ফোন কলৰ বিড়াম্বনা : সদানন্দ ভূঞা
দুপৰীয়া ভাতমুঠি খাই অকণমান জিৰণি লওঁ বুলি বিছনাখনত বাগৰি আকাশ-পাতাল কিবাকিবি ভাবি থাকোঁতেই চিলমিলকৈ টোপনিয়ে হেঁচা মাৰি ধৰিছিলহে, এনেতে মোৰ মোবাইলটোৱে টেঁটুফলা চিঞৰ দিবলৈ আৰম্ভ কৰিলে। মই এঙামুৰি এটা মাৰি মোবাইলটো ৰিচিভ কৰি কাণত লওঁতেই সিফালৰ পৰা সুললিত এক নাৰী কণ্ঠ…
: হেল্ল’
সুমধুৰ নাৰী কণ্ঠত মোৰ ভাত ঘুমতি কেনি পলাল ততকে ধৰিব নোৱাৰিলোঁ। মনতে ভাৱ হ’ল এই ষাঠিৰ দেওনা গৰকা বুঢ়াটোক কোন সুন্দৰীয়ে এই ভৰ দুপৰীয়াখন ফোন কৰিলে বাৰু! যিয়েই নহওক ফোন কৰিলিয়েই যেতিয়া মুখচুপতি মৰাৰ সুযোগকণ কেলেই হেৰুৱাওঁ। কাণ উনাই শ্ৰীমতী ওচৰে-পাজৰে আছে নেকি উমান এটাও লোৱা হ’ল। দুবাৰমান মাত লগায়ো চালোঁ। সাৰ-সিকতি একো নাই। সুহুৰি এটা মাৰি ময়ো ষোল্ল বছৰীয়া ডেকাটোৰ দৰে মাতটো উলিয়াই ক’লোঁ…
: হে…ল্ল…উ, আপুনি কোনে কৈছে?
সিফালৰ পৰা কুকিল কণ্ঠীৰ উত্তৰ আহিল…
: চাৰ মই এইচ দি এফ চি বেংকৰ পৰা কৈছোঁ।
এইচ দি এফ চি বেংক? মই চক্ খাই উঠিলোঁ। ভাগ্যে অলপতে মূৰ ঘূৰাই লুটি খাই নপৰিলোঁ। কেলেই চক্ নাখাম কওকচোন, যিটো বেংকৰ লগত মোৰ নোম এডালৰো সম্পৰ্ক নাই সেইটো বেংকৰ পৰা ফোন কৰিছোঁ বুলি ক’লে কাৰ ভয় নালাগিব বাৰু! অলপ ধতুৱা হোৱা হ’লে সিপুৰীয়েই পালোঁগৈহেঁতেন। বাৰু সুন্দৰী মইনাজনীয়েনো কি কয় তাকেই উমান লৈ ক’লোঁ…
: অঁ হয় নেকি , কেলেই ফোন কৰিছে কওকচোন।
সিফালৰ পৰা উত্তৰ আহিল…
: চাৰ আপোনাৰ শুভ নামটো ক’ব নেকি?
মোৰতো এইবাৰ অণ্ঠকণ্ঠই শুকাই গ’ল। বেংকৰ পৰা ফোন কৰিছে আৰু ওলোটাই মোকেই মোৰ নাম সুধিছে। মই বোলোঁ…
: শুনকচোন আপুনি যিহেতু বেংকৰ পৰাই ফোন কৰিছে তাতেই দেখোন মোৰ নামটো আছে।
ৰূপহীয়ে বোলে, আমি গ্ৰাহকৰ মুখৰ পৰা সঠিক পৰিচয় ল’ব লাগে। অমুকাই নকওঁ, ৰূপহীয়ে নেৰে। বাপৰে কি ম’হ জোক ঔ, ভাল লেপেটা কাঢ়ি লাগিব পাৰে দেই। শেষত যেনিবা সুন্দৰীয়ে হাৰ মানি ক’লে…
: চাৰ আপোনাৰ শুভ নাম সোমেশ্বৰ বৰা নহয় জানো?
মই মনে মনে বোলোঁ,
উ… মোকেই সৌজনা চেনিৰাম বুলি ভাৱি ল’লে। পিচে চুগাৰ মহাশয় বুলি মোক কিয় ফোন কৰিলে? এইহেন নিমাখিত মানুহটোক কোনে ষড়যন্ত্ৰৰ বলি কৰিলে? মোৰ গা চেবালে। এয়া কাৰোবাৰ গভীৰ কু চক্ৰান্ত। বাৰু দেখা যাওক… ক’ৰ পানী ক’লৈ যায়। মই বোলোঁ,
: হয় হয় ময়েই সোমেশ্বৰ বৰা। এতিয়া কওকচোন মোৰ অপৰাধনো কি?
সিফালৰ পৰা কুকিলকণ্ঠীয়ে বোলে,
: চাৰ আপুনি কোনো অপৰাধ কৰা নাই। কোনোবা দুষ্টচক্ৰই আপোনাৰ এ টি এম কাৰ্ডখন হেং কৰিছে। আমি বেংকৰ ফালৰ পৰা আপোনাৰ নামত এখন নতুন এ টি এম ইচ্যু কৰি দিম।
: মই বোলো ভাল কথা, তাৰবাবে মই কি কৰিব লাগিব?
সিফালৰ পৰা উত্তৰ আহিল…
: চাৰ আপুনি নিজে একো কৰিব নালাগে, আমি সকলো কৰি দিম। আপুনি মাত্ৰ আপোনাৰ হাতত থকা এ টি এম কাৰ্ডখনৰ নম্বৰ কেইটা কৈ দিলেই হ’ব।
মইতো এইৰ মতলব আগতেই বুজি উঠিছিলোঁ। অতপৰে ধৰি ৰখা ধৈৰ্যৰ বান্ধ চিঙি গ’ল। এফালৰ পৰা বকি গ’লোঁ…
: হেৰৌ মাউৰত মৰতি, জহনীজাতি, খেকাৰখাতি, তই হ’লি নকৈ গজালি মেলা কুমলীয়া বাঁহ আৰু অমুকা ষাঠি বছৰীয়া বুঢ়া বাঁহ। তই মোক কি ৰামায়ণখন পঢ়াবি। আইজনী ঐ ৰঙাটুপীৰ খাৰুদাল দেখিছ নহয়, সেইডাল যদি পিন্ধিবৰ মন নাই তেন্তে এতিয়াই ফোন থ।
সিফালৰ পৰা…
: নহয় মানে চাৰ, নহয় মানে দাদা, নহয় মানে খুড়া, নহয় মানে ককা… … … … …
: ক………কা……… ?
☆ ★ ☆ ★ ☆
10:12 am
ভাল লাগিল দাদা
10:13 am
সাংঘাটিক লিখিছে হে দাদা
11:43 am
ভাল লাগিল