সাক্ষাৎকাৰ
অসমৰ লেখত ল’বলগীয়া কাকত-আলোচনীৰ সাহিত্য পৃষ্ঠা শুৱনি কৰা এটি পৰিচিত নাম কমল শৰ্মা। বিশিষ্ট ঔপন্যাসিক,গল্পকাৰ কমল শৰ্মাৰ ইতিমধ্যে প্ৰকাশিত কেইবাখনো উপন্যাসে পাঠকৰ মন জয় কৰিবলৈ সক্ষম হৈছে । উত্তৰ-পূৱ গ্ৰন্থমেলাত সৰ্বাধিক বিক্ৰীহোৱা গ্ৰন্থকেইখনৰ অন্যতম “কেঞ্চাৰ হস্পিতেলৰ বিষণ্ণ গধূলি” উপন্যাসখন লেখকৰ সাহিত্যপ্ৰতিভাৰ অন্যতম চিনাকি। ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত,সততে প্ৰচাৰ,সাক্ষাৎকাৰ আদিৰ পৰা আঁতৰি থকা লেখক ঔপন্যাসিক কমল শৰ্মাৰ সৈতে আমি ফটাঢোলৰ হৈ কথা পাতিছিলোঁ। তেখেতৰ কঠোৰ জীৱন সংগ্ৰামৰ সমান্তৰালভাৱে সাহিত্য চৰ্চাৰ যি যাত্ৰা, সেই যাত্ৰাৰ সৈতে পৰিচিত হৈ আপুনিও গাব পাৰে জীৱনৰ কঠিন সময়ত সাহ আৰু সফলতাৰ গান। বাৰে বাৰে ধুমুহাৰ সন্মুখীন হৈও হাৰি যাব নোখোজা মানুহজনৰ কথা তেওঁৰ শব্দৰেই জানোচোন আহক।
ফটাঢোল: হাস্যব্যংগ গোটৰ হৈ আপোনাক নমস্কাৰ জনাইছোঁ।
কমল শৰ্মা: নমস্কাৰ ।
ফটাঢোল: নিজকে কি বুলি চিনাকি দি ভাল পায়? মানে নিজৰ নামটোৰ পিছত কি বুলি লিখিলে ভাল পাব?
কমল শৰ্মা: মই নিজকে শিক্ষক হিচাপে চিনাকি দিবলৈয়ে ভাল পাম।
ফটাঢোল: শিক্ষকতা আপুনি ক’ত কেনেকৈ আৰম্ভ কৰিলে কওঁকচোন।
কমল শৰ্মা: মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত “আনন্দ বিদ্যা নিকেতন” (সেই সময়ত আনন্দপুৰম আছিল) ত শিক্ষকতা জীৱনৰ পাতনি মেলোঁ। তাৰ পিছত নালন্দা পাব্লিক স্কুললৈ আহো আৰু এতিয়ালৈকে নালন্দা পাব্লিক স্কুলতে আছোঁ।
ফটাঢোল: আপোনাৰ স্কুলীয়া জীৱনৰ বিষয়ে অলপ জনাওঁকচোন।
কমল শৰ্মা: পয়লা প্ৰাথমিক বিদ্যালয়ত মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰোঁ। মোৰ হাইস্কুলীয়া শিক্ষাৰ থলী আছিল “দেবীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়” (আগতে উচ্চ মাধ্যমিক বিদ্যালয় অছিল)। সেই সময়ত আপোনালোকৰ দেউতা প্ৰয়াত কনক চন্দ্ৰ ঠাকুৰীয়া চাৰ সহকাৰী প্ৰধান শিক্ষক আছিল। চাৰ বৰ পাণ্ডিত্য থকা লোক আছিল। অংক, বিজ্ঞান, ইংৰাজী আৰু সংস্কৃত-এই বিষয় কেইটাত তেখেতৰ বিশেষ দখল আছিল। “দেবীৰাম”ত হাইস্কুলীয়া শিক্ষা সাং কৰি নলবাৰী কলেজত হায়াৰ চেকেণ্ডেৰী আৰু স্নাতক ডিগ্ৰী আৰু শেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰো।
ফটাঢোল: আপুনি লিখা-মেলাৰ সৈতে কেনেকৈ আৰু কেতিয়াৰ পৰা জড়িত হ’ল?
কমল শৰ্মা: স্কুলীয়া দিনতে মই লিখা-মেলাৰ সৈতে জড়িত হৈছোঁ। স্কুলত অনুষ্ঠিত হোৱা গল্প, কবিতা, প্ৰবন্ধ লিখা প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিছিলোঁ। পুৰস্কাৰো পাইছিলোঁ। স্কুলৰ আলোচনীতো লিখিছিলোঁ। কিন্তু আলোচনীখন সময় মতে প্ৰকাশ নহৈছিল বিভিন্ন কাৰণত। সেই সময়তেই মই সঁফুৰা, মুকুতা আৰু মৌচাকলৈ লিখা পঠিয়াইছিলোঁ। প্ৰকাশো হৈছিল। এইখিনিতে এটা কথা কৈ থওঁ। মোৰ প্ৰথম নিচা আছিল কবিতা। কবিতাতে মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ। পিছত ছদ্ম নামেৰেও কবিতা লিখিছিলোঁ। সাহিত্যৰ কবিতা শিতানটোতে মই নিজকে আগুৱাই নিম বুলি ভাবিছিলোঁ। শেষলৈ নোৱাৰিলোঁ। “সেউজী-সেউজী” ত মই কিছু কবিতা লিখিছিলোঁ।
ফটাঢোল: সেউজী-সেউজীৰ বিষয়ে অলপ বহলাই কওঁকচোন।
কমল শৰ্মা: আজিৰ পৰা প্ৰায় পঞ্চাশ বছৰ আগতে নলবাৰীৰ বুকুত সেউজী-সেউজী নামৰ কবিতা আলোচনীখনৰ জন্ম হৈছিল। পুলক বৰ্মন আৰু তৰুণ বৰ্মন দুই ভাই-ককাই মিলি এই আলোচনীখন উলিয়াইছিল। সেউজী-সেউজী নলবাৰী সাহিত্য সমাজৰ এক অগ্ৰণী অনুষ্ঠান। সেউজী-সেউজীয়ে কবি সন্মিলনকে ধৰি সাহিত্য বিষয়ক বিভিন্ন অনুষ্ঠান মাজে সময়ে অনুষ্ঠিত কৰি আহিছে। আৰম্ভণিতে আলোচনীখনৰ কেইটামান সংখ্যাৰ মই সম্পাদনাও কৰিছিলোঁ।
ফটাঢোল: আপোপাৰ ঘৰৰ কোনোবাই লিখা-মেলা কৰিছিল নেকি?
কমল শৰ্মা: মোৰ দেউতা হোটেল ব্যৱসায়ী আছিল। গতিকে স্বাভাৱিকতে তেওঁৰ লিখা-মেলাৰ লগত একো সম্পৰ্ক নাছিল। মায়ে পঢ়িছিল বহুত বাহিৰা কিতাপ। জিলা পুথিভঁৰালৰ পৰা নিজে কিতাপ আনি আনি পঢ়িছিল। কিন্তু তেৱোঁ লিখা-মেলা কৰা নাছিল। মাৰ কিতাপ পঢ়াৰ প্ৰতি থকা ধাউতিয়েই চাগে মোক লিখা-মেলাৰ প্ৰতি আকৰ্ষিত কৰালে।
ফটাঢোল: কলেজীয়া জীৱনৰ সাহিত্য চৰ্চা কেনেকুৱা আছিল আপোনাৰ? অলপ কওঁকচোন ।
কমল শৰ্মা: হায়াৰ ছেকেণ্ডাৰীত পঢ়াৰ সময়ত মই কেইজনমান লগৰ ল’ৰাৰ লগ হৈ নিৰ্মালি নামৰ শিশুবিষয়ক আলোচনী এখন প্ৰকাশ কৰিছিলোঁ। মই সম্পাদনা কৰিছিলোঁ। সেইখনৰ খৰচ পাতি আমি নিজৰ মাজতে পইচা তুলি কৰিছিলোঁ যদিও কেইটামান সংখ্যাৰ পিছত সেইখন পইচা-পাতিৰ অভাৱত বন্ধ হৈ থাকিল। সম্ভৱত শিশুবিষয়ক নলবাৰীৰ প্ৰথম আলোচনী আছিল “নিৰ্মালি”।
মহাবিদ্যালয়ৰ আলোচনীৰ সম্পাদনা সমিতিত জড়িত আছিলোঁ। ডিগ্ৰী প্ৰথম বৰ্ষত থাকোতে হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষলৈ বৰ্তমানৰ জনপ্ৰিয় কবি প্ৰণৱ বৰ্মণ আহিল। মই, প্ৰণৱ বৰ্মণ,বিনয় মজুমদাৰ,সৌৰভ ভট্টাচাৰ্য,ৰূপালী ভট্টাচাৰ্য, ৰীতেন ক্ষেত্ৰী আদিবোৰ লগ হৈ সাহিত্য চৰ্চা কৰিছিলোঁ। সেইসময়ত নতুন সাহিত্য পৰিষদ নামৰ সাহিত্যৰ অনুষ্ঠান এটিৰ লগত জড়িত হওঁ। নতুন লেখকসকলৰ বাবে নতুন সাহিত্য পৰিষদে এখন সুন্দৰ প্লেটফৰ্ম তৈয়াৰ কৰিছিল। তেওঁলোকে আয়োজন কৰা কবি সন্মিলন, আলোচনা চক্ৰ আদিলৈ শশী শৰ্মা চাৰৰ সৈতে গৈছিলোঁ। শশী শৰ্মা চাৰ ইয়াৰ প্ৰথম সভাপতি আছিল। এই সাহিত্য পৰিষদে অসম সাহিত্য সভাৰ বিৰোধিতা কৰিছিল। সেই সময়ত নতুন সাহিত্য পৰিষদত বাওপন্থী চিন্তাধাৰাই প্ৰভাৱিত কৰিছিল। বৰ্তমান অবশ্যে পৰিষদৰ সক্ৰিয়তা কমিছে।
ফটাঢোল: কলেজীয়া জীৱনৰ পিছৰ পৰ্য্যায়ত আপোনাৰ সাহিত্য চৰ্চা কেনেদৰে আগ বাঢ়িল?
কমল শৰ্মা: এই সময়খিনি মোৰ বাবে ভাল সময় নাছিল। মই এম এ কৰি থকাৰ সময়তেই দেউতাৰ অসুখ হ’ল। মানে কেঞ্চাৰ। চিকিৎসা কৰোৱালো। বি বৰুৱা কেঞ্চাৰ হস্পিতালত দেউতাক পঞ্চলিছ দিন ৰাখিলোঁ। লগত থাকিলো মই। ভাল পালে। ঘৰলৈ পঠিয়াই দিলে। এইবাৰ মাৰ অসুখ হ’ল। প্ৰসূতি সম্বন্ধীয় কিবা সমস্যা হৈছিল। নলবাৰীত ভাল নোপোৱাত গুৱাহাটী মেডিকেল হস্পিতালত ভৰ্তি কৰালোঁ। ডাক্টৰে অপাৰেচন কৰাৰ কথা ক’লে। অপাৰেচনৰ কথা শুনি মা হাৰ্ট ফেইল কৰিলে। মা ঢুকোৱাৰ পিছত দেউতা অকলশৰীয়া হৈ পৰিল। দেউতাই বেছিকৈ চিগাৰেট খাবলৈ ধৰিলে। তেওঁৰ অসুখটো পুনৰ ঘুৰি আহিল। চিকিৎসা কৰিলোঁ যদিও ভাল নাপালে। বেছি দিন বাচি নাথাকিল।
ফটাঢোল: কথাখিনি শুনি বৰ দুখ লাগিল। এটা কথা কওঁকচোন। “কেঞ্চাৰ হস্পিতালৰ বিষন্ন গধূলি” নামৰ উপন্যাসখন আপুনি তেতিয়াই লিখা নেকি?
কমল শৰ্মা: তেতিয়া আৰম্ভ কৰিছিলোঁ। এইখন কিতাপ ২০১১ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ পায়।
ফটাঢোল: কেঞ্চাৰ বিষয়ক কিতাপখন আপুনি কিহৰ তাড়নাত লিখিলে বাৰু? মানে নিজৰ অভিজ্ঞতাখিনি ভগাই লোৱাৰ ইচ্ছা নে মনৰ দুখ পাতলাবৰ বাবে নে নিজকে সাহ দিবলৈ নে আন কিবা? কিতাপখনৰ পঢ়ুৱৈসকলে কয় যে এইখন যথেষ্ট অনুপ্ৰেৰণামূলক কিতাপ।
কমল শৰ্মা: প্ৰেৰণাৰ সমল নিশ্চয় আছে কিতাপখনত। কেঞ্চাৰ হস্পিতেলৰ অভিজ্ঞতা বোৰে বহুত কন্দুৱাইছিলোঁ আৰু কেতিয়াবা বহুত সাহসো দিছিল। মানুহৰ দুখ-যন্ত্ৰণাবোৰ স্বচক্ষে মই দেখিলোঁ,অনুভৱ কৰিলোঁ। নিজক প্ৰেৰণা দিয়াৰ লগতে আনকো যাতে কিঞ্চিত সাহ দিব পাৰোঁ, সেই উদ্দেশ্যতে মই লিখা আৰম্ভ কৰিছিলোঁ। এই কিতাপখন সপ্তম উত্তৰ-পূব গ্ৰন্থমেলাত নতুন লেখকৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপসমূহৰ এখন আছিল।
মা-দেউতা ঢুকুৱাৰ পিছতে আমাৰ আৰ্থিক অৱস্থা বেয়া হৈ আহিল, জীৱন নিৰ্বাহৰ বাবে ভাইটি আৰু মই ধাৰ-ঋণ লৈ এখন বাছ কিনিলোঁ,সেইখন নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানৰ পৰা গৰ্ডন,হাজো ৰোড আদিলৈ চিটিবাছ হিচাপে চলিছিল। তেতিয়াই প্ৰথম চিটিবাছ সেৱা আৰম্ভ হৈছিল নলবাৰীত, তিনিখন মান বাছ আছিল। কেতিয়াবা মই বা ভাইটি গাড়ীৰ কণ্ডাক্টৰ হিচাপে থাকিলোঁ। সেইখিনি সময়তে সমাজৰ কিছুমান মানুহৰ শোষণৰ কেঞ্চাৰ, চাৰিত্ৰিক কেঞ্চাৰ আদি দেখা পালোঁ। মানুহৰ এই দৈহিক কেঞ্চাৰৰ লগতে সামাজিক কেঞ্চাৰৰ কথাবোৰো আনি মই কিতাপখনত সন্নিৱিষ্ট কৰিলোঁ।
লাহে লাহে গাড়ীৰ ব্যৱসায় বেয়া হৈ আহিল, এককথাত ক’বলৈ গ’লে ঘৰ নচলা হ’ল। গাড়ীখন বিক্ৰী কৰি মই আনন্দপুৰম বিদ্যালয়ত সোমালোঁ, ভাইটি এন জিঅ এটাৰ সৈতে জড়িত হ’ল।
ফটাঢোল: বিদ্যালয়ত সোমোৱাৰ পিছত চাগে জীৱনটো আপোনাৰ কিছু চিজিল হ’ল!
কমল শৰ্মা: স্কুলত সোমোৱাৰ পিছত জীৱনটো আকৌ ওলট-পালট হৈ গ’ল। স্কুলত সোমালোঁ, বিয়াও কৰালোঁ। ঠিক তাৰ পিছতে মোৰ অসুখ আৰম্ভ হ’ল। বুকুৰ বিষ,উশাহ নিশাহত কষ্ট পাওঁ। স্কুলতে প্ৰাকৃতিক চিকিৎসাৰ ব্যৱস্থা আছে,গতিকে তাতেই মোৰ চিকিৎসা আৰম্ভ হ’ল। সাতদিন ৰখা হ’ল মোক তাত। বিশেষ উন্নতি নোহোৱাত পুনৰ চিকিৎসকৰ কাষ চাপিলোঁ। হাৰ্টৰ অসুখ বুলি সন্দেহ কৰি মোক ঔষধ দিলে। দুবছৰমান ঠিকে থকাৰ পিছত পুনৰ বিষ হোৱাত গুৱাহাটীৰ ইন্টাৰনেশ্বনেল হাস্পতালত দেখুৱালোঁ। ডক্টৰ সাধন বি দাস নামৰ ডক্টৰ এজনক দেখুৱালোঁ। তেওঁ ক’লে যে হাৰ্টৰ অপাৰেছন কৰোৱাব লাগিব,যিটোৰ বাবে বহুলাখ টকাৰ প্ৰয়োজন হ’ব। যিহেতু মোৰ টকাৰ অভাব সেয়ে তেওঁ মোক জি এম চিত ভৰ্তি হ’ব দিলে। চিকিৎসকজনৰ কথামতে মই জি এম চিত ভৰ্তি হ’লোঁ।কিন্তু তেওঁলোকৰ মতে মোৰ ভাল্ভ বেয়া হৈ গৈছে হাৰ্টৰ। আৰু মোৰ অবস্থা দেখি তেওঁলোকে মোক ড্ৰাগছ লোৱা,মদ খোৱা আদি বিভিন্ন ধৰণৰ অভিযোগ বা মোৰ ওপৰত এটা ধাৰণা এটা লৈ লৈছে। তেওঁলোকক মই বাৰে বাৰে কৈছিলোঁ যে মদ ড্ৰাগছ বহু দূৰৰ কথা, মই তামোলো নাখাওঁ। মই যিখন বিদ্যালয়ত কাম কৰোঁ, সেইখন এখন আধ্যাত্মিক স্কুল। তাৰ চৌহদত আমলখিৰ বাহিৰে তামোল এখনৰো অনুমতি নাই। কিন্তু কোনো কথাই বিশ্বাস নকৰিলে,যিটো অবিশ্বাসৰ দুখ এটা আজিও ৰৈ গ’ল,লাজো লাগে। গতিকে পুনৰ সাধন বিলাসৰ তাতেই ঘুৰি আহিলোঁ। কথাটো চিন্তনীয় দেখি সাধন বি দাসে মোক মোৰ আগৰ অসুখৰ ডিটেইল বিচাৰিলে,কি অসুখ হৈছিল,কি ঔষধ খাইছিলোঁ এইধৰণৰ। মোৰ আগতে প্ৰায়ে জ্বৰ হৈ থাকিছিল,এবাৰ ডক্টৰে কোৱামতে মোৰ মেলেৰীয়া হোৱাত মই, কুইনাইনৰ বেজী লৈছিলোঁ।
কেইটা? তেওঁ সুধিলে।
মই দহটা বুলি কোৱাৰ লগে লগে
ডাঃ সাধন বি দাস চক্ খাই উঠিল!
তেওঁ ক’লে হয়তো তোমাৰ মেলেৰীয়া হোৱাই নাছিল অথবা কুইনাইনৰ ড’জ অত্যধিক হৈছিল! তাৰ বাবেই তোমাৰ আজি এইটো অৱস্থা! হাৰ্টৰ ভালভ কাটিব লাগিব এতিয়া।
তাৰপিছত তেখেতে বিশটা ইনজেকচন ল’বলৈ দিলে নলবাৰীতে আৰু ক’লে যে সদ্যহতে আৰাম পাবা আৰু সমান্তৰালকৈ অপাৰেছনৰ বাবে টকাৰ যা-যোগাৰ কৰিবলৈ সময় পাবা। নলবাৰী আহি বেজীকেইটা ল’লো। মোক কুইনাইন বেজি দিয়া ডক্টৰ জনৰ ওচৰতে এই বেজী কেইটাও ল’লো। সাধন বি দাসে কোৱা কথাষাৰ ক’লো তেওঁক। তেওঁ সহজ ভাবেই ক’লে, তেনেকুৱা হৈ যায় কেতিয়াবা।
সাধন বি দাসৰ বেজি কেইটা লৈ মই ভাল পালোঁ। ঠিক সেই সময়তে নালন্দা পাব্লিক স্কুলৰ অধ্যক্ষ জিতেন্দ্ৰ জৈনে মাতিলে। মই বৰ দোধোৰ মোধোৰত পৰিলোঁ,এফালে আয় নাই,ইফালে অসুখ আনফালে ব্যক্তিগত বিদ্যালয়ত কামৰ বোজাৰ অনুপাতে পইচা-পাতিও কম। অৱশেষত জৈন চাৰৰ সাহসতে মই দুহেজাৰ এঘাৰ চনত নালন্দা পাব্লিক স্কুলত জইন কৰিলোঁ আৰু বৰ্তমানলৈ তাতে আছোঁ।
ফটাঢোল : ইমান সংগ্ৰামৰ মাজতো আপুনি সাহিত্য-চৰ্চাৰ কেনেদৰে আগুৱাই নিলে?
কমল শৰ্মা: আচলতে মা-দেউতাৰ ঢুকুৱাৰ পিছতে যি সংগ্ৰাম আৰম্ভ হৈছিল, সেই সংগ্ৰাম মোৰ জীৱনত ৰৈয়ে গৈছে,এতিয়াও আছে, নথকা নহয়। মই কলমৰ জোৰতে চলি থাকিলোঁ একপ্ৰকাৰৰ। অসমীয়া প্ৰতিদিন, নিয়মীয়া বাৰ্তা,খবৰ আদিত নিয়মীয়াকৈ লিখিবলৈ ল’লোঁ। এদিন প্ৰতিদিনৰ দিগন্ত ওজাই ফোন কৰিলে আৰু প্ৰতিদিনৰ ‘এনাজৰী’ত নিয়মীয়া শিতান এটি দিলে। তাত “স্বদেশৰ পদ্য বিদেশৰ গদ্য” বুলি শিতান এটা আৰম্ভ কৰিলোঁ। শিতানটোত অসমৰ গদ্য বা কবিতাৰ সৈতে বিদেশী সাহিত্যৰ যেনে ধৰা টলষ্টয়ৰ গল্প এটা বা শেইক্সপীয়েৰৰ কবিতা এটাৰ (ভাৱৰ মিল থকা) তুলনামূলক সমালোচনা–এইধৰণৰ লিখিছিলোঁ। অসমীয়া সাহিত্যৰ সৈতে বিদেশী সাহিত্যৰ তুলনামূলক আলোচনাৰে সজোৱা এই শিতানটোৱে যথেষ্ট সঁহাৰি লাভ কৰিছিল। বহুতে প্ৰশংসা কৰিলে। সমালোচনাও হৈছিল। সেই লেখাখিনিক লৈ মেগন কছাৰীয়ে বুহুম প্ৰকাশনৰ দ্বাৰা একে নামেৰে এটা সংকলন প্ৰকাশ কৰিলে।
সমান্তৰাল ভাবে মই পূবালী আলোচনীত সাহিত্য বিষয়ক লেখাসমূহ লিখি থাকিলোঁ। এনাজৰীতে মই “নাৰী তুমি অনন্যা’ শীৰ্ষক আন এটি শিতান আৰম্ভ কৰিলোঁ। তাত পৃথিৱীৰ যিমানবোৰ “মা” বিষয়ক লেখা আছে,সেই লেখাসমূহৰ আলোচনা হৈছিল। সেইটোৱে খুউব জনপ্ৰিয়তা তথা সমাদৰ লাভ কৰিছিল।
আনন্দপুৰমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মোৰ প্ৰায়ে খবৰ-খাতি লৈ থাকিছিল। তেওঁলোকৰ বহুতেই সুপ্ৰতিষ্ঠিত হৈছিল। তেওঁলোকৰ সেই আদৰ-সাদৰ আত্মীয়তাই মোক কেঞ্চাৰ হস্পিতেলৰ বিষন্ন গধূলিৰ দ্বিতীয় খণ্ড হিচাপে “পান্থশালাত প্ৰেমৰ বৰষুণ” উপন্যাসখন লিখিবলৈ প্ৰেৰণা যোগালে। এইখন প্ৰকাশ কৰিলে কস্তুৰী প্ৰকাশনে। প্ৰকাশকে চুক্তি কৰি ল’লে যে পঁচিশ বছৰ কিতাপখন মই কাকো দিব নোৱাৰিম। অৰ্থৰ প্ৰয়োজনতে মই মান্তি হ’লোঁ।
ফটাঢোল: তেতিয়াৰ মাননীত সন্তুষ্ট হৈছিল নে? কাৰণ এতিয়াও এটা কথা প্ৰায়ে উত্থাপন হয় যে অসমীয়া সাহিত্য চৰ্চা কৰি জীৱন চলোৱা কষ্টসাধ্য বা কেতিয়াবা প্ৰকাশকে নিদিয়ে বুলিও অভিযোগ উত্থাপন হয়।
কমল শৰ্মা: সেইখিনি মোৰ বাবে বহুত আছিল।মই নিয়মিত ভাবে কাকত-আলোচনীৰ পৰা পাইছিলোঁ। অসমীয়া খবৰতো বহুদিন ধৰি লিখিছোঁ। সেই সময়ৰ আলোচনী সম্পাদক অৰুণিমা কলিতা মেধি, যাক মই আজিও লগ পোৱা নাই তেওঁ সময়ত পইচা পঠিয়াই পুনৰ পাইছোনে নাই খবৰো ৰাখিছিল। প্ৰকাশকৰ ক্ষেত্ৰতো মই কোনোদিন হতাশ হ’বলগীয়া হোৱা নাই। কেঞ্চাৰ হস্পিতালৰ বিষন্ন গধূলিৰ দ্বিতীয় সংস্কৰণ প্ৰকাশকে মোক আগতীয়াকৈ মাননী দি গৈছে।
তাৰপিছত এদিন মই ভয়ে ভয়ে গল্প এটা গৰিয়সীলৈ পঠিয়ালোঁ। সম্পাদক আছিল লক্ষীনন্দন বৰা চাৰ। গৰিয়সীত লিখিব খোজাৰ আন এটা কাৰণ হ’ল তেখেত মোৰ প্ৰিয় সাহিত্যিক সকলৰ অন্যতম। মই ইতিমধ্যে অলপ প্ৰতিষ্ঠিত হৈছোঁ। দুই-তিনিখন কাকতত লিখো, চাৰে যদি গল্প ভাল নাপায়, কি বা হয় এনে ভাৱত ভয় সংকোচত মই ডাকযোগে পঠিয়ালোঁ। দুমাহপিছত প্ৰকাশ হ’ল। মনটো খুব ভাল লাগিল। সেই উৎসাহতে দ্বিতীয়টো গল্প পঠিয়ালোঁ। হঠাত মোলৈ এদিন ফোন আহিল।
: আপুনি কমল শৰ্মা হয়নে? মই লক্ষীনন্দন বৰাই কৈছোঁ।
যাক মই ইমান ভালপাওঁ, শ্ৰদ্ধা কৰোঁ তেখেতৰ মাতষাৰ শুনি কঁপি উঠিলোঁ। চাৰে দ্বিতীয় গল্পটো “উৰি নোযোৱা জিঞা” ৰ প্ৰশংসা কৰিলে। চাৰে প্ৰথমতে মোক উজনিৰ বুলি ভাবি আছিল। যেতিয়া মই মোৰ বিষয়ে ক’লোঁ তেতিয়া চাৰে কৈছিল ত্ৰৈলোক্যনাথ গোস্বামীৰ পিছত নামনিৰ অঞ্চলত ভাল গল্পকাৰ মোৰ চকুত পৰা নাই, আৰু কোনোবাই লিখিছে যদিও গৰীয়সীলৈ নপঠায়। চাৰে কৈছিল যে মই আপোনাক এটা অনুৰোধ কৰো যে আপুনি গল্প লিখিবলৈ কেতিয়াও নেৰিব। তেতিয়া চাৰক মই কৈছিলোঁ যে উপন্যাস লিখিবলৈহে মই অলপ সহজ পাওঁ,গল্প লিখাটো মোৰ বাবে কঠিন কাম। তেতিয়া চাৰে ক’লে যে সেইবোৰ মই নাজানো, অহা সংখ্যালৈও মোক গল্প লাগে।
এনেকৈ চাৰৰ তাগিদা আৰু প্ৰেৰণাত মই গল্প লিখাটো সম্ভৱ হৈ উঠিল। পিছলৈও কেইবাঠাইতো লিখিলোঁ। চাৰৰ গঙা চিলনীৰ পাখি, যিখন মোৰ অন্যতম প্ৰিয়,তাৰ এটি আলোচনা দৈনিক জনমভূমিত লিখিছিলোঁ, চাৰে ভালপাইছিল আৰু মোক লগ পাবলৈ তেখেতৰ কাৰ্যালয়লৈ বহুবাৰ মাতিলে। মোৰ মানে নিজকে লুকুৱাই ৰখাৰ স্বভাৱটো আগৰে পৰাই গতিকে যোৱা নহ’ল আৰু।
এইখিনিতে কওঁ, ৰৈ গ’ল আচলতে। নালন্দা পাব্লিক স্কুলত সোমোৱাৰ পিছতেই পুনৰ মোৰ বুকুৰ বিষ পুনৰ আৰম্ভ হ’ল। সাধন বিলাসে অপাৰেচনৰ বাবে সাজু হ’বলৈ দিছিল ঠিকেই,কিন্তু পইচাৰো নাটনি আৰু ইনজেকচন লৈ ভালপোৱাত মই গা এৰা দি আছিলোঁ। চন্দন মদক নামৰ ডাক্টৰ এজনৰ কাষলৈ মোক প্ৰণৱে লৈ গ’ল (ভাতৃসম বন্ধু কবি প্ৰণৱ কুমাৰ বৰ্মন)। তাত নবজ্যোতি পাঠক,মৃদুল হালৈও গৈ ওলাল।ডক্টৰে ক’লে এমাহৰ ভিতৰত অপাৰেচন কৰিব লাগিব, এখন ভালভ সম্পূৰ্ণ নষ্ট হৈছে,আনখন হ’বগৈ লাহে লাহে গতিকে কিবা এটা সোনকালে কৰিব লাগে। পইচাৰ যোগাৰ কৰিবলৈ প্ৰণৱহঁত উঠি পৰি লাগিল। টকাৰ কথা ভাবিলেই মই নিৰুপায় হৈ পৰোঁ মই পিছুৱাই আহিব খুজিলে সিহঁতে নেৰে। চন্দন মদকে তেখেতৰ চিনিয়ৰ ইন্দ্ৰপ্ৰস্থ হাস্পতালৰ ভবানন্দ দাসচাৰৰ লগত যোগাযোগ কৰাই দিলে। তেওঁ গুৱাহাটীৰ হায়াত হস্পিতালত আহে । তিনিলাখ আশী হাজাৰৰ পেকেজ, সব মিলি প্ৰায় পাঁচলাখ টকাৰ ওচৰাওচৰি। ঘৰ,আত্মীয় লগতে প্ৰণৱ, চন্দন হঁতৰ সহায়ত অপাৰেচন কৰাই আহিলোঁ। মোৰ জীৱনত মনত থাকিব । স্কুলৰ পৰাও মোক এক লাখ টকা দিলে,অধ্যক্ষই দি গ’লহি ঘৰত। নালন্দাত যেতিয়া গম পালে, ছাত্ৰ-ছাত্ৰী, অভিভাৱকে উপযাচিয়ে সহায় কৰিবলৈ আহিল,বহুতে ঘৰত আহিও পইচা দি গ’ল।
ফটাঢোল: আপোনাৰ লগত বহুত মানুহৰে আশীৰ্বাদ আছে।
কমল শৰ্মা: কৃতজ্ঞ মই। সেয়াই আৰ্জন। বহুতৰে ক্ষেত্ৰত এনে নহয় আচলতে। তাৰপিছৰ পৰা সকলো চেক-আপ মই চন্দনৰ তাতেই কৰাওঁ। নবজ্যোতি পাঠক মোৰ অন্যতম সাহ। তাৰমানে নবজ্যোতি পাঠক,আনকি অপাৰেচন কৰা ভবান্দ দাস তিনিওৰে একেই অপাৰেচন হৈছে (হাঁহি) । গতিকে মোক দুয়ো সাহ দি থাকে আৰু।
ফটাঢোল: আপুনি কোনখন কিতাপত নিজকে বেছি বিচাৰি পায়?
কমল শৰ্মা: কেঞ্চাৰ হস্পিতালৰ বিষণ্ণ গধূলিতেই হ’ব। কাৰণ তাত মোৰ জীৱনৰ জীয়া সংগ্ৰামৰ কথা আছে।
ফটাঢোল: আপোনাৰ লেখাত কাৰ প্ৰভাৱ পৰা বুলি ভাবে আপুনি?
কমল শৰ্মা: ভবেন্দ্ৰনাথ শইকীয়া চাৰ মোৰ সকলোতকৈ প্ৰিয়,তেখেতৰ সকলো গল্প,উপন্যাস মই পঢ়িছোঁ।গতিকে তেখেতৰ লেখাই মোৰ প্ৰভাৱান্বিত কৰে।
ফটাঢোল: বিদেশী সাহিত্যও অধ্যয়ন কৰিছে আপুনি? তেওঁলোকৰ মাজৰ কাৰ লেখাই চুই যায়?
কমল শৰ্মা: স্বদেশৰ পদ্য,বিদেশৰ গদ্য লিখাৰ সময়ত মই যথেষ্ট খিনি অধ্যয়ন কৰিবলগীয়া হৈছিল।শ্বেলী,কীটছৰ কবিতা বা টলষ্টয়ৰ গল্প ভাল লাগিলেও আৰ্ণেষ্ট হেমিঙৱেৰ দ্য অল্ড মেন এণ্ড চীৰ প্ৰতিটো শব্দই যেন মোক সাহ দিয়ে বা সেইখনৰ দৰে সোৱাদ মই আনত নাপাওঁ।
ফটাঢোল: বেংগলী সাহিত্যৰ কথা কি ক’ব আপুনি?
কমল শৰ্মা: বেংগলী সাহিত্য বহুত ধনী আচলতে। সুনীল গংগোপাধ্যায়ৰ কবিতা হওক বা ৰবি ঠাকুৰৰ গীতেই হওঁক আজিও সমানে প্ৰাসংগিক নচিকেটাৰ গান,সত্যজিত ৰায়ৰ চিনেমাৰ গল্প কি মৰ্মস্পৰ্শী! বনলতা সেনৰ কবিতাৰ নামো ল’ব লাগিব।
ফটাঢোল: আমি পিছ পৰি গৈছোঁ নেকি বাৰু?
কমল শৰ্মা: সঁচা কথা। লক্ষ্মীনাথ বেজবৰুৱাদেৱ আৰু যিসকলে কলিকতাত গৈ আচলতে যি ধাৰা এটাৰ সৃষ্টি কৰিলে,সেইটো ৰক্ষাৰ কৰাত অলপ আমাৰ দুৰ্বলতা ৰৈ গৈছে।তেওঁলোকে বহুত শিকিছিল। আমাৰ জেনেৰেচন গেপ বহুত বেছি হৈছে।
ফটাঢোল: আমাৰ সমাজৰ অগ্ৰজবোৰেও নতুন চামক উৎসাহিত কৰিব পৰা নাই নেকি?
কমল শৰ্মা: আচলতে কোনেও কাকো উৎসাহিত কৰিব লগীয়া নাই বা কোনেও কাকো আগবঢ়াই নিব লগীয়া নাই। লক্ষীনাথ বেজবৰুৱা, ভবেন্দ্ৰনাথ শইকীয়াক কোনে আগবঢ়াই আনিছিল? কোনে উৎসাহ দিছিল? তেওঁলোকে নিজে নিজেই কৰিছিল যিখিনি কৰিছিল। আজিৰ দিনত বৰং বহুতে বহুতক উৎসাহিত খৰি আছে। সাহিত্য বিষয়ক আলোচনা, কবি সন্মিলন আদিৰ যোগেদি আজিৰ লেখক সমাজে একো একোখন প্লেটফৰ্ম পাইছে। আগতে এইবোৰ নাছিল বা খুব কম আছিল। সেই অনুপাতে যিমান ভাল সাহিত্যৰ সৃষ্টি হ’ব লাগাছিল তেনে হোৱা নাই বুলি মোৰ মনে ধৰে। বহুক্ষেত্ৰত এতিয়া নতুন সৃষ্টিৰ অভাব। কোনোবাই আব্দুল মালিকৰ গল্প এটাৰ চৰিত্ৰ এটাক আধাৰ হিচাপে লৈয়েই লিখিবলৈ চেষ্টা কৰিছে। মহাভাৰতৰ কোনো ঘটনা এটাক লৈয়ে কোনোবাই নতুন সাহিত্য সৃষ্টিৰ প্ৰয়াস কৰিছে।
ফটাঢোল: কিন্তু সেইটোত আপত্তি কৰিবলগীয়া কিবা আছে জানো?
কমল শৰ্মা: আপত্তিৰ কথা নাহে। মানে মই ক’বলৈ গৈছো মৌলিক সৃষ্টিৰ বাবে বহুতে আজিকালি চিন্তা চৰ্চা নকৰে। যাৰ বাবে সাহিত্য যিমান ধনী হ’ব লাগিছিল পৰা নাই।
ফটাঢোল: ইয়াৰ কাৰন কি বুলি ভাবে?
কমল শৰ্মা: বেছিভাগ মানুহেই প্ৰেক্টিকেল নহয়। আগৰ মানুহ বোৰ (মানে সাহিত্য চৰ্চা কৰা লোক) সকল প্ৰেক্টিকেল আছিল। এতিয়াৰ কিছুৱে পথাৰক লৈ কবিতা লিখে কিন্তু পথাৰত নামিয়েই পোৱা নাই কোনোদিনে। নৈক লৈ লিখে কিন্তু নৈৰ ঘাটলৈ গৈ পোৱাই নাই কেতিয়াও। জনপ্ৰিয় সাহিত্য আৰু ৰৈ যোৱা সাহিত্যৰ মাজত পাৰ্থক্য আছে। কিছুমান সাহিত্য কম সময়তে জনপ্ৰিয় হৈ উঠে কিন্তু ৰৈ নাযায় পিছলৈ। “জীৱনৰ বাটত”, “অসীমত যাৰ হেৰাল সীমা” আজিও গোটেই অসমত প্ৰতিদিনে দহখন হ’লেও বিক্ৰী হৈ আছে। আমাৰ আজিকালিৰ বহু লেখকে বিষয়ৰ গভীৰতালৈ যাব নোখোজে। সেয়ে কেতিয়াবা উৎকৃষ্ট সাহিত্যৰ পৰা পাঠক বঞ্চিত হয়।
ফটাঢোল: আমাৰ নতুন চামৰ লেখাক লৈ আপুনি আশাবাদীনে?
ফটাঢোল: নতুন চামৰতো বহুতে ভাল লিখি আছে। কিন্তু মানদণ্ডৰ ধাৰাবাহিকতাটো ৰক্ষা কৰিব পৰা নাই। কেতিয়াবা দুটা গল্প যদি ভাল লিখিছে, তাৰপিছত আকৌ ভাল সৃষ্টি হ’বলৈ দিন লাগিছে। গেপ বহুত হৈছে।
ফটাঢোল: এই গেপটোৰ পৰা আপুনিও মুক্ত নহয়?
কমল শৰ্মা: মইতো আচলতে একো কৰিবই পৰা নাই। বহুত বাকী আছে। তথাপিও এটা কথা কওঁ আমাৰ চচিয়েল মিডিয়াৰ ঢৌত যদি উটি ভাঁহি নাযায়,অধ্যয়নশীল হয়,তেন্তে নতুনচামৰ পৰা বহুকেইজন ভাল লেখক ওলাব।
ফটাঢোল: আপোনাৰ কৰ্মৰত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত আপুনি অসমীয়া পঢ়ুৱায়। ছাত্ৰ-ছাত্ৰীখিনিও সম্ভাৱনাপূৰ্ণ আমি জনাত। তেওঁলোকৰ সাহিত্য চৰ্চা বা অসমীয়া ভাষা চৰ্চাৰ ক্ষেত্ৰত আপুনি কি ক’ব?
কমল শৰ্মা: মাধ্যমটো আচলতে কোনো বাধা নহয়। অভিভাৱকে যদি সৰুৰে পৰা আগ্ৰহী কৰি তুলিব পাৰে,শিক্ষকে যদি গাইড কৰে, কিয় নপঢ়িব ছাত্ৰ-ছাত্ৰীয়ে। মই বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক বকুল ফুলৰ দৰে, মহাৰথী এইবোৰ কিতাপ পঢ়ি ৰিভিউ লিখিবলৈ দিওঁ,পঢ়ে ছাত্ৰ-ছাত্ৰীয়ে, লিখেও। আৰু খুউব সুখী হওঁ তেওঁলোকৰ ভাষাজ্ঞান,শব্দভাণ্ডাৰ দেখি।
ফটাঢোল: বৰ্তমান আপুনি কিহত ব্যস্ত? নতুন কিবা সৃষ্টি?
কমল শৰ্মা: এই নবেম্বৰত মোৰ আন এখন কেম্পাছভিত্তিক উপন্যাস “নীলা নীলা এম এন চি কলেজৰ নীলা” প্ৰকাশ পাব। আনহাতে মই শিশু-কিশোৰৰ বাবে এখন উপন্যাসৰ কাম কৰি আছোঁ “ইতি তোমালোকৰ কমল চাৰ” শীৰ্ষক। ব্ৰাহ্মণ সমাজৰ বিধৱা এগৰাকীৰ জীৱনভিত্তিক এখন সামাজিক উপন্যাসৰ কামো কৰি তাৰ সমান্তৰাল ভাবে। নাম এতিয়াও থিৰাং কৰা নাই। কেইটামান কাম পৰিকল্পনাৰ স্তৰতে আছে। তাতেই ব্যস্ত হৈ আছো। স্কুলৰ কাম আছেই।
ফটাঢোল: আমাৰ হাস্যব্যংগ গোট ফটাঢোলৰ তৰফৰ পৰা আপোনালৈ জনাইছোঁ অলেখ শুভেচ্ছা। নতুন গ্ৰন্থকেইখন অতি সোনকালে পাঠকৰ মাজলৈ আহক।
কমল শৰ্মা: বহুত বহুত ধন্যবাদ।
ফটাঢোল: কেম্পাছভিত্তিক উপন্যাসেই আপোনাৰ বেছি হৈছে নহয়জানো!
কমল শৰ্মা: অবশ্যে সেইটো নোহোৱা নহয়, কেঞ্চাৰ হস্পিতেলৰ বিষণ্ণ গধূলি, নলবাৰী কলেজ, পান্থশালাত প্ৰেমৰ বৰষুণ আৰু আহিলগীয়াখনো তেনেধৰণৰেই, এম এন চি কলেজৰ প্ৰেক্ষাপটত।
ফটাঢোল: অসমৰ ব্যংগ সাহিত্যচৰ্চাৰ কথা কি ক’ব?
কমল শৰ্মা: লক্ষ্মীনাথ বেজবৰুৱা,হেমচন্দ্ৰ বৰুৱাৰ পিছত ব্যংগ সাহিত্যত …( কিছুপৰ ভাবি) ভৃংগেশ্বৰ শৰ্মা শেহতীয়াকৈ বিকাশ বৰুৱা আদিয়ে লিখিছে,কিন্তু অসমত এই দুটা ধাৰাত বা খণ্ডত লিখিবলৈ কিবা সাহসেই নকৰে আচলতে। পিছপৰি আছে সেয়ে। সমালোচনা লিখি থকাও বহুতে আজিকালি এৰি দিলে। সমালোচনা লিখিবলৈ গ’লে বহুত কথা আহি পৰে, কিছুমান এনে কিতাপৰ সমালোচনা পঢ়িব, লিখিবলগীয়া হয়, কলমে নকয় আচলতে। অখাদ্য ভক্ষণৰ দৰে হয়। সেইবোৰ কাৰণতো সমালোচনা লিখিবলৈ এৰি দিয়ে বহুতে।
ফটাঢোল : ফটাঢোল হাস্যব্যংগ ফেচবুক গোটে প্ৰতিমাহে এখন ই আলোচনী প্ৰকাশ কৰি আহিছে। এইবাৰ এইটো পঞ্চম বছৰ দ্বাদশ সংখ্যা।
কমল শৰ্মা: হয় গোটটোৰ বিষয়ে মই দুই-এজনৰ মুখেৰে শুনিছিলোঁ যদিও এই আলোচনীৰ কথাটো জনা নাছিলোঁ। এইটো ভাল পদক্ষেপ হৈছে বহুত। আঁৰত থকা বা লাগি-ভাগি থকা মানুহখিনিৰ কষ্ট সাৰ্থক হওঁক।আলোচনী এখন ভাল মানদণ্ডৰে জীয়াই ৰখাটো কষ্টসাধ্য কাম।
ফটাঢোল: আপোনাৰ পত্নী, দুগৰাকী কন্যাসন্তানেৰে এখন নিটোল সংসাৰখনলৈ আমাৰ শুভেচ্ছা থাকিল। লগতে আপোনাৰ সাহিত্য চৰ্চাৰ এই সৃষ্টিশীল যাত্ৰা অবিৰত হওক। আমাক ইমানখিনি সময় দিলে,আপোনাৰ জীৱনসংগ্ৰামে আমাকো অনুপ্ৰাণিত কৰিলে। লগতে সুন্দৰ আতিথ্যৰে আজিৰ সন্ধিয়াটো আমাৰ সৈতে কটোৱাৰ বাবে আপোনালৈ পুনৰবাৰ শুভেচ্ছা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
কমল শৰ্মা: বহুত বহুত ধন্যবাদ।
☆ ★ ☆ ★ ☆
5:27 pm
খুব ভাল লাগিল পঢ়ি৷ প্ৰেৰণাদায়ক৷
5:28 pm
সকলোৱে পঢ়িব লগা এটা সাক্ষাৎকাৰ৷ ফটাঢোলক ধন্যবাদ৷