কৰি এক প্ৰচণ্ড ঢেৰেকনিও আহিল। ইমান সাহসেৰে বিজুলী-ঢেৰেকণিলৈ ভয় নকৰাৰ বৃহৎ লেকচাৰ এটা দিয়া বাপা আতাই সেই গুৰমকৈ অহা শব্দটোতে নিজে বহি থকা চকীখন মূৰৰ ওপৰত তুলি আমাক চোতালতে এৰি থৈ নিজে ৰুমৰ ভিতৰলৈ দৌৰ দিলে৷ মাহী আৰু মই ইজনীয়ে সিজনীৰ মুখলৈ চাই হাঁহিত ৰʼব নোৱাৰিলোঁ৷

বাপা আতাৰ সন্মুখৰ পাৰিৰ দাঁতকেইটা সৰিছে৷ মাত্ৰ এটাই দাঁত আছে সন্মুখৰ পাৰিত। আমাৰ দাদাৰ বিয়াৰ পিছদিনা বাপা আতা, মই, সৰু মামা, মোৰ মা – সকলো মিলি মামাহঁতৰ ঘৰৰ চোতালত গোলকৈ চকী পাৰি বহি লৈ আড্ডা দি আছোঁ৷ বিয়া উপলক্ষে ডাঙৰ মামীয়ে গোঁসাই ঘৰত কিবা শৰাই দিছিল, তাৰেই গাজী-মগু আৰু উপকৰণ আনি এখন‌ প্লেটত সজাই মই বাপা আতাৰ হাতত তুলি দিলোঁ। নিজৰ প্লেটখনো লৈ চকীত বহি অলপ অলপকৈ প্ৰসাদ চোবাই আছোঁ৷ অলপ পিছতে লক্ষ্য কৰিলোঁ বাপা আতাৰ সন্মুখৰ পাৰিত অকল এটাই দাঁত আছে। মই লাহেকৈ কʼলোঁ – “বাপা আতা, বুট কেনকে চবোবোহে আপনি? দাঁতে নাই দেখুন।”

বাপা আতা : নাইতা, মই বৰ্তমান একদন্ত বজ্ৰদন্ত হৈ আচু৷ বুট চবে গুড়া কৰি দিবা পাৰু। বিকাজি ভূইজা দাঁতৰ থৌৰাইদি চবে চেপ্তা কৰি দিবা পাৰু৷

দাদাৰ বিয়াৰ দিনাৰ ঘটনা। দৰাঘৰীয়াৰ বাবে ঠিক কৰি থোৱা ট্ৰেভেলাৰ এখনত উঠিছোঁ, লগত বাপা আতা আৰু আমাৰ সৰু মামা৷ নগাঁৱৰ বাইপাছ পোৱাৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ ডিভাইডাৰৰ মাজত ডাঙৰ ডাঙৰ অপতৃণ, আকণ গছ আৰু অন্যান্য গছ-গছনি দেখি কাষতে বহি থকা বাপা আতাই লাহেকৈ মাত লগালে,

: হাইৱেʼত এগলা ৰাস্তাৰ মাজোত বোধিবৃক্ষ কুনি ৰোপন কইল্লাক এ!

এইবোৰ জমনি কৰি কইনাঘৰ পালোঁগৈ। দৰা আদৰি নিয়াৰ পিছত যথাবিধি বিয়াৰ পৰ্ব আৰম্ভ হ’ল। মাজতে কইনাঘৰীয়াই আহি আমি দৰাঘৰীয়াখিনিক ভাত খাবলৈ মাতিলে৷ আমিও‌ ভাত খাবলৈ হলটোলৈ উঠি গ’লোঁ, কাষতে বহি থকা বাপা আতাক “আতা, ভাত খাবা মাতচি” বুলি কৈ একেলগে আমাৰ লগতে লৈ আহিছোঁ৷ ভাতৰ প্লেটবোৰ হাতত লোৱাৰ লাইনত থিয় দিওঁতে হঠাৎ দেখিলোঁ বাপা আতা দৌৰাদৌৰীকৈ হাত ধোৱা বেচিনৰ ফালে গৈছে৷ মই মাত দিলোঁ “অʼ আতা কহয় যায় হে ইমান দৌৰাদৌৰিকে?”

বাপা আতা : ৰবাহা নাইতা, মই অলপ হস্ত প্ৰক্ষালন কৰি আহোঁ পতক্কে। আচলতেতো পাদ প্ৰক্ষালনে কৰিব লাগে। কিন্তু এতে সুবিধা নাই না, সেইকাৰণে অকল হস্ত প্ৰক্ষালনটুৱে কৰি থওঁ দা৷

বাপা আতা ভালে থাকক সদায়৷ অলেখ দিন আমাৰ লগত খুহুতীয়া কথাৰে ৰসাল আড্ডা দিব পৰাকৈ বাপা আতা কুশলে থাকক সদায়৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *