ফটাঢোল

প্ৰেম ঘনে ঘনে-জয়ন্ত দাস

(ছবিখনৰ কাহিনী সম্পূৰ্ণ কাল্পনিক৷ কাৰোবাৰ ব্যক্তিগত জীৱনৰ লগত যদি কোনো প্ৰকাৰেও কাহিনীৰ মিল থাকে তেতিয়াহ’লে চিনেমাৰ কৰ্তৃপক্ষ দায়ী নহয়৷)

 

১ম দৃশ্যঃ

“নিৰিবিলি”, কেমেৰাত দিগন্ত বৰুৱাৰ তিনি মহলীয়া ঘৰটো দেখা যাব৷ লাহে লাহে ঘৰটোৰ তলৰ মহলাৰ বাৰাণ্ডাখন দেখা যাব৷ বিভিন্ন ৰং বিৰঙৰ ফুলৰ টাবৰে সু-সজ্জিত বাৰাণ্ডাখনৰ চকী এখনত বহি দিগন্ত বৰুৱাই মোবাইলত কাৰোবাৰ সৈতে কথা পাতি থকা দেখা যাব৷ এনেতে ঘৰটোৰ গেটৰ বাহিৰত গাড়ীৰ হৰ্ণৰ শব্দ শুনি বৰুৱাই মোবাইলটো থ’ব আৰু তেওঁ পত্নী জয়শ্ৰীক উদ্দেশ্যি ক’ব…

দিগন্ত বৰুৱাঃ (অভিনয়ত আদিত্য বৰঠাকুৰ) হে’.. ৰা তেওঁলোক আহি পালেহি৷ ওলাই আহা সোনকালে৷

জয়শ্ৰীঃ (অভিনয়ত নীলাক্ষি কাকতি) অঁ, গৈছোঁ৷ আপুনি আগবাঢ়ি যাওকচোন। 

বৰুৱা গেটখনৰ ফালে আগবাঢ়ি যাব৷ ইতিমধ্যে দাৰোৱানজনে গেটখন খুলি দিব৷ গাড়ীৰ পৰা মিচেছ চলিহা আৰু তেওঁৰ পুত্ৰ আকাশ চলিহা নামি আহিব৷

বৰুৱাঃ (মিচেছ চলিহাক উদ্দেশ্যি) আহি পালে৷ একো অসুবিধাতো হোৱা নাই চাগে?

মিচেছ চলিহাঃ (অভিনয়ত কমলা দাস) নাই নাই একো অসুবিধা পোৱা নাই৷ আৰু ৰাস্তা-ঘাটবোৰো ইমান ধুনীয়া৷

বৰুৱাঃ (হাঁহি হাঁহি) গোটেই ৰাস্তাবোৰ

 মোৰ বাবেই ইমান ধুনীয়া হৈছে৷  প্ৰতিটো কামতেই ৰাইজৰ লগত আছোঁ৷ যেতিয়াই তেওঁলোকৰ কিবা বিপদ হৈছে তেতিয়াই তেওঁলোকৰ মাজলৈ দৌৰি গৈছোঁ৷ মুঠতে গোটেইখিনি মানুহ মোৰ লগত আছে৷ চাওচোন দলে বা আকৌ কাক টিকট দিয়ে৷

মিচেছ চলিহাঃ  নাই, নাই, আপুনি এইবাৰ টিকট পাবই৷ আপোনাৰ দৰে মানুহক টিকট নিদিলে হ’বনে!

জয়শ্ৰীঃ আপোনালোকে বাহিৰতেইচোন কথা আৰম্ভ কৰি দিছে৷ আহক আহক ভিতৰলৈ সোমাই আহক৷

বৰুৱাঃ  হেঃ হেঃ হয় হে৷ ব’লক মিচেছ চলিহা , ভিতৰলৈকে ব’লক৷

গোটেইকেইজনে ড্ৰয়িংৰূমলৈ সোমাই আহি চোফাত বহি পৰিব৷ মিচেছ চলিহাই তেওঁৰ পুত্ৰ আকাশক, বৰুৱা আৰু জয়শ্ৰীৰ লগত পৰিচয় কৰাই দিব৷

মিচেছ চলিহাঃ (বৰুৱাৰ ফালে চাই)  চিনি পাইছেনে? আকাশ এতিয়া ডাঙৰ হ’ল৷

(আকাশে দুয়োজনকেই নমস্কাৰ যাচিব৷)

বৰুৱাঃ  সেই মেট্ৰিক পাছ কৰাৰ দিনাই তোমাক লগ পাইছিলোঁ৷ আজি প্ৰায় ১০ বছৰৰ পিছত পুনৰ লগ পালোঁ৷ দেখিবলৈ সাইলাখ দেউতাৰৰ দৰেই হৈছা৷  বাৰু নতুন জবটো কেনেকুৱা লাগিছে? 

আকাশঃ (অভিনয়ত যোগেশ ভট্টাচাৰ্য) ভালেই লাগিছে খুড়াদেউ৷ পিচে অসমৰ বাহিৰত বাবেহে মাজে মাজে বেয়া লাগে৷

বৰুৱাঃ একো নহয়, সেইবিলাক মেট্ৰ’পলিটান চিটি ভাল হে৷ কামৰ স্ক’প বহুত বেছি৷ অকলশৰীয়া কৈ আছা বাবে মাজে মাজে বেয়া লাগিব পাৰে৷ কেইদিনমান পাছত ভাল লাগি যাব দিয়া৷

( আকাশে তলমূৰ কৰে)

এনেতে মৌচুমী (বৰুৱাৰ কন্যা, অভিনয়ত ডলী তালুকদাৰ) আৰু তেওঁলোকৰ কামকৰা  ছোৱালীজনীয়ে চাহ জলপান লৈ কোঠাটোলৈ সোমাই আহে৷ ডাইনিং টেবুলত খোৱা বস্তুবোৰ দুয়োজনে সজাই দিয়ে৷

জয়শ্ৰীঃ আহক চাহ জলপানখিনি খাই লওক৷ পাছতো কথা পাতিব পাৰিম৷ 

বৰুৱাঃ (মৌচুমীক উদ্দেশ্যি) চাওঁ মাজনী, এইফালে আহাচোন৷ এয়া আকাশ চলিহা আৰু এয়া তেওঁৰ মাক৷ (মৌচুমীক আকাশ আৰু মাকৰ লগত পৰিচয় কৰাই দিয়ে)

 বৰুৱাঃ  এটা কাম কৰোঁনেকি? মাজনী আৰু আকাশে ইয়াতেই চাহ খাই খাই কথাপাতক আৰু আমি ভিতৰৰ কোঠাটোতে বহোঁগৈ বলক৷

মিচেছ চলিহাঃ হয় হয় ঠিকেই কৈছে৷ বলক আমি ইয়াৰ পৰা ওলাই যাওঁ৷ ইহঁতে  মুকলিকৈ কথা পাতক৷

( বৰুৱা, জয়শ্ৰী আৰু আকাশৰ মাক কোঠাটোৰ পৰা ওলাই আহে৷ মৌচুমী আকাশৰ ওচৰৰে চোফা এখনত বহি পৰে৷ বহুসময় দুয়ো একো কথাই নাপাতে৷ কিছুসময় পিছত আকাশেই আৰম্ভ কৰে৷)

আকাশঃ কেতিয়ালৈ বিয়াখন পাতিলে ভাল হ’ব বুলি ভাবিছা?

মৌচুমীঃ (আচৰিত হৈ) বিয়া? কাৰ?

আকাশঃ তোমাৰ আৰু মোৰ৷

মৌচুমীঃ  বাঃ এদিনৰ এই এটা মুহূৰ্তৰ বাবে লগ পায়েই আপুনি গোটেই জীৱনৰ সিদ্ধান্ত লৈ ল’লে৷ আপুনি মোক কিমানখিনি জানে বা ময়েই আপোনাক কিমানখিনি বুজোঁ৷ মই ৰাতি  শোওঁতে কিতাপেই পঢ়োঁ নে গানেই শুনি টোপনি যাওঁ আপুনি জানেনে? নে আপুনি বিছনাত পৰিয়েই ৱাটছ এপ, ফেচবুকত মাজৰাতিলৈকে ব্যস্ত থাকে ময়ো নাজানো৷ 

আকাশে মুখেৰে একো নামাতি তাইৰ ফালে চাই থাকে৷ মুখখন তাৰ ৰঙা পৰি উঠে৷ পানী এগিলাচ হাতত লৈ ঢোকাঢোকে গিলিবলৈ ধৰে৷

মৌচুমীঃ কি হ’ল চুপচাপ আছে কিয়? আপুনি আজিৰ শিক্ষিত ডেকাল’ৰা হৈ সেই পুৰণিকলীয়া কইনা চোৱা প্ৰথাটোকে  সাৱতি ধৰি আছে৷ বচ কইনা ঘৰত ছোৱালী চাবলৈ আহিল, ১০-১৫ মিনিটৰ বাবে লগ পালে, দুই এটা লাগবান্ধ নোহোৱা প্ৰশ্ন কৰিলে আৰু গোটেই জীৱনৰ বাবে বাচনি কৰিলে। কিন্তু আজিৰ দিনত এইটো ইমান সহজ নে?   ইজনে সিজনক বুজিব লাগিব৷ সময় দিব লাগিব ৷ ৰেষ্টুৰাঁ, পাৰ্কত বহিব লাগিব৷ আনকি কোন কিমান সু স্বাস্থ্যৰ সেইটো জানিবলৈ নাইট ক্লাবত গৈ নাচিবও লাগিব পাৰে৷

মৌচুমীয়ে তাইৰ মোবাইলত  “জৱানী  জানেমন হাচিনা দিলৰুবা…”  গীতটো বজাই দি আকাশক বহাৰ পৰা উঠাই দিয়ে৷

নাচা মোৰ লগত৷ 

আকাশঃ নাই মই নাচিব নাজানো৷

মৌচুমীঃ ওঁহো নামানো৷ নাচিবই লাগিব৷ 

মৌচুমীয়ে আকাশৰ কঁকালত ধৰি ঝুমুৰ নৃত্যৰ দৰে নাচিবলৈ ধৰে৷ আকাশেও বাধ্যত পৰি মৌচুমীৰ লগত তাল মিলাই নাচিবলৈ ধৰে৷

নৃত্যৰ ফাঁকে ফাঁকেই পৰ্দাত জিলিকি উঠে,

ঘনে ঘনে প্ৰেম….

অভিনয়তঃ

দিগন্ত বৰুৱাঃ (বিশিষ্ট ব্যবসায়ী, ৰাজনৈতিক দলৰ লগত জড়িত)——আদিত্য বৰঠাকুৰ৷

জয়শ্ৰীঃ ( বৰুৱাৰ পত্নী)——নীলাক্ষি কাকতি৷

মৌচুমীঃ (বৰুৱাৰ কন্যা)—— ডলী তালুকদাৰ৷

মিচেছ চলিহাঃ ( আঢ্যৱন্ত মহিলা, সমাজ সেৱিকা)—— কমলা দাস৷

আকাশঃ ( মিচেছ চলিহাৰ পুত্ৰ)—— যোগেশ ভট্টাচাৰ্য৷

প্ৰশান্তঃ (মৌচুমীৰ প্ৰেমীক)—— ৰিণ্টুমণি দত্ত৷

বিকাশঃ ( প্ৰশান্তৰ বন্ধু)——নয়নমণি হালৈ৷

শৰ্মা দাঃ (বি এ পাছ, কৰ্ম সংস্থাপনহীন)——বিজয় মহন্ত৷

পদুম চেত্ৰীঃ (গাখীৰ ব্যৱসায়ী)——জয়ন্ত দাস৷

পিয়নঃ —— তবিবৰ ৰহমান৷

মেনেজাৰঃ—— ৰামাণুজ গোস্বামী৷

ৰাজীৱ দাসঃ (সঞ্চালক, এঞ্জেল হাস্পাতাল)—— অভিজিৎ শৰ্মা

মনোজ সন্দিকৈঃ (আৰক্ষী বিষয়া)—-সঞ্জীৱ ভট্টাচাৰ্য৷

আৰু ডাক্তৰ ৰঞ্জন শইকীয়া—— হেমন্ত কাকতি৷

নৃত্য আৰু সংগীতঃ ৰাজশ্ৰী শৰ্মা৷

আকাশঃ হ’ব মৌচুমী৷ প্লীজ বন্ধ কৰা৷ আৰু নোৱাৰিছোঁ৷

আকাশ পুনৰ চোফাখনত বহি পৰে৷ শীতাতাপ নিয়ন্ত্ৰিত কোঠাৰ ভিতৰত থাকিও সি জ্বৰঘামে ঘামিবলৈ ধৰে৷

মৌচুমীঃ ঠিক আছে বাৰু৷ ভাগৰি গ’ল৷  চাহখিনি খাওক৷ ঠাণ্ডাই হ’ল চাগে৷

এনেতে বৰুৱাহঁত পুনৰ কোঠাটোলৈ সোমাই আহে৷

বৰুৱাঃ আৰে, আকাশ চাহ খোৱাই নাইচোন৷ 

আকাশঃ মৌচুমীৰ লগত কথা পাতোঁতে পাতোঁতেই ৰৈয়েই গ’ল৷ 

আকাশে চাহৰ কাপটোত সোহা মাৰে৷

মৌচুমীঃ খালী চাহ কিয় খাইছে? কমচেকম নাৰীকলৰ লাড়ু এটা লওক৷

আকাশঃ নাই নালাগে হ’ব৷

মৌচুমীঃ কিয় হ’ব৷

লাড়ু এটা গোটে গোটে মৌচুমীয়ে আকাশৰ মুখত ভৰাই দিয়ে৷ আকাশৰ ডিঙিত লাগি ধৰাত সি জোৰকৈ কাহিবলৈ ধৰে৷ আকাশৰ মাকে পানী এগিলাচ লৈ তাৰ ফালে বেগাই আহে৷ মৌচুমীয়ে তললৈ মূৰ কৰি হাঁহি থাকে।

২য় দৃশ্যঃ

সাগৰীজান নদী৷ ভৰ বাৰিষাৰ নদীখনে ভয়ংকৰ ৰূপ লৈছে৷ নদীৰ পাৰত মৌচুমী আৰু প্ৰশান্ত বহি আছে৷ মৌচুমীয়ে প্ৰশান্তৰ কান্ধত মূৰটো থৈ নদীখনলৈ একান্তমনে চাই আছে৷ প্ৰশান্তই নৈ পাৰৰ সৰু সৰু শিলগুটিবোৰ পানীলৈ দলিয়াই আছে৷ 

মৌচুমীঃ কি কৰিম বুলি ভাবিছা কোৱাচোন? এনেদৰে কিমান দিন আৰু মই ঘৰত থাকিব পাৰিম? দেউতাৰতো আকাশলৈকে দিয়াৰ মন৷ মোৰ অত্যাচাৰৰ বাবেহে চাগে সিয়ো সাহস নকৰিব ৷ কিন্তু সদায়তো এইবোৰ কৰিব নোৱাৰি৷

প্ৰশান্তই একো উত্তৰ নিদিয়ে৷ সি হাতৰ শিলগুটিবোৰ পানীলৈ দলিয়ায়েই থাকে৷ তাই প্ৰশান্তৰ হাতখনত থাপ মাৰি ধৰে৷

মৌচুমীঃ হ’ব, কিমাননো আৰু নৈখন বাম কৰা৷ এনেই  সকলো ফালে পানীৰে উপচি পৰিছে৷ তাতকৈ হাত দুখনেৰে কিবা কাম কৰা৷ মোক যাতে তুমি নিজৰ কৰি ল’ব পাৰা৷

মৌচুমীয়ে হুকহুকাই কান্দিবলৈ ধৰে৷

প্ৰশান্তঃ নাকান্দিবাচোন৷ (চকুপানীখিনি মচি দিয়ে) এই মুহূৰ্তত মোৰ হাতত এক পইচাও নাই৷ এনেকুৱা অৱস্থাৰে তোমাক কেনেকৈ বিয়া পাতোঁ কোৱাচোন৷

মৗচুমীঃ শুনা, তুমি পইচাৰ বাবে চিন্তা কৰিব নালাগে৷ দেউতাই মোৰ একাউণ্টত প্ৰায় ৬-৭ লাখ মান টকা জমা কৰি থৈছে৷ এ টি এম কাৰ্ডখনো মোৰ লগতেই থাকে৷

প্ৰশান্তঃ   সেইটো বাৰু ঠিক আছে৷ অকল এইখিনি পইচাৰেই গোটেই জীৱনটো চলিব পাৰিম নে? আচলতে মোৰ ভুল হৈ গ’ল৷ তোমালোকৰ দৰে ইমান ধনী  ঘৰৰ ছোৱালীৰ লগত প্ৰেমত পৰিব নালাগিছিল৷ মোৰেই কপালখন বেয়া৷

প্ৰশান্তৰ কথাশুনি মৌচুমীৰ প্ৰচন্দ খং উঠে৷ তাই বহাৰ পৰা উঠি খঙেৰেই কয়-

মৌচুমীঃ কি ক’লা? মোৰ কলিজাটো ফালিচিৰি এতিয়া তোমাৰ ভুল হোৱা বুলি ক’বলৈ আহিছা৷ প্ৰেম ইমান সহজ বুুলি ভাবিছা৷ ভুল হৈ গ’ল বুলিলেই সকলোৰে পৰা মুক্ত?

নদীখনেৰে ডাঙৰ গছৰ টুকুৰা এটা উটি গৈ থকা দেখা যাব৷ সেইটোলৈ আঙুলিয়াই দি —

মৌচুমীঃ সৌ গছৰ টুকুৰাটো দেখিছা? মই যদি আনৰ লগত বিয়া হ’ব লাগে দেখিবা এই টুকুৰাটোৰ দৰে মোৰো নিথৰ দেহটো উটি গৈ থাকিব৷ 

মৌচুমীয়ে কথাখিনি কৈ কৈ তাৰ কাষৰ পৰা আঁতৰি আহে৷

প্ৰশান্তঃ শুনাচোন৷ ক’ত গৈ আছা?

মৌচুমীঃ একো শুনিবৰ নাই৷ মোৰ কথা কৈ দিলোঁ৷ বাকী তুমি যি ভাল দেখা কৰিবা৷

প্ৰশান্তই অকলেই নৈ ঘাটত বহুসময় বহি থাকে৷ লাহে লাহে সি ঘৰলৈ বুলি খোজ আৰম্ভ কৰে৷ 

পাণ দোকান এখনৰ সন্মুখৰ বেঞ্চত বহি বিকাশ (প্ৰশান্তৰ বন্ধু৷ অভিনয়ত নয়নমণি হালৈ) আৰু শৰ্মাদাক (অভিনয়ত বিজয় মহন্ত) কথা পাতি থকা  দূৰৈৰ পৰাই প্ৰশান্তই দেখা পাব৷  লাহে লাহে প্ৰশান্ত সিহঁতৰ ওচৰ পাব৷ অলস উদাস শৰীৰ৷  কেমেৰা তিনিওজনৰ ওপৰত স্থীৰ হ’ব৷

বিকাশঃ  ইমান চিন্তা কৰিব নালাগে প্ৰশান্ত৷ কিবা এটা উপায় উলিয়াম ৰ’বিচোন৷

প্ৰশান্তঃ (সহজ হ’বলৈ চেষ্টা কৰি) নাই, নাই কিহৰ চিন্তা?

শৰ্মা দাঃ হ’ব হে ডেকাল’ৰা মিছা মাতিব নালাগে৷ এইমাত্ৰ মৌচুমীয়ে সকলো কথা আমাৰ আগত কৈ গৈছে৷ শুনা মই এটা পৰামৰ্শ দিওঁ, তুমি বিন্দাছ তাইক বিয়া পাতি লোৱা৷

প্ৰশান্তঃ শৰ্মাদা কি কথা কৈছা তুমি? কেনেকৈ খুৱাম তাইক? এই বেকাৰ অৱস্থাৰে কাৰোবাক বিয়া পাতিব পাৰি নেকি?

শৰ্মা দাঃ তাকেইতো  ক’ব ওলাইছোঁ বোপাই৷ চোৱা আমাৰ চৰকাৰৰ অৰুণোদয় আঁচনিৰ নাম শুনিছাই নিশ্চয়? তাত প্ৰত্যেক মাহতে  মৌচুমীয়ে ১২০০ টকাকে পাব৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাত থাকিবলৈ ঘৰ৷ বিনামূলীয়া বিদ্যুত৷ অন্ন সুৰক্ষা আঁচনিত বিনামূলীয়া চাউল৷  ভাত ৰান্ধিবলৈ উজলা আঁচনিত বিনামূলীয়া ৰন্ধন গেছ৷ তাৰোপৰি বিয়াৰ সময়ত অৰুন্ধুতী আঁচনিত ১ তোলাকৈ সোণ৷ বেমাৰ আজাৰ হ’লেও চিন্তা নাই৷ আয়ুস্মান ভাৰতৰ অধীনত বিনামূলীয়া চিকিৎসা৷ ভবিষ্যতৰ সুৰক্ষাৰ বাবে অটল পেঞ্চন যোজনা৷ আৰু আগলৈকেও বাইদেউ, ভিনদেউ খুলশালী আদিৰ নামেৰে কিমান  বা আঁচনি উলিয়াই হিচাব নাই৷ গতিকে বাপু বেকাৰৰ মৰণ নাই৷ বৰং আমাতকৈ চাকৰীয়াল বা ব্যৱসায়ীবোৰৰ হে বিপদ৷ না আছে কোনো বিনামূলীয়া আঁচনি না চিকিৎসা ব্যয় ৰেহায়৷ অথচ তেওঁলোকে দিয়া কৰৰ ওপৰতেই আমাৰ বেকাৰ মখাৰ জয়জয় ময়ময়৷  মই যদি এনেদৰে ছোৱালী চাই থ’লোঁহেঁতেন তেতিয়াহ’লে এতিয়ালৈকে কাবাদী টিমৰ মালিক বনী গ’লোঁহেঁতেন৷

ৰজতঃ কাবাদীত কৈ ফুটবল টিমৰ মালিক হ’লেই ভাল হ’লহেঁতেন শৰ্মাদা৷

শৰ্মাদাঃ (হাঁহি হাঁহি) ঠিকেই কৈছা৷ বাৰু মই যাওঁ৷ তোমালোকে কথা পাতা৷

শৰ্মাদাই চকাত মামৰে ধৰা পুৰণি চাইকেলখন চলাই গৈ থকা দেখা যাব৷ প্ৰশান্ত আৰু বিকাশে কথা পাতি থাকিব৷

৩ য় দৃশ্যঃ

প্ৰখৰ ৰ’দ৷  ডাকঘৰৰ পিয়নজনে গৰমৰ বাবে গছ এডালৰ তলত বহি লৈ গছডালত আউজি শুই থকা দেখা যাব৷ (অভিনয়ত তবিবৰ) কাষত এখন মোনাৰে সৈতে চাইকেলখন৷ মোনাখনৰ ভিতৰত অঞ্চলটোৰ চিঠি পত্ৰবোৰ থাকিব৷ শৰ্মা দাক সেইফালে গৈ থকা দেখা যাব।  টোপনিতে পিয়নজনৰ মুখখন মেল খাই পৰিব৷ মাখী এটা মুখৰ ভিতৰলৈ সোমাই যোৱাত হঠাতে তেওঁ সাৰপাই যাব৷ সন্মুখত শৰ্মা দাক দেখি ওচৰলৈ মাতিব৷

পিয়নঃ হেই শৰ্মা দা ইমান গৰমত ক’তনো গৈ আছে?

শৰ্মা দাঃ কাম-বন নোহোৱা মানুহ এনেই এক চক্কৰ লগাইছোঁ৷ কিজানিবা ক’ৰবাত কাম ওলায়েই৷

পিয়নঃ শৰ্মা দা ঠিক কথাই কৈছা তুমি৷ মোৰেই কাম এটা আছিল৷ ইমান গৰমত মই আৰু তালৈকে নাযাওঁ৷

মোনাখনৰ পৰা চিঠি এখন উলিয়াই শৰ্মাৰ হাতত দিয়ে৷

পিয়নঃ এইখন পদুম চেত্ৰীৰ চিঠি৷ তুমিয়েই তেওঁক দি দিবা৷

শৰ্মা দাঃ (চিঠিখন হাতত লয়) আৰে এইখন দেখোন এল আই চি’ ৰ পৰা অহা চিঠি৷ কিবা লোণ-চোণ লৈছিল চাগে, লোণ মাৰিব পৰা নাই বাবে চিঠি আহি গ’ল৷

পিয়নঃ এহ নাজানো এইবোৰ৷ মুঠতে তুমি তেওঁক চিঠিখন দিবা৷

শৰ্মাঃ হ’ব বাৰু৷

শৰ্মাই চাইকেলখন ঘূৰাই পদুম চেত্ৰীৰ ঘৰলৈ বুলি আগবাঢ়ে৷ পিয়নজনেও আন চিঠি পত্ৰসমূহ দিবলৈ বেলেগ ফালে আগবাঢ়ে৷

পদুম চেত্ৰীৰ ঘৰ৷ চোতালত বহি সি গাখীৰৰ জাৰকেইটা চাফা কৰি থাকে৷ শৰ্মাদা ভিতৰলৈ সোমাই আহে।

শৰ্মাদাঃ ঐ পদুম৷ তোৰ এখন চিঠি আহিছে ৰে৷ ক’তনো ইমান লোন-চোণ লৈ ফুৰা?

পদুমঃ আমাৰ নামত চিঠি? না ত’… আমিতো কোনো জাইগাতে লোন চোণ লোৱা নাই৷ তবে ক’ৰ পৰা তপকিল চিঠিটো? চাওঁ খোলচোন৷ কি লিখা আছে পঢ়ি দে ত’৷

শৰ্মা দাঃ আৰে পদুম ভাই৷ তোমালোকৰ সাতপুৰুষে এই অঞ্চলটোত গাখীৰৰ ব্যবসায় কৰিলা কিন্তু আজিলৈকে অসমীয়া ভাষাটো ভালকে ক’ব নিশিকিলা৷

পদুমঃ ধেই শৰ্মাদা মিছা ইলজাম নলগাব দেই৷ দুই এটা ভুল কৰিলেও কিন্তু আমি শুদ্ধ আচামীতে কথা কওঁ৷ দে দে এইচব বাদ দে চিঠিতা খোল আগে৷

শৰ্মাই চিঠিখন খুলি পঢ়িব ধৰে৷ লাহে লাহে তেওঁৰ মুখমণ্ডলত বিস্ময়ৰ চিন ফুটি উঠে৷

শৰ্মাঃ আৰে পদুম তই কিন্তু সাংঘাতিক বস্তু দেই৷ ইমান টকাৰ ইঞ্চিওৰেঞ্চ খুলিছ অথচ পইচা নাই নাই বুলি কান্দি থাকা৷

পদুমঃ আৰে শৰ্মাদা কথা টা কি ভালকে ভুজাই দিয়ক না৷

শৰ্মাঃ হাৰে নিজেই ইঞ্চিওৰেঞ্চ খুলিবি আৰু কথাটো এতিয়া ময়েই ভালকৈ বুজাই দিব লাগে? শুন, তোৰ এল আই চি  পলিচি এটা মেচিওৰিতিৰ সময় হৈছে৷ এতিয়া তই তাৰে পৰা বহুখিনি পইচা পাবি৷

পদমঃ  মইচোন কোনো এল আই চি – চেল আই চি খোলাই নাই৷ এইটো আবাৰ কি মেচিন ৰীতি হ’ল?

শৰ্মাঃ ধেই, মেচিন ৰীতি নহয় ৰে৷ মেচিওৰিতি৷ মানে তই পইচা পাবি৷

পদুমঃ না ৰে ভাই আমি কোনো এঞ্চোৰেঞ্চ খোলাই নাই৷ তবে এইটা কোন পদুম চেত্ৰী তপকিল? ( কিছু সময় চিন্তা কৰি) হ্যা হ্যা মনত খেলাইছে৷ বহুত বৎসৰ আগে আমাৰ চৰৰ স্কুল তাতে একজন পদুম চেত্ৰী নামৰ টিতচাৰ আহিছিল৷ বছৰ খানেক  চাকৰী কৰি অন্য জাগাই বদলি হয় গ’ল৷ মোৰ মন হৈছে এল আই চি তা অই পদুমৰ৷ কিন্তু অই পদুমক ক’ত বিছাৰি পাবি?

শৰ্মাঃ আৰে অই পদুম বাদ দে৷ এতিয়া এইটোৰ মালিক তয়েই৷৷ গতিকে কিবা ব্যৱস্থা কৰি মালটো উঠাই ল’ব লাগিব৷

পদুমঃ না ৰে শৰ্মা দা এইচব দু নম্বৰী ধান্দাত আমি নাই৷ এই দুধৰ ব্যবসা কৰি কোনো ৰকম চলি আছোঁ হৈ যাব৷ বেছি টাকা পইচাৰ লোভ নাই৷

শৰ্মাঃ  কি ক’লি দুই নম্বৰী ধান্দা? তই যে গাখীৰ বিক্ৰী কৰি আছা সেইটো কি এক নম্বৰী? ১ লিটাৰ গাখীৰত ২ লিটাৰ পানী মাৰা সেইটো কি এক নম্বৰী? আৰু সদায় সদায় তই টাউনৰ পৰা কিয় পূৰৱী গাখীৰৰ পেকেট আন ক চোন? পূৰৱী গাখীৰৰ লগত পানী মিহলাই মানুহক নিজৰ ঘৰৰ গাখীৰ বুলি বিক্ৰী কৰি ঠগাই খোৱা নাই তই? আচ্ছা তোৰ  কেইটা গৰু  আছে কচোন?

পদুমঃ শৰ্মাদা ৭ জনী দুধ দি থকা গৰু এইবাৰ বানপানীত উটি গ’ল৷ আনকি নিজৰ থকা ঘৰটোও নাবাছিল৷ তাৰ পৰা কোনোমতে জান বাচাই ইয়ালৈকে আহি এইটো ঘৰৰ পৰা বিজনেছটো চলাই আছোঁ৷ আপনি সব কথাই জানেই শৰ্মা দা৷ উপায়তো নাই খাব টো লাগিবই না৷

শৰ্মাঃ শুন তোক নতুনকৈ গৰু কিনিবৰ বাবে পইচা নালাগিব জানো?

পদুমঃ লাগে ত’৷ কমচেকম দু-তিন লাখ লাগে৷

শৰ্মাঃ ক’ত পাবি তই পইচা?  গতিকে এই পলিচিটোৰ তয়েই মালিক৷ কালিলৈ বা পৰহিলৈ আমি চহৰৰ অফিচলৈ যাম৷ তাত গৈ মেনেজাৰক  এই চিঠিখন দিম আৰু ক’ম যে পলিচিটোৰ গোটেই কাগজপত্ৰবোৰ এইবাৰ বানপানীত উটি গ’ল৷ মই কথাবোৰ কৈ যাওতে তই এক্টিং কৰি অলপ কান্দি দিবি৷

পদুমঃ এহ চিন্তা নকৰিব৷ মই কান্দি কান্দি মেনেজাৰৰ একদম পেড় চুই দিম৷ আৰু যেতিয়ালৈকে টাকা উলিয়াই নিদিয়ে তেতিয়ালৈকে পেড় নাচাৰিম৷

শৰ্মাঃ হ’ব ইমান বেছিও অভিনয় কৰিব নালাগে৷ মাত্ৰ যোৱাৰ সময়ত বেংকৰ পাছবুক, পেন কাৰ্ড, ভোটাৰ আই ডি লৈ ল’বি৷ পেন কাৰ্ড আছেনে নাই?

পদুমঃ পেন কাৰ্ড, ভোটাৰ ই ডি সব আছে৷

শৰ্মাঃ  তহঁতৰ নাথাকিবনে এইবোৰ৷ লাগিলে আমাৰ খাৰখোৱাবোৰৰে নাথাকিব৷ অ’ আৰু এফিডেভিট এখনো বনাব লাগিব৷ সেইখনৰ ব্যৱস্থা বাৰু ময়েই কৰিম৷ যিয়েই নহওক কথাবোৰ অইন কাকো নজনাবি৷ অ’ আৰু এটা কথা কোৱাই নহ’ল৷ সকলো খৰছ হোৱাৰ পিছিত যিখিনি বাকী থাকিব সেইখিনি ৫০-৫০ হ’ব কিন্তু৷

পদুমঃ হ’ব হ’ব শৰ্মা দা৷ আগতে মালটো ওলাই লওক৷

শৰ্মা পদুমৰ চোতালৰ পৰা ওলাই আহে।

৪ৰ্থ দৃশ্যঃ 

ভাৰতীয় জীবন বীমা নিগম, সাগৰীজান  শাখা৷

শৰ্মাদা আৰু পদুম চেত্ৰীক মেনেজাৰৰ কোঠালৈ সোমাই যোৱা দেখা যাব৷

শৰ্মাঃ চাৰ, এওঁ পদুম চেত্ৰী৷ পলিচি এখন খুলিছিল৷ পলিচিখন মেচিওৰড হৈছে৷

(বেগৰ পৰা চিঠিখন উলিয়াই দি) এইখন চিঠিও আপোনালোকৰ ফালৰ পৰা পাইছে৷ কিন্তু চাৰ পলিচিখনৰ গোটেইবোৰ নথি-পত্ৰ এইবাৰৰ বানপানীয়ে উটুৱাই নিলে৷

পদুমঃ (মেনেজাৰৰ ভৰিত ধৰি৷ জোৰে জোৰে কান্দি কান্দি৷ ) চাৰ, চাৰ আমাক বচাক চাৰ৷ নহ’লে আমি মৰি যাব৷ এই বাঢ় তাই চব বৰ্বাদ কৰি দিলে চাৰ৷ ঘৰ বাড়ী, গৰু চব ভাচাই লৈ গ’ল৷

মেনেজাৰঃ (অভিনয়ত ৰামাণুজ গোস্বামী) হেই ৰ’বাচোন ৰ’বা৷ উঠা৷ 

পদুমঃ না চাৰ৷ টাকা না দিয়া পৰ্যন্ত আমি চাৰব না৷

শৰ্মাঃ (জোৰকৈ শব্দ কৰি) পদুম৷

লগে লগে পদুমে মেনেজাৰৰ ভৰিৰ পৰা এৰি দিয়ে কিন্তু কন্দাকটা চলি থাকে৷

মেনেজাৰঃ বাৰু তুমি এখন এফিডেভিট কৰিব লাগিব৷ আচ্ছা বেংক পাছ বুক, পেন কাৰ্ড আদিবোৰ আছেনে নাই?

শৰ্মাঃ আছে আছে চাৰ৷ এফিডেভিটখনো বনাই আনিছোঁ৷

পদুমঃ আমি সব জানোত’ চাৰ৷

মেনেজাৰে কাগজখিনি হাতত লৈ পৰীক্ষা কৰে৷

মেনেজাৰঃ বাৰু কোৱাচোন তোমাৰ ঘৰ বাড়ী সব উটি গ’ল কিন্তু এইবোৰ  কেনেকৈ বাচিল৷

শৰ্মাৰ মুখখন ভয়তে ক’লা পৰি যাব৷

পদুমঃ চাৰ এই কাগজ কইটা আৰু আমাৰ গাখীৰ চাপ্লাই দিয়া জাৰ,  এই দুনোটাই ত’ আমাৰ জীবন৷ ৰাত্ৰি এই কইটা গলাই বান্ধি শোৱে থাকি আৰ দিনৰ সময়তো চাইকেলত লটকাই মানুহৰ ঘৰে ঘৰে গাখীৰ দি ফুৰোঁতে যায়৷

মেনেজাৰঃ (হাঁহি হাঁহি) হ’ব হ’ব৷ মই ভালদৰে কাগজ পাতিবোৰ চাই লওঁ৷ সকলো ঠিক-ঠাক থাকিলে ৩-৪ দিন মানৰ ভিতৰত পইচা বেংকৰ একাউণ্টত সোমাই যাব৷ এতিয়া আপোনালোক যাওক৷

পদুম + শৰ্মাঃ (নমস্কাৰ কৰি) বাৰু চাৰ আহিছোঁ৷

কাৰ্যালয়ৰ পৰা সিহঁতক ওলাই অহা দেখা যাব৷

পদুমঃ শৰ্মাদা আমাৰ এক্টিং কি ৰকম আছিল?

শৰ্মাঃ ধুই৷ ফচাই মাৰিলি হয়৷ তেনেকে এদিনতে পইচা পায় নেকি? ( মুখৰ ভিতৰতে ভোৰভোৰাই) ফচিলেও তইহে ফচিবি৷ তোৰহে কাগজপাতি, একাউণ্ট নং দিয়া আছে৷

পদুমঃ না না৷ আমাৰ কান্দা দেখি মেনেজাৰৰ দৰদ লাগি গ’ল৷ সেইকাৰণে ইমান জল্দি টাকা দিম বুলি কৈছে৷ ( মুখৰ ভিতৰতে) টাকা পাব দে৷ ঘাণ্টাও ৫০-৫০ নকৰোঁ৷ টাকা লৈ অন্য জাগাত ফুটি দিম৷ তাত নতুনকৈ ব্যবসা চালু কৰিম৷

দুয়োকো চহৰৰ পৰা বাছ এখনত গাঁৱলৈ আহি থকা দেখা যাব৷

৫ ম দৃশ্যঃ 

বৰুৱাৰ চৰাঘৰত বৰুৱা, তেওঁৰ পত্নী আৰু স্থানীয় থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ সন্দিকৈ (অভিনয়ত সঞ্জীৱ ভট্টাচাৰ্য) কথা পাতি থাকিব৷

সন্দিকৈঃ  বাৰু বৰুৱা গোটেই ঘটনাটো মোক আতিগুৰি মাৰি কওকচোন৷

বৰুৱাঃ ক’বলৈ বিশেষ নাই৷ মই আৰু পত্নী এখন মিটিঙলৈ গৈছিলোঁ৷ ঘৰত মাজনী অকলে আছিল৷ ৬ টা বজাত আমি উভতি আহি দেখোঁ যে মাজনী ঘৰত নাই৷ লগে লগে মাকে ফোন কৰিলে কিন্তু ফোনটো ঘৰতে ৰিং হৈ আছে৷ দাৰোৱানজনক সোধাত ক’লে যে আবেলি ৪ টামান বজাত হেনো মাজনী  বাহিৰলৈ ওলাই গৈছিল৷

জয়শ্ৰীঃ এতিয়া প্ৰায় ৮ টা বাজিবৰ হ’ল৷ বৰ ভয় লাগিছে ইন্সপেক্টৰ (মাতটো থোকাথুকি হৈ পৰে)।

সন্দিকৈঃ বেয়া নাপাব কথা এটা সোধোঁ, কোনোবা ল’ৰাৰ লগত কিবা সম্পৰ্ক আছিল নেকি?

মাকঃ নাই নাই, তাই বৰ ভাল ছোৱালী৷ তেনেকুৱা কোনো ল’ৰাৰ লগত সম্পৰ্ক নাই তাইৰ৷

বৰুৱাঃ (অলপ ভাবি) অৱশ্যে ল’ৰা বুলিবলৈ এইবাৰ তাইৰ জন্মদিনত গাঁৱৰ এজন ল’ৰা আহিছিল৷

সন্দিকৈঃ কি নাম তাৰ? কি কৰে?

বৰুৱাঃ নামটো কিবা প্ৰশান্ত নে কি৷ একো নকৰে৷ লাফাংগা৷ অৱশ্যে পঢ়াত ভাল বুলি শুনিছিলোঁ৷ কিন্তু অফিচাৰ তাইৰ নিৰুদ্দেশৰ ঘটনাটো এনেকুৱা সময়ত ঘটিল যে. . ….

সন্দিকৈঃ (বৰুৱাৰ কথা শেষ নহওঁতেই) মানে?

বৰুৱাঃ অলপতে এজন ল’ৰাই তাইক চাব আহিছিল৷ পচন্দও কৰিছিল৷ কিন্তু তাইৰ লগত কথা-বতৰা পাতি বুজিছিলোঁ   বিয়াখনত যেন তাইৰ সিমান মন নাই৷ অৱশ্যে খুব জোৰকৈ আপত্তিও কৰা নাছিল৷

সন্দিকৈঃ আই  চি৷ হয়তো এই ঘটনাটোৰ লগত নিৰুদ্দেশৰ কিবা সম্পৰ্ক থাকিব পাৰে৷ কাম এটা কৰক৷ মৌচুমীৰ মোবাইল ফোনটো দিয়ক আৰু আপুনি থানালৈ আহি এজাহাৰ এখন দিয়ক৷ আচ্ছা আৰু তাইৰ বন্ধুজনৰ নামটো কি বুলি ক’লে?

বৰুৱাঃ প্ৰশান্ত৷ 

পুলিচ অফিচাৰজনে গোটেই ঘটনাটো ডায়েৰীত লিখি লয়৷

বৰুৱাঃ  সন্দিকৈ আপোনাক এটা অনুৰোধ জনাওঁ, আপুনি যেন মাজনীৰ নিৰুদ্দেশৰ খবৰটো কোনো মিডিয়াক নিদিয়ে৷ লগতে আপুনি তদন্ত কৰোঁতেও খুব সাৱধানে  কৰিব৷ কোনো নিৰ্দোষী মানুহে যাতে কষ্ট নাপায়৷ জানেইতো মোৰ ইমেজৰো কথা আছে৷ এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত টিকটৰ বাবে মোৰ নামটোও বিবেচনা হৈ আছে৷ সেয়ে খুব সাৱধানে আগবাঢ়িব যাতে কোনো বদনাম নহয়৷

সন্দিকৈঃ  জানো বৰুৱা চাহেব৷ এই কেচটোৰ লগত বিৰোধী পক্ষৰো হাত থাকিব পাৰে৷ আমি দুয়োটা ফালৰ পৰাই তদন্ত আগবঢ়াব লাগিব৷

৬ষ্ঠ দৃশ্যঃ

মুকুন্দপুৰ এঞ্জেল হাস্পাতাল৷ কেবিন নং ৪০৭৷ মৌচুমীয়ে কেবিনৰ বিছনাখনত বাগৰি টিভিৰ অনুষ্ঠান উপভোগ কৰি থকা দেখা যাব৷ এনেতে ডাঃ ৰঞ্জন শইকীয়াই (অভিনয়ত হেমন্ত কাকতি) দৰ্জাত টুকুৰিয়াই কোঠাটোলৈ সোমাই আহিব৷

ডাঃ শইকীয়াঃ  (অভিনয়ত হেমন্ত কাকতি) গুড মৰ্ণিং মৌচুমী৷  কেনে আছা?

মৌচুমীঃ (ডাক্তৰৰ ফালে চাই) অ’ ডাক্তৰ চাহেব৷ বহক৷ কেনেনো থাকিম আৰু? কোঠাটোত অকলে থাকি থাকি ব’ৰ হৈ গৈছোঁ৷ আপুনিও ইমান পলম কৰিলে৷ এনেকৈ আৰু মানুহ থাকিব পাৰেনে? আজি ৩ দিন ধৰি এই বিছনাখনতে পৰি আছোঁ৷ বিৰক্তি লাগি গৈছে৷ আপুনিয়েই যি ইমান ব্যস্ততাৰ মাজতো মোৰ লগত অকমান সময় দি মনটো অলপ হ’লেও ভাল লগাই আছে৷ আপোনাক লগ নোপোৱা হ’লে কিযে  হ’লহেঁতেন ক’ব নোৱাৰোঁ৷

শইকীয়াঃ  বুজিব পাৰিছোঁ৷ ঠিক আছে বাৰু ৷ আজি মোৰ ডিউটি শেষ হোৱাৰ পিছত তোমাক অকমান বাহিৰৰ পৰা ফুৰাই লৈ আহিম৷ হ’বনে? এতিয়া ভাল লাগিছেনে?

মৌচুমীঃ সঁচাতো?

ডাক্তৰঃ অঁ সঁচাকৈয়ে কৈছোঁ৷ আজি সন্ধিয়া সময়ত নৈৰ ঘাটৰ ফালে তোমাক ফুৰাবলৈ লৈ যাম৷ এতিয়া অকমান হাঁহি দিয়া৷ হাঁহিলে তোমাক ধুনীয়া দেখি৷

দুয়োজনে হাঁহি দিয়ে৷

সন্ধিয়াৰ সময়৷ হোণ্ডাই ফৰচুন গাড়ীখনত বহি মৌচুমী আৰু ডাক্তৰক নৈৰ ঘাটৰ ফালে গৈ থকা দেখা যাব৷

মৌচুমীঃ আজিহে ভাল লাগিছে৷ ইমান মুকলি মুকলি লাগিছে৷

ডাক্তৰঃ মই কথাটো ভাবিছিলোঁ৷ কিন্তু তোমাক ক’ব পৰা নাছিলোঁ৷ 

মৌচুমীঃ কিয়?

ডাক্তৰঃ জানোচা বেয়া পোৱা?

মৌচুমীঃ কিয় বেয়া পাম৷ কিমান ভাল লাগিছে আজি৷ জীৱন এতিয়াহে মধুৰ মধুৰ লাগিছে৷ ইমান দিনে সেই ধদুৱাটোৰ লগত থাকি কথাটো উপলব্ধিয়ে  কৰা নাছিলোঁ৷ জীৱন এতিয়াহে ৰঙীন ৰঙীন লাগিছে৷ মই আপোনাক ভাল পাই পেলাইছোঁ ডাক্তৰ। ( মৌচুমীয়ে একেথৰে ডাক্তৰৰ ফালে চাই থাকে৷ ডাক্তৰেও মৌচুমীৰ ফালে৷ হঠাতে আনটো দিশৰ পৰা গাড়ী এখন আহি সন্মুখত পৰাত ডাক্তৰে অলপ বেছিকৈয়ে গাড়ীৰ ষ্টায়াৰিং ডাল ঘূৰাই দি গাড়ীখন ৰখাই দিয়ে৷ মৌচুমী ডাক্তৰৰ গাত হাউলি পৰে৷ মৌচুমীয়ে ডাক্তৰৰ হাতখনত ধৰে৷ ডাক্তৰে তাইৰ গাটোত ধৰি উঠাই দিয়ে৷ দুয়ো দুয়োৰো ফালে চাই থাকে।

 গাড়ীখনত মৃদু স্বৰত জয়ন্ত হাজৰিকাৰ “তোমাৰ মৰমে মোৰ, দেহত তুলিলে ঢৌ, বুকুত ” গীতটো বাজি থাকে৷

৭ম দৃশ্যঃ 

থানাৰ কোঠাত সন্দিকৈয়ে প্ৰশান্তক  মুখামুখি কৈ বহাই লৈছে৷ প্ৰশান্তৰ চুলি অবিনস্ত৷ চকুৰ গুৰিটো উখহা আৰু ক’লা পৰি আছে৷

সন্দিকৈঃ  ক, মৌচুমীক ক’ত লুকুৱাই ৰাখিছ ক? ধনী ঘৰৰ আজলী ছোৱালী পাই ফুটাই দিলি? হাৰামী চাল্লা৷ 

প্ৰশান্তঃ  মই নাজানো চাৰ৷ মই একো নাজানো৷

সন্দিকৈঃ (মূৰৰ চুলিত দুয়োখন হাতেৰে ধৰি জোৰকৈ জোকাৰি দিয়ে) একো নাজানা ন? এই চুলি কেইডাল উঘালি পেলালে সকলো জনা হৈ যাবি? 

( হাতৰ মুঠিৰে কেইডালমান চুলি উঘালি আনে৷

প্ৰশান্তঃ  আহ. …..

সন্দিকৈঃ  চিঞৰ আৰু জোৰকৈ চিঞৰ৷ চিঞৰ শুনিবলৈ ইয়াত তোৰ কোনো বাপেৰ নাই জাননে নাই?

(চকীৰ পৰা উঠি গৈ বেৰত আউজাই থোৱা লাঠিডাল লৈ আহে৷

এইডাল দেখিছ চাল্লা দৰিদ্ৰ৷ তোৰ পিঠিত দৰিদ্ৰতাৰ গোটেইকেইদাল ৰেখা টানিম আজি৷ মোক চিনি পোৱা নাই? (পিঠিত লাঠিডালেৰে জোৰে জোৰে প্ৰহাৰ কৰে৷)

প্ৰশান্তঃ  আহ্ মৰিলোঁ৷ পানী, পানী অকমান খাবলৈ দিয়ক৷

সন্দিকৈঃ (অট্টহাস্য মাৰি) ইমান সোনকালেই মৰিব নিদিওঁ৷ তাৰ আগতে তোক আৰু বহুত মৰম কৰি ল’ব লাগিব৷ থানাৰ আলহী হৈছ যেতিয়া ভালকৈ আপ্যায়ন কৰিবই লাগিবই ৷ অ’, পানী খাবি ন? হুহ তাৰ আগতে এইটো খাই ল৷

 

(প্ৰচন্দ জোৰে লঠিয়াই দিয়াত  সি উফৰি গৈ মাটিত পৰে৷ সন্দিকৈয়ে টেবুলৰ ড্ৰয়াৰৰ পৰা কিবা এটা উলিয়াই ঘোট ঘোটকৈ পি খায়৷ ও..ৱাউ …ঔ…’ দীঘলীয়া এটা উগাৰ মাৰি, ভৰিৰে প্ৰশান্তৰ পেটটোত হেঁচামাৰি ধৰি)

এতিয়ালৈ তাইৰ পৰা কিমান পইচা হজম কৰিলি ক? আজি তই গোটেই  বটিয়াব লাগিব৷ (পেটটোত গোৰ এটা সোধাই দিয়ে)

প্ৰশান্তঃ (সেঁহাই সেঁহাই) সকলোকে আপোনালোকৰ দৰে বুলি কিয় ভাবে? আপোনালোক জোকৰ দৰে৷ যেতিয়ালৈকে পেটটো সম্পূৰ্ণ নভৰে তেতিয়ালৈকে এৰি নিদিয়ে৷

সন্দিকৈঃ বাঃ তোৰ চোন বৰ বৰ কথা৷ তোৰ তেল এতিয়াও কমাই নাই৷ (লাঠিডালেৰে  পুনৰ উপৰ্যুপৰি তাৰ শৰীৰত কোবাবলৈ ধৰে৷) হুহ, তোৰ এই জেওৰা খড়িৰ দৰে বডিটোত কি নো পিতিম? উঠ উঠ চকীখনত ভালকৈ বহি ল৷ (প্ৰশান্তক উঠাই চকীখনত বহাই দিয়ে) 

(পুনৰ ড্ৰয়াৰটো খুলি বটল এটা উলিয়াই জোকাৰি চায়) 

 সন্দিকৈঃ ধুৰ চাল্লা  শেষ৷ (খা . ট ..টিং… খৎ … থাচ্…বটল টো কোনো এখন ৱালত খুন্দা খাই ভাঙি যায়৷

ভঙা আইনাৰ টুকুৰা এটা হাতত লৈ)

সন্দিকৈঃ  হাঃ হাঃ তোৰ বুকু ফালিলেই গম পাম ক’ত লুকুৱাই ৰাখিছ তাইক৷ 

আইনাৰ টুকুৰাটোৰে প্ৰথমে এখন হাতত   জোৰকৈ আঁচুৰি দিয়ে৷ হাতখন কাটি যায় আৰু তেজ ওলাবলৈ ধৰে৷

সন্দিকৈঃ তইতো জয়মতীৰ ৰিভাৰ্চ এডিচন ওলালি ৰে৷ কিন্তু ইমান সহজ নহয়৷ সন্দিকৈৰ সন্মুখত মুখ নোখোলাকৈ এতিয়ালৈ কোনো সাৰি যাব পৰা নাই৷ তইতো সামান্য৷ কত কেচ চেটল কৰিলোঁ৷  অৱশ্যে এই সামান্য কেচটোত মোৰ আজিলৈকে ১ সপ্তাহ লাগিল একমাত্ৰ বৰুৱাৰ বাবে৷ নহ’লে কেতিয়াবাই চেটেল কৰি দিলোঁহেঁতেন। (পুনৰ ভগা আইনাৰ টুকুৰা এটা আনখন হাতৰ তলুৱাত সুমুৱাই দিয়ে৷

প্ৰশান্তঃ  আ…হ..৷ ক’ম চাৰ সকলো ক’ম৷ মোক আৰু নামাৰিব৷

সন্দিকৈঃ ওমম.. আহি গ’লি লাইনত৷ তাতকৈ প্ৰথমতেই কৈ দিয়া হ’লে মিছাতে ইমানখিনি কষ্ট নাখালেও হ’লহেঁতেন৷ বাৰু ক এতিয়া৷

প্ৰশান্তঃ  মৌচুমীক মই বহুদিন ধৰি ভাল পাওঁ৷ কিন্তু এজন নিবনুৱা হৈ তাইক বিয়া পাতিবলৈও সাহস কৰিব পৰা নাই৷ তাৰোপৰি ইমান ধনী ঘৰৰ একমাত্ৰ কন্যাক মোৰ দৰে নিবনুৱা এজনৰ  তাত নিদিয়াটোও খাটাং৷ সেয়ে মই আৰু মোৰ বন্ধু বিকাশে মিলি এটা পৰিকল্পনা কৰিলোঁ আৰু সেই পৰিকল্পনা মতে ….

৮ ম দৃশ্যঃ

ফ্লেচবেকঃ

বিকাশহঁতৰ ঘৰ৷

প্ৰশান্ত আৰু বিকাশক  ঘৰৰ ভিতৰত কথা পাতি থকা দেখা যাব৷

বিকাশঃ ঐ প্ৰশান্ত মই এটা কথা ভাবিছোঁ৷

প্ৰশান্তঃ কি কথা? 

বিকাশঃ তই মৌচুমীক আমাৰ গাঁৱৰ পৰা পলুৱাই পঠাই দে৷

প্ৰশান্তঃ কি কথা কৈছা বিকাশ? তাই অকলে অকলে ক’ত লুকাই থাকিব? তাৰোপৰি তাই ঘৰৰ পৰা নোহোৱা হ’লে প্ৰথমেতো পুলিচে আহি মোৰেই পিঠি, তপিনা সব লাল কৰিব৷ ( সি উত্তেজিত হৈ পৰে) এইচব নহ’ব দেই৷ মোৰ বৰ ভয় লাগে৷

বিকাশঃ এইয়া তোৰ ভয় লাগিলেই৷ আৰে পুলিচে তোৰ পিঠি কিয় লাল কৰিব? তাইৰ নিৰুদ্দেশৰ লগত তোৰ কি সম্পৰ্ক? তই যে তাইক ভাল পাৱ সেইটো কথা গাঁৱত তোৰ মোৰ বাদে অকল শৰ্মাদাইহে জানে৷ গতিকে তোক কোনেও সন্দেহ নকৰে৷ শৰ্মাদাই যাতে অইন কাকো কথাটো নকয় সেইটো মই ক’ম দিয়া৷ হাঁহৰ মাংসৰে এসাঁজ ভাত খুৱাই দিলেই তেওঁ লাইনত আহি যাব৷

প্ৰশান্তঃ ঠিক আছে বাৰু৷ তেতিয়াহ’লে প্লেনটো ক৷

বিকাশঃ শুন আমাৰ লগৰ যে ৰঞ্জন  সি  মুকুন্দপুৰৰ এঞ্জেল হাস্পাতালখনৰ ডাক্তৰ নহয় জানো?

প্ৰশান্তঃ তাৰ কথা আকৌ কিয় আহিল?

বিকাশঃ সেইটোৱেইটো কৈছোঁ৷ প্লেনটো শুনচোন৷ চা মৌচুমীক যদি আমি সেইখন হাস্পাতালত কেইদিনমান লুকুৱাই থ’ব পাৰোঁ তেতিয়াহ’লে দেউতাকৰ ৰেহ-ৰূপ ধৰিব পাৰিম৷ আৰু যেতিয়া ১০-১২ দিনলৈ কোনোফালেই বিচাৰি নাপাব তেতিয়া সকলোৱেই পাহৰি যাব৷ সব নৰমেল হৈ যাব৷ পুলিচৰো চোক কমি আহিব৷ তেতিয়া তই কোনোবা মন্দিৰত তাইক বিয়া পাতি লৈ দূৰৈৰ কোনো গাঁৱলৈ লৈ যাবি৷ তহঁত দুয়োটা যেতিয়া পঢ়াশুনাত ভালেই তাত কোনো চাকৰি বাকৰি নোপোৱালৈকে টিউচন কৰি হ’লেও চলি যাব পাৰিবি৷ 

প্ৰশান্তঃ টিউচন কৰিব পাৰিম বাৰু৷

বিকাশঃ চা, মৌচুমীক মই আমাৰ পৰিকল্পনাৰ সকলোবোৰ বুজাই ক’ম৷ তাৰোপৰি ৰঞ্জনকো মই লগ ধৰি গোটেইখিনি বুজাই দিম৷ ফোনত কথা নহওঁ৷ তই এইবোৰত মাথা ঘমাব নালাগে৷ গোটেই দ্বায়িত্ব মই লৈছোঁ৷

৯ম দৃশ্যঃ

 মুকন্দপুৰ বাছ আস্থান৷ বাছৰ পৰা নামি বিকাশে অট’ৰিক্সা এখনত উঠিব৷ প্ৰায় ৩ কিঃমিঃমান অহাৰ পিছত তাক মুকন্দপুৰ এঞ্জেল হাস্পাতালৰ গেটত দেখা পাব৷ লাহে লাহে সি ভিতৰলৈ সোমাই যাব৷ মোবাইলটো উলিয়াই ৰঞ্জনলৈ ফোন কৰিব৷

 

বিকাশঃ  হেল্ল’ ৰঞ্জন মই আহি পালোঁ৷ ক’ত আছ তই?

ৰঞ্জনঃ  (ফোনত) ১ম মহলাৰ ১০৫ নম্বৰ ৰূমত আছোঁ৷ আহি যোৱা৷

দীপক ওপৰলৈ উঠি যাব৷ 

কোঠা নং- ১০৫

ডাঃ ৰঞ্জন শইকীয়া, এম ডি৷

কোঠাটোৰ ভিতৰলৈ বিকাশ সোমাই যাব৷

ৰঞ্জনঃ আহ আহ বন্ধু৷ কি খবৰ? কিমান দিনৰ পিছত যে লগ পালোঁ৷

দীপকঃ উম, ভালেমান দিন হ’ল লগ নোপোৱাৰ৷

ৰঞ্জনঃ এৰা৷ বাৰু  বুজাই কচোন কি হৈছে আৰু মই কি কৰিব লাগিব?

বিকাশঃ  প্ৰশান্তই গাঁৱৰে যে দিগন্ত বৰুৱাৰ ছোৱালী মৌচুমীক ভাল পায় কথাটো তয়ো জানই চাগে?

ৰঞ্জনঃ নাই মই কথাটো গম পোৱা নাই৷ ইমান লাজকুৰীয়া ল’ৰাটোও প্ৰেম কৰিব পৰা হ’লনে? বাৰু কচোন কি হ’ল তাৰপিছত৷

বিকাশঃ  জানইতো তাৰ কোনোফালে একো এটা নহ’ল৷ এতিয়া এই অৱস্থাত সি বিয়াও পাতিব নোৱাৰে৷ ইপিনে মৌচুমীক চাবলৈ ল’ৰা আহিয়েই আছে আৰু পচন্দও কৰিছে৷ তাইহে কোনোমতে বিয়াবোৰ ভাঙি আছে৷ ভাবিছোঁ সি তাইক ক’ৰবালৈ পলুৱাই লৈ যাওক৷ কিন্তু ইমান প্ৰতিপত্তিশীল বাপেকে তাক জানো শুদাই এৰিব৷ অপহৰণৰ কেছত ফচাই দি জেলৰ ভাত খোৱাই মাৰিব৷

ৰঞ্জনঃ  (কিছুসময় চিন্তা কৰি) কথাটো হয়৷ পিচে কি কৰিম বুলি ভাবিছা?

দীপকঃ তাই যদি গোপনে আহি এইখন হাস্পাতালত তোৰ তত্ত্বাৱধানত কেইদিনমান ভৰ্ত্তি হৈ থাকে, তাৰপিছত পৰিস্থিতিটো অলপ শাম কাটিলে দুয়ো বিয়া হৈ কোনোবা দূৰ ঠাইলৈ গুচি যাব৷ দুয়ো যেতিয়া পঢ়াশুনাত চোকা গতিকে চাকৰি বাকৰি নোপোৱালৈকে টিউচন কৰিও নিজকে পোহপাল দিব পাৰিব৷ মৌচুমীক কথাবোৰ বুজাই কৈছোঁ৷ তায়ো মান্তি হৈছে৷

ৰঞ্জনঃ আইডিয়াটো বেয়া নহয়৷ পিচে বেছি দীঘলীয়া কৰিব নোৱাৰিবি৷ নহ’লে হাস্পাতালৰ বিল বহুত বাঢ়ি যাব৷ পিছত কিন্তু হাস্পাতালৰ বিলত মোক নফচাবি ভাই৷

বিকাশঃ  ধেই চিন্তাই কৰিব নালাগে৷ ক্ৰোৰৰপতিৰ ঘৰৰ ছোৱালী৷ তই বিন্দাছ থাক৷

ৰঞ্জনঃ ঠিক আছে তাই কেতিয়া আহিব মোক জনাই দিবি৷ মই আগতীয়াকৈ  কেবিন এটা বুক কৰি থ’ম৷ আৰু খুব বেছি ফোনত কথা হৈ নথকাই ভাল৷

 

বিকাশঃ  উম ঠিকেই কৈছ৷ তোক আগতীয়াকৈ তাই কোন দিনা আহি পাব  জনাই দিম৷ 

(মবাইলটো উলিয়াই) তাইৰ দুখনমান ফটো তোৰ ৱাটছ এপত পঠিয়াই দিছোঁ৷ তেতিয়াহ’লে তাইক লগেলগে চিনি পাবি৷

ৰঞ্জনঃ  গাঁৱত চাগে দুই এজনে তাৰ প্ৰেমৰ কথা নিশ্চয় গম পাইছে৷ পুলিচৰো নজৰ তাৰ ওপৰত থাকিব৷ গতিকে প্ৰশান্তক মোক ফোন কৰিবলৈ নিদিবি৷ তয়ো ফোন নকৰিলেই ভাল৷

বিকাশঃ  এহঃ ভয় নাই৷ গাঁৱত কোনেও নাজানেই৷ আৰু  যেতিয়ালৈকে ঘটনাটো শাম নাকাটে তেতিয়ালৈকে ময়ো পৰাপক্ষত নকৰাকৈ থাকিম৷ তাৰোপৰি মৌচুমীকো ফোনটো ঘৰতে এৰি আহিবলৈ ক’ম৷

ৰঞ্জনঃ বাঃ বঢ়িয়া আইডিয়া৷ ব’ল কেণ্টিনত চাহ অলপ খাই লওঁ৷

দুয়োকো কেণ্টিনৰ ফালে যোৱা দেখা যাব৷

১০ম দৃশ্যঃ

পুনৰ সন্দিকৈৰ কোঠাটোৰ চকী এখনত তললৈ মূৰ কৰি প্ৰশান্ত বহি থকা দেখা যাব৷

প্ৰশান্তঃ  চাৰ এনেকৈয়ে মৌচুমীক এঞ্জেল হাস্পাতালৈ পলাই যোৱাৰ পৰিকল্পনা কৰিছিলোঁ৷

সন্দিকৈঃ পিটন নোখোৱালৈকে পেটৰ কথা নোলায়৷ (মোবাইলটোৰে দিগন্ত বৰুৱাক ফোন কৰে)

হেল্ল’ বৰুৱা৷ ক’ত আছে আপুনি৷ থানালৈ আহক অতি সোনকালেই৷ মুকুন্দপুৰলৈ যাব লাগিব৷

বৰুৱাঃ  কিয় ? কি হৈছে?

সন্দিকৈঃ আপোনাৰ ছোৱালীৰ সম্ভেদ পাইছোঁ৷ আহি যাওক সোনকালে৷

সন্দিকৈঃ বাৰু বাৰু গৈছোঁ এইমাত্ৰ৷

১১ তম দৃশ্যঃ

পুলিচ ভেন এখনত কনিষ্টবল এজনৰ সৈতে প্ৰশান্তক  লৈ সন্দিকৈ মুকুন্দপুৰৰ এঞ্জেল হাস্পাতালত অভিমুখে আগবাঢ়ে৷ ইপিনে বৰুৱাও পত্নী জয়শ্ৰীৰ লগত আন এখন গাড়ীৰে আগবাঢ়ে৷ প্ৰায় দুঘণ্টামানৰ মূৰত গাড়ী দুখন এঞ্জেল হাস্পাতালত উপস্থিত হয়৷ সন্দিকৈ অভ্যৰ্থনা কক্ষত গৈ পৰিচালন সঞ্চালকৰ কোঠাটো কোন ফালে সোধে৷ তেওঁলোকে সঞ্চালকৰ কোঠালৈ আগবাঢ়ে৷

ৰাজীৱ দাস, 

সঞ্চালক, এঞ্জেল হাস্পাতাল৷ 

(অভিনয়ত অভিজিৎ শৰ্মা)

সন্দিকৈয়ে কোঠাটোত সোমাই নিজৰ পৰিচয় দি ৰাজীৱ দাসৰ লগত কৰমৰ্দন কৰে৷

ৰাজীৱঃ  বাৰু কওকচোন কিয় আহিবলগীয়া হ’ল আমাৰ হাস্পাতাললৈ? কেনেকৈ আপোনাক সহায় কৰিব পাৰোঁ?

সন্দিকৈঃ  মৌচুমী বৰুৱা নামৰ ছোৱালী এজনী আপোনাৰ হাস্পাতালত ভৰ্তি হৈ আছে নেকি?

ৰাজীৱঃ (কম্পিউটাৰৰ মণিটৰত কিছু সময় চাই) হয়, এই মাহৰ ২৪ তাৰিখে ইয়াতে ভৰ্ত্তি হৈছিল৷

জয়শ্ৰীঃ (উদগ্ৰীৱ হৈ) কিমান নম্বৰ কোঠাত আছে?

ৰাজীৱঃ তেখেতক আজি ৩ দিন হ’ল ইয়াৰ পৰা মুকলি কৰি দিয়া হৈছে৷

বৰুৱাঃ কি ক’লে, ৩ দিন আগত? তেতিয়াহ’লে মাজনী গ’ল ক’লৈ৷ আমাৰ ঘৰোতো পোৱাগৈ নাই৷

সন্দিকৈঃ বাৰু তেওঁক কোন ডাক্তৰে চোৱাচিতা কৰিছিল কওকচোন?

ৰাজীৱঃ ডাঃ ৰঞ্জন শইকীয়া।

সন্দিকৈঃ ক’ত লগ পাম তেওঁক?

ৰাজীৱঃ  সেইটো ক’ব নোৱাৰিম৷ কিয়নো দুদিন হ’ল তেওঁ আমাৰ ইয়াৰ পৰা ৰিজাইন দিছে৷

সন্দিকৈঃ আচৰিত৷ তেওঁ আকৌ  চাকৰিৰ পৰা অব্যাহতি ল’লে কিয়?

ৰাজীৱঃ হয়তো বেলেগ হাস্পাতালত ইয়াতকৈ বেছি সুবিধা পালে৷ শুনিছোঁ মহানগৰীৰ গে’ট হাস্পাতালত হেনো তেওঁ জইন কৰিছে৷

সন্দিকৈঃ অ’, আচ্ছা৷

এনেতে বৰুৱাৰ ফোনটো বাজিবলৈ ধৰে৷ তেওঁ ফোনটো ৰিচিভ কৰে৷

বৰুৱাঃ হেল্ল’ কোনে কৈছে?

সিফালৰ নাৰী কণ্ঠস্বৰ৷

দেউতা মই মৌচুমী৷

বৰুৱাঃ মাজনী ক’ত আছা তুমি?

মৌচুমীঃ দেউতা মোক ক্ষমা কৰি দিয়া৷ মই ভুল কৰিছোঁ৷ আচলতে প্ৰশান্তহঁতৰ চক্ৰান্তত পৰি মই তোমালোকক নজনোৱাকৈ এঞ্জেল হাস্পাতালত ভৰ্ত্তি হৈছিলোঁ৷ এতিয়া মই তাত নাই দেউতা৷ সেইখন হাস্পাতালৰ ডাক্তৰ ৰঞ্জন শইকীয়াৰ লগত মই যোৱাকালি কৰ্ট মেৰেজ কৰিলোঁ৷ মোক ক্ষমা কৰি দিবা দেউতা৷ এতিয়া মই তেওঁলোকৰ ঘৰতেই আছোঁ৷ এইটো তেখেতৰেই নম্বৰ৷ এতিয়া ৰাখিছোঁ ৷ পিছত কথা হ’ম৷

 বৰুৱাঃ (দীঘল হুমুনিয়াহ কাঢ়ি) মাজনী, তুমি কথাবোৰ আমাক নজনালা কেলেই?

সন্দিকৈঃ কি হ’ল বৰুৱা?

বৰুৱাঃ ব’লক সন্দিকৈ ইয়াৰ পৰা উভতি যাওঁ৷ যি হৈ গ’ল ভালেই হ’ল৷ অন্ততঃ বেকাৰ, লাফাংগা এজনক জোঁৱাই বুলিব লগা নহ’ল৷

গোটেইকেজন কোঠাৰ পৰা ওলাই আহে৷ বৰুৱাই সন্দিকৈক গোটেই ঘটনাখিনি বুজাই নিজৰ গাড়ীত উঠে৷

পুনৰ তেওঁলোকৰ গাড়ী নিজ গৃহাভিমুখে ৰাওনা হয়৷

সন্দিকৈয়ে কনিষ্টবলজনক পানীৰ বটল এটা আনিবলৈ দিয়ে৷ পানীৰ বটলটো প্ৰশান্তৰ ফালে আগবঢ়াই দিয়ে৷

সন্দিকৈঃ হোঁ খাই ল৷ মিছাতে তই ইমানখিনি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিলি৷ তোৰ পংখী দুদিনতে অইনৰ লগত উৰি গ’ল৷ 

প্ৰশান্তঃ  মানে?

সন্দিকৈঃ  মানেনো কি পাছত  বুজিবি৷ মুঠতে এটা কথা জানি ল প্ৰেমৰ সংজ্ঞা সলনি হৈছে৷ এতিয়া অকল হৃদয়খন থাকিলেই নহ’ব পকেটত মালো লাগিব৷ নহ’লে প্ৰেমে সুঁতি সলায়৷

অন্তিম দৃশ্যঃ 

পদুম আৰু শৰ্মাক হাতকেৰেয়া লগাই আনি থকা দেখা যাব৷ দূৰৈত দেখা যাব দুখন গাড়ী সেইটো দিশৰ পৰাই আহি আছে৷ লাহে লাহে গাড়ী দুখন সিহঁতৰ ওচৰ পাব৷ এখন গাড়ীত বৰুৱা আৰু জয়শ্ৰীক দেখা যাব৷ আনখনত মৌচুমী আৰু ৰঞ্জন৷ গাড়ী দুখন লাহে সিহঁতৰ ওচৰত ৰ’ব৷ সন্দিকৈক দেখি বৰুৱা গাড়ীৰ পৰা নামি আহিব৷

বৰুৱাঃ হাৰে সন্দিকৈ ইহঁত দুটাই আকৌ কি কৰিলে?

সন্দিকৈঃ এল আই চি লুট কৰিবলৈ গৈছিল৷

পদুমঃ  নাই চাৰ আমাৰ কোনো দোচ নাই৷ এই শৰ্মাদাইহে টাকাৰ লোভ টা দেখাই দিছিল৷

বৰুৱাঃ  হ’ব হ’ব চুপ কৰা৷ এখেতৰ দৰে নিষ্ঠাবান অফিচাৰ মই আজিলৈকে দেখা নাই৷ 

এনেতে ঠাইখিনিত প্ৰশান্ত আৰু বিকাশো  উপস্থিত হয়৷ প্ৰশান্তৰ মুখখন এতিয়াও উখহি আছে৷ চকুৰ ক’লা দাগ যোৱাই নাই৷ মৌচুমীক দেখিয়েই তাৰ খং উঠি গ’ল৷ গাড়ীখনৰ ওচৰলৈ গৈ ক’লে,

প্ৰশান্তঃ  মোৰ সৈতে বিয়াত বহিব নোৱাৰিলে সাগৰীজান  নৈত তোমাৰ নিথৰ দেহ উটি  যাব বুলি কৈছিলা৷ এতিয়াহে বুজিলোঁ তোমাৰ নৈ কোনখন৷ ( নেপথ্যত ভূপেনদাৰ শৈশৱতে ধেমালিতে তোমাৰে ওমলা …গীতটো বাজি থাকিব৷৷

বৰুৱাঃ  সন্দিকৈ ইয়াৰ তেল দেখোন এতিয়াও কমাই নাই৷ আপুনি তাৰ ঠেং হাত গুৰি নকৰাকৈ এৰি দিয়েই ভুল কৰিলে৷

সন্দিকৈঃ (খঙেৰে) হ’ব হে বৰুৱা৷ ইমান লম্ফজম্ফ নামাৰিব৷ কিবা খং উঠিব, আপোনাৰ ছোৱালীকে প্ৰতাৰণাৰ গোচৰত  হাজোতত ভৰাই দিম৷ ইমান ঘনে ঘনে প্ৰেম আপোনাৰ ছোৱালীকহে দেখিছোঁ৷

অফিচাৰজনৰ কথাত প্ৰশান্ত আৰু বিকাশে হাত চাপৰি দিয়ে৷

বৰুৱাৰ মুখখন ক’লা পৰি যায়৷ মৌচুমীয়ে মুখখন আনফালে ঘূৰাই দিয়ে৷ ৰঞ্জনে তলমূৰ কৰে৷ লাহে লাহে বৰুৱাহঁতৰ গাড়ী পুনৰ আগবাঢ়ে৷

সন্দিকৈঃ (প্ৰশান্তৰ গাত ধৰি) ঘটনাবোৰ পাহৰি যোৱা৷ নিজকে পুনৰ আৱিষ্কাৰ কৰা৷ জীৱনটো নতুনকৈ আৰম্ভ কৰা৷ আৰু কেতিয়াবা যদি কোনো ছোৱালীৰ প্ৰেমত পৰা মোক খবৰ দিবা ময়েই ছোৱালীক উঠাই আনি তোমাৰ লগত বিয়া পাতি দিম৷

সমাপ্ত

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী

    চুপাৰহিট মুভী। ভাল লাগিল চায়।

    Reply
  • কমলা দাস

    সুন্দৰ চিনেমা দেই। এই মৌচুমী জনীও কম নহয়।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *