ফটাঢোল

লিমাৰিক- উপাশা ভাগৱতী

১/

ফেচবুকৰ মায়াময় জগতত সোমাল  গোপাল,

কিতাপৰ পোক গুচি মুখপুথিৰ ৰসেৰে জীপাল ।

জীৱনৰ দুপৰ বেলা,

খেলিছে যৌৱনৰ খেলা,

ছোৱালী বিচাৰি ককবকাই  কি যে মহা পয়মাল ।

 

২)

ফেচবুকৰ ফাকুৰে বৃদ্ধবোৰ হৈছে ডেকা-ডেকেৰী।

ধৰিছে মৌৰাৰ চালি কেমেৰাৰে এজ মিৰাকল কৰি।

খোলে বুঢ়াই পিৰীতিৰ পেৰা,

সকলোৰে বুকুত বজাই নেগেৰা,

গাভৰু বুলি মেচেজ মেচেজ খেলি

পালে মস্ত সেকা ।

 

৩/

আগফালে টিকনিৰ লৈ  সময় যায় উকলি ।

হাতেৰে যায় সৰকি যেন মৰুভূমিৰ বালি।

কৰিবলৈ আছে বহু কাম ,

মনে ভাৱে সময়  পাম,

সপোন ৰাজ্যত ভ্ৰমি ফুৰি মুখেৰে থাকো টপালি ।

 

৪/

আপদীয়া ভায়েকৰ লিমাৰিক হেনো ককাই।

সেইবাবেই নিয়ম – নীতিৰে আছে বান্ধ খাই।

মিলে আখৰ অন্তিম ,

অৰ্থ কৌতুকেৰে ৰক্তিম

পঞ্চ শাৰীৰ ৰসাল অৰ্থই পেট মূৰ নচুৱায়।

 

৫/

বহুদিন বিৰতিৰ মূৰত লিখাৰ হেঁপাহ ,

মূৰে মাটি খান্দি খান্দি কৰিছো সাহ।

নৃত্যৰতা বৰ্ণ ,

স্মৃতি শীৰ্ণ।

লিখিব নোৱাৰি পেলাইছোঁ হা- হুমুনিয়াহ।

 

৬/

মানুহজনে লৈ আছিল এটা মাইক,

দিছিল সমাজক আশ্বাসৰ বাইক।

কথাৰ ফুলজাৰী,

সৱে মাৰে চাপৰি।

নিৰ্বাচনত জিকি হ’ল সকলো 

হ’ল চিচিংফাঁক।

☆ ★ ☆ ★ ☆