ফটাঢোল

মূল: বুদ্ধু, লেখক:জিম কৰবেট, অনুবাদ-নয়নমণি হালৈ

(জিম কৰবেটৰ নাম নুশুনা শিক্ষিত ভাৰতীয় লোক নাই বুলিলেই হয়৷ এজন প্ৰকৃত অৰণ্যপ্ৰেমী, ভাৰতবৰ্ষত বন্যপ্ৰাণী সংৰক্ষণ আন্দোলনৰ বাটকটীয়া,

সৰ্বোপৰি এজন পাকৈত চিকাৰী হিচাপে জিম কৰবেট আমাৰ সকলোৰে পৰিচিত৷ জিম কৰবেটৰ ব্যাঘ্ৰ চিকাৰৰ কাহিনীপুথি ‘জাংগললোৰ, কুমায়ুনৰ নৰখাদক,

ৰুদ্ৰপ্ৰয়াগৰ চিতা, টেমপল টাইগাৰ্চ’ আদি আজিও অসামান্য জনপ্ৰিয়৷ কিন্তু এয়াই জিম কৰবেটৰ শেষ পৰিচয় নহয়৷ জিম কৰবেটৰ সকলোতকৈ ডাঙৰ পৰিচয়টো হ’ল তেওঁ এজন অসাধাৰণ লেখক আৰু মানৱপ্ৰেমী৷ সেইসময়ত ভাৰতবৰ্ষৰ বিশেষকৈ উত্তৰ ভাৰতৰ গ্ৰামে-গঞ্জে বসবাস কৰা সাধাৰণ মানুহৰ দুখ-যন্ত্ৰনাৰ শেষ নাছিল৷ এইবোৰ মানুহৰ সৈতে জিম কৰবেটৰ আছিল আত্মিক নৈকট্য৷ দুহাত উজাৰি তেওঁ মানুহক সহায় কৰিছিল৷ ভাৰতীয় সংস্কৃতি আৰু গ্ৰামীণ জীৱনলৈ তেওঁৰ আছিল অকাট্য স্নেহ আৰু শ্ৰদ্ধা৷ এই সকলোবোৰ কথাৰ প্ৰমাণ পোৱা যায় তেওঁৰ “মাই ইণ্ডিয়া” নামৰ পুথিখনৰ পৰা৷ ‘বুদ্ধু’ নামৰ লেখাটো তেওঁৰ ‘মাই ইণ্ডিয়া’ পুথিখনৰ পৰাই লোৱা হৈছে৷)

বুদ্ধু আছিল অনুন্নত সম্প্ৰদায়ৰ মানুহ৷ তাৰ জীৱন আছিল খুব কষ্টৰ৷ অভাৱ আৰু কঠোৰ পৰিশ্ৰমে তাক ভীষণ ভাৱে আঘাত কৰিছিল৷ মই তাক বহুবছৰ ধৰি দেখিছোঁ, কিন্তু কেতিয়াও তাৰ মুখত মই হাঁহি দেখা নাই৷ মানুহটো আছিল ক্ষীণমীন আৰু লম্বা৷ বয়স প্ৰায় পয়ত্ৰিশ৷ মোৰ ওচৰলৈ সি তাৰ পত্নী আৰু শিশু দুটাকো লগত লৈ আহিছিল৷ সি মোৰ ওচৰত এনেকুৱা এটা কাম বিচাৰিছিল, যিটো কাম সি আৰু তাৰ পত্নী দুয়োৱে কৰিব পাৰে৷

মোকামাঘাটৰ কামটো আছিল এনে, য’ত পুৰুষ-তিৰোতাই একেলগে কাম কৰিব পাৰে৷ মই সিহঁত দুয়োজনকে তাতেই নিয়োগ কৰিলোঁ৷ কামটো আছিল ষ্টেচনৰ ডাঙৰ লাইনত সোমোৱা মালগাড়ীবোৰৰ পৰা সৰু লাইনৰ মালগাড়ীবোৰত কয়লা বজাই কৰা৷ সিহঁতে সেই কামটোকেই কৰিবলৈ আৰম্ভ কৰিলে৷

চৰিফুট ওখ এঢলীয়া প্লেটফৰ্ম, য’ত দুইটা লাইনৰ মালগাড়ীবোৰ মুখামুখিকৈ থিয় হৈ থাকে৷ প্লেটফৰ্মটোৰ ওপৰত কোনো চালি নাই৷ সেইবাবে ইয়াত সকলোৱে খুব কষ্ট সহ্য কৰি কাম কৰিব লগা হয়৷ বাৰিষা যেনেকৈ বৰষুণত ভিজি ভিজি কাম কৰিব লগা হয়, তেনেকৈ শীতকালত প্ৰচণ্ড ঠাণ্ডাতো কঁপি কঁপি কাম কৰিব লগা হয়৷ গ্ৰীষ্মৰ প্ৰখৰ ৰ’দত প্লেটফৰ্মৰ ইটাবোৰ যেন গলি যায়, তাৰ ওপৰত খোজ দি কাম কৰোঁতে প্ৰাণ ওলাই যোৱাৰ উপক্ৰম হয়৷ আনহাতে মালগাড়ীৰ তীখাৰ ডবাবোৰৰ পৰা যেন জুইৰ ভাপ ওলাই আহে৷ যিবোৰ মানুহ এই কামত লিপ্ত, সিহঁতৰ প্ৰত্যেকৰে প্লেটফৰ্মৰ ইটা আৰু মালগাড়ীৰ লোহাৰ ডবাবোৰৰ পৰা ওলোৱা তাপ সহ্য কৰি কৰি ভৰিত জ্বলা বান্ধি যায়৷ তথাপিও সিহঁতে অমানুহৰ দৰে হাতত বেলচা লৈ নিৰ্মম যন্ত্ৰৰ দৰে কাম কৰি যায়৷

বেলচা হাতত লৈ কৰা এই কামত কষ্ট কিমান সেয়া মোৰ ভালদৰে জনা আছে৷ ইয়াত কাম কৰিবলৈ আহিলে বনুৱাৰ প্ৰথম দিনাই দুয়োহাত লাল আৰু ক্ষত-বিক্ষত হৈ উঠে৷ কাম যিহেতু তলমুৱাকৈ হালি হালি কৰিবলগা হয়, সেয়ে কিছুসময় কাম কৰাৰ পিছতে পিঠি টানি ধৰে৷ দ্বিতীয় দিনালৈ জ্বলা বন্ধা হাত আৰু পিঠিৰ টনাটনিয়ে শৰীৰ আৰু যন্ত্ৰনাদায়ক কৰি তোলে৷ তৃতীয় দিনালৈ কষ্টৰ সীমা নাথাকে৷ হাতৰ জ্বলাবোৰ ফাটি ঘাঁ হৈ যায় আৰু পিঠিৰ অসহ্য বিষৰ বাবে মানুহ এজন পোণকৈ থিয় দিয়াৰ বাবেও বহুসময়ৰ প্ৰয়োজন হয়৷ এনেধৰণে কাম কৰি কৰি শৰীৰক মনাবলৈ প্ৰয়োজন হয় অসীম ধৈৰ্য আৰু সহ্যশক্তিৰ৷ আৰু যিয়ে এই যন্ত্ৰনা সহ্য কৰি টিকি যায়, সিহঁতেই এই কামৰ সৈতে নিজকে মনাব পাৰে৷

বুদ্ধু আৰু তাৰ পত্নীয়ে এই কামতে যোগ দিলে৷ বেলচা হাতত লৈ সিহঁতেও কামত লাগি গ’ল৷ কিন্তু পূৰা ষোল্ল ঘণ্টা কাম কৰাৰ পিছত যেতিয়া শৰীৰ ক্লান্ত আৰু অবসন্ন হৈ পৰিল, তেতিয়া সিহঁতে বৰকৈ অভাৱ অনুভৱ কৰিলে ক্ষণিক বিশ্ৰামৰ বাবে হ’লেও এখন চালিৰ৷ মই সিহঁতে থকাৰ বাবে এটা চালিঘৰৰ বন্দৱস্ত কৰি দিলোঁ৷ কাৰণ সিহঁতৰ কষ্ট মোৰ ওচৰত বৰ বেদনাদায়ক হৈ উঠিছিল৷

একোবাৰ ভাবোঁ সিহঁতক আন কিবা কাম কৰিবলৈ ইয়াৰ পৰা পঠিয়াই দিওঁ, ক’ৰবাত হয়তো ইয়াতকৈ কম কষ্টৰ কাম সিহঁতে যোগাৰ কৰি ল’ব পাৰিব! কিন্তু দুয়োজনৰে শৰীৰত আছিল অসীম ধৈৰ্য আৰু সহ্যশক্তি৷ কামটো যদিও খুব কষ্টৰ, কিন্তু ধৈৰ্য আৰু সহ্যশক্তিৰে কাম কৰিলে ইয়াৰ পৰা মোটামোটি এটা ভাল উপাৰ্জন কৰিব পাৰে৷ ইয়াৰ আগতে যে ইমান পইছা বুদ্ধুই একেলগে কেতিয়াও উপাৰ্জন কৰা নাই, সেই কথাও মই বুদ্ধুৰ পৰা গম পালোঁ৷ সেয়ে অসহ্যকৰ পিঠিৰ বিষ আৰু জ্বলা বন্ধা হাতকো উপেক্ষা কৰি সিহঁতে কাম কৰি গ’ল৷ প্ৰতিদিনেই ৰাতিপুৱা সিহঁত আনন্দমনেৰে কামলৈ ওলাই আহে৷ গোটেই দিন একান্ত মনে কাম কৰি হাঁহিমুখে সন্ধিয়া সিহঁতৰ আস্তানালৈ উভতি যায়৷

গ্ৰীষ্মকালত কয়লাৰ যোগান বেছি হৈ আহে৷ এই সময়ত কামৰ চাহিদাও বাঢ়ি যায়৷ তিৰোতা পুৰুষ মিলি প্ৰায় দুশমান মানুহে এই সময়ত কয়লা বজাই কৰা কামত যোগ দিয়ে৷ সময়টো আছিল তেতিয়াৰ যেতিয়া ভাৰতৰ পৰা কয়লা ৰপ্তানি কৰা হৈছিল৷ ৰপ্তানি কৰা বিভিন্ন দ্ৰব্য, শষ্য, আফিং, নীল, কেঁচাচামৰা, হাড় আদি বয়বস্তুৰে মালগাড়ীবোৰ কলিকতালৈ যায়৷ এনেদৰে ৰপ্তানিৰ বাবে বজাই কৰা কয়লা আমাৰ মোকামাঘাটতেই প্ৰায় পাঁচ লাখ টন মজুত হৈছিল৷

এনে সময়তে বুদ্ধু আৰু তাৰ পত্নী হঠাত্‍ এদিন কামৰ পৰা অন্তৰ্ধান হ’ল৷ চামাৰি আছিল বুদ্ধুই কাম কৰা মজদুৰ দলটোৰ চৰ্দাৰ৷ তাৰ পৰা জানিব পাৰিলোঁ যে আগদিনা অহা এখন পোষ্টকাৰ্ড পায়েই বুদ্ধুহঁত ৰাতাৰাতি সিহঁতৰ গাঁৱলৈ গুচি গৈছে৷ লগতে এই কথাও কৈ গৈছে যে খুব সোনকালেই সিহঁতে উভতি আহি পুনৰ কামত যোগদান কৰিব৷

প্ৰায় ছয়মাহ সিহঁতৰ ঘৰটো খালী হৈ পৰি থাকিল৷ তাৰপিচত হঠাত্‍ এদিন দুয়ো আহি ওলাল আৰু আগৰ দৰে আকৌ কামত যোগ দিলে৷ এনেদৰে কাম কৰি কৰি বছৰচেৰেক পিছত আকৌ এদিন সিহঁত নহোৱা হৈ গ’ল৷ গম পালোঁ, এইবাৰো আগৰ দৰে ডাকযোগে পোষ্টকাৰ্ড এখন অহাৰ পিছত সিহঁত দেশলৈ গুচি গৈছে৷

কষ্টকৰ কাম কৰি থাকিলেও বুদ্ধুহঁতৰ শৰীৰ, স্বাস্থ্য মোটামুটি ভালেই আছিল৷ কিন্তু তিনিমাহ পিছত উভতি অহা বুদ্ধুহঁতক এইবাৰ শুকাই-ক্ষীণাই হাড়ে-ছালে লগা দেখি মনটো মোৰ সন্দিহান হৈ পৰিল৷ যিহেতু সিহঁতে মোক এই সম্পৰ্কে একো কথা ক’ব খোজা নাই, গতিকে ময়ো সিহঁতক এই বিষয়ে কিবা সোধাতো অনুচিত বুলিয়ে ভাবিলোঁ৷ তাৰোপৰি আনৰ ব্যক্তিগত জীৱনৰ বিষয়ে বেছি খা-খবৰ লোৱাতো মোৰ চৰিত্ৰৰ ভিতৰত নপৰে৷ ভাৰতীয়সকলেও এই বিষয়টো যে পচন্দ নকৰে, সেয়া মই লক্ষ্য কৰিছিলোঁ৷ গতিকে বুদ্ধু আৰু তাৰ ঘৈনীয়েকে এখন পোষ্টকাৰ্ড আহিলেই যে বছৰে বছৰে কাম এৰি গাঁৱলৈ গুচি যায়, সেই বিষয়ে মোৰ জনাৰ আগ্ৰহ থাকিলেও মোৰ পক্ষে সেয়া জনাতো সম্ভৱ নাছিল৷

মজদুৰবোৰৰ নামত অহা চিঠি-পত্ৰ ইত্যাদিবোৰ তেওঁলোকৰ চৰ্দাৰৰ হাততেই প্ৰথমে পৰে৷ পিছত চৰ্দাৰজনে চিঠিবোৰ ভাগে ভাগে বিলাই দিয়ে৷ কিন্তু বুদ্ধুহঁতৰ বিষয়টোৱে যিহেতু মোক ভবাই তুলিছিল, সেয়ে এদিন চামাৰিক মাতি আনি ক’লোঁ, 

: যেতিয়াই বুদ্ধুৰ নামত পোষ্টকাৰ্ড আহে, তুমি তাক মোৰ ওচৰলৈ পঠিয়াই দিবা৷

নমাহ পিছত পোষ্টকাৰ্ড আহিল৷ সেই সময়ত কয়লা যোগানৰ ভৰপক সময়, কাজেই পুৰুষ তিৰোতা সকলোৰে অক্লান্ত পৰিশ্ৰমৰ দিন৷ এই সময়তে হাতত পোষ্টকাৰ্ড লৈ বুদ্ধু এদিন মোৰ অফিচত আহি হাজিৰ হ’ল৷ তাক মই ক’লোঁ- 

: পষ্টকাৰ্ডত কি লিখা আছে মোক পঢ়ি শুনাচোন। 

মোক আচৰিত কৰি সি ক’লে যে সি পঢ়িব লিখিব নাজানে, গতিকে এইখনত কি লিখা আছে সি নাজানে৷ পোষ্টকাৰ্ডৰ কথাবোৰ সিহঁতৰ চৰ্দাৰে তাক পঢ়াই শুনায়। চিঠিখন লিখে সিহঁতৰ গাঁৱৰ মুখীয়াই৷ ‘খেতিৰ বতৰ বাবে পথাৰত ফচল কটাৰ সময় হৈছে, গতিকে সিহঁত যাব লাগে’- এয়াই মহাজনে তালৈ লিখা চিঠি৷

মহাজনৰ চিঠি পোৱা মাত্ৰকে বুদ্ধুহঁত গাঁৱলৈ গুচি যোৱাৰ আঁৰত লুকাই আছে এটা কৰুণ কাহিনী; যি কাহিনীৰ লগত জড়িত আছে বুদ্ধুৰ লগতে এই দেশৰ শত কোটি ধাৰত পোত যোৱা দুখীয়া কৃষকৰ নিপীড়নৰ কাহিনী৷ সেই কৰুণ কাহিনী মোৰ অফিচত বুদ্ধুৱে কৈ গৈছিল৷

বুদ্ধুৰ ককা-দেউতাক আছিল আনৰ খেতি পথাৰত কাম কৰা এজন মজদুৰ৷ অত্যন্ত অভাবী মানুহ৷ কোনো এক সময়ত তেওঁ গাঁৱৰ মহাজনৰ পৰা দুই টকা ধাৰলৈ লৈছিল৷ মহাজন সুদৰ কাৰবাৰী কৰা মানুহ৷ মহাজনে সেই দুটকাৰ পৰা একটকা এবছৰৰ সুদ হিচাপে আগতীয়াকৈ কাটি ৰাখি ককাদেউতাকক দিছিল এক টকা৷ কিন্তু ধাৰ হৈ থাকিল দুইটকা, সেই কথা মহাজনৰ খাতাত লিখি ককাদেউতাকৰ টিপচহী মাৰি ল’লে৷ মহাজনৰ সেই ধাৰ বুদ্ধুৰ ককাদেউতাকে তেওঁৰ জীৱনকালত আৰু পৰিশোধ কৰিব নোৱাৰিলে৷ কিন্তু মাজে মাজে দুই অনা, চাৰি অনা কৰি মহাজনক সুদ দি থাকিল৷ ককাদেউতাকৰ মৃত্যুৰ পিছত সেই ধাৰৰ বোজা আহি পৰিল বুদ্ধুৰ বাপেকৰ ওপৰত৷ সেই সময়লৈ মহাজনৰ ধাৰ সুদে -মূলে পঞ্চাশ টকা হৈ উঠিল৷

বুদ্ধুৰ বাপেকেও সেই ধাৰ পৰিশোধ কৰাৰ আগতেই সিফলীয়া হ’ল৷ কিন্তু তেওঁ বাচি থাকোঁতেই সেই ধাৰৰ পৰিমাণ এশ পোন্ধৰ টকা হ’ল৷ ইতিমধ্যে বৃদ্ধ মহাজনৰো মৃত্যু ঘটিছিল আৰু তেওঁৰ ঠাই লৈছিল তেওঁৰ ডেকা পুত্ৰই৷ এই ডেকা মহাজনে এদিন বুদ্ধুক মাতি আনি ক’লে যে, তাৰ ধাৰ বাঢ়ি গৈ বহু টকা হৈছে৷ গতিকে সি সকলো হিচাপ ষ্ট্যাম্প-মোহৰ লগোৱা দলিল পাতত লিখি, চহী কৰি তাক পঞ্জীয়ণ কৰি দিব লাগে৷ এইফালে বুদ্ধুৰ এনেকুৱা অৱস্থা যে তাৰ দলিল পত্ৰ কিনি পঞ্জীয়ন কৰাবলৈও হাতত এটা ফুটাকড়ি নাই৷ গতিকে মহাজনেই সেই সকলোবোৰ কাম কৰি তাক সহায় কৰিলে, আৰু সেই সকলো হিচাপ তাৰ পূৰ্বৰ ধাৰৰ লগতে যোগ কৰি ল’লে৷ পকা দলিল কৰাৰ পিছত বুদ্ধুই গম পালে যে তাৰ ধাৰৰ পৰিমাণ হ’ল এশ ত্ৰিশ টকা৷ কিন্তু মহাজনে এইবাৰো তাক দয়া কৰিলে৷ তাৰ বাপেকৰ সময়ত হোৱা পঞ্চাশ টকা সুদৰ পৰা পঁচিশ টকা তাক ৰেহাই কৰি দিলে৷ কিন্তু এটা চৰ্তত, সেয়া হ’ল বুদ্ধু আৰু তাৰ ঘৈনীয়েকে খেতিৰ সময়ত পথাৰত ফচল কটা-মেলাত সহায় কৰি দিব লাগিব৷

বুদ্ধুৰ পৈতৃক ধাৰ পৰিশোধৰ বাবে বুদ্ধুৰ ঘৈনীয়েকেও যে পথাৰত কাম কৰি দিব লাগিব সেই কথা মহাজনে চুক্তি হিচাপে লিখি তাত বুদ্ধুৰ টিপচহী লৈ ল’লে৷ আৰু এনেদৰেই যোৱা দহবছৰে বুদ্ধু আৰু তাৰ ঘৈনীয়েকে মহাজনৰ পথাৰত কাম কৰি আহিছে৷ মহাজনে প্ৰতিবছৰে নতুন ষ্ট্যাম্প-মোহৰ লগোৱা দলিলত বুদ্ধুৰ টিপচহী লয়৷ বুদ্ধুই নাজানে এতিয়ালৈ তাৰ ধাৰৰ ঘৰত কিমান টকা হৈছেগৈ৷ অৱশ্যে সি কেইবছৰমান মহাজনক নগদ ধন এটকাও দিব পৰা নাই৷ কিন্তু মোকামাঘাটৰ কামটো কৰাৰ পৰা মহাজনক সি পঁচিশ টকাকৈ তিনিবাৰ পৰিশোধ কৰিছে৷

বুদ্ধুৰ জীৱনৰ পৰা হাঁহি চিৰদিনৰ বাবে গুচি গৈছে৷ তাৰ মূৰৰ ওপৰত পৈতৃক ঋণৰ বোজা দিনে দিনে বাঢ়ি গৈ আছে৷ কিন্তু সি কোনোদিনে ককাদেউতাক বা বাপেকৰ ধাৰ অস্বীকাৰ কৰা নাই৷ কাৰণ এয়া এক পাৰিবাৰিক দায়িত্ব হিচাপেই সি গ্ৰহণ কৰিছে৷ বুদ্ধুৰ ককাদেউতা বা বাপেকৰ ধাৰৰ বোজা পৰিশোধ কৰাটো তাৰ কাৰণে এটা সন্মানৰ বিষয় হৈ পৰিছিল৷ ককাদেউতাক বা বাপেকৰ ওপৰত তাৰ তিলমানো আক্ষেপ নাই, বৰং এই ধাৰ পৰিশোধ কৰিব নোৱাৰিলে তাৰ পূৰ্বপুৰুষৰ প্ৰতি যেন ভীষণ অন্যায় কৰা হ’ব, সি এনেদৰেই ভাবিছিল৷ আৰু সেইবাবেই টকা উপাৰ্জন কৰিবলৈ সি উদয়াস্ত পৰিশ্ৰম কৰি গৈছিল আৰু যেতিয়াই যিমান পাৰে ধাৰৰ টকা শোধ কৰি গৈছিল৷ কিন্তু সি জানিছিল, এনেদৰে তাৰ ধাৰ হয়তো সি কোনোদিনে পৰিশোধ কৰিব নোৱাৰিব৷ কিন্তু সি নোৱাৰিলেও তাৰ ল’ৰাই নিশ্চয় এনেদৰেই এদিন তাৰ পিতৃপুৰুষৰ ধাৰ পৰিশোধ কৰিব পাৰিব৷ এয়াই আছিল বুদ্ধুৰ কথা৷

বুদ্ধুৰ জীৱনৰ এই ঘটনাটো শুনি মোৰ মন দুখেৰে ভৰি পৰিল৷ মই

বুদ্ধুৱে কোনোবা উকীলক চিনি পায় নেকি সেয়া জানিব বিচাৰিলোঁ৷ বুদ্ধুৰ মুখতে গম পালোঁ যে মহাজনহঁতৰ গাঁৱতে এজন উকীল আছে৷ বুদ্ধুৰ পৰাই মই সেই উকীলজনৰ নাম ঠিকনা লিখি ৰাখিলোঁ আৰু বুদ্ধুক ক’লোঁ- 

: এতিয়া যি কৰিব লাগে মই কৰিম, তই কেৱল তোৰ কাম মনপুতি কৰি থাক৷ 

তাৰপিছত মই সেই উকীলজনৰ সৈতে চিঠিৰে যোগাযোগ আৰম্ভ কৰিলোঁ৷

উকীল লোকজন আছিল এজন ব্ৰাহ্মণ পৰিয়ালৰ সত্‍সাহসী ভদ্ৰলোক৷ উকীলজনৰ সুমিষ্ট ব্যৱহাৰৰ বাবে খুব কম দিনতে মই তেওঁৰ পৰম বন্ধুৰ দৰে হ’লোঁ আৰু তেওঁৰ পৰা মই সম্পূৰ্ণ সহযোগিতা পাম বুলি আশ্বস্ত হ’লোঁ৷ কিন্তু তেওঁ যেতিয়া বুদ্ধুৰ হৈ মহাজনৰ লগত কথা পাতিবলৈ গ’ল, সেইদিনাই মহাজনে,

“তেওঁ যেন এইবিলাক কথাৰ মাজত মূৰ নোসোমায়”, 

এইবুলি স্পষ্টকৈ কৈ দিলে৷

মহাজনে যে বুদ্ধুৰ ঋণ পৰিশোধ সম্পৰ্কীয় কথা ওলাওঁতেই হুৰহুৰাই উঠিল তাৰ প্ৰধান কাৰণ হৈছে মহাজনৰ হাতত থকা বুদ্ধুৰ টিপচহী থকা দলিল৷ বুদ্ধুৰ ককাদেউতাক বা বাপেক মৰি গৈছে, গতিকে তেওঁলোকৰ চহী প্ৰমাণ হিচাপে চিহ্নিত কৰিব নোৱাৰি৷ আদালতত তাক প্ৰমাণ হিচাপে পেশ কৰাও সম্ভৱ নহয়৷

কিন্তু ধূৰ্ত মহাজনে সকলো ধাৰ বুদ্ধুৰ নামত লিখি তাত বুদ্ধুৰ চহী লৈ থৈছে৷ ষ্ট্যাম্প-মোহৰ লগোৱা দলিলত স্পষ্টকৈ লিখা আছে যে বুদ্ধুই নিজে শতকৰা পঁচিশ টকা সুদত দেৰশ টকা ধাৰলৈ লৈ থৈছে৷ আনকি বুদ্ধুই যে তিনিবাৰ সুদ হিচাপে কিছু টকা মহাজনক দিছে তাৰ প্ৰমাণো মহাজনে বুদ্ধুৰ টিপচহী সহ ৰাখি থৈছে৷ গতিকে এই দলিলৰ বৈধতা লৈ আৰু কোনো প্ৰশ্ন নাথাকে৷ এই সকলো কথা মোক উকীল বন্ধুজনে জনালে৷

অৱশেষত মই মানবীয় দৃষ্টিৰে পঁচিশ টকা সুদসহ বুদ্ধুৰ সমগ্ৰ ধাৰৰ টকা পৰিশোধৰ বাবে উকীল বন্ধুজনলৈ মানিঅৰ্ডাৰ কৰি পঠাই দিলোঁ৷ মহাজনে সকলো টকা পাই দলিল কাগজবোৰ উকীল বন্ধুজনৰ হাতত ঘূৰাই দিলে৷ কিন্তু খেতি পথাৰত কাম কৰিবলৈ যি চুক্তিপত্ৰ কৰিছিল, সেইখন ঘূৰাই দিবলৈ মান্তি নহ’ল৷ ইয়াৰ পিছত মই মহাজনলৈ এখন কঠোৰ ভাষাৰে চিঠি লিখি পঠালোঁ৷ যদি মহাজনে সেইখন দলিল ঘূৰাই নিদিয়ে, তেন্তে বুদ্ধুক জোৰ-জবৰদস্তি চহী কৰাই লোৱা বুলি তেওঁৰ বিৰুদ্ধে আদালতত গোচৰ তৰিম বুলিও স্পষ্টকৈ লিখি পঠিয়ালোঁ৷

মহাজনে ভয় খাই অৱশেষত উকীলজনৰ হাতত সেই চুক্তি পত্ৰখন ঘূৰাই দিবলৈ বাধ্য হ’ল৷

উকীল, মহাজন আৰু মোৰ মাজত যেতিয়া এইবোৰ কথা-বতৰা চলি আছিল, তেতিয়া বুদ্ধুৱে খুব অস্বস্তি অনুভৱ কৰিছিল৷ বুদ্ধুৰ চকুমুখ আৰু হাৱ-ভাৱ দেখি এনে লাগে, যেন সি কিবা ক’ব খোজে, কিন্তু সাহসৰ অভাবত ক’ব নোৱাৰে৷ বুদ্ধুৱে প্ৰায়েই মোলৈ অবিশ্বাস্য চাৱনিৰে চাই থাকে, সি হয়তো ভাৱে মই যে এইবোৰ কৰি আছোঁ, সেয়া সঁচানে কি! মাজে মাজে তাক আতংকিত হৈ থকা যেনো লাগে৷ তাৰ মনত ভয়, হঠাত্‍ যদি মহাজন আহি ওলায়, যদি তাক কিবা কাৰণত জবাবদিহি কৰে, তেতিয়াহ’লে সি কি উত্তৰ দিব! মই বুজি পাওঁ যে তাৰ মনত অনেক প্ৰশ্নই দোলা দি গৈছে৷

এইখিনি সময়তে মোৰ ওচৰলৈ উকীল বন্ধুজনৰ পৰা এটা খাম আহিল৷ তাৰ ভিতৰত অসংখ্য টিপচহী মৰা দলিল কাগজ আৰু লগতে এখন ব্যক্তিগত চুক্তিপত্ৰ৷ লগতে ওকালতিৰ ফিজ হিচাপে মই দিয়া ধনৰ এখন প্ৰাপ্তি ৰছিদো পঠাইছে। তেওঁৰ পৰাই জানিলোঁ বুদ্ধু এতিয়াৰ পৰা মহাজনৰ সকলো ধাৰৰ পৰা মুক্ত৷

দুশ পঁচিশ টকা খৰচ কৰি এটা দৰিদ্ৰ পৰিয়ালক তিনিপুৰুষৰ ধাৰৰ পৰা মুক্ত কৰিবলৈ পাই মনটো বহুত পাতল পাতল লাগিল৷ সেইদিনা কামৰ শেষত মই বুদ্ধুক লগ ধৰিলোঁ৷ চহী মৰা দলিল কাগজৰ দ’মটো তাৰ হাতত তুলি দিলোঁ আৰু ক’লোঁ সেইবোৰ জ্বলাই পেলাবলৈ৷ বুদ্ধুৱে কথা খুব কম কয়। কিন্তু তাৰ মুখত অকণমানো সুখৰ ৰেশ ফুটি নুঠিল৷ সি কেৱল ক’লে যে এই কাগজবোৰ সি পুৰি নেপেলায়৷ কাৰণ সোধাত ক’লে বোলে এইবোৰ মহাজনৰ ধাৰৰ পৰা মুক্ত হোৱাৰহে কাগজ, কিন্তু যিহেতু মই তাৰ ঋণ পৰিশোধ কৰাত সহায় কৰিলোঁ, গতিকে সি এতিয়াৰ পৰা মোৰ ওচৰত ধৰুৱা হ’ল৷ সি ভগৱানক প্ৰাৰ্থনা জনালে যাতে মোৰ এই ঋণ সি এদিন

পৰিশোধ কৰিব পাৰে৷ বুদ্ধুৰ ফালে অবাক দৃষ্টিৰে মই চাই থাকিলোঁ আৰু ক’লোঁ- 

: ঠিক আছে, তোমাৰ যদি সেইটোৱেই ইচ্ছা তেনেহ’লে কাগজবোৰ ৰাখি থোৱা, কিন্তু তুমি মোক আৰু ঋণ পৰিশোধ কৰিব নালাগে৷ তুমি সকলো ঋণৰ পৰাই মুক্ত৷

মুখেৰে কোনো কথা নকৈ বুদ্ধুই এইবাৰ মোৰ ভৰি দুখনত জপটিয়াই ধৰিলে৷ কয়লাৰ গুড়িয়ে ক’লা চামনি পেলোৱা বুদ্ধুৰ দুগালেৰে চকুপানী বৈ আহিল৷ এয়া তাৰ কৃতজ্ঞতাৰ চকুপানী৷ বুদ্ধু আজি ঋণমুক্ত৷ চিৰদুখী বুদ্ধুক জৰ্জৰিত কৰা ধাৰৰ পৰা যে  সি মুক্তি পাব পাৰে, সেই কথা ভাবিয়ে তাৰ চকুপানীৰ ধাৰা ৰ’ব খোজা নাই৷ কিন্তু আমাৰ এই দেশত অশিক্ষিত এনে কিমান যে বুদ্ধু আছে, যাৰ জীৱন এনেদৰেই জৰ্জৰিত হৈ আছে৷ সিহঁতৰ চকুৰ পানী মচিবলৈ কিমানেই বা সিহঁতৰ ওচৰত থিয় হ’ব! আজি মই বুদ্ধুক তাৰ ধাৰৰ বোজাৰ পৰা মুক্ত কৰি যি আনন্দ পাইছোঁ, তেনে অনেকজনক ঋণৰ বোজাৰ পৰা মুক্ত কৰিলে যিখিনি আনন্দ পালোঁহেঁতেন, সেয়া বুদ্ধুৰ আনন্দতকৈ বহুতেই কম৷

চকুপানী মচি মচিয়েই বুদ্ধু থিয় হ’ল, কিছুপৰ মোক চাই থাকিল আৰু তাৰপিছত লাহেলাহে গুচি গ’ল৷ অসীম পৰিতৃপ্তিৰে বুদ্ধু ঘৰলৈ গুচি গৈছে, বাটত হয়তো সি আজি বাৰে বাৰে উজুটি খাইছে; কাৰণ এই কথাবোৰ সি পত্নীক জনাই কিমান আনন্দ পাব, সেয়া ভাবি হয়তো তাৰ চকুত পানী ভৰি পৰিছে৷

স্বল্পভাষী বুদ্ধুৱে যদি মোক মুখ খুলি কিবা কথা ক’লেহেঁতেন, সেয়াও হয়তো মোৰ বুজিবলৈ অলপ অসুবিধা হ’লহেঁতেন, কিন্তু একো নকোৱাকৈয়ে অশ্ৰুভৰা নয়নেৰে নীৰবে সি মোক চাই থকা  দৃশ্যটোৱে মোৰ মনত এনে গভীৰ ৰেখাপাত কৰি গ’ল যে, সেয়া আৰু মই কোনোদিনে পাহৰিব নোৱাৰোঁ৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *