মুক্তি-অৰবিন্দ গোস্বামী
নিমিষতে খবৰটো গাঁওখনত বনজুইৰদৰে বিয়পি পৰিল…..’বাপী মদাহী’ ঢুকাল। বহুতে বেয়া খবৰটো শুনি ইচ্ ইচ্ আচ্ আচ্ কৰিবলৈ ধৰিলে।কোনোবাই সুধিলে—
: কেনেকৈ? কিবা হৈছিল নেকি তাৰ?
: এহ! কি নো হ’ব আৰু! মদ খাই খায়েই মৰিল চাগে।
এৰা! ‘বাপী’ নামটোৰ লগতে ‘মদাহী’টো তাৰ উপাধিৰ নিচিনাই হৈ পৰিছিল। পিচে বাপী ঢুকুৱাৰ কাৰণ যিয়েই নহওক, মানুহে মদ খায়েই বাপী ঢুকুৱা বুলি ভাবিলে। হয়তো ৰাতিয়েই ঢুকাল….পুৱা বহুসময় ঘৈনীয়েকে আনদিনাৰ দৰেই বাপীক গালি পাৰি পাৰি মাতি আছিল………
: হেৰি! নুঠেনো কিয়? বেলি এপৰ হ’লহি।
পিচে আনদিনাৰদৰে বাপীৰ আজি গেঙেৰিও শুনিবলৈ নাপাই ঘৈণীয়েকে গাত ধৰি জোকাৰিছিলগৈ। পিচে নাই…বাপীয়ে তেতিয়ালৈ জগতত ইহলীলা সম্বৰণ কৰি যমৰ ম’হটোৰ পিঠিত যমদেৱতাৰ পিছফালে বহি এহেজাৰ কিলোমিটাৰমান আকাশী পথেৰে অতিক্ৰম কৰিছিল। আচলতে বাপীয়ে ম’হৰ পিঠিত বহি গৈছিল বুলি ক’লে ভুল কোৱা হ’ব। অৱশ্যে ইয়াৰো কাৰণ নোহোৱা নহয়। যমদেৱতাই যেতিয়া বাপীৰ প্ৰাণ হৰণ কৰিছিল, তেতিয়া বাপী বেহুচেই হৈ আছিল। সুৰাৰ নিচাত বাপীয়ে কেতিয়ানো যমদেৱতাই তাৰ প্ৰাণ হৰণ কৰিলে গমেই নাপালে।নৰকলৈ যাবৰ সময়ত ম’হটোৰ পিঠিত প্ৰথম যমদেৱতা উঠিল আৰু তেওঁৰ পিছফালে বাপীক যমদূতে বহুৱাই দিলে।কিন্তু বাপীনো ক’ত বহি থাকিব পাৰিব!বাৰে বাৰে ম’হৰ পিঠিৰপৰা হালি যায়।
যমদূত—ঐ বাপী…উঠ ঐ ! তই মৰিলি।তই এতিয়া নৰকলৈ যাব লাগিব।যমদেৱতাৰ পিঠিত ভালদৰে ধৰি ল।নহ’লে পৰি যাবি। হেৰৌ! নুঠ কিয়?
বাপী—-কোন যম…হাঃ….চাল্লা কোন বে! হুম্…..
বাপী আকৌ বেহুচ হ’ল।
: ইচ্! কি কৰা যায় এতিয়া! এইডাল দেখোন নিজে থিৰেই থাকিব নোৱাৰে।
এনেতে যমদূতে ইফালে সিফালে চাই—“পাই গ’লোঁ,পাই গ’লোঁ” বুলি ৰাস্তাৰপৰা কিবা এটা উঠাই আনিলে।আন্ধাৰে মুন্ধাৰে যমদেৱতাই যমদূতে উঠাই অনা বস্তুটো সাপ বুলি ভাবি ম’হৰ পিঠিৰপৰা জাঁপ মাৰি নমাত বাপীও ম’হৰ পিঠিৰপৰা সৰি পৰিল।
যম : আই ঔ! কি আনিছ সেইডাল!
যমদূত : ধেই প্ৰভু! আপুনি বৰ অলপধতুৱা দেই! এইডাল সাপ নহয়তো! ৰাস্তাতে চাইকেলৰ টায়াৰ এটা পালোঁ। সেইটোৰে বাপীক আপোনাৰ গাত বান্ধি দিম। তেতিয়া বাপী ক’ৰবাত পৰি থাকি নাযায়।
যমৰ চকুত খং আৰু আশ্বৰ্য্য।
: যমদূতাধম! তই এই মদাহীটোৰ লগত মোকো টায়াৰে বান্ধিবি? তোৰ ইমান সাহ?
: তেন্তে আপুনিয়েই ইমান দূৰ খোজ কাঢ়ক। ম’হ ড্ৰাইভিং মই কৰিম। মোৰ পিঠিতে বাপীক টায়াৰেৰে বান্ধি দিয়ক।
যমে মনতে ভাবিলে— এই টায়াৰডালেৰে এই দুটাক বান্ধিবলৈ মোৰে কষ্ট হ’ব।আকৌ নিজৰ বাহনৰ পিঠিত সামান্য যমদূত আৰু মদাহীটোক বহিবলৈ দি মই কি খোজকাঢ়ি যামনেকি! মোৰোতো ইজ্জত বুলি কিবা বস্তু এটা আছে।
: না..নালাগে। মোৰ ম’হৰ পিঠিত ময়ে যাম। বান্ধি দে ইয়াক মোৰ গাতে।
যমদূতে বাপী আৰু যমদেৱতাক টায়াৰটোৰে টানি টানি বান্ধি পেলালে।এইদৰে তিনিও গৈ নৰক পালেগৈ। নিয়ম হ’ল প্ৰথম নৰকত বিচাৰ হ’ব…তাৰ পিছতহে বাপীৰ স্থান নৰকত নে স্বৰ্গত হ’ব, সেয়া স্থিৰ কৰা হ’ব।
যথা দিনত যথা সময়ত বিচাৰ বহিল।যমদেৱতা সিংহাসনত বহি আছিল।কাষতে টেবুল চকী লৈ চিত্ৰগুপ্ত।বিতচকুযোৰ নাকৰ কিছু তললৈ নামি থকা অৱস্থাত চিত্ৰগুপ্তক তাহানি পুৰণি চিনেমাৰ মুনিমজীৰ দৰে দেখা গৈছিল।যমৰ সন্মুখত দুই এজন সভাসদো বহি আছিল। ন্যায় বিচাৰ আৰম্ভ হ’ল।
যম: মুনিমজী! ইয়াৰ কৰ্মৰ ষ্টেটাচটো চাই কওক—ই নৰকত থাকিব নে স্বৰ্গত।
চিত্ৰগুপ্তই বিতচকুৰ ফাঁকেৰে ইফালে সিফালে চালে। যমে চিত্ৰগুপ্তৰপৰা উত্তৰ নাপাই চিত্ৰগুপ্তক ইফালে সিফালে চাই থকা দেখি সুধিলে——
: কি চাই আছে আপুনি?
চিত্ৰগুপ্ত : কোন ‘মুনিমজী’ক কৈছেনো আপুনি?
যম : আপোনাকে কৈছোঁ।
চিত্ৰগুপ্ত : মোৰ নাম কি ‘মুনিমজী’ নেকি?
যম : আপোনাৰ চেহেৰা আৰু বিতচকু পিন্ধাৰ ষ্টাইল দেখি কোনোবাই আপোনাক ‘মুনিমজী’ বুলি নকৈ ‘চৰ্দাৰজী’ বুলি ক’ব নেকি?
চিত্ৰগুপ্ত অলপ সময় নিৰৱে ৰৈ বিতচকুৰ ফাঁকেৰে একেথৰে যমদেৱতালৈ চাই থাকিল আৰু পিছত কলমটো টেবুলত থেকেচা মাৰি থিয় হৈ ক’লে—–
: নকৰোঁ মই হিচাপ। একেৰাহে অপমান কৰি থাকে আপুনি মোক। কাক দিয়ে দিয়ক হিচাপ কৰিবলৈ।
যম : এহ! ৰ’বচোন ৰ’ব! খং কিয় কৰেনো? ধেমালি বুজি নাপায় নেকি?
এইবাৰ চিত্ৰগুপ্ত শান্ত হৈ বহিল আৰু ৰঙা ক’ভাৰৰ বহী এখন লৈ সেইখনৰ পাত লুটিয়াই লুটিয়াই অভিযুক্তক সুধিলে—তোৰ নাম কি?
: বাপী।
চিত্ৰগুপ্ত : পূৰা নাম।
বাপী : পূৰা নাম।
চিত্ৰগুপ্ত : অঁ তোৰ পূৰা নামটো ক।
বাপী : পূৰা নাম।
চিত্ৰগুপ্ত : আৰে কিমান ক’ম। পূৰা নামটো ক তোৰ।
বাপী : পূৰা নাম।
চিত্ৰগুপ্তই এইবাৰ খঙেৰে চিঞৰিলে—–
: পাষণ্ড তোৰ পূৰা নামটো ক।
বাপী: মোৰ নামেই ‘পূৰা নাম’। ‘বাপী’ মোৰ ঘৰত মতা নাইবা লগৰ বন্ধুবোৰে মতা নামহে। চাৰ্টিফিকেট মতে মোৰ নাম ‘পূৰা নাম’।
চিত্ৰগুপ্তৰ মাথা ঘূৰাই গ’ল। যিমানদিন অফিচৰ কাম স্বম্ভালিলে, সেই সমস্ত কালত তেওঁ কেতিয়াও ‘পূৰা নাম’ নামৰ মানুহ লগ পোৱা নাই।
চিত্ৰগুপ্ত : পৃথিৱীত কি কাম কৰিছিলি তই?
বাপী : মদ খাইছিলোঁ।
চিত্ৰগুপ্ত : (আচৰিত হৈ) ঐ গোটগৰু!তোৰ অকুপেশ্যন কি আছিল?
বাপী : কি অকুপেশ্যন? অসমীয়াত কওক।
চিত্ৰগুপ্ত : মানে তই কি কৰি ধন ঘটিছিলি?
বাপী : মই ধন ঘটাই নাছিলোঁ।মানুহজনীয়েহে ঘটিছিল। মইতো অকল তাই ঘটা পইচাৰে মদ খাইছিলোঁ।
চিত্ৰগুপ্তই এইবাৰ ‘পূৰা নাম’ নামটো বিচাৰি পালে আৰু তাৰ হিষ্ট্ৰি চেক কৰি গম পালে যে সি একদম নিখুঁত পুণ্যাত্মা।কিন্তু ই কেনেকৈ সম্ভৱ হ’ব পাৰে। সকলো নথি-পত্ৰ ভালদৰে চাই চিত্ৰগুপ্তই গম পালে যে বাপীৰ ঘৈণীয়েকে লোকৰ ঘৰত কাম কৰিছিল আৰু যি পইচা পাইছিল তাৰে দুটামান পইচা দৈনিক বাপীক মদ খাবলৈ দিছিল। বাপীয়েও যিকণ মদ খাবলৈ পাইছিল তাতে সন্তুষ্ট হৈছিল। তদুপৰি মদ খাই বাপীয়ে নিজৰহে অনিষ্ট কৰিছিল, আনৰ কোনো ক্ষতি কৰা নাছিল। অতঃ এব বাপীক সৰগলৈ চালান দিয়া হ’ল।
বাপীয়ে স্বৰ্গ দেখি আচৰিত হ’ল। আৰে এইখন স্বৰ্গত থাকিবলৈকে মানুহে ইমান আশা কৰেনে?
স্বৰ্গত দুখ বুলি একো বস্তু নাই। সুখেই সুখ। সময় অসময় নাই। বিচাৰিলেই খাদ্য হাজিৰ। মাত্ৰ সুৰাকণহে নাপায়।আকৌ স্বৰ্গত ৰাতি নাই…মানে আন্ধাৰ নাই। মানে টুৱেণ্টি ফ’ৰ ইন টু চেভেন পোহৰেই পোহৰ। ঠাণ্ডা গৰম বুলিও একো কথা নাই। এনিটাইম যেন এচি হে লাগি আছে। ইয়াত টকা পইচাৰ খেল নাই কাৰণ কোনো বস্তু কিনিব নালাগে। থাকিবলৈ ঘৰ নালাগে, বিছনাৰ চিষ্টেমো নাই। য’তে ত’তে শুব পাৰি কাৰণ ৰ’দ বৰষুণ বুলি একো বস্তু নাই। চোৰ-ডকাইতো নায়েই। সৱ বস্তু যেতিয়া বিচাৰিলেই পায়, চোৰনো কোনে কৰিব?স্বৰ্গত বৰ ধুনীয়া ধুনীয়া অপেশ্বৰীবোৰ আছে, পিচে কোনেও বিয়া পাতিব নোৱাৰে। অপেশ্বৰীৰ কাম মাত্ৰ নৃত্য কৰি দেৱতাসকলক আনন্দ দিয়া। ধেই! বিয়া বাৰুত নবহা এই ডাং বৰলী অপেশ্বৰী আৰু ডাং বৰলা দেৱতাবোৰ দেখিলে কিবা খংহে উঠে। আকৌ এইগাল বুঢ়া-বুঢ়ীও নহয়গৈ। বিচাৰিলেই খাদ্য হাজিৰ হয় যদিও স্বৰ্গত মাছ-মাংস নচলে—কেৱল ফলমূলহে চলে। হ’ল বুলিনো সেই আপেল, কমলা, কল, কুঁহিয়াৰ সোপাকে দিনে ৰাতিয়ে চোবাই থাকিব পাৰিনে? দেৱতাই অন্ন মানে ভাত পৃথিৱীবাসীক দিয়েহে, নিজে নাখায়।দেৱতাই নিজে নাখায় বাবে সৰগবাসীয়েও ভাগ নাপায়, পালেও কেতিয়াবাহে। সৰগত চাধা অকণো পাবলৈ নাই। হ’ল বুলিনো চাধা অকণো নোখোৱাকৈ থাকিব পাৰিনেকি? তামোল পাণ পোৱা যায় কিন্তু সৰগত চূণ পাবলৈ নাই। এতিয়া চূণ আৰু চাধা অবিহনে তামোলখন নিমখ নাইকিয়া তৰকাৰীখনৰ নিচিনা। এনেক্কুৱা বৰিং লাইফ—কল্পনা কৰিব নোৱাৰি।
কথানো কাৰ লগত পাতিব! সুখ আৰু দুখ দুয়োটা থাকিলেহে কিবা কথা পাতিব পাৰি! সকলোৱেই সুখী গতিকে কোনেও কাৰো আগত ফুটনি মাৰি দুআষাৰ কথা ক’ব নোৱাৰে। ফুটনি মৰাটোক এগালমান গৰিহনা দিবলগীয়াও নাই।অতীষ্ঠ হৈ এদিন বাপীয়ে যম দেৱতাক সুধিয়েই পেলালে——
: প্ৰভু মোক সৰগৰপৰা কেতিয়া মুক্তি দিব?
যম : আউ! তই সৰগক লৈ জেইলৰ নিচিনা উক্তি দিছ যে!
বাপী : প্ৰভু জেইল আৰু পগলা ফাটেক বহুত ভাল। আজি সৰগত থাকি দেখোন পৃথিৱীৰ জেইল আৰু পগলা ফাটেকখনকে ভাল যেন লগা হৈছে।ইয়াততো একোৱেই নাই। মই আকৌ কেতিয়া পৃথিৱীত জন্ম হ’ম?
যম : তই তোৰ পূণ্যৰ বলত আৰু দুবছৰ সৰগত থাকিব লাগিব।
বাপীয়ে মনে মনে ভাবিলে——কি জ্বালাত পৰিলোঁ মই। কিহে পাইছিল মোক পূণ্য কৰিবলৈ। কিনো পূণ্যডাল কৰিছিলোঁ মই। এইটো ক’ব পাৰি যে মই পাপ কৰা নাছিলোঁ। মদ খোৱাটোকে পাপ বুলি ধৰা হ’লেও মোৰ এই গতি নহয়। আৰু দুবছৰ…..
বাপীয়ে অপেক্ষা কৰিলে সৰগৰপৰা মুক্তি পাবলৈ। পৃথিৱীত আকৌ এবাৰ জন্ম হ’বলৈ সি উদগ্ৰীৱ হৈ পৰিল।
☆ ★ ☆ ★ ☆
11:29 pm
বহুত ভাল লাগিল
5:38 pm
বঢ়িয়া৷