শাৰদী ৰাণী, তোমাৰ হেনো নাম-চন্দামিতা শৰ্মা
ঋতুৰ ৰাণী শৰৎ৷ গ্ৰীষ্মৰ ডেই পুৰি নিয়া উত্তাপক বিদায় দি শীতল, স্নিগ্ধ, গা-মন প্ৰফুল্লিত কৰি তুলিব পৰা বতাহজাক কঢ়িয়াই অনা ঋতু হৈছে শৰৎ৷ শৰৎ, সকলোৰে মনত নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হোৱা ৠতু। সেয়েহে মহাপুৰুষ জনাই “দশম স্কন্ধ ভাগৱত”ত থকা “শৰৎ বৰ্ণনা”ত শৰৎ কালৰ এক অপৰূপ আৰু নিখুঁত চিত্ৰ অংকন কৰিছে,
গগণ নিৰ্মল স্বচ্ছ ভৈল জল
দূৰ গৈল মেঘগণ৷
মহা সুখকৰ সুৰভি শীতল
বহে বায়ু সৰ্বক্ষণ।
মহাপুৰুষজনাই আকৌ শৰৎ কালক আটাইতকৈ সুখৰ কাল বুলি অভিহিত কৰিছে,
শৰৎ সমান নাহি সুখকাল
হৰৈ দুখ অনুক্ৰমে৷
কবিৰাজ ৰাম নাৰায়ণ চক্ৰৱৰ্তীৰ কবিতাতো শৰতৰ প্ৰভাৱ মন কৰিবলগীয়া৷ শৰতৰ নিৰ্মল আকাশত চন্দ্ৰৰ ক্ৰীড়াই স্বামী পৰিত্যক্তা শকুন্তলাৰ হৃদয়ত কামনাৰ উদ্ৰেক কৰাৰ কথা কবিয়ে বৰ্ণনা কৰিছে এইদৰে,
নিৰ্মল ভৈলেক নিশা শৰৎ কালত৷
কৌতুক কৰন্ত ক্ৰীড়া চন্দ্ৰে আকাশত৷৷
দেখিয়া বাটিল কাম আমাৰ বিস্তৰ৷
কিৰিলোঁ বিবিধ ক্ৰীড়া হৰিষ অন্তৰ৷৷
গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাই আকৌ শৰতক ‘আই লখিমী’ বুলি সম্বোধন কৰি লিখিছিল,
আজি নীল আকাশত শুকুলা ডাৱৰৰ
ধূলি উৰুৱাই
সৌ পদূলিয়ে আহিছে হ’বলা
শাৰদী লখিমী আই৷
শৰৎ মানেই যেন শ্যামল ধৰণ, জ্যোৎস্নাময়ী চন্দ্ৰাৱলী, সৌন্দৰ্যৰ মধুৰ মাধুৰী৷ শৰতৰ ৰিব্ ৰিব্ মলয়াৰ মধু লহৰত বংশীত চুমুক দি পঞ্চম সুৰৰ মূৰ্চনা তুলি আত্মবিভোৰ হয় বনমালী৷ শেৱালি ফুলৰ মধুৰ সুবাসে দিয়ে আমাক শৰৎ অহাৰ বতৰা৷ নিশাৰ আন্ধাৰৰ সুযোগ লৈ ফুলা আমোলমোল গোন্ধেৰে সুবাসিত শেৱালি ফুলে ৰাতিপুৱা চোতালৰ দুবৰিডৰাৰ দলিচাত বুটা বাছে৷ শৰৎ কালৰ তৰা ভৰা আকাশৰ স্নিগ্ধ জোনাক নিশা শেৱালি ফুলৰ সুবাসে মন মতলীয়া কৰি তোলে সকলোৰে৷ সেয়ে গীতিকাৰে হয়তো লিখিছিল,
আমোলমোল শেৱালি গোন্ধ
যাওঁ বুলি যাবই নোখোজেচোন।
শৰৎ ঋতুৰ সৈতে শেৱালি আৰু নিয়ৰৰ সম্বন্ধ ওতঃপ্ৰোত৷ শেৱালি ফুলৰ সৈতে জোনাকৰ মিতিৰালি, নিয়ৰ কণিকাই সেউজীয়া দুবৰিৰ সান্নিধ্যৰ কামনাত জোনাক ভৰা আকাশৰ পৰা ধৰিত্ৰীৰ বুকুলৈ নাচি নাচি নামি অহাৰ দৃশ্য সঁচাই নয়নাভিৰাম৷
কবি নৱকান্ত বৰুৱাৰ কবিতাত আহিন, নিয়ৰ, শেৱালিৰ সম্পৰ্কৰ কথা স্পষ্ট,
আহিনক কোনে আনে
নিয়ৰে ক’লেহি শেৱালিয়ে
আৰু শেৱালিয়ে ক’লে
নিয়ৰে আনে
দুবৰিয়ে ক’লে কোমল হাঁহিৰে
দুয়োজনে দুয়োজনে৷
শৰৎ অহা মাত্ৰেই কবি গীতিকাৰৰ মন ব্যাকুল হৈ উঠে প্ৰেয়সীক নিচেই কাষত পোৱাৰ বাসনাত৷ প্ৰেমিক মনৰ কামনা প্ৰতিভাত হৈছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গানৰ ভাষাত,
এটুকুৰা আলসুৱা
মেঘ ভাঁহি যায়
মোৰো বনহংসই
বাট হেৰুৱাই
মই আছোঁ শাৰদীয়
খিৰিকী মুখত
বুকুৱে বিচৰা জনলৈ
বাট চাই৷
শৰতৰ আগমনত প্ৰত্যেকৰে মনৰ বাগিচাত ফুলি উঠে আশাৰ পাপৰি৷ আচ্ছাদিত হৈ উঠে মন গহণৰ সীমনা৷ উজলি উঠে হিয়াৰ মণিকোঠা৷ চঞ্চল হৈ উঠে হেঁপাহৰ দুচকুৰ মণি৷
ইফালে নীল আকাশত কপাহ কোমল শুকুলা ডাৱৰৰ অহা-যোৱা৷ নিষ্পাপ পবিত্ৰ কোলাহল কৰি ডাৱৰৰ মাজেৰেই ডেউকা মেলি দূৰ দিগন্তৰ দিশে উৰি যায় এজাক শৰালি নাইবা এজাক বগলী৷
শৰতৰ আগমনত জীপাল হৈ উঠে প্ৰকৃতিৰ বুকু৷ সুবাসিত হৈ উঠে চৌদিশ৷ গাভৰু হয় কৃষকৰ জীয়ৰী, ধাননি পথাৰ৷ ৰূপান্তৰিত হয় সজাল ধৰা ধাননি পথাৰলৈ৷ বালিমাহীৰ নাচোনত খহিপৰে বালিচন্দা৷ শেৱালিৰ শুভ্ৰতাত তৰুণ হৈ পৰে মন প্ৰাণ৷ শৰতৰ পূৱাৰ পৰাণে সিঁচি দিয়ে প্ৰেৰণাৰ নতুন মন্ত্ৰ৷ ধন্য হয় মানৱ হৃদয়৷ শৰৎ মানেই আশাৰ বতৰা৷ কিয়নো,
শেষ হৈ গ’ল
লব্ধ আকাশৰ হিংস্ৰ উৎসৱ
উখল মাখল পথাৰত এতিয়া বলিছে সেউজীয়া ঢল৷
– হীৰেন ভট্টাচাৰ্য
ভোগালীৰ ৰঙ উপভোগ কৰিবলৈ কাতি বিহুৱেই সূচনা কৰে সজাল পথ, এই শৰততে পথাৰক শস্য শ্যামলা কৰি তুলিবলৈ এগচি বন্তি জ্বলাই কৰোঁ প্ৰাৰ্থনা যাতে সকলো দুৰ্গতি নাশ হয়।
শৰৎ মানেই কঁহুৱা৷ লুইতৰ বালিচৰত হালি জালি কঁকাল ভাঙি নচা কঁহুৱা বনে আমাৰ মনত আনন্দৰ জোৱাৰ তোলে৷ বিহগী কবি ৰঘুনাথ চৌধাৰীৰ মতে,
লুইতৰ পাৰে পাৰে কঁহুৱা ফুল
ঢৌৱে ঢৌৱে ঢৌ খেলি
তুষাৰ ধৱলকান্তি কৰিছে বিপুল
যেন সুৰ তৰংগিনী পুলকে আকুল৷
মায়াময় শৰৎ৷ শৰৎ প্ৰেম আৰু আনন্দৰ ঋতু৷ উদ্যম আৰু প্ৰেৰণাৰ ঋতু৷ উৎসাহ আৰু উৎসৱৰ সমাহাৰ৷ শৰতত বুজাব নোৱাৰা মাদকতা আছে বাবেই আমি বাৰে বাৰে শৰতৰ প্ৰেমত পৰোঁ৷ আকুলতাৰে অপেক্ষা কৰোঁ শৰতৰ আগমনৰ ক্ষণলৈ৷ কবিৰ ভাষাত,
আকৌ এদিন আহিব শৰৎ
হাঁহিব শেৱালি পাহি
ঠেও ধৰি ধৰি কৰিব নৰ্তন
খঞ্জনী পখীটি আহি
☆ ★ ☆ ★ ☆
7:18 am
সুন্দৰ শাৰদীয় বৰ্ণনা