ন-খোৱা-শ্ৰীঅতুল চন্দ্র বৰা
আঘোণ মাহৰ অন্তিম দিন
পুহ আছেহি ৰৈ।
মোহনক মাতিলে চাৰি ঘৰত
ভোজ খাবলৈ।।
আবেলিৰে পৰা কেইবাবাৰো
কৰি অহা-যোৱা।
মোহনে কৰিলে পেট খালী
ৰাতিলৈ ন-খোৱা।।
লংপেণ্ট পিন্ধি ভোজ খালে
পেট ভৰাবলৈ টান।
সেয়ে সি ঘৈণীয়েকক বোলে
চুৰিয়াখনকে আন।।
প্ৰথম ঘৰত মাছে-শাকে
উদৰ পূৰাই খালে।
দ্বিতীয় ঘৰত হাঁহৰ মঙহ
অমৃতৰ দৰে পালে।।
তৃতীয় ঘৰত ৰঙালাও
কচু-শাকৰ ভাজি।
মোহনে বোলে খোৱাতহে বল
কোনে পাই আজি।।
তিনিঘৰত শেষ কৰি
শেষৰ ঘৰলৈ বুলি।
পথাৰেদি পোনাই যাওঁতে
কমৰ ল’লে খুলি।।
যোৱাৰ পথত মোহনৰ
পেটৰ গোলমাল আহিল।
গছৰ মুঢ়াৰ আঁৰকে লৈ
পোন্ধটো খুলি বহিল৷।
জোনাক নিশা আকাশলৈ চাই
মোহন থাকিল বহি।
চকুৰ আগতে পপীয়া-তৰা
কেবাটাও পৰিল খহি।।
চাই থাকোঁতেই দ্ৰব্যৰ দ’ম
মুঢ়াটোৰ সমান হ’ল।
পথাৰৰ আলিতে চাফা কৰি
মোহন আগুৱাই গ’ল৷।
শেষৰ ঘৰত ৰাইজৰ আগলৈ
সেৱকী ওলাই আহিল৷
বাহিৰে বাহিৰে মোহন গৈ
আশীৰ্বাদ দিবলৈ বহিল৷৷
☆ ★ ☆ ★ ☆