ফটাঢোল

সূৰ্য-চিহ্ন-অনসূয়া বৰঠাকুৰ

এই কাহিনীটো, ম’বাইল আৰু ইণ্টাৰনেটে গোটেই পৃথিৱীখনকে কানি খুৱাবলৈ আৰম্ভ কৰাৰ কিছুবছৰ আগৰ।

সেইবছৰ কাণে কাণ মাৰি এবাৰতে মেট্ৰিকটো পাছ কৰাত বকুলগুৰিৰ শ্ৰীমান গৌৰৱ চৰকাৰৰ আনন্দ কুলাই-পাচিয়ে নধৰা হ’ল। বাপেক-মাক হালেও ছাগলী দুটা কাটি ওচৰৰ মানুহখিনিক এসাঁজ দবাই খুৱালে। কিছুমানৰ বাবে কথাটো তেনেই সৰু, কাষৰে মনিষাই ডিছটিংশ্যন লৈ পাছ কৰাৰ পিছতো দিনৰ দিনটো ৰোহঘৰত সোমাই থাকিল! তেনেস্থলত গৌৰৱে……..

অৱশ্যে, গৌৰৱ চৰকাৰক চিনি নোপোৱা, তাৰ  সংস্পৰ্শলৈ নহা মানুহবোৰে এই কথাটো লৈ বু বু বা বা কৰিলেও পৰিয়ালৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই। যেতিয়া বাৰ পাচি ভুল বানানেৰে অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি সি My name is Proud Government লিখি থৈ আহিছিল বাকীবোৰ বিষয়ত কেনেবাকৈ পাছ কৰিলেও ইংৰাজীয়ে তাক ডুবাব বুলি শিক্ষকসকলৰ লগতে মাক-দেউতাকো একপ্ৰকাৰ নিশ্চিতই আছিল।

এতিয়া সেইটো গৌৰৱেই গ্ৰেছ মাৰ্কৰ সহায় নোলোৱাকৈ এবাৰতে মেট্ৰিক পাছ কৰাটো এক বৃহৎ সাফল্যই দিয়কচোন!

তাৰপিছত কি হ’ল কওঁ শুনক। পঢ়া-শুনা, বিশেষকৈ ইংৰাজী বুলিলে সাত জাঁপ মৰা ল’ৰাটোৰ কলেজত পঢ়াৰ দুৰ্বাৰ ইচ্ছা জাগি উঠিল। ফলত, গাঁৱত এখনো কলেজ নথকাত মাক-পিতাকে তাক ৫০ কি.মি. দূৰৰ টাউনৰ কলেজতে পঢ়োৱাৰ সিদ্ধান্ত ল’লে। যথাসময়ত প্ৰাইভেট হোষ্টেল এটা ঠিক কৰি পিতাকে তাক তাত থৈ আহিলগৈ। ছোৱালীবোৰৰ দৰে ৰাউচি ধৰি নাকান্দিলেও অচিনাকি পৰিৱেশত তাৰো মনটো বেয়া নলগা নহয়, তাতে আকৌ লগৰ কেইটাই শিক্ষকৰ প্ৰশ্নৰ উত্তৰ ফৰফৰাই ইংৰাজীতে দিয়া দেখিলে তাৰ নিজকে কিবা বেলেগ গ্ৰহৰ প্ৰাণী যেন লাগে!

এই সমস্যাটোৰপৰা পৰিত্রাণ পাবলৈকে সি প্ৰত্যেক শনিবাৰে ঘৰলৈ গৈ, লগৰবোৰক ভূ নিদিয়াকৈ ওচৰৰে ইংৰাজীত এম.এ. পাছ দাদা এজনৰ তাত ‘স্পকেন ইংলিছ’ৰ টিউশ্যন এটাৰ যোগাৰ কৰি ল’লে। তথাপি বেচেৰাৰ ইংৰাজীত বৰ এটা উন্নতি নহ’ল। কপাল ভাল বাবে যেনিবা আৰ-তাৰপৰা চাই চাই লিখি প্ৰথম বাৰ্ষিকৰ পৰীক্ষাটো কোনোমতে পাছ কৰিলে সি। অৱশ্যে সহপাঠীকেইজনীৰ পৰা পাত্তা আৰু সহায় পাবলৈ সি আৰম্ভণিৰে পৰা আইছক্ৰিম, চানাচুৰ খুৱাই খুৱাই তাহাঁতক হাত কৰি লৈছিলেই, দুই এজনীয়েতো ক’বলৈকে ল’লে, “আমি গুৱাহাটীত গ্ৰেজুৱেশ্যন কৰিবলৈ গ’লে গৌৰৱক বহুত মিছ কৰিম ন?”

লাহে লাহে দ্বিতীয় বাৰ্ষিকৰ পৰীক্ষাৰ সময়ো ওচৰ চাপি আহিল। বিদায় সভাৰ আগে আগে ছোৱালীকেইজনীয়ে ‘স্লেম বুক’ৰ আদান-প্ৰদান কৰিলে। তাৰপৰা আইছক্ৰিম খাই খায়েই পল্লৱীৰ হৃদয়খন আইছক্ৰিমৰ দৰে গলিবলৈ আৰম্ভ কৰিছিল কিজানি! নহ’লেনো তাই তাক ‘স্লেম বুক’খন দি কৰ্তৃত্বৰ সুৰত কয়নে “বে’ষ্ট ফ্ৰেণ্ড পাহাৰী আৰু ৰূমমেট নিশাৰ পিছতেই তোমাক লিখিবলৈ দিছোঁ, কমপ্লিট কৰি মানডে’ লৈ আহিবা কিন্তু।” ‘স্লেম বুক’ কি, খায়নে পিন্ধে সি গম নাপায়, কিন্তু অ’টগ্ৰাফৰ কথা স্কুলত থাকোঁতে শুনিছিল। বিদায় মুহূৰ্তত দিয়া যেতিয়া, সেইখন অট’গ্ৰাফৰেই পৰিৱৰ্ধিত ৰূপ বুলি সি অনুমান কৰিলে। অসমীয়া গানৰ কলি বা কবিতা এটা লিখি  তাইক ভৱিষ্যত জীৱনৰ বাবে শুভেচ্ছা জনাব বুলি শনিবাৰে ‘স্লেম বুক’ খন লৈ সি ঘৰলৈ আহিল।

ঘৰ পাই সেইখন মেলি সি মূৰে-কপালে হাত দি চিন্তা কৰাত লাগিল। অভিধানখন দেখোন হোষ্টেলতেই থাকিল! এতিয়া এই ইংৰাজী প্ৰশ্নবোৰ পঢ়ি উত্তৰ লিখাতো তাৰ বাবে সম্ভৱ হ’বনে? ভাবিবলৈ লওঁতেই পল্লৱীৰ তিৰবিৰ্, প্ৰেম-পিয়াসী দুনয়নে তাৰ বুকুখনত এটি মিঠা শিহৰণৰ সৃষ্টি কৰিলে। সি দুগুণ উৎসাহেৰে প্ৰশ্নবোৰ পঢ়ি, আগৰ দুজনীৰ উত্তৰ চাই, থুলমূল ধাৰণা এটা কৰি লৈ, নাম, ঠিকনা, জন্মদিন, প্ৰিয় খাদ্য, প্ৰিয় ঠাই আদি যিমান পাৰে কম শব্দ, বাক্যত লিখি গ’ল। (দীঘলীয়া কৰিলেই যে সি কিমান পানীৰ মাছ ওলাই পৰিব!) লিখি থকাৰ মাজতেই তাৰ এটা শাৰীত চকু থৰ হ’ল “My Sun sign is”….শব্দটো সি প্ৰথমবাৰৰ বাবে শুনিছে, ‘সূৰ্য-চিন’/’সূৰ্য-চিহ্ন’ কি বস্তু বাৰু? সি আগৰ পৃষ্ঠা দুটা লুটিয়াই চালে। দুয়োজনীয়েই লিখিছে ‘কেঞ্চাৰ’। গৌৰৱ বিবুধিত পৰিল। ‘সূৰ্য-চিহ্ন’ মানে ভয় কৰা, বেয়া পোৱা বেমাৰটোৰ নাম নেকি? দুৰাৰোগ্য কেঞ্চাৰলৈনো কোনে ভয় নকৰে! কিন্তু সিও যদি সেইটোকে লিখে তাৰ হ’বলগীয়া প্ৰেয়সীজনীয়ে তাহাঁতৰ পৰা নকল কৰা বুলি নাভাবিবনে? তেন্তে আৰু এনে কি বেমাৰ আছে যিটো দুৰাৰোগ্য আৰু সি নিজৰ বা আপোন কাৰোৰেই হোৱাতো নিবিচাৰে! ভাবি ভাবি মাজৰাতি সি এটা সিদ্ধান্তত উপনীত হ’ল আৰু বানানটোও সহজ বাবে সেইটোকে লিখি নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিল। সোমবাৰে কলেজলৈ গৈয়েই এটা নতুন আশা বুকুত বান্ধি, ‘স্লেম বুক’খন পল্লৱীৰ হাতত গুজি দিলে। তায়ো মিঠা হাঁহি এটাৰে সেইখন সামৰি থৈ নিয়মীয়া ক্লাছকেইটা কৰাত লাগিল।

কিন্তু এয়া কি? পাছদিনাৰপৰা তাই তাৰ লগত কথা পতাটো দূৰৰে কথা, চকুৱে চকুৱে পৰিলেও মুখখন ঘূৰাই দিবলৈ ল’লে। সিটো এটাও বানান ভুল নকৰাকৈ যথাযথ ভাবেই উত্তৰবোৰ লিখি গৈছিল! আনকি তাইৰ বিষয়েও ‘ইউ আৰ ভেৰী চুইট এণ্ড বিউটিফুল গাৰ্ল’ বুলি লিখিছিল, তেন্তে তাই………

হঠাৎ তাৰ কিবা এটা মনত পৰাত কাষতে বহা অসীমক সুধিলে,

: ঐ এইডছ্ বানানটো এ, আই, ডি, এছ নহয় জানো?

: হয়, কিন্তু কিয় লাগে তোক? বাপ্ ৰে কাৰবাৰ হৈছে নেকি?

: নাই নাই মানে মই আটাইতকৈ ভয় কৰা বেমাৰটোৰ নাম আকৌ! তই কোনটো বেমাৰ ভয় কৰনো?

: সব বেমাৰেই ভয় লাগে মোৰ, বেমাৰ নোহোৱাকৈ জীয়াই থকা দিনকেইটা শান্তিৰে থাকিব বিচাৰোঁ।

: হ’লেও লিখিবলৈ দিলে কোনটো লিখিবি?

: ভয় কৰা বেমাৰৰ নাম কোনো পৰীক্ষাত লিখিবলৈ নাহে, গৰু।

: আচ্ছা! বাৰু স্লেম বুকত ‘চান চাইন’ কি লিখ তই?

: মই অক্টোবৰত জন্ম বাবে ইংলিছমতে ‘লিব্ৰা’, অসমীয়াত কিন্তু মেষ ৰাশি মোৰ।

অসীমৰ উত্তৰটো শুনাৰ পিছত গৌৰৱ শিল পৰা কপৌৰ দৰে অলপপৰ দৰক লাগি বহি থাকিল! হ’বলগীয়া সম্পৰ্ক এটা আৰম্ভণিতেই ফাঁট মেলাৰ কাৰণটো গম পাই সি ইংৰাজী ভাষাটো অসমত জাপি থৈ যোৱা ব্ৰিটিছবোৰকে চৈধ্য পুৰুষ উজাৰি গালি পাৰিবলৈ ধৰিলে।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *