ফটাঢোল

মাণিক দেউৰ বস্ত্ৰ হৰণ- প্ৰান্তৰ ভাগৱতী

আশীৰ দশকৰ প্ৰথম ভাগৰ কথা। আমি আঠ দহবছৰীয়া। সেই সময়ত আমাৰ অঞ্চলত মাণিক দেউৰ বেলেগ ডিমাণ্ড। মাণিক দেউ মানুহজনো সৰবৰহী। মিঠা বৰণীয়া শীৰ্ণকায় শৰীৰ; পিন্ধনত ধূতি পাঞ্জাৱী মুখত ধেমেলীয়া হাঁহি: পাতল চুলিকোচাৰ পিছফালে দীঘল টিকনী এডাল “এই বোলে পূজা এভাগহে পাতিব লাগে; বিদ্যালয়ত সৰস্বতী পূজা;  বিয়াৰ দিন চোৱা; অন্নপ্ৰাসন্ন; ঘৰ লোৱা, দোকান লোৱা; কোনোবা ছোৱালী পুষ্পিতা হ’ল- যোগ কি পৰিল? পতিহীতা নে পতীহীনা নে বেশ্যা নে আৰু কিবাকিবি! দান কি দিব লাগিব; ৰাজহাঁহ এযোৰনে ক’লা ছাগলী নে আন কিবা? (এইবোৰ অৱশ্যে ঠাই ভেদে এতিয়াও চলি আছে!)। ইত্যাদি নানান কাম মাণিক দেউৰ বিনা বিফল। 

বিয়াতটো মাণিক দেউক লাগিবই। আমাৰ খুৰা এজনৰ বিয়া। সকলো ধৰ্মীয় কাম-কাজৰ দায়িত্ব মাণিক দেউৰ ওপৰতেই। সেই সময়ত বিয়া বুলিলে সকলো কাম ঘৰখনতে হৈছিল। মিঠাই বনোৱাৰ পৰা ভোজৰ ছাগলী কটালৈকে। কচাইৰ মাংস সেই সময়ত নাছিল বুলিয়ে ক’ব পাৰি; সেইবাবে আমাৰ দৃষ্টি ভোজলৈ বুলি আনি থোৱা ছাগলীকেইটাৰ ওপৰতেই। ডাঙৰ কেৰাহীটোত ৰঙা জোলখিনিৰ ওপৰত ওপঙি থকা বগা তেলখিনি!বৰ লোভৰ আছিল। ওচৰৰ বিদ্যালয়খনৰ পৰা ডেস্ক বেঞ্চ আনি বিয়াৰ আগৰাতি ডেস্কৰ ওপৰত কাগজ পাৰি তাত গোলাপ, নাৰ্জী, তগৰ আদি ফুলবোৰ চিঙি চিঙি দি ওপৰত পলিথিন দি তলফালে টিপ গজাল মাৰি দিয়া হৈছিল। এই ফুল গোটোৱা সজোৱা আদি কামবোৰ আমাৰ সৰুবোৰৰ দায়িত্ব আছিল। ছোৱালীবোৰে আম পাতৰ মালা বনাই দুৱাৰবোৰত আঁৰি দিয়াৰ দায়িত্ব কৰিছিল। বিয়াৰ দিনা কৰোবাক দায়িত্ব দিয়া হৈছিল মিঠাইৰ গুদাম ৰখীয়া। কাৰোবাক মানুহ মতা; কাৰোবাক ধৰ্মীয় কাম কাজৰ; কাৰোবাক ৰান্ধনীশাল চোৱা-চিতা ইত্যাদি। সেই সময়ত এসপ্তাহ মান আগতেই পেহী, মাহী, জেঠাই আদি আহিছিল বিয়া বুলি বহুত যে কামত সহায়ো কৰি দিছিল। সেয়ে কোনো ৰসিক মানুহে কিছু ধেমেলীয়া কামো কৰিছিল টাৰ্গেট হিচাপে সাধাৰণতে ‌মাণিক দেউ বা তেনেধৰণৰ লোককে বাচি লৈছিল।

ৰাতি আঠমান বজাত দৰা-কইনা ঘৰলৈ যাবলৈ সাজু হ’ল। তেতিয়া আকৌ আজিকালিৰ দৰে সকলোৱে নিজৰ নিজৰ গাড়ী লৈ কইনা ঘৰলৈ যোৱাৰ নিয়ম নাছিল। কাৰণ তেতিয়া গাঁৱত গাড়ী প্ৰায় নাছিলেই। খুব বেছি কাৰোবাৰ দুই এখন এম্বেচাদৰ বা ফিয়েট গাড়ী আছিল। আৰু সেই কেইখন আগতেই দৰা যাবৰ বাবে বুক কৰিছিল। তাকো নিজৰ পৰিয়ালৰ বা খুব ভাল চিনাকি হ’লেহে তেওঁলোকে নিজৰ গাড়ী লৈ দৰা আৰু দৰাৰ আত্মীয়সকলক লৈ গৈছিল। সাধাৰণতে এখন বাছ লোৱা হৈছিল বৰযাত্ৰীসকল যাবলৈ। বাছৰ সংখ্যাও কম আছিল। “গঙ্গা-যমুনা, পুষ্প যাত্ৰা,  ৰাংঢালী, হৰ-গৌৰী আদি বিভিন্ন নামৰ কাঠৰ ওপৰত  চামৰাৰ কুচন লগোৱা এফালে দুজনীয়া আৰু এফালে তিনিজনীয়া চিটৰ বাছবোৰৰ আগফালে দুটা কলপুলি বান্ধি দি বৰযাত্ৰীৰ গাড়ী সজোৱা হৈছিল। আজিকালিৰ দৰে বিভিন্ন ফুল, বুকে আদিৰে দৰাগাড়ী সজোৱা নহৈছিল। দৰাৰ লগত যাবলৈ পাবলৈও ভাগ্য ভাল লাগিছিল। কাৰণ কইনা ঘৰলৈ আগতেই খবৰ দিয়া হয় যে ৫০/৬০ জন বৰযাত্ৰী যাব দৰাৰ লগত। কইনা ঘৰতো সেইদৰেই বৰযাত্ৰীক আপ্যায়ন কৰাৰ ব্যৱস্থা কৰা হয়। পৰিয়ালৰ এজন কাঢ়া সকলোৱে ভয় কৰা লোকে বৰযাত্ৰীৰ লিষ্ট বনায়। সেইদৰে যাৰ যাৰ লিষ্টত নাম থাকে সেইসকল বৰযাত্ৰী সাজি কাচি দৰাৰ লগত যাবলৈ ওলায়। মহিলাসকলে যাৰ নিজৰ অলপ বয়সলৈকে বিয়া নোহোৱাকৈ থকা ছোৱালী আছে সিহঁতক সুন্দৰকৈ সাজি-কাচি স্নৌ পাউদাৰ লগাই মেকআপ কৰাই উলিয়ায়। কিজানি দৰাঘৰীয়া কাৰোবাৰ ছোৱালী পছন্দ হয়েই। তেনেদৰে বিয়া কৰাবলৈ থকা ডেকাবোৰো ফিটফাট হৈ ওলায়।  কোনো মহিলাই  “মনেট বা দাৰলিং জাতীয় চেণ্টৰ বটল এটা উলিয়াই আৰু মহিলাসকলে  কাপোৰত আৰু হাত দুখন দাঙি কাষলতিৰ তলত ফিচ ফিচ কৈ মাৰি লয়। চাৰিওফালে চেণ্টৰ গোন্ধত মলমলাই থাকে। এনেদৰেই দৰা কইনা ঘৰলৈ যাবলৈ ওলাই যায়।”…

মাণিক দেউ আৰু তেওঁৰ যোগালিজনো বেগত মন্ত্ৰ পুথি, ফুল, চন্দন, ধূপ, চাকি, কুশ, চেলেং চাদৰ, ইত্যাদি লৈ দৰাৰ লগত বাছত উঠি কইনা ঘৰলৈ গ’ল। এইদৰেই গৈ বিয়াৰ সকলো ধৰ্মীয় কাম-কাজ মাণিক দেউ আৰু তেওঁৰ যোগালিজনে সুকলমে সুকলমে সামধা কৰিলে। আৰু কইনা লগত লৈ দৰা আৰু বৰযাত্ৰীসকল পুনৰ বাছত উঠি ঘূৰি আহি দৰা ঘৰ পালেহি ৰাতি ৩ মান বজাত। দৰাৰ ঘৰ গচকাই ন-কইনা ওচৰতে থকা আত্মীয়ৰ ঘৰলৈ গ’ল। আন বৰযাত্ৰীসকলো ঘৰাঘৰি গ’ল। মাণিক দেউ আৰু তেওঁৰ সমবয়সীয়া যোগালিজনৰ ঘৰলৈ অলপ দূৰত বাবে দৰা ঘৰত কোঠা এটাত জিৰণি ল’বলৈ দিছিল। পুৱা সোনকালেই উঠি ঘৰলৈ যাবগৈ। ৰুমটোত বিছনা এখনেই আছিল। মাণিক দেউ আৰু তেওঁৰ যোগালিজন পাঞ্জাবী চোলা খুলি গেঞ্জী আৰু ধূতি পিন্ধি একেখন বিছনাতে দুয়ো দুফালে মূৰ কৰি টোপনি গ’ল। আগদিনাৰ লটিঘটি আৰু ভাগৰত দুয়োজন ৯ মান বজালৈকে সাৰেই নেপালে। ইতিমধ্যে দৰাঘৰত ন-কইনা চাবলৈ  আৰু চাহৰ জুতি ল’বলৈ দুই চাৰি ওচৰ চুবুৰীয়া আৰু দুই এটা খটাসুৰ কঁচুগুটিও আহি উপস্থিত হৈছিল। মাণিক দেউহঁত শুই থকা কথা শুনি এজনে চাই দেখিলে ওপৰলৈ মূৰ কৰি মুখখন মেলি মাণিক দেউ ঘোৰ টোপনিত। কাষত বেৰৰ ফালে মূৰ কৰি কাতি হৈ যোগালী দেৱো নাকৰ শব্দ কৰি লালকাল।  শতেতিয়াৰ বিছনাবোৰত আঠুৱা তৰিবৰ বাবে মূৰ পথান আৰু ভৰি পথানত চাৰিডাল কাঠৰ ওপৰত গজাল থকা খুটি থাকে আৰু পথালিকৈ চাৰি দাল কাঠৰ মাৰি লগোৱা থাকে। এজনে মুহূৰ্ততে সুতা এডাল বিছনাৰ ওপৰত থকা কাঠৰ মাৰিত বান্ধি দিলে আৰু আগদিনাৰ  ৰিচিপচনত থাকি যোৱা ৰসগোল্লা এটা সুতা এডালত বান্ধি ঠিক মাণিক দেউৰ  টোপনিত মেলি থোৱা মুখখনৰ ওপৰত সিডাল সুতাত ওলোমাই দিলে। এটাই আকৌ আৰু ওপৰত গৈ দুয়োজনৰ চুৰিয়াৰ আগ দুটা একেলগ কৰি গাঁঠি মাৰি দিলে। তাৰপিছত এবাৰ গৈ এজনে মেলি থোৱা দেউৰ মুখৰ ওপৰত ওলোমাই থোৱা বগা ৰসগোল্লাটোত লাহেকৈ টিপা এটা মাৰি থৈ আহেগৈ। দুটোপাল ৰস মাণিক দেউৰ মুখত পৰে আৰু দেউৱে টোপনিতে চপ চপ কৰি ৰসকণ গিলি থৈ আকৌ মুখ মেলি শুই থাকে। 

এইদৰে টিপোঁতে টিপোঁতে এবাৰ এজনে ৰসগোল্লাত টিপা দিওঁতেই ৰসগোল্লা ভাঙি গোটেইটো দেউৰ মুখতে সোমাই গ’ল। মাণিক দেৱে  সাৰ পায় খকখক কৰি মুখত কি সোমাল বুলি একেজাঁপে উঠি বাহিৰলৈ লৰ ল’লে। পিচে তেওঁৰ চুৰিয়াখন যোগালিৰ চুৰিয়াত বান্ধি থোৱা বাবে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ হোৱাৰ দৰে তেওঁৰ চুৰি‌য়া খোল খাই গ’ল।

তাৰপিছত…. আৰু কি হ’ল মোক নুসুধিব। মাণিক দেউৰ চুৰিয়াৰ তলত সেই তেতিয়াৰ দিনত পিন্ধা নীলাত বগা আঁচ আঁচ টনা হাফপেণ্টৰ দৰে আন্দাৰ পেণ্টটো আছিল নে নাছিল মই কিন্তু নাজানো। মই কাহিনীটো বেলেগৰ মুখতহে শুনা।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *