ফটাঢোল

পেণ্ডুলাম – দিগন্ত তালুকদাৰ

বৰুৱা: এই পুৱাৰাতি তিনি বজাত শুৱ এৰি ধান সিজোৱা টৌত হৈ কিয় বহি আছাহে?

বৰুৱানী: প্ৰতিটো কথাতেই ঠাট্টা নকৰিবা দেই। টোপনি অহা নাই বাবেই বিৰক্তিতে বহি আছোঁ। ইফালে এই গেলা গৰম। ফেনৰ বতাহ জানো গাত লাগে?

বৰুৱা: চ’ৰী…মই খকামকাকৈ সাৰ পাই তোমাক এনেদৰে দেখিহে চক খালোঁ। গা বেয়া নেকি তোমাৰ? 

বৰুৱানী: গা বেয়া নহয়। টোপনিহে অহা নাই। অশান্তি লাগিহে বহি আছোঁ।

বৰুৱা: কিনো হ’ল? মই ঠিক ধৰিব পৰা নাই!

বৰুৱানী: তুমিনো কি গম পোৱা। নাক ঘোৰঘোৰাই যিহে কুম্ভকৰ্ণৰৰ নিচিনা শোৱা। পৃথিৱী উলটি গ’লেও চাগে তুমি গম নাপাবা।

বৰুৱা: হাৰে…দিনটোৰ ভাগৰ। টোপনি আহি যায়। মই বাৰু নাক বজাও নেকি?

বৰুৱানী: নাক বজাও নেকি মানে? হেলিকপ্টাৰ চলোৱা তুমি। মোৰ টোপনি নহাৰ তুমিও এটা প্ৰধান কাৰণ।

বৰুৱা: আচ্ছা বাৰু। তোমাৰ টোপনি নহাৰ প্ৰধান কাৰণটো মই নোহোৱা কৰিম কাইলৈৰ পৰা। নাকত মিঠাতেল অকন দি শুম যাতে হাৱাৰ গতি মসৃণ হয়। কৰবাত বাধা পাই বাবেহে শব্দ বাহিৰ হয়।

বৰুৱানী: এই ৰাতিখন ফটুৱা কথা বলকি মোৰ মূৰটো নাখাবাচোন। নাকৰ শব্দ নোহোৱা কৰিম বুলি কতবাৰ শপত খালা। পাৰিলা জানো?

বৰুৱা: নাই মানে…মোৰ দেখোন শব্দ নোহোৱা যেনেই লাগে? 

বৰুৱানী: মিছাতেই চেলবেলাব নালাগে। কিমানদিন দেখোন নিজৰ নাকৰ শব্দত নিজেই চক খাই সাৰ পাইছা। মই গম নাপাওঁ বুলি ভাবিছা?

বৰুৱা: আচ্ছা….হ’ব দিয়া। মূল কথালৈ আহা? কি চিন্তা কৰিনো টোপনি অহা নাই তোমাৰ?

বৰুৱানী: কি চিন্তা মানে? হাজাৰটা চিন্তা আৰু অশান্তি!

বৰুৱা: দিয়া তেন্তে। হাজাৰটাৰ কেইটামান কোৱা। কিজানি কিবা সমিধান ওলায়!

বৰুৱানী: সমিধান? তোমাৰ মোৰ হাতত নাই এইবোৰৰ সমিধান!

বৰুৱা: তথাপি….?

বৰুৱানী: আমি ভাড়াঘৰতেই আৰু কিমান দিন থাকিম এনেকৈ?

বৰুৱা: এনেকুৱা প্ৰশ্ন এটাৰ উত্তৰ নাই মোৰ হাতত কলিজা। মাটি অলপ নতুবা ফ্ল্যাট এটাকে ল’ব লাগিব সোনকালে। 

বৰুৱানী; ফ্ল্যাট নল‌ও দেই! ফ্ল্যাট আৰু ভাড়াঘৰৰ মাজত জানো কিবা পাৰ্থক্য আছে? আৰু ফ্ল্যাট কিনা আৰু বতাহ কিনা একেই কথা।

বৰুৱা: ফ্ল্যাট….বতাহ….ঠিক বুজি নাপালোঁ?

বৰুৱানী: ভূমিকম্প আহি ফ্ল্যাটতো ভাঙি গ’লে কি হ’ব? আৰু মাহে মাহে যে চ’ছাইটী ফীজ নে কি দিব লাগে ভাড়াতীয়াৰ দৰে। এইবোৰ মোৰ দ্বাৰা নহ’ব। 

বৰুৱা: হ’ব দিয়া। মাটি অকণেই ল’ব চেষ্টা কৰিম। মহানগৰীত নোৱাৰিলেও অলপ আঁতৰত নিশ্চয় অকণ মাটি ভগৱানে আমাৰ বাবে ৰাখিছে।

বৰুৱানী: তাকেই। সোনকালে মাটি অকণ লোৱাৰ ব্যৱস্থা কৰা।

বৰুৱা: মাথা মাৰিয়েই আছোঁ দেখোন। যোৱা পাঁচ-ছয় বছৰে কম মাটি চাইছোঁনে? ক’ৰবাত যদি তিনি/চাৰিজন মালিক ওলাই, ক’ৰবাত আকৌ মাটিখিনিলৈ যাবলৈ ৰাস্তা নাই। বহুকেইবাৰ আকৌ ম্যাদী মাটি বুলি একচনীয়া মাটিহে দেখুৱায়। দীপৰ বিলৰ মাজত যে নাৱৰে পানীৰ ওপৰতে মাটি ডেৰকঠা চাব গৈছিলোঁ; মনত আছেনে? দালালটোক মই যে সুধিছিলো মাটি কোনখিনি? নাৱৰ তলৰ পানীখিনি দেখুৱাই যে কৈছিল যে এইখিনিয়েই মাটি; পুতি ল’লেই হ’ল! আমি দুয়ো যে তধা লাগি ঠোঁট-মুখ চেলেকি গুছি আহিছিলোঁ।

বৰুৱানী: সেইবোৰ পুৰণি কথাৰ এতিয়া কি ‘ৰিলেভেন্স’ আছে? সেইবোৰ বাদ দিয়া। মাটি অকণ ল’ব লাগে সোনকালে। ভাড়াঘৰতে বুঢ়া হোৱাৰ ইচ্ছা নাই একেবাৰেই।

বৰুৱা: ভাড়াঘৰে হঠাৎ ইমান আমুৱালে যে?  এইটো ঘৰ দেখোন বেছ আহল-বহল। পানীৰো ভাল সুবিধা আছে। গড়ীখন পাৰ্কিং কৰাৰো সুন্দৰ ব্যৱস্থা আছে।

বৰুৱানী: তাৰমানে তুমি ভাড়াঘৰতেই জীৱন পাৰ কৰিবা?

বৰুৱা: নাই….মই ঠিক তেনেকৈ কোৱা নাই! নিজৰ ঘৰ এখন মোকো লাগে। বেলকনীত বহি আবেলি পৰত মৃদু স্বৰত ভূপেনদাৰ গান শুনিম আৰু দুয়ো ফিকা চাহ খাম। কি যে ভাল লাগিব!

বৰুৱানী: বাপৰে। সপোন পিছত দেখিবাহে সোণামুৱা। ‘গছত কঠাল ওঠত তেল……!’ নোৱাৰি আৰু এই মানুহজনৰ লগত।

বৰুৱা: খং খাইছা কিয়? লাহে লাহে সকলো হ’ব। আমি মিডল ক্লাছবোৰৰ লগত এনেকুৱাই হয়। সময় লাগে।

বৰুৱানী: মোৰ ধৈৰ্য্য নোহোৱা হৈ আহিছে আৰু। আজি বিয়া হোৱা বাৰ বছৰ হ’ল।

ল’ৰা-ছোৱালীহালো ডাঙৰ হৈ আহিছে। সিহঁতকো জানো অকন ‘স্পেছ’ নালাগে?

বৰুৱা: এৰা…..মই বুজিছোঁ। কিন্তু আৰু কেইবছৰমান এইটো ঘৰতেই থাকি কামবোৰ আগুৱাই নিম বুলিহে ভাবি আছিলোঁ। তুমিও দেখোন ভালেই পাইছিলা এইটো ঘৰ।

বৰুৱানী: ভালেই পাইছিলোঁ। পিচে ম‌ইনো ক’ত জানিছিলোঁ যে ঘৰটোত অলপো সূৰ্য্যৰ ৰশ্মি নোসোমায়। আমাৰ বেডৰূমটো তুমি মন কৰিছানে। তিনি বছৰ মূৰত সেইদিনা কাপোৰ সলাই থাকোঁতে দেখিলোঁ ভেণ্টিলেটৰেৰে কাষৰ ঘৰৰ বুঢ়াটোৱে তেওঁলোকৰ প্ৰথম মহলাৰ পৰা চকু ঠিৰ কৰি আছে। ইম্মান খং উঠিছিল! পিচে কি কৰোঁ? মালিকনীক ক‌ওঁতে তেওঁ হাঁহি এটা মাৰিলে কেৱল। আৰু এই ৰাতি দুটা-আঢ়ৈটা বজাত পিছফালৰ ঘৰে যে পানীৰ মেছিনটো সদায় চলাই অশান্তি কৰে। পাগল নহয় নে এইসব! ৰাতি শুব লাগে নে পানী উঠাব লাগে। থালৌকৈ একেপাত চৰ সোধাব মন যায়।

বৰুৱা: উফ ৰাম! হ’ব এতিয়া বি পি হাই কৰিব নালাগে? বুঢ়াক পালে ভেণ্টিলেটৰেৰে জুমা কথাটো সুধিম বাৰু। কাপোৰ-কানি বাথৰূমতেই সলনি কৰিবা।

বৰুৱানী: ময়ো জানো। পিচে সদায় জানো ইমান কথা মনত থাকে। মানুহে বেডৰূমতো যদি নিজৰ মতে থাকিব নোৱাৰে তেন্তে আৰুনো কি ক’ম।

বৰুৱা: এৰা….

বৰুৱানী: আৰু আমাৰ মালিকৰ নতুন ভাড়াতীয়া ছোৱালী দুজনী যে! এজনী হেনো বেংকাৰ আৰু আনজনীয়ে কিবা চেলচৰ কাম কৰে। সদায় ৰাতি এঘাৰটামান বজাতহে আখলত সোমায়। এক ডেৰঘণ্টা ঠাং-ঠুং আৱাজ। হাঁহি-খিকিন্দালি কৰি ভাত খাই ৰাতি বাৰ বজাৰ পিছত। ধেই…এনেকৈ আৰু পাৰিনে?

বৰুৱা: অ’….সেই কথাটো ময়ো মন নকৰা নহয়। অনবৰতে ফোনত থাকে দুইজনী। সেইদিনা ৰাতি এজনীয়ে নিজৰ বয়ফ্ৰেইণ্ডকে কৈ আছে ‘জান তুমি কেতিয়া আহিবা? মই একদম ব’ৰ হৈ গৈছোঁ জানা। তুমি আহিলে শ্বিলঙৰ ৰিজোৰ্ট এখনত ৱীকেন্দত দুদিনমান থকাকৈ যাম হা!’ তাৰ পিছত একমিনিটমান একো মাত-বোল নাই। মই কাণ উনাই আছোঁ। তাৰ পিছত কি হ’ল নাজানোঁ যুৱতী গৰাকীয়ে মাক-ভনীয়েক সকলোৰে নাম লৈ যিবোৰহে অশ্লীল গালি পাৰিলে! মই গাৰুটোৰে কাণখন ঢাকি শোৱাই শ্ৰেয় বুলি ভাবিলোঁ।

বৰুৱানী: ওহ….এতিয়াহে উৰহী গছৰ ওৰ ওলাল। ৰাতি তুমি সুন্দৰী যুৱতীৰ কথোপকথন শুনি আত্মহাৰা হৈ থকা। মোৰ লগত কিন্তু তোমাৰ কথা পাতিবৰ-শুনিবৰ আহৰি নাই।

বৰুৱা: ধেৎতেৰি সেইদিনা ৰাতি টোপনি ভাঙি গৈছিল। কাণখনত থিলা লগাই থ’লেহে হ’ব এতিয়া।

বৰুৱানী: বুজিছোঁ দিয়া। সব মতা মানুহেই চাঞ্চ পালেই অকণ সুবিধা ল’ব খোজেই। সেই যে এডভাৰটাইজমেণ্টটোত দেখুৱায় ‘ম্যান ৱিল বি ম্যান’!

বৰুৱা: ইস ৰাম। নাপায় দেই। গোটেই পুৰুষ সমাজক জগৰীয়া কিয় কৰিছা হয়?

বৰুৱানী: হ’ব। নাই কৰা। এনেয়েহে কৈছোঁ। এতিয়া মূল কথালৈ আহা। এনেকৈ পাৰি জানো? মোৰ কেতিয়াবা কেতিয়াবা আকৌ গাঁৱৰ ঘৰলৈ ঘূৰি যাবই মন যায়। অনবৰতে ঠেলা-হেঁচা, কোলাহল, গাড়ী-মটৰৰ ধোৱা, ৰাস্তাই-ঘাটে আবৰ্জনা আৰু ধূলি, বৰষুণ দিলে কৃত্ৰিম বান। এই মহানগৰীখনে বাৰুকৈয়ে জুৰুলা কৰিছে বুজিছা। কি জানো বিচাৰি আছোঁ আমি সকলোৱে? প্ৰতিটো কথাতেই প্ৰতিযোগিতা আৰু নোপোৱাৰ বেদনা!(বৰুৱানী গহীন হৈ পৰে )

বৰুৱা: হয় দিয়া। কি জানো বিচাৰি আছোঁ আমি জীৱনৰ পৰা? গাঁৱৰ ঘৰখন মোৰো বৰ প্ৰিয়। হাত দিলেই অ’ত-ত’ত কঁচু-ঢেকীয়া, হৰেক ৰকমৰ ফলমূল, মাছ-কাছ! য’ত শৈশৱ, ল’ৰালি পাৰ কৰিছোঁ, প্ৰাণভৰি খেলিছোঁ। কিন্তু এতিয়া জানো আমি তাত ‘এডজাষ্ট’ কৰিব পাৰিম? 

বৰুৱানী: এৰা….! ম‌য়ো তাকেই ভাবোঁ। এতিয়া দেখোন দুই-তিনিদিন থাকিলেই ব’ৰ হ‌ওঁ। কিবা এটা ভাল নালাগে।

বৰুৱা: বৰ চিন্তাত পৰো এনেকুৱা সময়ত। ইপাৰ-সিপাৰ নাপাওঁ যেন লাগে। বৰ কনফিউজদ্ হৈ যাওঁ। জীৱনৰ ৰস হেৰাই যায়। বৰ অসহায়বোধ কৰোঁ।

বৰুৱানী: হ’ব দিয়া এতিয়া আৰু টেনছনৰ দোকান দিব নালাগে। সোনকালেই মাটি এডোখৰ বিচাৰি ঘৰটো আৰম্ভ কৰিব লাগে। আৰু আঠ-দহবছৰ গ’লে দেখোন বুঢ়া-বুঢ়ীয়েই হ’ম। ল’ৰা-ছোৱালীহালৰ লগত নিজৰ ঘৰত থকাৰ সপোন সপোন হয়েই ৰ’ব!

বৰুৱা: এৰা। কিবা এটা কৰিব লাগিব দিয়া সোনকালেই। এতিয়া অকণ শুই ল‌ও ব’লা। ৰাতি পুৱাবৰ হ’ল। অফিচ যাবৰে হ’ব অলপ পৰ পিছত।

বৰুৱানী: দিয়া হ’লে। ম‌ইও কঁকালটো পোনাই ল‌‌ওঁ। ইহতহালৰ ৰাতিপুৱাৰ ভাত, স্কুলৰ টিফিন আৰু তোমাৰ খানা-পিনাৰ যোগাৰ কৰিবৰ হ’ব‌ই এতিয়া।

(ইতিমধ্যে বৰুৱাৰ নাকৰ ঘোৰঘোৰণি পুনৰ বাহিৰ হয়)

বৰুৱানী(বিৰক্তিৰে): এই মানুহজনৰ লগত নোৱাৰি আৰু। প্ৰতিবাৰেই ‘গালো বালো……’।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *