বালৰ লটিঘটি – অৰ্চন শৰ্মা
পৰীক্ষা দিবলৈ মন নাছিল, নাছিল মানে কি আৰু পৰীক্ষা মই বেয়াই পাওঁ, নাৰ্ছাৰীৰ পৰা কলেজলৈকে এসোপা পৰীক্ষা দিলোঁ, লাভৰ মূৰত কাগজ এসোপা নষ্ট হ’ল দেহৰ লগতে মনৰো কষ্ট হ’ল পঢ়া শুনা নকৰি চিনেমাৰ নায়ক হোৱাৰ সপোন যি আছিল সেয়াও ভ্ৰষ্ট হ’ল পৰীক্ষাৰ নামত গতিকে এনেহেন অসভ্য বস্তুটোক ভাল পোৱাৰ প্ৰশ্নই নাহে। কিন্তু নিদিওঁ বুলিলে হ’ব কি? মাতাজীয়ে হুংকাৰ দিলে -“ভালে ভালে পৰীক্ষাৰ ফৰ্ম ফিলাপ কৰ নহ’লে তোৰ বিচনাখনৰ সতে বয় বস্তু সোপাকে দান কৰি তোক ঘৰৰ পৰা খেদিম”, গালিকেইটা খাই সুৰসুৰকে পৰীক্ষাৰ ফৰ্মফিলাপ কৰি দোকানিক ধনী কৰি থৈ আহিলোঁ।
দুদিনমান ঘৰত শান্তিৰে বসবাস কৰাৰ পাছত আকৌ গালি গলাজৰ বৰষুণ আৰম্ভ হ’ল, “আনৰ ল’ৰাই দিনক ৰাতি ৰাতিক দিন কৰি পঢ়িছে, আমাৰ মূৰখোৱা ল’ৰাই মৰিলেও কিতাপখন হাতত নোতোলে ঔ, ইমান বছৰ পঢ়াৰ নামত পইচাবোৰ পানীত পেলালে ঔ, কেনে অসভ্য জলহস্তীহেন ল’ৰা পালোঁ, হে ভগৱান মোৰহে কপালত এয়া লিখিলা৷”
উৱ…কটা ইমান অপমানৰ পিছত নপঢ়িলে হ’বনে? বছৰ বছৰ ধৰি পৰি থাকি ধূলিৰে পোটখাই থৰ মৰুভূমিৰ ৰূপ লোৱা কিতাপকেইখন জাৰি জোকাৰি ৰেদি কৰিলোঁ, অন্ততঃ গুণ নহ’লেও ধৰ্ম হ’ব, পিছে পঢ়িম কি? এই অসভ্য সংখ্যাবোৰ মোৰ মূৰত সোমাবই নোখোজে, লগতে এইযে তেজৰ সম্পৰ্কসোপা; তেজৰ নহয় আচলতে তেজখোৱা সম্পৰ্কহে এইবোৰ, অমুক অমুকৰ পুতেকৰ একমাত্ৰ ভনীয়েকৰ দেউতাকৰ নাতিয়েক তেন্তে অমুক তমুকৰ কোন? এইবোৰ পঢ়িলে মোৰ নিজৰ সম্পৰ্কবোৰলৈহে সন্দেহ হয় কাৰণ না মোৰ চেহেৰা মোৰ ঘৰৰ কাৰোবাৰ সতে মিলে না মোৰ আচৰণ, মাজে মাজে ভাবোঁ হস্পিটেলত সলনি হৈ গৈছিলোঁ নে কি? এইবোৰৰ পিছত আহে ট্ৰেইনৰ অঙ্কবোৰ, দুখন ট্ৰেইন একেলগে দুটা বিপৰিতমুখী ষ্টেশ্যনৰ পৰা ওলাইছিল তেন্তে সিহঁত কিমান দেৰিৰ পিছত লগ হ’ব! উৱা! এয়াও অংক হ’লনে? সবেই জানে ভাৰতত ট্ৰেইন সদায় লেট তেন্তে এই অনৰ্থক বস্তুবোৰৰ নামত বহীৰ পাতকেইখন নষ্ট কিয় কৰিব লাগে? মাজে মাজে ঘৰলৈ নগৈ বন বনাই ঘূৰি ফুৰা মানুহৰ অংকবোৰো ওলাই, কিহে পাই জানো সেইবোৰক ঘৰ বাৰী নাই হ’বলা ইহঁতৰ নিজেই ঘৰলৈ নগৈ সমাজখনৰ লগতে আমাৰ দৰে প্ৰাৰ্থীবোৰৰো মগজ বেয়া কৰি দিয়ে৷
দিন বাগৰিল, ৰাতি বাগৰিল লাহে লাহে পৰীক্ষাৰ দিনটো পালেহি, ময়ো ইমান দিন পঢ়া শুনা কৰি নিশ্চিত হ’লোঁ যে মোৰ দ্বাৰা এইবোৰ সম্ভৱ নহয়, কিন্তু যিহেতু পৰীক্ষাৰ নামত ইমানখিনি সহিলোৱেই গতিকে শেষৰকণ কিয়নো বাকী ৰাখোঁ বুলি পুৱাই পুৱাই এচৰীয়া ভাতেৰে উদৰ পুৰাই পৰীক্ষা কেন্দ্ৰলৈ ঢাপলি মেলিলোঁ। পৰীক্ষাৰ চেণ্টাৰ চল্লিশ মাইল দূৰত সময়তকৈ আগতে ওলায় যোৱাৰ বাবে আগতেই পালোঁগৈ বাৰু, বাপৰে বাপ কি বাহাৰ ঔ, কোনোবাই গছৰ তলত পঢ়ি আছে, কোনোবাই দোকানতে কিতাপ মেলি পঢ়ি আছে, কোনোবাই আকৌ ছাটি এটাৰ তলতে পঢ়ি আছে বেছিভাগেই চাৰ্ট পেণ্ট পিন্ধি চাহাব হৈ আহিছে মইহে কিবা ক’লা টি চাৰ্ট মিলিটেৰী ট্ৰেক পেণ্ট লগাই মাওবাদীটোৰ দৰে গৈছোঁ, নাযাম কিয়! পেণ্ট চাৰ্ট পিন্ধি গ’লে যদি পেণ্টৰ বেল্টডাল খুলি লৈ যায় সৰ্বনাশ নহ’বনে? এবাৰ এনেকৈ পেণ্ট সুলকি গৈছিলেই তেতিয়াৰ পৰা অমুকা বিৰাট সাৱধান মুঠৰ ওপৰত চাকৰি পিছৰ কথা ইজ্জত মেইন ঔ৷ লাহে লাহে চেকিং আৰম্ভ হ’ল, উৱা! ইয়াতো দেখোন ভেদভাৱ আৰম্ভ হ’লেই, ছোৱালীবোৰক কাপোৰৰ কেবিনত সোমোৱাই লৈছে কিন্তু ল’ৰাবোৰক তেনেকৈয়ে চাৰ্ট খুলিবলৈ দিছে, বেচেৰাহঁত! চাৰ্ট পিন্ধি হাত কোচাই ছাল দি আহিছিল, এতিয়া খুলিব লগা হোৱাত নিজেও কোচ খাই গ’ল৷
ভিতৰলৈ সোমাই গৈ মই বেহুচ হ’বলৈহে বাকী, ইমান মানুহ ঔ, কমেও দুহেজাৰ, এটা চেণ্টাৰতে ইমান বেকাৰ মানুহ আছে, যি দেখিলোঁ নিবনুৱা সমস্যা জ্বলন্ত নহয় ডুবণ্ট সমস্যা, অসমক ডুবাই দিছে এক্কেবাৰে। ৰোল নম্বৰটো এবাৰ মিলাই চালোঁ এইট ছিক্স জিৰ’, টপ ফ্ল’ৰ নিউ বিল্ডিং, ৰূমটোৰ ভিতৰত সোমায়ে মনটো গাৰ্ডেন গাৰ্ডেন লাগি আহিল মোৰ স্কুলৰ লগৰ এটাও তাতে পৰিছে, ৰোল নম্বৰ চালোঁ, এখন বেঞ্চৰ আগ পিছ মাথোঁ, বেচেৰাৰ টেনশ্যনত মুখ শুকাই গৈছে, তাক সেইটো ৰূপত দেখি মোৰ আভ্যন্তৰীণ ম’টিভেশ্যনেল স্পীকাৰজন জাগি উঠিল, তাৰ কাষতে বহি লৈ মোৰ ভাষণ আৰম্ভ কৰিলোঁ,
: চা ভাই, মানুহে কেতিয়াও ভয় কৰিব নালাগে, ভয় কৰিলে চিন্তা বাঢ়ে আৰু তেতিয়াই মানুহে ভুল কৰে, মোলৈকে নাচাৱ কিয়, পৰীক্ষাত একো নোৱাৰিম বুলি জানিও ভয় কৰা নাই, মোৰ দৰে হ বুজিছ, ভয় নকৰিবি একদম, মই আছোঁ নহয় লগত।
: হেই এইডাল, ভয় কৰা নাই নহয় মই জহনী, মই মাত্ৰ ভাবি আছিলোঁ তই ইয়াত কেনেকৈ পৰিলি?
সি ভেকাহি দিলে,
: কেনেকৈ পৰিলোঁ মানে, এয়াই হৈছে ডেন্সিতি…অ ডেন্সিতি নহয়…কিবা বোলেনে, অ, এয়াই হৈছে ডেষ্টিনি!
: বাপেৰৰ মূৰটো, এইটো ৰুমত সকলো ল’ৰা ছোৱালী ‘চি’ৰ পৰা আৰম্ভ হৈছে, তোৰ নামৰ আগৰ আখৰ ‘এ’হে, তই ইয়াত কেনেকৈ আহিলি গাধ ভালকৈ মিলাই চালিনে ৰোল নম্বৰটো?
এইবাৰহে মই থতমত খালোঁ, ল’ৰালৰিকৈ এডমিটখন মেলি চাই দেখিলোঁ মোৰ নম্বৰ ৱান এইট ছিক্স জিৰ’ আৰু মই গজমুৰ্খই মহা গপছত বহি আছোঁগৈ বেলেগৰ চিটত, লগালগ আকৌ ৰুম বিচাৰি দে দৌৰ!
নিজৰ ৰূমটো বিচাৰি পাওঁ মানে প্ৰশ্ন কাকত দিবলৈ আৰম্ভ কৰিছিলেই,
: অ’ বাইদেউ সোমাব পৰোঁনে ?
মূৰটো অকণমানকৈ ভিতৰ সোমোৱাই সুধিলোঁ।
: ইমান দেৰি কি কৰি আছিলা, আগতেই আহিব লাগে বুলি নাজানা নি?
এক্সটাৰনেল বাইদেউজনীয়ে ধমকি দিলে৷
: নাই বাইদেউ, পকেটত চুৰি এখন লৈ অহাৰ বাবে চেকিংত ধৰিছিল, এতিয়াহে আহিবলৈ দিছে, সোমাও নে এতিয়া ভিতৰ?
এক্সটাৰনেলৰ মুখখন শেঁতা পৰি গ’ল মোৰ কথা শুনি, প্ৰশ্নখন অ এম আৰৰ সতে মোৰ কাষতে থৈ মেদাম পলাল৷ কাষতে ধুনু মইনা এজনী পৰিছিল, তাইৰ ফালে চাই হাঁহি এটা মাৰিলোঁ, মুখখন ঘূৰাই দিলে তাই তামাম বেইজ্জতি ধেৎ, মোডটোৱে নষ্ট কৰি দিলে মৰতীয়ে।
পৰীক্ষাৰ বেল দিলে, লগে লগে প্ৰশ্নকাকতখন চায়ে মূৰটো নষ্ট হৈ আহিল, কি ভুল ভুল প্ৰশ্ন কাটিছে হে, সুধিছে অসম মেদিকেল কলেজ ক’ত আছে? উৱা! কেঁচুৱা এটায়ো পাৰিব এইটো প্ৰশ্ন কিন্তু চাৰিটা উত্তৰত এটাতো অসমৰ নাম নাই, যোৰহাট ডিব্ৰুগড় এইবোৰহে আছে, এনেকৈ বাৰু দিয়েনে প্ৰশ্ন? অসমৰ জাতীয় গছ সুধিছে কিন্তু তামোল গছৰ নাম নাই, তামোল গছ নোহোৱাকৈ অসম চলেনে? সময়বোৰ গৈ আছে উত্তৰবোৰো পৰা নোৱাৰাই গোল কৰি গৈ আছোঁ,পৰীক্ষা শেষ হওঁ হওঁ আৰু এনেতে কোনোবাই ফুচফুচাই মতা যেন শুনিলোঁ,
: ঐ শুনাচোন, ঐ শুনানা…
ইফালে সিফালে চাই দেখিলোঁ ধুনু মইনাই এইবাৰ মোৰ ফালে চাই হাঁহি দেখুৱাইছে, বছৰ যোৰা অভিজ্ঞতাৰ পৰা ক’ব পাৰোঁ যে এই হাঁহিৰ অৰ্থ হৈছে তাইক কিবা লাগে, কলম শেষ হ’ল চাগে তাইৰ,
: কি হ’ল, মোৰ হাতত আৰু কলম নাই কিন্তু কৈ দিছোঁ৷
এইবাৰ লেবেল দিয়াৰ টাইম মোৰ, কথাতে কয় নহয় – “হৰ কুত্তা কা দিন আতাহে!”
: ধেই কলম নালাগে অ’, শুনাচোন মানে বেয়া নোপোৱা যদি কোৱাচোন, “স্বাধীনতা মোৰ জন্মস্বত্ত অধিকাৰ” এই কথাষাৰ কোনে কৈছিল?
: অথনি মুখ ঘূৰাই দিছিলা এতিয়া কিয় কম?
খঙটো উজাই আহিল মোৰ।
: ঘূৰাই দিয়া নাছিলোঁ অ’ দেখাই নাছিলোঁ মই, ধেৎ কিযে কোৱা একেলগে পৰীক্ষা দিছোঁ যেতিয়া এনেকুৱা কিয় কৰিম, প্লিজ কোৱানা জানা যদি ?
বৰ মৰম লগাকৈয়ে ক’লে তাই, মোৰে বেয়া লাগি গ’ল, ইমান সহজ সৰল মইনাজনী, সঁচাই তাই মুখখন ঘূৰাই দিছিল জানো? ধেৎ নাই দিয়া চাগে মইহে ভুলকৈ দেখিলোঁ৷
: ঐ কোৱা আকৌ ?
: অ, প্ৰশ্নটো কি আছিল আকৌ কোৱাচোন?
: স্বাধীনতা মোৰ অধিকাৰ বুলি কোনে কৈছিল
: বালে কৈছিল যোৱা লিখি দিয়া৷
এক্কেবাৰে গপছত কৈ দিলোঁ, লগে লগেই পৰীক্ষা শেষ হোৱাৰ বেল দিলে, গতিকে তাইলৈ আৰু ঘূৰি নাচায় মই বাকী থকা গোলকেইটা মিলোৱাত লাগিলোঁ এনেও পৰীক্ষাৰ পিছত তাইক লগ পামেই, তেতিয়া কথা দুই এটা পাতিম,পাৰিলে ফোন নম্বৰটোও যদি ল’ব পৰা যায় বেয়া নহ’ব, পৰীক্ষাটো বৰ এটা বেয়াও হোৱা নাইচোন যদিহে চাকৰিটো পাই যাওঁ তাইকো আনি থ’ব পাৰিলে… এইবোৰ ভাবি গুণী থাকোঁতেই অ’ এম আৰখন এক্সটাৰনেলে নিলেই টানি, বাৰু নিয়ক এনেও গোল কৰা শেষেই হৈছিল মোৰ৷
ল’ৰালৰিকৈ পৰীক্ষাহলৰ পৰা ওলায়ে তাইৰ পিছ ল’লোঁ, মনতে ভাবি লৈছোঁ কিবাকৈ যদি তাইৰ নম্বৰটো গোটাব পাৰি তেনে বৰলা জীৱনটো অকণ চিজিল লাগেই বা! খুব বেগাই গৈছে তাই, মই দৌৰি যোৱাৰ দৰেই গৈ মাত দিলোঁ তাইক,
: ঐ শুনাচোন, তোমাৰ নামটোকে সুধিবলৈ নহ’ল নহয় অথনি, পৰীক্ষা ভালেই হৈছে চাগে ন?
ভাবিছিলোঁ তাই মোক দেখি সেই কলিজা খাই দিয়া হাঁহিটো আকৌ মাৰিব পিছে এইবাৰ দেখোন মোক দেখিয়ে তাইৰ মুখখন ভমককৈ জ্বলি উঠিল,
: চাল্লা ননচেন্স, ষ্টুপিড, এতিয়া লেৰেলা সাদৰ দেখুৱাইচ, অথনি কিবা এটা সুধিলোঁ তই উত্তৰ নিদি বেয়া মাত মাতি বৰ মতা ওলালি, ওলাই ল তই বাহিৰলৈ, চেণ্টাৰৰ বাহিৰত তোক এপিটন নিদিওঁ যদি চাবি, আহ পাষণ্ড বাহিৰতে ৰৈ আছোঁ মই!
কথাখিনি কৈয়ে তাই ৰাজনৈতিক নেতাৰ ফালে উফৰি অহা চেণ্ডেলৰ দৰেই উফৰি পলাল, মই ভেবা চেকা খাই তাতেই ৰৈ গ’লোঁ। ধেৎ কি পাগল ছোৱালী আছিল ঔ এইজনী, শুদ্ধ উত্তৰটো দিয়াৰ পাছতো ইমান খং, আপোনালোকেই কওকচোন ৰাইজ “স্বাধীনতা মোৰ জন্মস্বত্ত অধিকাৰ” বুলি বালেই মানে বাল গংগাধৰ তিলকেই কোৱা নাছিল জানো?
☆ ★ ☆ ★ ☆
9:00 am
গল্পটো শেষ নহ’ল নহয়! বাহিৰত পিটন খোৱাটো নিলিখিলা দেখোন!
শিৰোনাম দেখি আচৰিত হৈছিলো কিন্তু তোমাৰ উত্তৰটো শুদ্ধই আছিল।
ভাল লিখিলা এইটো।
10:18 am
অমুকাই মাৰ খাম ? ঔ কটা এয়া কি কথা ক’লে হে, মৰমত হে গালখন চুই দিছিল তাই