ফটাঢোল

উৎকোচ – ঋতুপৰ্ণ শৰ্মা

গধূলি টি ভিৰ নিউজত হাজৰিকাৰ বাতৰিটো ওলোৱাত হাজৰিকাৰ ম’বাইল ফোনটো অবিৰতভাৱে বাজি থাকিবলৈ ল’লে। সংক্ষেপে তেওঁ কথাটো সকলোকে বুজাই ক’লে। এটা সময়ত তেওঁ অধৈৰ্য হৈ ম’বাইল ফোনটো বন্ধ কৰিলে। কিমান আৰু মানুহবোৰক একেটা কথাকে বুজাই থাকিব। বাতৰিটো চাই মানুহে কথাটো গম পাইছেই। তথাপিও প্ৰায়বোৰ মানুহে তেওঁৰ মুখৰ পৰা কথাটো জানিব বিচাৰে। সকলোৱে তেওঁৰ সাহসক প্ৰসংশা কৰিছে। আজিৰ সমাজত তেওঁৰ দৰে ব্যক্তিৰ খুবেই প্ৰয়োজন বুলি দোহাৰিছে। পিচে তেওঁ জানে আজিকালিৰ মানুহবোৰ দুমুখীয়া। উৎকোচ অথবা ‘ঘোচ’ দিয়া কথাটো বেয়া কাম বুলি মানুহবোৰে ঠিকেই ক’ব, পিচে নিজৰ কামটো সোনকালে কৰি দিব বুলি নিজেই উৎকোচ যাঁচিব।

যিটো অ’ফিচত আজি ঘটনাটো সংঘটিত হ’ল তালৈ যাবলৈ হাজৰিকাই বৰ অসুবিধা পায়। কাৰণ ‘ঘোচ’ নিদিলে তাত কোনো কামেই নিসিজে। এজন অৱসৰপ্ৰাপ্ত শিক্ষক হিচাপে তেওঁ এই প্ৰথাটোৰ ঘোৰ বিৰোধী। ফলত তেওঁৰ কামটো সোনকালে হৈ নুঠে। আজিকালি চৰকাৰে দুৰ্নীতিৰ নিৰ্মূলৰ বাবে বিভিন্ন ব্যৱস্থা লৈছে। পিচে হ’লে কিটো হ’ব! চি. চি. টিভি কেমেৰা লগোৱা থাকে বাবে টেবুলত তেওঁলোকে কামটো নকৰে। লাহেকৈ উঠি আহে আৰু বাহিৰলৈ ‘চিকাৰ’টো অৰ্থাৎ মানুহজনক মাতি লৈ যায় আৰু তাতে দৰদাম আৰম্ভ কৰি দিয়ে।

চাকৰি জীৱনত হাজৰিকাক সকলোৱে এজন কঠোৰ শিক্ষক হিচাপেই জানি আহিছে। গতিকে তেওঁক যেতিয়া তেওঁৰ পুত্ৰৰ বয়সৰ ল’ৰাজনে আহি উৎকোচৰ কথা ক’লে, তেওঁৰ মন গৈছিল সেই ল’ৰাজনক এটা প্ৰচণ্ড ধমক্‌ লগাব। পিচে তেওঁ তেনে নকৰিলে। লাহেকৈ তাৰ সতে দৰদাম এটাকে কৰিলে আৰু তেওঁৰ কামটো কৰি দিয়াৰ বাবদ দহহাজাৰ টকা দিবৰ বাবে সন্মত হ’ল।

ঘৰত আহি হাজৰিকাই নিজকে নিজে প্ৰশ্ন কৰিলে- কি কাম এটা কৰিবৰ বাবে তেওঁ আজি সন্মত হৈ আহিল! এয়া দেখোন তেওঁৰ নীতি বিৰুদ্ধ কথা। লাহেকৈ তেওঁ কালিৰ বাতৰি কাকতখন বিচাৰি আনিলে। তাতেই দুৰ্নীতি নিবাৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে ফোন নম্বৰ এটা উল্লেখ কৰি বিজ্ঞাপন এটা দিছিল। তেওঁ সেই নম্বৰটো ডায়েল কৰিলে।

আজি সোমবাৰ। বন্দোবস্ত অনুসৰি হাজৰিকাই আজি তেওঁৰ কামটোৰ বাবে সেই ডেকা বিষয়াজনক দহহাজাৰ টকা দিয়াৰ কথা। টকা দহহাজাৰ লৈ নিৰ্দিষ্ট সময়ত তেওঁ সেই নিৰ্দিষ্ট অ’ফিচটো পালেগৈ। বিষয়াজন ইতিমধ্যে আহি হাজিৰ হৈয়ে আছিল। নাহিবনো কিয়? নগদ দহহাজাৰ টকা পোৱাৰ কথা নাই জানো! তেওঁ গৈ বিষয়াজনৰ ওচৰত ৰ’লগৈ। হাঁহি মাৰি বিষয়াজনে তেওঁক অলপ কাষলৈ মাতি লৈ গ’ল। হাজৰিকাই জেপৰ পৰা দহহাজাৰ টকাৰ বান্দিলটো উলিয়াই মানুহজনক দিলে। মানুহজনে হাঁহি মাৰি টকাটো লওঁতেই ক’ৰপৰা জানো প্ৰায় চাৰি পাঁচজন মানুহে আহি তেওঁক হাতে লোটে ধৰিলেহি। সেই মানুহকেইজন আন কোনো নাছিল। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰণ বিভাগৰ মানুহহে আছিল। হাজৰিকাই আচলতে ঘোচখোৰ বিষয়াজনক হাতে লোটে ধৰিবৰ বাবে তেওঁলোকৰ সতে পৰিকল্পনা কৰি লৈছিল। তেওঁলোক আহি বিষয়াজনৰ দুয়োটা হাতত ধৰি ওপৰলৈ উঠাই দিলে। ঠিক খেলত বিজয়ী হোৱা খেলুৱৈ জনৰ হাতটো ওপৰলৈ উঠাই দিয়াৰ দৰে। পিচে এইজন খেলুৱৈ আজি ইমান দিনে বেয়া কামবোৰ কৰি হাত সাৰি আছিল যদিও আজি বৰ বেয়াকৈ পৰাজিত হ’ল আৰু পুলিচ থানাৰ আলহী হ’ব লগা হ’ল।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *