ফটাঢোল

প্ৰজাপতি নিবন্ধন-জয়ন্ত প্ৰীতম

বহুদিনৰ আগৰ কথা। মই ফেচবুকত দিয়া প’ষ্ট এটাত ধুনীয়া ছোৱালী এজনীয়ে ধুনীয়া কমেণ্ট এটা দিলে। কিন্তু দুৰ্ভাগ্যৰ কথাটো হ’ল, মই সেই কমেণ্টৰ ৰিপ্লাই দিয়াৰ আগতে মোৰ ফেচবুকৰ বন্ধু এজনে ৰিপ্লাই দিলে। ইয়াৰ পিছত পুনৰ ছোৱালীজনীয়ে সেই কমেণ্টটোৰ ৰিপ্লাই দিলে। এনেদৰে সিহঁতৰ কমেণ্টৰ আদান প্ৰদান চলি থাকিল। ইটোৱে সিটোৰ কমেণ্টত লাভ ৰিয়েক্টো দিলে। মই নিৰৱ দৰ্শক হৈ সিহঁতৰ খেলখন চাই থকাৰ বাদে তেতিয়া কৰিবলৈ একো নাছিল। 

দিন গ’ল, কথাটো মই পাহৰি গ’লোঁ।

কালি হঠাৎ ল’ৰা এজনে মোৰ ইনবক্সত বিয়াৰ চিঠি এখন পঠিয়াই দিছে। ইয়াৰ লগতে মেছেজ কৰিছে যে মই বোলে তাৰ বিয়াৰ মূল মানুহ গতিকে যেনেতেনে বিয়ালৈ যাবই লাগিব। প্ৰয়োজন হ’লে সকলো খৰছ সি বহন কৰিব। মই কৌতূহলবশতঃ তাক সুধিলোঁ বোলো মই কেনেকৈ তাৰ বিয়াৰ মূল মানুহ হ’লোঁ। 

তেতিয়া সি ক’লে, “দাদা আপুনি হয়তো পাহৰিছে, এদিন আপোনাৰ এটা প’ষ্টত এজনী ছোৱালীয়ে কমেণ্ট কৰিছিল আৰু মই সেই কমেণ্টৰ ৰিপ্লাই চিলনীয়ে দিয়াদি আপুনি দিয়াৰ আগতেই দিছিলোঁ। ইয়াৰ পিছৰ পৰাই আমাৰ প্ৰেম আৰম্ভ হৈছিল আৰু এতিয়া আমাৰ বিয়া হ’ব। গতিকে আপুনিয়েই বিয়াৰ মূল মানুহ।”

সি কথাখিনি কোৱাৰ পিছত মোৰ কথাটো মনত পৰিল। তেতিয়াৰ পৰা  মই shocked! আৰু সম্ভৱতঃ He rocked!

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *