ফটাঢোল

নেওতা -নাজিয়া হাচান

: ঐ নেওতাখন যে মুখস্থ কৰিবলৈ দিছিলোঁ তোক; হ’লনে নাই?

: ছাৰ, পোন্ধৰ ঘৰলৈকে হৈছে।

: আজি এসপ্তাহে পোন্ধৰ ঘৰলৈহে হৈছে?

বাৰু মাতচোন নেওতাখন।

: ছাৰ বাৰ ঘৰলৈকে সলসলাই ক’ব পাৰোঁ। বাকী ঘৰকেইটা..

: ঐ,সঁচা কথা কচোন। তোৰ বাৰু পঢ়িবলৈ মন আছেনে নাই অ’?

: ছাৰ,সঁচা কথা ক’বলৈ গ’লে এই পঢ়া-শুনাবোৰত মোৰ একেবাৰেই মন চন নাই। কিন্তু…।

চতুৰ্থ শ্ৰেণীত পঢ়ি থকা প্ৰভাতে টিউচন মাষ্টৰ বদন কলিতাক উত্তৰটো ঠিক তেনেকৈয়ে দিছিল; পিচে মুখেৰে নহয়, মনতেহে..।

: মুখেৰে নামাত কিয়? ঐ গৰু..।

টিউচন মাষ্টৰৰ ধমক শুনি প্ৰভাতে মূৰটো তল কৰি আকৌ মনতে ক’লে, 

: কি ক’বলৈ আহিছে ছাৰ? মই গৰুৱেই যদি হওঁ, তেন্তে আপুনি বুজাকৈ কেনেকৈ উত্তৰ দিম..?

: কি হ’ল ছাৰ?

হাতত চাহ আৰু মালপুৱাৰ প্লেটখন লৈ প্ৰভাতৰ মাক আহি সুধিলে।

: ইয়াক নেওতা মুখস্থ কৰিবলৈ দিছিলোঁ। আজি এসপ্তাহত সি বাৰ ঘৰলৈহে বগাব পাৰিছে। এনেকৈ হ’লে মই কিন্তু ইয়াক পঢ়াব নোৱাৰিম!

: নাপাই নহয় দেহা। ছাৰে কৰিবলৈ দিয়া কামবোৰ কিয় লগে লগে কৰি নাৰাখা বাৰু?

: নেওতা নাজানিলে ই অংক কেনেকৈ কৰিব? অংকত ই মানে চুপাৰ গাধ। মই টিউচন কৰা সকলো ল’ৰা ছোৱালীয়েই অংকত বহুত ভাল ভাল নম্বৰ পায়। কিন্তু ইয়াক আজি ছমাহে মই একো বিকাশ ঘটাব পৰা নাই। ই বেটাই কথা শুনিলেহে মোৰ!

: কথা শুনিব পৰা কাম দিলেহে শুনিব পাৰি কিবা। যেতিয়াৰ পৰা মোক পঢ়াবলৈ আহিছে এই নেওতা নেওতা বুলিয়েই চিঞৰি আছে। যিখন নেওতাক মই চকু পাৰি দেখিব নোৱাৰোঁ!

প্ৰভাতে কাঠ পেঞ্চিলডাল নেওতা কিতাপখনৰ একাষে ঘঁহি ঘঁহি আকৌ মনতে ক’লে।

: ছাৰ, বেয়া নাপাব। মই নেওতাখন তাক মুখস্থ কৰাই থ’ম বাৰু। আপুনি চাহ কাপ খাওকচোন।..

: এইজন টিউচন মাষ্টৰৰ সৈতে চাৰিজন মাষ্টৰ সলোৱা হ’ল তোৰ টিউচনৰ নামত। তথাপি তোৰ অংকৰ জ্ঞান সলনি নহ’ল। স্কুলত শিক্ষকে বুজালেও বোলে তোৰ টেমিত একো নোসোমাই, টিউচন দিলেও মাষ্টৰৰ কথা টেমিত ভৰাবলৈ তোৰ চেষ্টা নাই; তোক লৈ মই কেনেকৈ কিটো আশা কৰিম। হেৰা, ক’ৰপৰা ই ভাল মানুহটো হ’বহে? মই নোৱাৰিছোঁ আৰু।

দেউতাকে সন্ধিয়া তাক কথাৰেই এইদৰে ধুবলৈ ধৰিলে।

: ৰ’বচোন। আপুনি ইমান চিন্তা নকৰিব। ভাল হ’ব সি। চাব।

: তোমাৰ এই আদৰ চেনেহেই তাক শেষ কৰিব বুইছা। কিতো ভাল হোৱা লক্ষণ তাৰ গা গতিত তুমি দেখা পাইছাহে? ইমান কনফিডেন্সত তাৰ চাইড লৈছাযে? 

মান সন্মান সকলো গৈছে। প্ৰতিবাৰ অংকত তাৰ কাছৰ খোজ। টানি টুনি মাত্ৰ পাছ কৰা নম্বৰকেইটা আনে এইটোৱে। এতিয়াই এনেকুৱা হ’লে ওপৰৰ ক্লাছত গৈ কি উত্তমটো হ’বহে ই; গম আছেনে তোমাৰ?

: অ’ দেতা। চিন্তা নকৰিবা। তুমি মিছাতে ধৈৰ্য হেৰুৱাইছা। মই নেওতাখনহে নোৱাৰোঁ। বাকী সব বিষয় পাৰোঁটো। ছাৰে মই পৰা বস্তুবোৰ নধৰে। নোৱাৰা বস্তুবোৰ লৈয়ে সদায় মোক দবা কোবাই আৰু তোমালোককো দবা কোবাবলৈ কৈ যায়।

: নাপাই নহয় দেহা। তেনেকৈ ক’বলৈ। তুমি  আন বিষয়বোৰৰ দৰে অংকবোৰ মনোযোগেৰে নকৰাযে, সেয়ে নোৱাৰা বুলি ভাবিছা।

মাকে তাৰ মূৰত হাতখন মৰমেৰে ৰাখি ক’লে।

: হেৰৌ অধম, চুপা থাক তই! মোক ধৈৰ্য ধৰিবলৈ শিকাই সি! তই নেওতাখনেই যদি নাজান জানিলিনো কি? মানুহৰ গোটেই জীৱনটোৱেই অংকৰ মাজত সোমাই আছে বুইছনে নাই? আৰু এই অংকৰ নেওতাখন নাজানিলে জীৱনৰ কোনো অংকই তই সমাধান কৰিব নোৱাৰিবি।

এইবুলি দেউতাক খঙত একো নাই হৈ কোঠাৰ পৰা ওলাই গ’ল।

:  অ মা, দেউতাইচোন জীৱনটোকে অংক বুলি ধৰি লৈছে! নেওতাখনবা কোনখন ব্যৱহাৰ কৰিছে?

: উম। দেউতাৰে ঠিকে কৈছে। জীৱনটো এটা ডাঙৰ অংকই আমাৰ; পূৰণ, হৰণ, যোগ, বিয়োগ সব আছে; আৰু জীৱনৰ অংকৰ নেওতাবোৰ ভাগে ভাগে নাজানিলে উত্তৰবোৰ সদায় আলুগুটি হ’ব।

: মানে? সেইকেইখন আকৌ কেনেকুৱা নেওতা? তোমালোকেচোন সেই নেওতাবোৰ মুখস্থ কৰা মই শুনায়ে নাই!

: এইযে মই ভাত বনাও, চাহ বনাও, পিঠা বনাও; মানে মই যি বনাও বা ঘৰৰ যিবা কাম কৰোঁ.. মই ইয়াৰ প্ৰতিখন নেওতা মুখস্থ ৰাখিছোঁ বাবে বিন্দাচ কৰিব পাৰোঁ। সেইকাৰণেহে ক’তো মোৰ ভুল নহয়। দেউতাৰৰো তেনেকুৱা। অফিছে ঘৰে দেউতাৰে যিবোৰ কাম কৰে সকলোতে নেওতাখন তেওঁৰ উঠস্থ কন্ঠস্থ, মুখস্থ হৈ আছে। সেয়েটো দেউতাৰাৰ কামতো একো ভুল নহয় আকৌ!

: ঠিক আছে তেন্তে। মই এইখন নেওতা বাদ দি তোমালোকে পঢ়া নেওতাখনেই পঢ়িম। সেইখন ক’ত থৈছা কোৱা।

: সেইখন নেওতা আমি দিব নালাগে। তুমি নিজেই উলিয়াই ল’ব পাৰিবা। কিন্তু তাৰ আগতে তুমি ছাৰে দিয়া নেওতাখন সলসলাই ক’ব পৰা হ’ব লাগিব। নহ’লে তুমি কোনো নেওতাৰে আও ভাও একো নাপাবা।

: কিন্তু মোৰ লাগিছে, তোমালোকৰ নেওতাবোৰ বহুত সহজ কিজানি। মোৰ নেওতাখনৰ নিচিনা ইমান টান নহ’ব, পাক্কা।

: আমিও তোমাৰ সমান থাকোঁতে এই নেওতাখনেই পঢ়িছিলোঁ আকৌ! তাৰ পাছতহে বাকীবোৰ নেওতা শিকিব পাৰিছোঁ! তুমি তোমাৰ নেওতাখনক বনৰ বাঘ বুলি ভাবি লৈছা আৰু; কেনেকৈ মনত ৰাখিব পাৰিবা ন? ঘৰৰ সেই আমাৰ মেকুৰী মাইনাজনী বুলি ধৰি আৰম্ভ কৰাচোন। চাবা, একেপাকেই মচিব নোৱাৰাকৈ মনত ৰৈ যাব। তাকো কেৱল পোন্ধৰ ঘৰলৈকে নহয়; একেবাৰে বিশৰ ঘৰলৈকে তুমি ফৰফৰাই ক’ব পাৰিবা..। মোৰ বাবাটো কিবা ইমান গৰু,গাধনে..?

মাকৰ কথাখিনিয়ে  প্ৰভাতৰ মন মগজুত বৰ জোৰকৈ হেঁচা দিলে। প্ৰেছটিজত গৈয়ো চুলে! সি গৰু গাধ নহয়। মাকৰ সি দেহা। এই জীৱন অংকৰ নেওতাখননো কি সি জানিহে এৰিব। কিন্তু তাৰ আগত ছাৰে দিয়া নেওতাখনক আজিৰ পৰা সি মেকুৰীৰ বুলি ভাবি ল’ব। সি দেহে মনে আগবাঢ়িল..।

চতুৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষাত প্ৰভাত জিলাৰ ভিতৰত প্ৰথম হ’ল। গাধ,গৰু, অধম বুলি তাক আধাতে টিউচন কৰি এৰি যোৱা শিক্ষকসকলে প্ৰভাতৰ ৰিজাল্টত বুকু ফুলাই তেতিয়া মানুহৰ আগত কৈছিল, সেই ল’ৰাটোক ময়েতো টিউচন কৰিছিলোঁ..! দেউতাকে সেইদিনা গৰ্ব কৰি মাকক সি কোৱা শুনিছিল, “হেৰা! বেটা কাৰ; জিলাৰ ভিতৰত প্ৰথম স্থান নাপাবযে..!”

: অ’ মা, তোমালোকে কোৱা জীৱন অংকৰ নেওতাখন আজিৰপৰা ময়ো অলপকৈ ঢুকি পোৱা যেন লাগিছে, বুইছা..?

মাকৰ বুকুত সোমাই প্ৰভাতে কথাষাৰ মাককো সেইদিনা মুখেৰে নহয়, মনেৰেহে কৈছিল..!

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *