ফটাঢোল

চিনেমা জগতৰ চিনেমা-নাজিয়া হাছান

ভাদুৰিজী আৰু বচনজী এমাহৰ বাবে লণ্ডনৰ পৰা ফুৰি আহি নিজ বাসগৃহত প্ৰৱেশ কৰিছেহি। গৃহত প্ৰৱেশ কৰিয়েই ভাদুৰীজীৰ চকুহাল একে লৰে গৈ কপালত উঠি বহিল। 

ভাদুৰি :  হাই বিধি! কি ঔ এইশ( মানে ঐশ্বৰ্য্যা)! কিচ্ছেনটোযে মোৰ ইম্মান লেততেৰা কৰি থৈছা? আৰু এইটো বেদৰুমৰ হালনে মোৰ? এনেকৈ তুমি  মোৰ ঘৰটো ৰাখিছা! মই নহ’লে মানে সকলো শেষ দেখোন, হাঁ?

এইশ : না না। মাম্মাজী এয়া বিলকুল গলত..। মই আপুনি থৈ যোৱা ৰেচন পাতি একো খাই বৈ শেষ কৰা নাই! বিলিভ মি মাম্মাজী। চাওক, এয়া আপুনি সেইদিনা যোৱাৰ আগতে আলু পৰঠা বনাই, ধনীয়া চাটনি বনাই যিদৰে এৰি থৈ গৈছে সেইটোৱেই আপোনাৰ কিচ্ছেন; আৰু আপুনি পিন্ধি খুলি থৈ যোৱা আপোনাৰ কাপোৰবোৰ আপুনি যিদৰেই বিচনাত দলিয়াই দলিয়াই ইফাল সিফালে সজাই থৈ গৈছে সেইটোৱেই আপোনাৰ বেদৰুম; লগতে এয়া চাওক সেইটোৱেই আপোনাৰ কাপোৰেৰে লাড়ু হৈ থকা আপুনি পাহৰি খুলি থৈ যোৱা আপোনাৰ আলমাৰী..। চাওক মাম্মাজী! চাওক..। মই একো লেতেৰা কৰা নাই!

ভাদুৰিজী : কি কোৱাহে এইশ? এইবোৰ বাৰু বাদ দিলোঁ! কিন্তু ইমান দিনে তুমি কি একো ৰান্ধি বাঢ়ি খোৱা নাইনে! কথা ক’বলৈ আহিছা মোক…!

এইশ : অঃ! বিলিভ মি মাম্মাজী! অভিষেকো সুটিংৰ বাবে বাহিৰতে আছে। ডেন, মই আৰু বেবী আৰাধ্যাই নিজৰ ৰূমতে সুমাই সুমাই খানাবোৰ অৰ্ডাৰ কৰি কৰিয়েই চলি গৈছোঁ আক’! মিছাতে আৰুনো কিয় খানাবোৰ বনাই বনাই, কামবোৰ বঢ়াই বঢ়াই, মোৰ উজনো বঢ়াই লওঁ ন? মই একো লেততেৰা কৰা নাই মাম্মাজী! এককো না..।

চোফাখনত আৰামত বহি দুই হাতত নেইলপলিছ লগাই লোৱা আঙুলিকেইটা ফুৱাই ফুৱাই এইশে শাহুৱেক ভাদুৰীক প্যাৰছে ৰিপ্লাই দিলে।

ভাদুৰি : হেৰা বচন! কি কাণ খজুৱাই আছা হে তুমি? শুনিছানে এইশৰ কথাবিলাক…!

বচনজী : আৰে জয়া, জয়া! তুম্ভিনা..! য়ে চব ত’ চ্ছটি-মটি বাত হেনা..। চ্চ’ৰনা অভি..।

এইশ : ঔ মাই দিয়েৰ পাপাজী, পাপাজী! আই লাভ ইউ ছ’ মাচ্ছ..।

ভাদুৰীজী : ধুৰ এইবোৰ..!

-লাইফ  ষ্টাইল-

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *