সম্পাদকীয়
আলোচনী বা বাতৰিকাকত এখনত আটাইতকৈ সম্ভ্ৰমেৰে পঢ়িব খোজা শিতানটোৱেই হ’ল সম্পাদকীয়। সম্পাদকৰ নামো যথেষ্ট শ্ৰদ্ধা সমীহেৰে লোৱাটো সৰুৰে পৰা অভ্যাসত পৰিণত হৈছে। তেনেস্থলত উচ্চমানবিশিষ্ট জনপ্ৰিয় আলোচনী এখনৰ সম্পাদকৰ আসনখনত কাৰোবাৰ অনুৰোধতেই হওক বা আন্তৰিক দাবীতেই হওক, মুঠতে পৰিস্থিতিত পৰি বহি লোৱাৰ পিছত সেই মোৰ দৰে অনভিজ্ঞ মানুহ এগৰাকীৰ গতি কি হ’ব পাৰে এবাৰ ভাবি চাওকচোন! ঠিক দায়িত্ব লোৱাৰ পিছৰে পৰা সম্পাদকীয়ৰ পৃষ্ঠালৈ মনত পৰিলেই চিন্তা হয়, কি লিখিম, কেনেকৈ লিখিম!
দুমাহমান আগতে প্ৰচণ্ড বৰষুণ, ৰাজ্যৰ বহুকেইখন জিলাতে বানপানী তথা নগৰাঞ্চলৰ কৃত্ৰিম বানপানীৰ বাবে আবতৰীয়া দীঘলীয়া বন্ধ দিবলৈ প্ৰশাসন বাধ্য হৈ পৰিছিল। সেই বন্ধৰে সুযোগ লৈ ময়ো বাৰাণ্ডাতে বহি ভাল সম্পাদকীয় এটানো কেনেধৰণৰ হ’ব পাৰে, তাকেই চিন্তা-চৰ্চা কৰি বহি আছিলোঁ, সঁচাকৈ ক’বলৈ গ’লে দুঃচিন্তাতেই পৰি গৈছিলোঁ। নৈৰ বানৰ কথা একাষৰীয়াকৈ ৰাখিলে কৃত্ৰিম বানপানীয়েও আমাক যথেষ্ট নগুৰ-নাকটি কৰিছে, সেয়া সঁচা! মূলপথৰ আধাফুটতকৈ বেছি উচ্চতাত প্ৰচণ্ড সোঁতত পানী বৈ গৈছে। তাকেই চাই চাই বহি থাকোঁতে দেখিলোঁ হালধীয়া কিবা এটি উটি আহিছে। আহি আহি পদূলিতেচোন কিহবাত লাগি ধৰিলে, কি বা আহিল বুলি ছাতিটো লৈ দেখিলোঁগৈ এখন প্লাষ্টিকৰ ডলা! মাজৰখিনি ফুটা, ভাঙি গৈছে। গতিকে গৰাকীয়ে পেলনীয়া বস্তু ঘৰত নাৰাখি পেলাই দিছে৷ প্লাষ্টিকৰ ডলাখনে মোক বহুপৰ থৰ কৰি থ’লে! আইতাৰ আখলত আঁৰি থোৱা ডলা এখনলৈ মনত পৰি গ’ল। বাঁহৰ কাঁঠীৰে একদম মিহি মিহিকৈ বোৱা ধোঁৱাচাঙৰ ওপৰত ধোঁৱা লাগি লাগি এন্ধাৰৰ ৰঙ লোৱা এখন যেন মহঙা ডলা! পানীটেঙা, খাৰলি কলপাতেৰে মেৰিয়াই সেই ডলাখনত থৈ দিয়া আছিল। আমাৰ বাবে বৰ লোভনীয় বস্তু আছিল। আপোনালোকৰ দেখাৰ সৌভাগ্য হৈছিলনে বাৰু জাতিলাৱৰ খোলাটোত থৈ দিয়া নিমখ খোৱাৰ অথবা চোৱাৰ? নিমখখিনি আজিৰ দৰে আয়ডিনযুক্ত বা ফিল্টাৰ্ড আছিলনে নাই নাজানো কিন্তু নিমখখিনি থৈ দিয়া পুৰঠ লাৱৰ চুঁচি-মাজি লোৱা খোলাটোলৈ বিশেষ আকৰ্ষণ আছিল। ঠিক সেইদৰে বাঁহৰ চুঙা এটাৰ আধামান কাটি চুটলী এটুকুৰাৰ সহায়ত আঁৰি থোৱা আছিল, তাত ভৰাই থৈছিল খেৰৰ (খেৰবিধৰ নাম নাজানো, উলুখেলৰ দৰেই মিহি, ঝাৰু বনাবলৈও সুবিধা) দাঁত খৰকিয়াবলৈ তাত জোখত খৰিকা বনাই থোৱা হৈছিল। সেইদৰে বিভিন্ন বস্তু থ’বলৈ বাঁহৰ অথবা বেতৰ নানানটা সাঁচ অথবা সঁজুলি তৈয়াৰ কৰি থোৱা হৈছিল, ককাক দেখিছিলোঁ কলপাত এখিলা চিৰিলি চিৰিলিকৈ ফালি চুঙাটোত মেৰিয়াই জুইত পুৰি দিছিল, তাৰপিছত চুঙাটোত এটা বৰ ধুনীয়া ডিজাইন উঠিছিল, সেইবোৰ আছিল আজিৰ দিনৰ মহঙা ইকো ফ্ৰেণ্ডলী কাৰবাৰ চাগে। কিছুমান সামগ্ৰী হেৰুৱাই, কিছুমান সামগ্ৰী সময়ৰ সোঁতত অব্যৱহৃত হৈ উঠাৰ নামত আমি আমাৰ সংস্কৃতিৰ উপাদানবোৰেই যেন সংকুচিত কৰি আনিছোঁ! এনে নালাগেনে বাৰু? আইতাৰ শোৱাকোঠাৰ জপাটোৰ ঠাইত এতিয়া ৱাৰড্ৰৱ আহিল ঠিকেই, প্লাষ্টিকৰ ষ্টিককেইডাল আৰু কাপোৰকেইখন DIY কৰি তোলা আলমিৰাটো আমিয়েই আদৰি অনা নাইজানো? কঢ়িয়াবলৈ ভাল, সহজ, পাতল আদি সুবিধাৰ অন্ত নাই! কিন্তু অসুবিধাবোৰ? আওকাণ কৰোঁ। নিজৰ জীৱনৰে গেৰাণ্টি নথকা মানুহবোৰে গেৰাণ্টি ৱাৰেণ্টি কাৰ্ড নোহোৱাকৈ কোনো বস্তুৱেই ল’ব নোখোজোঁ, আমাৰ ব্যৱহাৰ শেষ হৈ যোৱাৰ পিছত সেই সামগ্ৰীয়ে পৃথিৱীক যিয়েই ক্ষতি নকৰক কিয়! আমি ওপৰে ওপৰে সামগ্ৰীবিধৰ কথা স্থায়িত্ব আৰু উপযোগিতাৰ কথাহে চিন্তা কৰোঁ। নহ’লেনো বাৰু খেলনা আদিৰ কথা বাদেই দিলোঁ খৰাহী, পাচি, ঝাৰু, ডলা, চালনী, দাঁত খৰকিওৱা মাৰি ডাললৈকে প্লাষ্টিকৰ গোটাওঁনে? আমাৰ সহজ কথা প্লাষ্টিকৰবোৰে দিন যায় কিন্তু ভালকৈ মন কৰিলে দেখা যায় ঘৰত থকা বাঁহৰ পাচি, বেতৰ চকীখনৰ বয়স কিমান! কিন্তু আমি কেতিয়াবা ওজনটো, কেতিয়া ৰঙ চাই প্লাষ্টিকৰ সামগ্ৰীলৈ মন মেলিছোঁ আৰু পৃথিৱীক একপ্ৰকাৰৰ নজহা নপমা বস্তুবিধ দি গৈছোঁ। আনকি মাটিৰ টাবকেইটা এৰি ৰঙ -বিৰঙৰ টাবেৰে ঘৰখন সজোৱাত গুৰুত্ব দিছোঁ।
এনেকৈ বাঁহ-বেতৰ বস্তুবোৰ এৰোঁতে এৰোঁতে নিজৰ অজানিতেই আমি বহু হেৰুৱাই পেলাইছোঁ যেন অনুভৱ হয়! কিছু গোন্ধ, কিছু শব্দ কেতিয়া আমাৰ পৰা হেৰাই গৈছে হয়তো আমি ততকে ধৰিব পৰা নাই! পাহাৰীয়া ঠাইত ফুৰিবলৈ যাওঁতে আপুনি কেতিয়াবা নিজৰাৰ পানী বাঁহৰ চুঙাত খাই চাইছেনে? কেঁচাবাঁহটোৰ সেই বুকু উজাই ল’ব খোজা গোন্ধটো! ব্ৰেণ্ডেড দৈ প্লাষ্টিকৰ টেমা, পলিথিনত খাওঁতে খাওঁতে বাঁহৰ চুঙাৰ দৈলৈ আমি পাহৰিলোঁ, লাহে লাহে হেৰাই গ’ল বাঁহৰ চুঙা বেচামানুহজন, চুঙাত দৈ বেচা মানুহজন আৰু আমি চাৰিওফালে
গোটাই গ’লোঁ অযথা প্লাষ্টিক কিছুমান। সেই মানুহজনেও হয়তো ৰাইজৰ চাহিদা দেখি সস্তীয়া পলিথিনত দৈ বেচিবলৈ যো জা চলালেগৈ। আমাৰ দৈনন্দিন জীৱনৰ পৰা আঁতৰি যোৱাৰ লগে লগে সেই বস্তুবোৰ সাহিত্যৰ পৰাও চাগে হেৰাই যায়, যিদৰে পদূলিবোৰত থাকি শব্দৰে গৃহস্থক আগজাননী দিয়া নঙলাকেইডাল নীৰৱে আঁতৰি যোৱাৰ লগে লগে আজিকালি গল্প-কবিতাতো নঙলাকেইডালক বিচাৰি পোৱা টান হ’ল! বাঁহ-বেতৰ সামগ্ৰীবোৰক অনাদৰ কৰি আমি এটা থলুৱা আৰু যথেষ্ট সম্ভাৱনাময় শিল্প এটিক একপ্ৰকাৰৰ মৰণৰ দিশে ঠেলি পঠিওৱা যেন নালাগেনে? পৰ্যটনৰ দিশতো বাঁহ বেতৰ অৱদানৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনীয়তা আছে। আমি বিশেষকৈ অসমীয়া সকলেযেন নিজেই সেই সম্ভাৱনাক মুচৰি থৈ দিছোঁ। বানপানী ৰাষ্ট্ৰীয় সমস্যা হয়নে, নহয় যদি কিয় নহয়, বানপানী ৰোধৰ বাবে ব্ৰহ্মপুত্ৰ খনন হ’বনে, ইমানবোৰ প্ৰশ্নবোধক বাঢ়নীপানীৰ সৈতে লাগিয়ে আছে, কিন্তু আমি যদি এটা বিকল্প উলিয়াব পাৰোঁ যে যিবোৰ সামগ্ৰী আমি বাঁহ-বেতৰ ব্যৱহাৰ কৰিব পাৰোঁ, সেইবোৰ আমি প্লাষ্টিকৰ ব্যৱহাৰ নকৰোঁ, এটি মাত্ৰ সৰু সংকল্পই আমাক দীঘলীয়া বাট এটি কাটিবলৈ সুযোগ দিয়ে যদি আমি ৰৈ কিয় থাকোঁ? নে কি কয়? প্লাষ্টিকৰ খৰাহিটো, ডলাখন, চালনীখন কিনাতকৈ আমি থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা বাঁহৰ চালনী, ডলাখন, খৰাহিটো কিনি আনোচোন আহক। কিজানিবা পুৰণা ছবি কিছুমান ঘূৰি আহেই! কিজানিবা অজীৰ্ণ প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰি প্ৰকৃতিক অকণমান সুৰক্ষা দিব পাৰোঁৱেই! কৃত্ৰিম বানত উটি আহি নলাটোৰ মুখত লাগি থকা ডলাখনে পুৰণি স্মৃতিৰ পেৰাটো খুলি দিলে, তাৰেই আঁত লৈ মনতে ভবা কথাবোৰে সম্পাদকীয় পৃষ্ঠাটো ভৰালোঁ। এয়া এজন সম্পাদকৰ মনৰ কথা বুলিয়েই পঢ়িব।
দিন আহিনত সোমাল। ধৰা লাহে লাহে নিয়ৰত ভিজিবলৈ আৰম্ভ কৰিছে, বুকুলৈ উজাই লৈ মন-মগজু সতেজ কৰি তুলিব পৰাকৈ শেৱালি কেইজোপাও ফুলিছে। আলোচনীখন আপোনালোকৰ হাতত পৰালৈ শাৰদীয় দুৰ্গোৎসৱ আৰম্ভই হ’ব। গতিকে সকলোলৈকে আগতীয়াকৈ শাৰদীয় শুভেচ্ছা জনালোঁ। আৰু যিসকলে নিজৰ অমূল্য সময় খৰচ কৰি আলোচনীখনৰ বাবে লেখা প্ৰস্তুত কৰিলে, সকলোকে আন্তৰিক ধন্যবাদ জনাই আপোনালোকৰ কলমৰ সৃষ্টিশীল যাত্ৰা যুগজয়ী হোৱাৰ কামনা কৰিলোঁ৷
আলোচনী এখনৰ সফলতা তথা স্থায়িত্ব বহুপৰিমাণে নিৰ্ভৰ কৰে পাঠকৰ ওপৰত। পাঠকৰ সঠিক পঠন আৰু মূল্যায়নেহে এখন আলোচনীৰ যাত্ৰা সুচল কৰি তোলে, ফটাঢোল ই-আলোচনীখন পূৰ্বতে এমহীয়া আছিল যদিও এইবাৰ প্ৰথমবাৰৰ বাবে তিনিমহীয়া কৰা হৈছিল, কিন্তু দুৰ্ভাগ্যবশত তিনিমাহৰ ঠাইত চাৰিমাহতহে প্ৰকাশ কৰিবলৈ সমৰ্থ হ’লোঁ, এই বিলম্বৰ নৈতিক দোষ সম্পাদক হিচাপে মই শিৰপাতি লৈ পাঠকৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু পৰৱৰ্তী সময়ত আলোচনীখন সঠিক সময়ত সুন্দৰ ৰূপে প্ৰকাশ হোৱাৰ আশা প্ৰকাশ কৰিছোঁ। সম্পাদনাসমিতিৰ সকলো সদস্যৰ যথেষ্ট কষ্টৰ বিনিময়ত এটি সংখ্যা পাঠকলৈ আগবঢ়াই দিয়া যায়, তৎস্বত্বেও কিছু ভুল- ভ্ৰান্তি ৰৈ যাব পাৰে, তাৰবাবে আগতীয়াকৈ ক্ষমা বিচাৰি সেইখিনি আঙুলিয়াই দিবলৈ অনুৰোধ জনালোঁ।
শেহত পুনৰ শাৰদীয় শুভেচ্ছাৰে …
জয়তু ফটাঢোল।
সম্পাদক,
পঞ্চম বৰ্ষ,দ্বাদশ সংখ্যা
☆ ★ ☆ ★ ☆
10:28 am
ভাল লাগিল লেখাটো।
11:16 am
আন্তৰিক ধন্যবাদ
11:16 am
সুন্দৰ সম্পাদকীয়, ভাল লাগিল
1:11 pm
আন্তৰিক ধন্যবাদ
12:51 pm
অনুপম সম্পাদকীয়।
সঁচাই চিন্তনীয় বিষয়।পূৰ্বৰ জৈৱিক বস্তুবোৰে প্ৰকৃতিৰ বাবে কোনো প্ৰত্যাহ্বান সৃষ্টি কৰা নাছিল।কিন্তু আজিৰ প্ৰায়বোৰ প্লাষ্টিকৰ বস্তুৱেই প্ৰকৃতিৰ বাবে বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।আমাৰ দূৰদৰ্শিতাৰ অভাৱতেই অসমৰ বহু শিল্প আজি সংকটৰ গৰাহত।বৃত্তপথৰে গতি কৰিলে পুণৰ আদিবিন্দু পোৱাৰদৰে শেষত বাধ্য হৈ হ’লেও আমাৰ ভৱিষ্যত প্ৰজন্মই এই বস্তুবোৰ পুণৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হ’ব যেন লাগে।হয়তো তেতিয়া বিকল্প নাথাকিবগৈ।সেয়ে আমি এতিয়াই অলপ সতৰ্ক হৈ আমাৰপৰাই প্ৰক্ৰিয়াটো আৰম্ভ কৰা ভাল।
সুন্দৰ সম্পাদকীয়টো বহুদিনলৈ হয়তো মনত থাকিব।
1:12 pm
অশেষ ধন্যবাদ দাদা। অনুপ্ৰাণিত হ’লোঁ
9:50 pm
ভাল হৈছে সম্পাদকীয়।
6:56 am
ধন্যবাদ 😊😊
12:39 pm
ভাল লাগিল সম্পাদকীয়টো৷
10:02 am
যোগাত্মক চিন্তাৰ খোৰাক দিয়া আপোনৰ সম্পাদকীয়ই ভবাই তুলিলে! ভালপালোঁ৷ শুভকামনা থাকিল৷