ভাষা বিভ্ৰাট-ৰীতা লীনা সোণোৱাল
(১)
এওঁ লচপচকৈ আমাৰ ক্লাছ ফাইভত পঢ়ি থকা ডাঙৰ ছোৱালীজনীক অসমীয়া পঢ়াবলৈ গৈছে। নৰক শব্দটো বুজাবলৈ গৈ তিনিবাৰ মান আকাশ পাতাল ফুৰি আহিল। ছোৱালীয়ে কি বুজিলে নাজানো, মুঠতে নৰক মই মাটিৰ তলত থাকে বুলি বুজিলোঁ। ইয়াৰ পাছত ধাত্ৰীবিদ্যা শব্দটো বুজাবলৈ গৈ মুখখন মেলি মোলৈ চাই চিঞৰি আছে। এইবাৰ পঢ়িছে- কিম্ব…বদন্তী, মানে কিম্বদন্তি। ছোৱালীহঁতে অসমীয়া ভালকৈ পঢ়িব নোৱাৰে বুলি মোক দেশৰ মানে লাজ দিয়ে। বাপেকেই এনেকৈ পঢ়িলে ছোৱালীয়ে ক’ৰপৰা ভালকৈ পঢ়িব? সেইকাৰণে তাই সৰুতে পঢ়িছিল- কালিবৰ্ষতে ‘শ’ মানে তালব্য ‘শ’।
আজিকালি বাপেকক ছোৱালী দুজনীক অসমীয়া পঢ়াব দিওঁ মাজে সময়ে। ইচ্ছা কৰিয়েই দিওঁ তিনিৱে অলপ পাৰ্গত হওক বুলি। কালিৰ পৰা ক্লাছ থ্ৰীত পঢ়ি থকা সৰুজনীক এওঁ অসমীয়া পঢ়াই আছে। পুৱা সোণকালে টোপনিৰ পৰা জগায়ো পঢ়ালে। আবেলি ছোৱালী পৰীক্ষা দি ঘৰলৈ ওভতি অহাৰ পাছত সুধিলোঁ – চাওঁ, আই কি লিখি আহিলি? ছোৱালীয়ে বোলে মা, সূৰ্য উফফালে উদয় হয় ন? লিখি আহিছোঁ, সূৰ্য উফফালে উদয় হয়। ছোৱালীৰ উত্তৰত মোৰ মূৰ্চা যাবলৈ বাকী। হাজাৰ হওক বাপেকৰে জীয়েক এনেকৈ নিলিখি আৰু কি লিখিব বুলি এৰি দিলোঁ৷
এইবাৰ দুয়োকে একেলগে বহাই লৈ বুজাইছোঁ, সূৰ্য উফফালে উদয় হ’লে পূবফালে কোন উদয় হ’ব? ছোৱালীয়ে ভেবা লাগি মোলৈ চাই থাকিল। পূবফালে উচ্চাৰণটো ভালকৈ নকৰিলে ছোৱালীয়ে নিজে শুনা মতেই লিখি আহিব, আৰু নো কি ক’ম৷
(২)
মই ক’লোঁ, ঔৰ তললৈ যাওঁ ব’লা। ৰিক্সাচালকে আনি কৰ্ট পোৱালেহি। নতুন ঠাই। মানুহ-দুনুহ বৰকৈ চিনি নাপাওঁ। জেগাখিনিও নতুন কাৰণে চিনাকি হোৱা নাই। ছোৱালীদুজনী আৰু বাপেকক ঘৰত থৈ বজাৰলৈ আহিছিলোঁ দুপৰীয়া। মোৰ নতুন চাকৰি, নতুন ঠাই। আমাৰ উজনিৰ মানুহৰ মুখত ‘ৰ’ টো নুফুটেই। ইফালে ইয়াত ‘ৰ’ টো জিভাত চাৰিপাক মান ঘূৰি ওলাই আহে। ৰিক্সাচালকক ক’লোঁ- ঔটেঙা গছ যে, সেই গছৰ তললৈ যাওঁ বুলি কৈছিলোঁ, কৰ্টলৈ নহয়। এইবাৰ ৰিক্সাচালকে- এহ, বাইদেৱে তেতিয়াই কোৱা নাই কিয় বুলি ঔৰ তলৰ ঘৰ পোৱালেহি। ৰিক্সাচালকক সুধিলোঁ, আচলতে মই কি বুলি ক’ব লাগিছিল? সি গহীনাই উত্তৰ দিলে- ঔত্তল।
(৩)
মনত আছে এবাৰ জেঠাইৰ ছোৱালীয়ে ‘অথনি’ বিচাৰি হাবাথুৰি খোৱা। জেঠাই কোকৰাঝাৰৰ ফালে বিয়া হৈছিল। জেঠাইৰ ছোৱালীৰ তেতিয়া চৈধ্য, পোন্ধৰ বছৰ মান হ’ব। মামাহঁতৰ ঘৰলৈ (উজনিলৈ) ফুৰিবলৈ আহিল। মামাৰ ছোৱালী, মানে বাইদেৱে তাইক ক’লে- যাচোন শকুন্তলা অথনি পানীত তিয়াই থোৱা চাউলখিনি টুকি থ। আবেলিলৈ পিঠাগুড়ি খুন্দিম। বহুত দেৰিলৈকে তাই ভিতৰৰ পৰা ওলাই নহাত বাইদেউৰ সন্দেহ হ’ল। ভিতৰলৈ আহি বাইদেৱে দেখিছে, শকুন্তলাই কিবা বিচাৰি চলাথ কৰিছে। তাই সুধিলে- কি বিচাৰিছ ঐ? শকুন্তলাই বোলে, অথনিটো বিচাৰি আছোঁ পোৱা নাই বিচাৰি। বাইদেৱে, হ’ব দে অথনিটো পাছত বিচাৰি ভাজি খাম একেলগে বুলি চাউল টুকিবলৈ গ’ল। জেঠাই আহিলে আগতে সৰু ল’ৰাকেইটাৰ লগত হিন্দীত কথা পাতিব লগা হৈছিল। এতিয়া বোৱাৰীহঁতে অসমীয়া ক’ব পাৰে কাৰণে অসুবিধা নহয়। জেঠাইৰ ডাঙৰ ল’ৰাটোৱে (মোৰ দাদা হয়), এতিয়াও মোক সুধে- মাতু, আপুনি ভালে আছে নে? মই কওঁ, হয় দে ভালেই আছোঁ।
☆ ★ ☆ ★ ☆