ফটাঢোল

এমুঠি অগল্প-ৰঞ্জিত কুমাৰ শৰ্মা

(১) প্ৰগতি

চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে ৰাজ্যিক ষ্টেডিয়ামত বিশাল সমাৱেশ অনুষ্ঠিত হৈছে৷ হাজাৰ হাজাৰ মানুহ সভাত গোট খাইছে৷ অগণন মানুহ, বিৰ দি বাট নোপোৱা অৱস্থা৷ খোজ কাঢ়ি মানুহ আহিছে, মটৰ চাইকেলত আহিছে, বিলাসী গাড়ীত আহিছে, ভাড়া কৰা তিনিচকীয়া-চাৰিচকীয়া বাহনতো আহিছে৷ আৰক্ষীৰ দ্বাৰা অধিগ্ৰহণ কৰা কেইবাশ বাছত উঠিও সমাৱেশলৈ মানুহ আহিছে৷ মন্ত্ৰী, সাংসদ, বিধায়কৰ পৰা আৰম্ভ কৰি শাসকীয় দলৰ নেতা-পালিনেতা, চৰকাৰৰ হিতাধিকাৰীৰে ভৰি গৈছে ষ্টেডিয়াম৷ নেতা-মন্ত্ৰী, সাংসদে ভাষণ দিছে৷ বক্তাসকলে নিজৰ নিজৰ ভাষণত চৰকাৰখনৰ সফলতাৰ বিষয়ে বৰ উচ্ছাসেৰে কৈছে৷ হিতাধিকাৰীৰ বাবে চৰকাৰখনে হাতত লোৱা আঁচনিবোৰৰ বিষয়ে তেওঁলোকে উল্লেখ কৰিলে৷ 

মুখ্য বক্তাই ক’লে — 

“আমাৰ চৰকাৰে দুখীয়া-দৰিদ্ৰ মানুহৰ বাবে কাম কৰিছে৷ পূৰ্বৰ চৰকাৰে দহ বছৰতো কৰিব নোৱৰা কাম আমাৰ চৰকাৰে তিনি বছৰতে কৰি দেখুৱালে৷ আমাৰ চৰকাৰৰ দিনত ৰাজ্যখনত হিতাধিকাৰীৰ সংখ্যা পঞ্চাশ লাখলৈ বৃদ্ধি পাইছে৷ অহা দুবছৰত হিতাধিকাৰীৰ সংখ্যা এক কোটিলৈ বঢ়োৱাৰ লক্ষ্য লোৱা হৈছে৷”

হাত চাপৰিৰে ষ্টেডিয়াম ৰজনজনাই গ’ল৷

(২) বিক্ৰী হোৱা ঘোঁৰা

ৰজা হোৱাৰ সপোন দেখি থকা মন্ত্ৰীয়ে ৰজাৰ দৰে ঘোঁৰা পুহিবলৈ মন কৰিলে৷ তেওঁ চাটুকাৰ চন্তৰী দুজনমানক লৈ ঘোঁৰা বিচাৰি ওলাল৷ ৰাজ্যৰ পূব প্ৰান্তত ঘোঁৰা কিনা-বেচা ভাল হয় বুলি শুনি মন্ত্ৰীয়ে চন্তৰীসহ সেই প্ৰান্তত উপস্থিত হ’ল৷ এটা ভাল আস্তাবলত সোমাই মন্ত্ৰীয়ে কেইটামান ঘোঁৰাৰ দাম-দৰ কৰিলে৷ আস্তাবলৰ পৰিচালকৰ পৰা তেওঁ ঘোঁৰাকেইটাৰ বিষয়ে জানিও ল’লে৷ ঘোঁৰাকেইটাৰ খাদ্য তালিকা এখনো মন্ত্ৰীক দিয়া হ’ল৷ মন্ত্ৰীয়ে ঘোঁৰাকেইটা ক্ৰয় কৰি পৰ্যায়ক্ৰমে লৈ যোৱাৰ বন্দবস্ত কৰিলে৷ আটাইকেইটা ঘোঁৰা লৈ যোৱাৰ তিনিমাহমান পাচত মন্ত্ৰী পুনৰ আস্তাবলটোলৈ আহিল৷ আস্তাবলৰ পৰিচালকক সাক্ষাৎ কৰি মন্ত্ৰীয়ে ক’লে যে তেওঁ নিয়া ঘোঁৰাকেইটা গাধলৈ পৰিৱৰ্তিত হৈছে৷ ঘোঁৰাকেইটা নোদোকাহে আছিল, তেজাল নাছিল৷ মন্ত্ৰীয়ে এইবুলিও ক’লে যে দিন যোৱাৰ লগে লগে সিহঁতক খাদ্যও বেছিকৈ লগা হৈছে৷ মন্ত্ৰীৰ কথা শুনি আস্তাবলৰ পৰিচালকে হাঁহি এটা মাৰি মন্ত্ৰীক ক’লে— 

“ঘোঁৰাকেইটা গাধ হোৱাত আপোনাৰ ভালহে হ’ব লাগে৷ গাধৰ দ্বাৰা গৰাকীয়ে ইচ্ছা অনুসৰি সম্পদৰ বস্তা কঢ়িয়াই থাকিব পাৰে৷ কেৱল সিহঁতক খাদ্য দি থাকিলেই হ’ল৷”

(৩) ছেক্ৰিফাইচ

“অ’ ভবেশ দেখোন? আহা আহা, বহা৷ আজিকালি মুখেই নেদেখা হ’লোঁ দেখোন?”

“নক’ব বুজিছে বৌ, সময়েই মিলাব নোৱৰা হ’লোঁ৷ পিচে দাদা ক’ত?”

“আছে আছে, পিচফালে মান্ধাতা যুগৰ চাইকেলখনতে লাগি আছে৷”

“চাইকেলত লাগি আছে? কি কয় বৌ? তেওঁ বোলে গাড়ী কিনে? আজি গাড়ী চাবলৈ যোৱাৰ কথা৷ সেইবাবে মোক মাতি পঠাইছে দেখোন?”

“গাড়ী? তেওঁ স্কুটিহে লোৱাৰ কথা কৈছিল! চাৰিচকীয়া কিনিবলৈ টকা ক’ত?”

“কি? স্কুটিহে নেকি?”— ভবেশ আচৰিত হ’ল৷

এনেতে ফটা কাপোৰ এখনেৰে হাতদুখন মচি মচি তেওঁ সোমাই আহিল৷ ঘৈণীয়েক আৰু ভবেশে কোৱা শেষৰ কথাখিনি তেওঁৰ কাণত পৰিল৷ তেওঁ মাত দিলে—

“অ’, ভবেশ আহিলা?”

“কি হে শৰ্মাদা? আপুনি বোলে স্কুটিহে কিনিব? মোক গাড়ী কিনাৰ কথাহে কৈছিল?”

“স্কুটিও গাড়ীয়েই দিয়াচোন৷ পেট্ৰ’লতো খাবই৷ বেটেৰীৰবোৰ এতিয়াও জমি উঠা নাই৷”

“আপুনিও মানুহ আছে দেই শৰ্মাদা!”

ক্ষন্তেকৰ নিৰৱতা ভংগ কৰি ভবেশে পুনৰ ক’লে—

“তেন্তে ব’লক, স্কুটিকে লৈ আহোঁ৷ চাইকেলখনতে আৰু কিমান লাগি থাকে?”

“কি জানা ভবেশ? মই বহুত চিন্তা কৰি সিদ্ধান্ত এটা ল’লোঁ৷”

“কি সিদ্ধান্ত?”

“স্কুটি নোলোৱাৰ সিদ্ধান্ত৷”

ঘৈণীয়েক আৰু ভবেশে একেলগে কৈ উঠিল— 

“নলয়?”

“নলওঁ দিয়া, বুজিছা৷ দেশত পেট্ৰ’লৰ মূল্যই চেঞ্চুৰী কোবালে৷ ডিজেলেও টি-টুৱেণ্টি খেলিছে৷ মূল্যবৃদ্ধি আৰু হ’ব৷ এই সংকটকালত দেশৰ কথা ভাবিব লাগে৷”

“আপোনাৰ স্কুটি লোৱা-নোলোৱাৰ লগত আকৌ দেশৰ কি কথা ক’ৰ পৰা আহিল?”

— শৰ্মানীয়ে সুধিলে৷ 

“তোমালোকে বাতৰি কাকত নপঢ়া নেকি? আৰু টিভিৰ বাতৰি? চোৱা নে নাই? দুদিনমান আগতে যে আমাৰ নেতা এজনে পেট্ৰ’ল-ডিজেলৰ দাম বঢ়াক লৈ কথা এষাৰ কৈছিল মনত নাই?”

“কি কথা?”

— দেওৰেক-বৌৱেকে একেলগে সুধিলে৷

“তোমালোকে দেখিছ দেশ-ৰাজ্যৰ গৰম খবৰবোৰো নাজানা! কিয়, সেইজনাই পেট্ৰ’ল-ডিজেলৰ দাম বঢ়াৰ বাবে  গাড়ী-মটৰ চলোৱাৰ ক্ষেত্ৰত জনতাক জানো ছেক্ৰিফাইচ কৰিব কোৱা নাই? আমি তেওঁলোকক ভোট দি জিকাইছোঁ৷ তেওঁলোক সৰ্বগুণী লোক৷ তেওঁলোকে আৰু আমাৰ বেয়া চিন্তা কৰিবনে? সেয়ে মইও স্কুটি লোৱাৰ সিদ্ধান্ত সলনি কৰিলোঁ৷ চাইকেলেই ভাল৷ পেট্ৰ’লো নালাগে আৰু শৰীৰৰ এক্সাৰচাইজো হৈ থাকিব৷ হেঃ হেঃ…, মই ‘ছেক্ৰিফাইচ’ কৰিলোঁ দিয়া৷”

“কি ই ই…?”

— শৰ্মানী আৰু ভবেশৰ মুখৰ পৰা একে সময়তে ওলাই অহা প্ৰশ্নবোধক ধ্বনিটো কোঠাটোত প্ৰতিধ্বনিত হ’ল৷

(৪) মূল্য

দেউতাকৰ হোটেলত পুৱাৰ সাঁজ ভক্ষণ কৰি চাৰিচকীয়াখন চলাই কণবাপু ঘৰৰ পৰা ওলাই আহিল৷ কণবাপুটো ঘৰত আৰু চুবুৰীয়াইহে মতা নাম৷ বাহিৰত সি প্ৰেম বুলিহে পৰিচিত৷ পিন্ধনত তাৰ কি চাবা চমক? বাপেকৰ মানিবেগৰ ওজন কিছু কমাই ভৰিৰ পৰা মূৰলৈকে জিলিকিছে কণবাপু৷ গৈ থাকোতে গাৰ্লফ্ৰেণ্ড প্ৰিয়ংকাৰ ঘৰৰ সন্মুখতে ভাবিশহুৰ হৰিপ্ৰসাদক দেখি কণবাপুই গাড়ীখন ৰখালে৷ কণবাপু গাড়ীৰ পৰা নামি আহিল৷ ভাবিশহুৰক মাত লগোৱাৰ চলেৰে তাৰ চকুদুটাই প্ৰিয়ংকাকে বিচাৰিছিল যদিও লাভ নহ’ল৷ জোঁৱাইৰ ৰূপত কণবাপুক কেতিয়াও কল্পনাও নকৰা হৰিপ্ৰসাদে বন্ধুপুত্ৰক দেখি চিনাকিসূত্ৰে মাত লগালে—

হৰিপ্ৰসাদ : কণ দেখোন? কোনফালে ওলালা?

কণ : মিটিং এখন আছে খুৰা৷

হৰি : (কণবাপুৰ পোছাকলৈ চাই) নতুন কাপোৰ দেখোন? জোতাযোৰো নতুন যেন পাওঁ?

কণ : হয় খুৰা৷

হৰি : কিমান পৰিল?

কণ : অলপ পৰিছে আৰু খুৰা!

হৰি : কোৱাচোন কোৱা?

কণ : জোতাযোৰত চাৰিহেজাৰমান পৰিল৷ জিনছ্‌টোত তিনিহেজাৰ৷ টি-চাৰ্টটো ডেৰ হেজাৰত আৰু টাইডাল পাঁচশ টকাত কিনিলোঁ৷

হৰি : টুপীও পিন্ধিছা দেখোন? টুপীটোত কিমান পৰিল৷

কণ : নাই খুৰা, টুপীটোত খৰচ কৰা নাই৷ সৰু মূৰটোৰ বাবেনো আৰু কি খৰচ কৰিম? মূৰটোত বেছি হেঁচা দিবও নোৱাৰি৷ আমাৰ এম এল এৰ লগত যে থাকে, হেমন্ত তালুকদাৰ, তেওঁৱেই এইটো গিফ্ট দিছে৷

হৰি : অ’, মানে টুপীটো তেওঁ পিন্ধাইছে? ভালেই হৈছে দিয়া৷ বাৰু তুমি মিটিঙলৈ আগবাঢ়া, মইও বজাৰলৈ যাব লাগে নেকি খুৰীয়েৰাক সুধি চাওঁ৷

হৰিপ্ৰসাদৰ ঘৰৰ পিনে চাই চাই কণবাপু গাড়ীত উঠিল৷

(৫) কৰ্মসংস্কৃতি

“অ’ বৰুৱাদা দেখোন? পুৱাই আপোনাৰ ফে’চবুক প’ষ্টটো পঢ়িছিলোঁহে, আপোনাক লগেই পালোঁ৷ কৰ্মসংস্কৃতিৰ বিষয়ে ফে’চবুকত আপুনি যিটো লিখিছে, কৈছোঁ নহয়, এক্কেবাৰে ফালি দিছে৷ আচলতে আপুনি এইবোৰ কথা বাতৰি কাকতত লিখিব লাগে৷” 

— বজাৰত হিতেশ বৰুৱাক দেখি তেওঁৰ প্ৰতিবেশী আদিত্যই মাত লগালে৷

“ধন্যবাদ জনালোঁ দেই তোমাক৷ পঢ়িছা যে ভাল লাগিছে৷ ফে’চবুকত আকৌ ছিৰিয়াছ কথাবোৰে বেছি লাইক-কমেণ্ট নাপায়েই দেখোন!”

“সেইটো অৱশ্যে হয়৷ পিচে বৰুৱাদা, এইবাৰ আগতীয়াকৈ আহিলে যে? পূজাৰ বিশেষ কিবা আয়োজন আছে বোধকৰোঁ৷”

— ঘৰৰ পৰা ডেৰশ কিলোমিটাৰমান আঁতৰত থাকি চৰকাৰী চাকৰি কৰা হিতেশ বৰুৱাক আদিত্যই সুধিলে৷

“তেনেকৈ একো আয়োজন নাই৷ কাইলৈ দ্বিতীয় শনিবাৰ, অ’ফিচ বন্ধ৷ দেওবাৰো বন্ধ৷ তাৰ পাচত বৃহস্পতিবাৰলৈ দেখোন পূজাৰ বন্ধ আছেই৷ শুকুৰবাৰটো ছুটী লৈছোঁ৷ পাচৰ শনিবাৰটোত, মানে দেওবাৰৰ আগদিনানো আৰু কি অ’ফিচ কৰিবাহে? বন্ধটো অলপ দীঘলীয়াকৈ পালোঁ৷ সেয়ে আজি অ’ফিচত চহীটো কৰি ফিল্ডত ডিউটি থকা দেখুৱাই আহি গলোঁ৷ কাইলৈ পৰিয়াল লৈ অকনমান ফুৰিবলৈকে যাম বুলি ভাবিছোঁ, সেয়ে দৰকাৰী বস্তু কেইপদমান কিনিব লাগে৷”

— হাঁহিমুখে বৰুৱাই ক’লে৷

“বৰ ভাল৷ কৰক কৰক আপুনি বজাৰ কৰক৷ মই যাওগৈ, গৰুৰ দানা ল’বলৈ আহিছিলোঁ৷”

— মিচিকিয়াই আদিত্যই ঘৰলৈ বাট ল’লে৷

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *