ফটাঢোল

বাটে-ঘাটে-সঞ্জীৱ কুমাৰ মহন্ত

স্নেপ : ১

মোৰ সম্বন্ধীয়া মামা এজনৰ ঘৰৰ ওচৰৰ এজন  ভকত। বৰ বেছি বয়স নহ’লেও ৪০ ৰ উৰ্দ্ধত। তেওঁ  খুব নীতি নিয়মত থাকে, যাৰে-তাৰে হাতে তেওঁৰ নচলে (কিবা ধুতি সন্থাৰ বিষয় বাবতো আছে চাগৈ)। মামাজনৰ ঘৰলৈ কিবা সকাম বা নামলৈ মাতিলে তেওঁ মামীহঁতৰ বা মাহীহঁতৰ হাতে চাহ-খাবলৈ টান পায়। কয় আপোনালোকৰ হাতে মোৰ হ’লে নচলিব, আইতাই দিলেহে চলিব। উক্ত ঘটনাৰ পুনৰাবৃত্তি কেইবাবাৰো হৈছে যাৰ প্ৰত্যক্ষ সাক্ষী মই বা সকাম নিকামত গোট খোৱা বহুজন।  

দুৰ্গা পূজাৰ বতৰ …. মহাষ্টমীৰ আবেলি।মই আৰু ভাইটি এটা টাউনলৈ বুলি কিবা কামত ওলাই আহিছিলোঁ। জেলেপি খাবলৈ মন গ’লত আমি মূল পথৰ পৰা অলপ ভিতৰলৈ সোমোৱা গলি এটাৰ হোটেল এখনলৈ বুলি সোমাই যাওঁতে  হঠাৎ দেখিলোঁ….সেই বিশেষ ভকতজন! 

তেওঁ হোটেলৰ এখন বেঞ্চত ৰাস্তাৰ ফালে পিঠি দি বহি আছে। (তেওঁ আমাক দেখা নাছিল) আমি দেখিলোঁ তেওঁ কিবা অৰ্ডাৰ দিছে খাবলৈ। লগত যোৱা ভাইটিটোৱে ক’লে, 

: এই …….দাদায়ে চোন আমাৰ ঘৰত মাঁহতে দিলে একোৱে নাখায়, এতিয়া আকৌ হোটেলত সোমাই খাবলৈ লৈছে, ব’লক মাতষাৰ দিওঁগৈ।

মই বোলো, “ৰ’বা ৰ’বা….আগতে খাবলৈ তেওঁ  কিবা দি লওক…আমি খাই থাকোঁতেই মাতষাৰ দিম।”  

সি ক’লে,

: মই ফোনত ফটো এখন লৈ থ’ম ৰ’ব ….মাহঁতক দেখুৱামগৈ।

হোটেলৰ ল’ৰাটোৱে তেনেকুৱাতে তেওঁক জেলেপি দুটা, চিংৰা এটা সৈতে চাহ কাপ দিলেহি।

তেওঁ চিংৰাটোত একামোৰ দিওঁতেই …. মই ৰ’ব নোৱাৰি মাতষাৰ দিলোঁগৈ…..

: দাদা…. চিংৰা খাইছে! গৰম গৰম জেলেপি খাওক খাওক!

তেওঁ মুখত চিংৰা লৈ ….মই..মই.. মই মানে ….( মুখত চিংৰা ভৰাই গাল দুখন ফুলাই লৈ কথা ক’লে কেনে হ’ব পাৰে ভাবি লওক, অস্পষ্ট ভাৱে) ….হেৰি মানে….

ভাইটোৱে ক’লে,

: নাই নাই…একো নহয়  খাওক..ধুতি গাৰেই বনোৱা!

তাৰপিছৰ পৰা মামাহঁতৰ ঘৰত সক‍াম, নাম আদিত যিমানবাৰ লগ পাইছোঁ… তেখেতে মামীহঁততো বাদেই জীয়াৰী কোনোবা এগৰাকীয়ে দিলেও পিঠা, লাৰু, চাহ সকলো খায়।


স্নেপ : ২

সম্বন্ধীয়া এঘৰত বিয়াৰ পিছদিনাৰ দৃশ্য …কইনা আহি পোৱাৰ পিছত  ঘৰৰ মানুহৰ লগতে খুব ওচৰৰ সম্পৰ্ক থকা আত্মীয়সকলক মান ধৰাৰ পৰ্ব চলি আছে। মোৰ সম্পৰ্কীয়  বয়োজ্যেষ্ঠ ব্যক্তি এজনক কইনাই  মান ধৰাৰ কথা। তেখেতে গম পাই মোক ক’লে,

: ঐ তোৰ ওচৰত ১০০ টকীয়া এটা ওলাব নেকি?

মই ক’লোঁ,

: আছে, কিয় লাগে?

: নহয় মানে মোক ন-কইনাই  মান ধৰিব যে সেয়ে কিবা এটা তেওঁক দিব লাগিব, মোৰ ওচৰত ১০০০ টকীয়াহে আছে ,(১০০০ টকীয়া প্ৰচলন হৈ থকা দিনৰ) গতিকে তয়ে দেচোন টকা ১০০…মোৰ বেছিকৈ দিবলৈ মন নাই। (তেখেত মানে বাৰুকৈয়ে কৃপণ প্ৰকৃতিৰ আছিল আৰু সেইকথা সকলোৰে জ্ঞাত)

মই পকেটৰ পৰা ১০০ টকীয়া নোট  এটা তেওঁৰ হাতত দিলোঁ আৰু কইনাই মান ধৰিবলৈ অহা দেখি মই তেওঁৰ ওচৰৰ পৰা আঁতৰি  অকনমান দূৰৈৰ পৰা চাই ৰ’লোঁ। 

কইনাৰ সৈতে মান ধৰিবলৈ লগত আৰু ৩ গৰাকীমান মহিলা আহিল। যথাস্থানত বহুৱাই তেখেতক কিবা টোপোলা এটা দি সেৱা কৰিলে। তেখেতেও ধুনীয়াকৈ আশীৰ্বাদ দি কইনা আৰু লগৰ কেইগৰাকীলৈ চাই কথা পাতি পকেটৰ পৰা কিবা দিবলৈ উলিয়াওঁতে ফটকে ১০০ টকীয়াখনৰ সলনি  ১০০০ টকীয়া এটা উলিয়াই  মান ধৰা শৰাইখনত দি দিলে!  তেখেতে সেই ১০০০ টকীয়াখন আগবঢ়াই দিয়াৰ পিছত এতিয়া আকৌ ঘূৰাই পকেটত সুমুৱাবও নোৱাৰা হ’ল!  তেখেতৰ সেই সময়ত মুখৰ অৱস্থাতো লক্ষণীয় হৈ উঠিছিল।

মান লৈ উঠাৰ পিছত পিছত মোক লগ কৰি কৈছিলহি…বৰ বেয়া কথা হ’ল বুইছ…ফটকে ১০০ বুলি ১০০০ টকীয়াখনকে দি দিলোঁ….ধেইত বৰ লষ্ট হ’ল আজি।

☆ ★ ☆ ★ ☆

One comment

  • কমলা দাস

    😂😂😂মজা লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *