ফটাঢোল

আজাৰবুলীয়া হাঁহি – মাতু কুকুৰাছোৱা

ঘৰখন উৰুলীকৃত হৈ আছে চৌপাশে। যিফালে চকু যায় সেইফালেই হাত আৰু ভৰি আপোনা-আপুনি আগুৱাই যায়। নগ’লেও নহয়, ঘৰখনত আলহী হৈ পৰা ডাঙৰজনী নন্দেক সময়তহে আহিব পাৰিব, সৰুজনী কলেজত পঢ়ি আছে। হোষ্টেলত থাকে, তায়ো সময়মতেই আহিব বুলি কৈছে। আহিলেও তাইক মুনমীয়ে তেনেকৈ কামৰ ভাগ নিদিয়ে। জিৰণীয়া মৌহে, এইখন ঘৰতে ভালকৈ জিৰাই লওক বুলি ভাবিয়েই তাই সৰু নন্দেকক ইফালৰ কুটা এডাল সিফাল নকৰিলেও একো নকয়। যিমান পাৰে শাহুৱেকৰ লগত তায়ে কৰি থাকে। 

এইকেইদিনটো কথাই নাই। দেওৰেকৰ বিয়া। নতুন বোৱাৰী এজনী আনিবলৈ যো-জা পূৰ্ণ গতিত চলিছে। এফালে যদি ঘৰ ৰং সনা, আনফালে ক’ত কি ফুটা, বেঁকা হৈ আছে সকলো ঠিক কৰা। তাৰ ৰূমটোও নতুনকৈ সজোৱা হৈছে। মাজতে খবৰ লোৱা মিতিৰ-কুটুম আছেই, এই সকলোবোৰ সামৰি কেতিয়াবা শাহুৱেক-বোৱাৰীয়েকৰ দুপৰীয়াসাঁজো ৰাতিহে খোৱা হয়গৈ। মনৰ হেঁপাহত পেটৰ ভোকেও হাৰ মানে।

উলহ-মালহেৰে দিনবোৰ চমুৱাই আহিল। পিছদিনা জোৰোণৰ বাবে আত্মীয়ই ঘৰ ভৰি পৰিল। মুনমীৰ গাত তৰণি নোহোৱা অৱস্থা। সবফালে তাইকে বিচাৰে। ডাঙৰ নন্দেকে আগদিনাই আহি যিমান পাৰে চম্ভালি লৈছে, পিচে প্ৰতিটো বস্তু বিচাৰি তাইকে চিঞৰি থাকে। নিচিঞৰিনো কি কৰিব, বিয়াঘৰৰ কথাহে, তাই নিজৰেই কিবা এটা বস্তু বিচাৰি ঘূৰ্মুটিয়াই ফুৰিব লগা দৰে হৈছে এইকেইদিন। কেইবাখনো হাতৰ পৰশত থাকিবলগীয়া ঠাইত বস্তুবোৰ নাথাকেই। 

 ইফালে শহুৰ হৈছে হাই পাৱাৰ ভল্টৰ, আন যি নহওক সময়মতে বস্তুৰ যোগাৰ নাপালে বিয়া ঘৰ, আলহী একো নামানি ফৰ ফৰটি লাইট জ্বলি যাব আৰু জ্বলিবলৈ হ’লে তেওঁ নিজেই ছুইচ বন্ধ নকৰালৈকে আনে নুমুৱাবলৈ সাধ্য নাই। সকলো কামৰ মাজতে মুনমী আৰু শাহুৱেকে এই লাইট যাতে জ্বলিবলৈ সুবিধা নাপাই সততে তাৰো চকু ৰাখিবলগীয়া হৈছে। পিচে ঘৰখনৰ আটাইকেইটি প্ৰাণীয়ে এই কথাটো অৱগত বাবে তেওঁ সুবিধাও পোৱা নাই।

জোৰোণৰ কেইদিনমানৰ আগতে সৰু নন্দেক আৰু শাহুৱেকৰ লগত গৈ মুনমীয়ে বজাৰ কৰাৰ কামটোও শেষ কৰি আহিল। জোৰোণৰ গহণা, কাপোৰ অৰ্ডাৰ দিয়ামতেই আনি চিলাই-মেলিয়েই থৈছিল চিনাকি দোকানখনে। সেইখিনি সামৰি বিয়া বুলি শহুৰেকে সকলোকে দিয়া কাপোৰ কেইযোৰো সামৰি ল’লে। সবেই নিজৰ পছন্দৰ মতেই বিয়ালৈ বুলিয়েই কাপোৰ এযোৰকৈ লৈছে। শহুৰেকে দামৰ কথা চিন্তা নকৰি নিজৰ খুচীত ল’বলৈ দিয়া কাপোৰযোৰ লৈ মুনমীয়ে সন্তুষ্টিৰ হাঁহি মাৰিলে। সঁচাকৈ তাইৰ কাপোৰযোৰ চকুত লগাও আছিল।

পিছদিনা জোৰোণলৈ মুনমী নগ’ল। শহুৰ-শাহুৰৰ লগতে দুয়োজনী নন্দেক যোৱাৰ বাবে দিনটো বাকী কামবোৰৰ বাবে ঘৰৰ এজনী মানুহ থাকিবই লাগিব। তাতে ৰাতিলৈ দৰাক মূৰত তেল দিয়া কামটো আছেই, অতখন আলহীৰে গিজগিজাই থকা ঘৰখনৰ পৰা আটাইকেইজনী মানুহ যাবও নোৱাৰে। তদুপৰি আজি জোৰোণৰ কামটোত শাহুৱেকৰহে। তাই দিনটো হাঁহি ফূৰ্তিয়ে কামবোৰ কৰি গ’ল।

পিচে গধূলিলৈহে কেণা লাগিল। জোৰোণ দি আহি শাহুৱেকে বিছনাতহে পৰিলহি। ডাক্তৰ আহিল, শাহুৱেকক চেলাইন লগাই সম্পূৰ্ণ ৰেষ্টত থাকিবলৈ পৰামৰ্শ দিলে। শাহুৱেকে তাইক ওচৰলৈ মাতি বিয়াৰ সম্পূৰ্ণ দায়িত্ব দিলে। আনকি দৰাক মূৰত তেল দিয়া কামটোও সেইদিনা মুনমীৰ ওপৰতে পৰিল। হ’লেও তাইৰ মাকৰ ঘৰৰ মানুহবোৰ থকাৰ বাবে তাইৰ কামৰ ভৰখন কিছু কমিল। 

‘ৰাতিটো পাৰ হ’ল যেনেতেনে, কালিলৈ চকু মেলি চাবা আৰু প্ৰভু’ বুলি মুনমীয়ে খন্তেক সময় বাগৰ দিবলৈ বুলি আহি শুবলৈ নিৰ্দিষ্ট ঠাইখন নাপাই শাহুৱেকৰ কাষতে বাগৰ দিলেগৈ। শাহুৱেকে সাৰ পাই পিছদিনা কৰিবলগীয়া দুটামান কামৰ দিহাও দিলে তাইক। কিন্তু তাইৰ কাণতহে একো নোসোমাল। 

পিছদিনা পুৱাৰে পৰা দিনটোনো কেনেকৈ পাৰ হ’ল মুনমীয়ে গধুলিলৈ মনতে পেলাব নোৱাৰিলে। দৰাঘৰ, সন্ধিয়া হোৱাৰ পৰাই অন্যধৰণে যো-জা চলে। চকলীভাৰীয়ে তামোল-পাণৰ শৰাইৰ লগতে বিয়াখনৰ যাৱতীয় সকলো বস্তু লৈ দৰাতকৈ সোনকালে যাব। তাৰ বাবে ভকত আহি পাব তেওঁলোকক উলিয়াই পঠিয়াবলৈ। তাৰ আগতে দৰাক সজাই-পৰাই ৰভালৈকে মাকে চাদৰৰ আচলত ধৰি উলিয়াই দিব লাগিব। দৰাৰ মূৰত তুলসীৰ মালা দি নতুন জীৱনৰ আশীৰ্বাদ দিব সমাজে। কিন্তু এইবোৰৰ আগতো এটা কাম আছে, কইনা ঘৰলৈ যোৱাৰ আগতে দিনটো ব্ৰতত থকা দৰা আৰু দৰা সখীয়েকক পায়স খাবলৈ দিয়া। শাহুৰেকৰ অসুখ বাবে সেইভাগো মুনমীৰ ওপৰতেই পৰিল। 

লাহে লাহে সন্ধিয়া হৈ আহিল, বাহিৰৰ ৰভাত মানুহৰ সমাগম। ভকত অহাৰ আগতে মুনমীয়ে সাউতকৈ গাটো ধুই ৰিহাখন গাত মেৰাই চেলেংখন গাতে ছটিয়াই মাকে শিকাই দিয়ামতে পায়সকণ ৰান্ধিলে। “দৰাক খুৱাই-বোৱাই নোহোৱালৈকে পাকঘৰৰ পৰা বাহিৰলৈ নাহিবি দেই।” মাকে সঁকিয়াই থৈ গ’ল মুনমীক। দৰাক ৰভালৈ নিবলৈ সজাই আছে, আহি পায়স খায়েই ওলাই যাব দৰা। পীৰা এখন পাৰি বহি থাকিল মুনমী। হামিয়াই-হিকটিয়াই বহি থকাৰ পাছতো বহুপৰলৈকে দৰা ভিতৰলৈ অহাৰ উমঘামেই নাই। তাই মাতিবলৈ খবৰ পঠিয়াই আছে, ‘আহি আছে ৰ’ব দেই’ বুলি চিঞৰটো আহে, কিন্তু দৰাটো নাহে। 

: অ’ নবৌ আপুনি নাযায় নেকি কইনা আনিবলৈ। ওলোৱাই নাই যে, সবেই ওলালে। বাহিৰত ভকতে দৰাক বাহিৰলৈ মাতি আছে।

সৰু নন্দেকে কোৱাতহে তাইৰ চেতনা আহিল, সবেই দৰা লগত যাবলৈ ওলালেই মানে। 

: অ’ মুনমী তোমাৰ লগৰ কোনোবা আহিছে জয়সাগৰৰ পৰা, আমি চিনি পোৱা নাই। তোমাক বিচাৰিছে আহাচোন।

: ইচ্ নয়নী আহিছে মানে! তায়েই মাতিছিল। সোণকণৰ স্কুলৰ লগৰ। তাই ওলাই নগ’লে বেয়াই পাব এতিয়া। 

খুৰীয়েকক তাই আলহীক খোৱাত চকু দিবলৈ ক’লে যদিও এপাকত তাই খং উঠি আহিল। পাকঘৰৰ পৰা বগলীজনীৰ দৰে ডিঙিটো দীঘল কৰি এইবাৰ কাকো নকৈ চিধাই দৰাটোকে নাম ধৰি চিঞৰি দিলে। শেষত মুনমীৰ চিঞৰটোৱেহে কামত দিলে। 

দৰাক খোওৱা কামখিনি সামৰি, আলহীক মাত এষাৰ দিবলৈ গ’ল তাই। আলহীয়ে খাবলৈ গৈছে বুলি গম পাই তাই নতুন কাপোৰযোৰ উলিয়াই  একেকোবে পিন্ধিয়েই লওঁ বুলি ভিতৰলৈ সোমাই আহিল। পিচে তাইৰ ৰূমটোত গাটো ঘূৰাবলৈও ঠাইয়েই নাই দেখোন! কাপোৰযোৰ হাতত লৈ তাই পাকঘৰৰ কাষতে ৰূমটোত সোমালেগৈ।  

: অ’ মুনমী দেউতাৰৰ চুৰীয়াখন বিচাৰি পোৱা নাই। তোমাক মাতিছে।

পিন্ধি থকা কাপোৰকেইটা সলাই পেটিকোটটো পিন্ধোঁতেই ৰূমটোৰ বাহিৰৰ পৰা তাইৰ মামীয়েকে মাত দিলে। 

‘ধেৎতেৰি কাপোৰযোৰো পিন্ধিবলৈ সময় শান্তি নাই।’ ইফালে বিচাৰি নিদিলেও শহুৰেকৰ যিটোহে খং! 

মুনমীয়ে লৰালৰিকৈ পেটিকোটটোৰ ওপৰতে নতুন কাপোৰযোৰৰ চাদৰখন ভালকৈ পিন্ধি ওলাই আহিল। শহুৰেকক চুৰীয়াখন বিচাৰি দি আকৌ ৰূমটোলৈ বুলি যাবলৈ লওঁতেই নয়নীয়ে তাইক বিচাৰি দুৱাৰমুখতে তাইক লগ পালে। মুনমীয়ে নিজৰ কথা পাহৰি তাইক ইমান সময় মাত দিবলৈ ওলাই যাব নোৱাৰাৰ দুখ প্ৰকাশ কৰি কথা পাতি থাকোঁতেই

 বাহিৰত লাগিল হুলস্থুলখন। বোলে দৰাৰ বিচনীখন বিচাৰি পোৱা নাই। 

“অ’ মুনমী, অ’ নবৌ” একেলগে ভাঁহি আহিল মাতকেইটা। নয়নীক মুনমীয়ে তাইৰ ৰূমতে বহিবলৈ বুলি ভিতৰলৈ পঠিয়াই বিচনীখন বিচাৰি দিবলৈ ইটো ৰূম পালেগৈ। 

কাপোৰৰ দম এটাৰ মাজত সোমাই থকা বিচনীখন বিচাৰি দি তাই আকৌ ৰূমটোলৈ আহিবলৈ লওঁতেই আগতে কোনোদিনে নহা তাইৰ মোমায়েক-মামীয়েকক দেখি আৱেগতে  ওলাই আহি ৰভাতল পালেহি। পিছফালৰ পৰা নন্দেকে চিঞৰি মতা শুনিছিল যদিও এইবাৰ তাই উলটি নাচালে। বহুত বিচাৰি মেলিহে বোলে মোমায়েকে তাইৰ ঘৰ উলিয়াইছে। এইবোৰকে পাতি মেলি থাকোঁতেই  দৰাৰ লগৰ কেইজনমান বন্ধুও সোমাই আহিল। মুনমীয়ে একেলগে সকলোকে মাত লগাই চিনাকি হৈ থাকোতে ৰৈ ৰৈ নন্দেকে তাই মাতি থকাও শুনিছে। ” কিনো হয় ইহঁতৰ, শান্তিৰে মানুহৰ লগত কথা এষাৰো পাতিব নোৱাৰি” বুলি সেইফালে নোচোৱাকৈ সকলোৰে খোৱা ব্যৱস্থা কৰিবলৈ খৰধৰকৈ ল’ৰা এজনক মাতিলে। 

ইফালে বহুত দেৰি পাছত সাজি-কাচি ওলাই অহা মুনমীলৈ ৰভাঘৰত বহি থকা অচিনাকি মানুহবোৰে চাই থকাত তাইৰ লাজো লাগিল। ‘মোৰ কাপোৰযোৰ চাগে বৰ ধুনীয়া লাগিছে’ এনে এটা ভাবত মানুহবোৰে তেনেকৈ চোৱাত তাইৰ কিবা এটা ভালো লাগিল। এনেও বিচাৰি বিচাৰি আনিছে তাই কাপোৰযোৰ সেইসময়তে চকলী ভাৰখন লৈ যাবলগীয়া মানুহকেইজনো সকলো সামৰি বহাৰ পৰা উঠিল। অলপ পাছতেই দৰাও যাব। জাউৰি জাউৰি উৰুলি আৰু ৰাইজৰ হৰিধ্বনিত সকলোফালে উথপথপ লাগিল। 

তায়ো খৰধৰকৈ আলহীখিনিক খাবলৈ পঠিয়াবলৈ লৈছিলহে, এনেতে ভিতৰৰ পৰা নন্দেকে তাইক চিলনীয়ে থপিওৱাদি টানি ভিতৰ পোৱালেগৈ। তাই ততকে ধৰিব নোৱাৰিলে। “ইমানকৈ মাতি আছোঁ, আপুনি শুনা নাই নেকি?” তাই অলপ খং উঠিছিল যদিও ৰূমটোত থকা বাকীবোৰে হাঁহি দিয়াতহে “কি হ’লনো?” বুলি ইফালে-সিফালে চাওঁতেহে নিজৰ তলচোৱালৈ চকু পৰিল। সন্মুখৰ আইনাখনত নিজকে চাই ফাট মেলা বসুমতী পাতালে লুকাও দৰে হ’ল। হয়তো আকৌ হাইভল্টৰ শহুৰেকৰ খঙৰ ভয়ত চুৰীয়াখন বিচাৰিবলৈ বুলি ওলাই যাওঁতে লৰালৰিকৈ মেখেলাখন পিন্ধিবলৈ থাকি যোৱা কথাটো তাই পাহৰিয়েই গ’ল। 

তাৰমানে অতখন মানুহে তাইৰ কাপোৰযোৰ ভাল দেখি তাইলৈ চোৱা নাছিল! নতুন পাতল আজাৰবুলীয়া পাটৰ চাদৰখনৰ লগত নিমিলা বগা পেটিকোটটোলৈহে চাই আছিল! পিছৰ ঘটনাকেইটা চিনেমাৰ ৰীলৰ দৰে মনৰ মাজতে ঘূৰি ফুৰিল মুনমীৰ। দৰাৰ বিচনীখন বিচাৰিবলৈ গৈ এতিয়া তাইৰ মূৰটো বিচিবলৈ অন্য এখন বিচনী বিচাৰিবলৈ ধৰিলে।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *