ফেচবুকীয়া মেচেজ – উৰ্ব্বশী প্ৰান্তৰ ভাগৱতী
“হাই”…
মেচেঞ্জাৰৰ সংকেটত ফোনটোলৈ চাওঁতে দেখিলোঁ কোনোবা এজনৰ হাই। কোননো চাওচোন বুলি খুলি চালোঁ মেচেজটো। লগালগ “কি ক্ৰীছা”।
ধেই এই গেলা গৰমত পোৱালীহঁতৰ আল মাৰোঁতেই কেতিয়া ৰাতিপুৱাৰ পৰা ৰাতি হয় গমেই নাপাওঁ, এইজনৰ আকৌ “কি ক্ৰীছা”। শুই আছোঁ বোপাই, আৰুনো কি কাম মোৰ। মুখতে ভোৰভোৰাই আলুপৰঠাত তেল দি থাকিলোঁ। আজি আকৌ ভূতৰ ওপৰত দানহ পৰাদি পতিদেৱতাৰ আলুপৰঠা খোৱাৰ মন। গৰমত মন নাথাকিলেও বনাইছোঁ আৰু। সপ্তাহটো নাথাকেই মানুহটো ঘৰত।
আঙুলি চেলেকি আলুপৰঠা পোৱালিয়ে, ছোৱালীয়ে, বাপেকে খাই শেষ কৰে মানে ডাইনিং হললৈ মোৰ পৰ্দাপন। মনটো ভাল লাগি গ’ল আটাইকেইটাই ফূৰ্টিৰে খোৱা দেখি। শাহুমা ৰৈ আছে মোলৈ।
একামোৰ মাৰিছোঁ আৰু পৰঠাত, জিভাই সোৱাদ ল’বলৈ নাপাওঁতেই “তোমাৰ ঘৰ ক’ত?”
হেৰৌ প্ৰফাইলত লিখা আছে, চাই ল মোৰ ঘৰ ক’ত… আকৌ দেখোন “বৰ অহংকাৰী দেই, উত্তৰ এটাও নিদিয়ে”…হুহ ৰ উত্তৰ দিম এতিয়া।
” অ,বোলো মোৰ ঘৰ হাহঁখাইটি গাঁৱত, চিনি পোৱানে বোপাই??”
লগালগ উত্তৰ আহি গ’ল “নামটো শুনা শুনা লাগিছে, বাৰু মোক বোপাই বুলিলা যে??”…”অঅঅঅঁ, তুমিও ভুল কৰিছা ন…এই ফেবু প্ৰফাইলত থকা ফটোখনৰ ছোৱালীজনী মই নহয় দেই। তাইৰ মাকহে মই। আজি এবছৰ হ’ল বিছনাত পৰি থকা। আমনি পাওঁ বাবে ছোৱালীজনীয়ে অফিচলৈ যাওঁতে মোৰ হাতত ফোনটো দি থৈ যায়। ভালকৈ শিকায়ো দিছে সকলোবোৰ”…”হেই সঁচা জানো??”…”অঁ বোপাই এই বয়সত মিছা মাতি পাপ নামাতো ঔ… অকণমান ৰ’বা”…ৰহ ,আজি বাপ্পেকে বেজৰ নাকত খৰ বুলি শাহুমাক কানে কানে কথা এটা ক’লোঁ। খুব হাঁহিলে তেওঁ। মানুহজনে ঘোপাকৈ চালে আকৌ। গুৰুত্ব নিদি লাগি গ’লোঁ কামত।
“অ বোপাই মই এইজনীহে চোৱা। দুবছৰৰ আগৰ ফটো। তেতিয়া থিয় হ’ব পাৰিছিলোঁ”…ডাঠ ফ্ৰেমৰ চশমা পিন্ধা দেখিলে ভয় ভয় ভাব অহা গহীন শাহুমাৰ ফটোখন দেখি অলপদেৰি মাতবোল নোহোৱা হ’ল সিফালে। এনেই আকৌ শাহুমা বৰ ধুনীয়া দেই।দেখিলেই গম পাই খুব মৰমীয়াল বুলি। সেইখন ফটো উঠোতেনো কি উকহে খাইছিল! কামত আহিল অৱশ্যে মোৰ। বাৰু এতিয়া মই ৰৈ আছোঁ সিফালৰ সঁহাৰিলৈ।
আহি গ’ল…”চৰি দেই আইতা, বেয়া নাপাব, ভালে থাকক আপুনি”…”আৰ্শীবাদ কৰিছোঁ বোপাই কুশলে থাকা”…হেহে মিছন চাকচেচ। শাহু বোৱাৰীয়ে পেটত ধৰি হাঁহিত থাকিব পৰা নাই। সিফালে আকৌ বাজিল মেচেজ সংকেট। এইবাৰ “ৰাতিপুৱাই পুৱাই ইমান মিছা কথা ক’লে ভাল নাপাওঁ দেই”।
এইবাৰ হাঁহিত ফাটি পৰিছোঁ দুইজনী। ফলাফল মই ব্লকড্। অৱশ্যে আমি মানে শাহু বোৱাৰী ৰকড্
☆ ★ ☆ ★ ☆