ফটাঢোল

আচলী কাই চিৰিজ (খণ্ড দুই)- অসীম বৰা

আচলী কাই! বিচিত্ৰ বৈশিষ্ট্যৰ সমাহাৰেৰে গঠন হোৱা এক বিচিত্ৰ জীৱ আচলী কাই৷ মোতকৈ বয়সত চাৰি বছৰমান ডাঙৰ হ’লেও খৰছী মাৰি মাৰি পঢ়ি পঢ়ি সি ক্লাছ এইটত মোৰ লগ পাইছিলহি৷ এইটৰ পৰা টেনলৈকে একেলগে পঢ়াৰ পাছত ফৌজৰ চাকৰি কৰাৰ দূৰ্বাৰ হেঁপাহত পঢ়া জীৱনৰ সামৰণি মাৰে। পঢ়াত কেঁচা হ’লেও বাকী ক্ষেত্ৰত আচলী কাই সদায় লিডাৰ৷ আমাৰ গুৰু ৷

তাৰ নাম আচলী কাই হোৱাৰো বহু কাহিনী আছে৷ ল’ৰালি কালত আমাৰ লগৰ সমূহৰ ভিতৰত আচলী কাইৰ সমান ফোঁপজহী মানুহ নাছিলেই।  প্ৰতিটো কথা, প্ৰতিটো ক্ষেত্ৰতে সি সদায় ওপৰত। আনে কিনা, পিন্ধা সব বস্তু নকল/ডুপ্লিকেট। সি পিন্ধা, কিনা বা তাৰৰ ঘৰৰ, মিতিৰ কুটুমৰ সকলো আচলী/ব্ৰেণ্ডেড ৷ 

: তহঁতৰ দে’তাৰ ৰাজদূত মটৰ চাইকেলখনৰ দমেই নাই, মঠাইতে (মঠাউৰি) ডাইৰেক নুঠে। আমাৰ ভিনি ঘৰত আছে “কায়েণ্টি হোণ্ডা”। পাহাৰতো একদম খাৰা খাৰা ডাবল উঠি যায়৷

আমি ভেলেঙা লাগি শুনি, মানি লওঁ তাৰ কথা। কাৰণ না আমি তাৰ ভিনিয়েকৰ ঘৰ গৈ পাইছোঁ, না বাপৰ জনমত “কায়েণ্টি হোণ্ডা” মটৰ চাইকেল দেখিছোঁ। 

বহু বছৰৰ পাছতহে বুজিলোঁ সি কৈ থকা কায়েণ্টি হোণ্ডাখন আচলতে কাইনেটিক হোণ্ডা  নামৰ স্কুটাৰ এখনহে৷

যি কি নহওক তাৰ নাম আচলী কাই হোৱাৰ মূল কাহিনীটো হ’ল,

লগৰে সৰুভাইক দেউতাকে মটীয়া ৰঙৰ চামৰাৰ বেল্ট (পেটি) এডাল আনি দিলে। সৰুভাইয়ে ৰচী লগোৱা হাফপেণ্টৰ ওপৰতো সেইডাল মাৰি দেখুৱাই ফুৰে। কথাটো আচলী কাইৰ সহ্য হোৱা নাই, দুদিনমানৰ পাছত আচলী কায়ে দেওবৰীয়া বজাৰৰ পৰা নিজেই পোন্ধৰ নে বিশ টকা দি ক’লা ৰঙৰ বেল্ট এডাল আনিলেগৈ। পিছদিনা আবেলি ফিল্ডত  আচলী কায়ে নিজৰ বেল্টডাল দেখুৱাই আমাক কৈছিল — 

“সৰুভাইৰ সেইডাল ডুপ্লিকেট পেটি, চামৰাৰ৷ মোৰ ডাল চা আচলী লেডাৰৰ।” 

সেইদিনাৰ পৰা তাৰ নাম হ’ল আচলী কাই৷

এতিয়া আহো মূল কাহিনীলৈ — ক্লাচ টেনত। দুৰ্গাপূজাৰ সময়। আচলী কাই তেতিয়া “তেৰে নাম ষ্টাইলৰ” চুলি ৰখা হিৰো৷ আচলী কাইৰ প্লেনিং – ৰাতি ওলাবি বাগানত চিনেমা চাবলৈ যাম, মাংচ ৰুটি, মাল খাম৷ গধূলিয়েই চাইকেল লৈ ওলালোঁ আমি পাঁচটা। সৰু সুৰা দুখনমান পূজা চাই ন মান বজাত ওচৰৰ বাগান পালোঁগৈ। চাইকেল কেইখন ফেঞ্চিং এখনতে একেলগে আওজাই তলা মাৰিলোঁ৷ লগৰ ‘বৰুৱা কাইৰ’ চাইকেলখনৰ আকৌ তলা নাই।  তাকো চাইকেলখন তাৰ বায়েকৰহে। আগৰ দিনৰ মাইকী চাইকেল৷ গতিকে তাৰ চাইকেল আটাইতকৈ তলত। চিনেমা আৰম্ভ হৈছে। মিথুনৰ চিনেমা৷ পৰ্দাৰ দুয়োফালে তামাম মানুহ৷ লোকেল হিৰোবোৰে কঁকালত দালৈ হিৰোগিৰি দেখুৱাই আছে, দুই এটাই ধনুও লৈ আছে। অলপ ভয়ো লাগিছে, মালৰ নিচাত ঘাঁপ মাৰি দিয়ে বুলি৷ ৰমেনদাৰ পাছে পাছে গুমটি হোটেল এখনত সোমালোঁ৷ ৰুটি, মাংস৷ লগত বিলাতী, হাড়িয়া, চুলায়৷ দোকানী  এটাই। মেনেজাৰ, ৱেইটাৰ, সব সিয়েই। অলৰেডি খাই  ফিটিং৷ আচলী কাই আৰু বৰুৱা কায়ে গ’ল্ড ৰিবনৰ লগত মাংস টানিছে৷ আমি অকল ৰুটি মাংস৷ আচলী কায়ে বাৰে প্ৰতি হোটেলৱালাক উচতাই আছে — “কি মাল বিকিছ ঐ ককাই, নকলী মাল, নিচাই নধৰে৷ তোৰ নিচিনা দম নাইকীয়া ধেনা মেনা মানুহৰহে নিচা ধৰিব৷”

হোটেলৰ মালিকৰ ইজ্জতত লাগি গ’ল৷

“মোৰ চমান টানিব পাৰিবি মাল৷”

 আচলী কায়ে সেই সুযোগলৈয়ে আপেক্ষা কৰি আছিল। 

“লগা বাজি, তোৰ দোকানত যিমান লাল আছে উলিয়া, দুটাই টানিম। যদি মই জিতি যাওঁ তবু  আমাৰ খানা চব ফ্ৰী আৰু যদি তই জিতি যাৱ তবু এক হাজাৰ টকা দিম৷” 

“হৈ যাব বুলি মালিকে মাংস এক থালি লগতে ফুল বটল দুটা উলিয়ালে।” 

 গম পাই গ’লোঁ আমাৰ হোটেলৰ বিল ফ্ৰী। 

খোৱা আৰম্ভ হ’ল৷ অলৰেডি ফিটিং থকা মালিকে পাঁচ পেগ মানতে বটিয়াই দি, বেঞ্চখনতে শুয়েই দিলে৷ সুবিধা বুজি আচলী কাইয়ে নিজৰ বটলটোত তাৰ আধাখিনি ভৰাই ফুল কৰি ল’লে। লাহেকৈ ওলাই আহিলোঁ৷  চাইকেলৰ ওচৰলৈ গৈ মূৰে কপালে হাত দিব লগীয়া অৱস্থা৷ আমাৰ চাইকেল বাগৰি আছে, বৰুৱা কাইৰ চাইকেল গায়েব৷ বৰুৱা কাইৰ নিচা ফাটি গ’ল৷ বায়েকে তাক সুদাই নেৰে৷ ইফালে সিফালে চালোঁ, নাই ক’তো নাপালোঁ৷ আচলী কায়ে অভয় দি ক’লে, 

: টেনশ্যন নল’বি মই আছোঁ৷ চোৰটো কোনফালে গৈছে মঙল চাম ৰহ৷ 

সেইবুলি বাওঁহাতৰ তলুৱাত থু এলেপা পেলাই সোঁ হাতৰ তৰ্জনী আঙুলিৰে মাৰি দিলে৷ থুখিনি চিটিকি গ’ল। হাতেৰে তিলিকি বজাই আচলী কায়ে ক’লে — 

: চোৰ এই চাইদে গৈছে, তহঁতি কাম এটা কৰ৷ ইয়াৰ পৰা ওলা, বহুত ডেঞ্জাৰ জেগা, বাগান পাৰ হৈ  তিনি আলিত ৰৈ থাকিবি, মই চাইকেল লৈ আধাঘণ্টাত পহুঁচি আছোঁ৷

সেইবুলি সি বিপৰীত দিশৰ গ’লি এটাইদি কোবাকুবিকৈ গ’ল৷ আমিও তাৰ নিৰ্দেশ মানি বাগান পাৰ হৈ তিনিআলিত ৰৈ আছোঁ৷ দহ মিনিট মানৰ পাছতে চাইকেল এখন লৈ ভুৰুংকৈ আচলী কাই আমাৰ কাষেদিয়েই পাৰ হৈ গ’ল৷ যাওঁতে চিঞৰি গ’ল, 

“চাইকেল পাই গ’লোঁ কিন্তু  ঝেং হৈ গ’ল জলদি পলা।”  

আমিও লৰালৰিকৈ  তাৰ পিছ ল’লোঁ৷ দুই কিঃমিঃ মান অহাৰ পাছত দেখিছোঁ আচলী কাইয়ে চিগাৰেট টানি ৰৈ আছে। কাষত চাইকেলখন! 

কিন্তু পুৰণি লেডিজ চাইকেলখনৰ লিংগ পৰিৱৰ্তন হৈ BSA কোম্পানীৰ  নতুন চাইকেল হৈ  গ’ল৷

সুধিলত ক’লে৷ এটাই চাইকেল ৰখাই প্ৰস্ৰাৱ কৰি আছিলে। মই লৈ দৌৰি পলালোঁ। সিহঁতৰ জেগাত আমাৰ চাইকেল চুৰ হৈছে, মই  তাৰ বদলি এইখন লৈ আনিলোঁ।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *