সংখ্যাটোৰ আঁৰৰ কথা
জুন মাহৰ কোনোবা এটা উৎকট গৰমৰ দিন,কৰ্মক্ষেত্ৰত বহি আছোঁ,ওপৰত নুঘুৰা ফেনখন। তেনেতে মোবাইলৰ স্ক্ৰীণত নামটো জিলিকিল ফটাঢোল দেৱজিত।
ৰিচিভ কৰাৰ লগে লগেই “ব্যস্ত চাগে,বেছি সময় নলওঁ মাত্ৰ তিনিমিনিট ল’ম” বুলি কৈ মোক দিলে ফচাই তিনিমাহলৈ বুইছে!
ফচোৱা শব্দটো ব্যৱহাৰ নকৰি মই কিনো কৰো বাৰু কওকচোন,আগতে দুবাৰমান মোক সম্পাদকৰ দায়িত্ব ল’বলৈ কওঁতে মই যিখন কাকূতি-মিনতি কৰোঁ, কোৱাজন সেইভাগেই তাপ মাৰে। আচলতে এই দায়িত্বভাগৰ কাৰণে মই নিজকে যোগ্য কৰি তুলিবই পৰা নাই আজিলৈ।
দ্বিতীয়তে দীৰ্ঘদিন ধৰি ফেচবুকত সক্ৰিয় হৈ নথকাৰ বাবেও চাগে মোৰ এনেবোৰ কামলৈও অনীহা আহিছে। বাৰু যি কি নহওক দায়িত্ব দি গোটত ঘোষণা দিলে,হোৱাটছএপৰ গোটতো নিমন্ত্ৰণ ভাগি দি অভিনন্দনৰ ঢল বোৱাই দিলে।
সকলোৱে কৈছে,এইবোৰ তিনিমহীয়া কৰা হৈছে যিহেতু, সুন্দৰকৈ সময় পোৱা যাব,শেষৰমাহটো বৰ্ণাশুদ্ধিলৈ ৰাখিলে বহুত ভাল হ’ব।
গোটত কোনে কি কি কাম কৰিব,তাৰ তালিকাখনো সুন্দৰকৈ দি দিলে, মোৰ অনুভৱ হ’ল ৱাহ! ইমান সুন্দৰকৈ সকলো অৰগেনাইজড,ভয়ৰ কাৰণ নাই দেখোন। সেইমতে আগবঢ়াৰ কথা।
পিছে ছহেজাৰমান ফটোৰ মাজৰ পৰাও সম্পাদকৰ সৈতে খাপ খোৱা ফটো এখন বিচাৰি নাপাই গোহাৰিখন দিয়াই পোন্ধৰদিনমান দেৰি হোৱাত পোষ্টাৰিঙৰ দায়িত্বত থকাগৰাকীয়ে হোৱাটছএপৰ দিপি খনকে দি গোহাৰি ছপাই দিলে। তেনেস্থলত আটাইতকৈ এলেহুৱা বুলি নাম(?)থকা জনেও ভাবিবলৈ বাধ্য হৈ পৰিল বোলে মোতকৈও এলেহুৱা সম্পাদক চোন!
লেখা বিচৰা আৰম্ভ হ’ল, ফোন কৰা,মেছেজ কৰা। কোনোবাই ফোন নধৰি কল বেকো নকৰিলে,কাৰোবাৰ মেচেঞ্জাৰেই নাই,থাকিলেও মেচেজ নাচায়,দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ নথকাত লেখা-মেলা কৰাসকলৰ সৈতে বৰ বিশেষ পৰিচিতিও নাই মুঠতে এনেয়ে সৰু সৰু যেন লগা কথাবোৰ সম্পাদকৰ আসনখনত বহাৰ লগে লগে বৃহদাকায় ৰূপত ধৰা দিলে। কাৰোবাক লেখা খুজিবলৈ মনত পৰে,তাকে ষ্কুটী চলাই থাকোতে পিছত আৰু কামৰ হেঁচাত নপৰে!
গৰমৰ বন্ধৰ মাহটো ভালকৈ লাগিম বুলি ভাবোতেই ল’ৰাৰ নাটকৰ কৰ্মশালা আৰম্ভ হ’ল,লগতে মাকজনীৰ এখন নতুন নাটক আৰম্ভ হ’ল। চম্ভালিবই নোৱাৰা হ’লোঁ।লক্ষ্য কৰিলোঁ যে নহয় মোৰ ক’ৰবাত গণ্ডগোল হৈছে,এনেকৈ নহ’ব।
সম্পাদনা সমিতিয়ে যোগান ধৰা ফোননাম্বাৰ, নিজে সংগ্ৰহ কৰা সকলোতে ফোন কৰি,মেচেজ কৰি বিচাৰিলোঁ। লাহে লাহে লেখা কিছু আহিল, দেৱজিতৰ হাততো বহুকেইজনে লেখা দিলে। হঠাতে আহি পৰা শাৰীৰিক অসুস্থতাই মোক কিছুদিনলৈ বৰ দুৰ্বল কৰি পেলালে। আগে-পিছে বেমাৰত পৰি নথকা মইজনীয়ে ভাবিলোঁ দুদিনৰ কথা,হৈ যাব! কাকো নজনালোঁ । কিন্তু মই ভবাৰ দৰে নহ’ল,শাৰীৰিক অসুস্থতাই মনকো চুলে, আলোচনীৰ কাম পিছ পৰি ৰ’ল। তিনিমহীয়া বুলি কিজানি লেখাবোৰো পলমকৈ আহিল,সকলোৱে কোৱাৰ দৰে– “কামোৰ দিব লাগিব বুইছা! আজিকালি মানুহবোৰ বৰ এলেহুৱা হ’ল!” কথাষাৰ মানিব নোৱাৰিলোঁ মই। এনেকৈ আগষ্টৰ শেহৰ ফালেও বৰ আশানুৰূপ গতি নোলোৱাত আলোচনীখন প্ৰকাশৰ সময় আৰু এমাহ আৰু পিছুৱাই দিবলগীয়া হ’ল,যিটো মোৰ বাবে খুবেই দুখদায়ক আছিল। ফটাঢোলৰ জ্যেষ্ঠসকলক মই খুবেই সন্মান কৰোঁ,গোটৰ পুৰণি সদস্য হিচাপে সকলোৱেই খুবেই আপোন,তথাপি কিবা এটা লাজবোধে মোক আৱৰি থাকিল! যেন মোৰ বাবেই আলোচনীখন সময়ত নোলাল। নিজৰ ওপৰতে খং উঠি থকা হ’ল।
লেখকসকলৰ পৰা লেখা অহাৰ লগে লগে বৰ্ণাশুদ্ধিদলৰ চাবিনা য়াছমিন বা,প্ৰণীতা গোস্বামী বাইদেউ , ৰিমঝিমে কামখিনি কৰি দিয়ে। অভিজিত দা,ৰিন্টুমনি দালৈ মোৰ ভীষণ ভয় লাগে,কিয় নাজানো। তেওঁলোকে আলোচনীৰ খবৰ ল’লেই মোৰ ঢিপিংকৈ মাৰে। তথাপি তেখেতসকলে ,হেমন্ত কাকতি দা , বিজয়দায়ে সকলোৱে সময়ত খবৰ লৈ থাকে কি হৈছে আছে,নাই দেৱজিতে আপডেটেড খবৰ দি থাকে।
চন্দন বৰি আৰু যোগেশ ভট্টাচাৰ্যই পোষ্টাৰিঙৰ কামখিনি কৰিলে, ডলী তালুকদাৰৰ চিনেমাখন নাপাই দুখ লাগি আছিল কিন্তু তেখেতে আন এগৰাকী বলিষ্ঠ পৰিচালক জয়ন্ত দাসৰ সৈতে পৰিচিত কৰাই দি মোক চিনেমাখন আনি দিয়াত মই পৰিত্ৰাণ পালোঁ যেনিবা। আৰাধনা বৰুৱা , দিগন্ত ভট্টাচাৰ্য্যই সাংঘাটিক ব্যস্ত হ’লেও সময়ত নিজৰ কামটো কৰেই–এই বিশ্বাসতে মই গদগদ হৈ আছিলোঁ প্ৰথমৰে পৰা, সেইমতে বেটুপাত,অলংকৰণৰ কামখিনি সুন্দৰকৈ হৈ গ’ল। মই আচলতে একো কৰাই নাই বুলিব পাৰি। লেখক সকলেই প্ৰাণ দিয়ে আলোচনীখনক।
আলোচনীখনৰ বাবে লেখা দিয়াসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সম্পাদনাসমিতিৰ সকলো সদস্যক কৃতজ্ঞতাৰ শৰাই যাঁচিলোঁ। আপোনালোকৰ সমৰ্থন অবিহনে মই একো কৰিব নোৱাৰিলোঁহেঁতেন।
আলোচনীৰ কাম কৰি থকাৰ সময়ত প্ৰায়েই মনলৈ অহা এটা কথা নক’লে শান্তি নাপাম,দেৱজিত শৰ্মাই ইমান মানসিক শক্তি আহৰণ কৰে, সেয়া ঈশ্বৰে জানে! আচৰিত হওঁ ! প্ৰায় এসপ্তাহৰ ব্যৱধানত দেউতাক আৰু খুড়াক দুয়োজনকে হেৰুৱায়ো কি এক মানসিক শক্তিৰ জোৰত দেৱজিতে নিস্বাৰ্থভাৱে আলোচনীৰ কামবোৰ নিয়াৰিকৈ কৰিলে,প্ৰশংসা কৰিবলৈ মোৰ শব্দৰ অভাৱ,প্ৰাৰ্থনা কৰিছোঁ এই উৎসাহ উদ্দীপনা তোমাৰ সদায়েই থাকক।
সাক্ষাৎ গ্ৰহণ কৰিবলৈ কবি,ঔপন্যাসিক কমল শৰ্মাৰ ঘৰলৈ গৈছিলোঁ। গ্ৰন্থমেলাৰ আগে আগে প্ৰকাশ হ’বলগীয়া নতুন গ্ৰন্থৰ কামত তেখেত যথেষ্ট ব্যস্ত যদিও আমাক সময় দিয়া লগতে সুন্দৰ আতিথ্যৰ বাবে আন্তৰিক ধন্যবাদ। মোৰ শাৰীৰিক-মানসিক অসুস্থতাত তেওঁৰ বাঢ়ি যোৱা ঘৰুৱা তথা কৰ্মক্ষেত্ৰৰ ব্যস্ততাৰ মাজতো সাক্ষাৎকাৰৰ লিখিত ৰূপ প্ৰস্তুত কৰি দিয়াৰ বাবে গৃহস্থ ৰূপম ঠাকুৰীয়াক ৰাইজৰ সন্মুখত শলাগ ল’লোঁ আৰু ধন্যবাদ যাচিলোঁ।
ফটাপ্ৰশ্ন যুগুত,সংগ্ৰহ আদিত সহায় কৰা ৰাজশ্ৰী, অৰ্চন আৰু দিব্যজ্যেতি কলিতালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা।
সম্পাদক ঘোষণা কৰাৰ সময়তে ফটাঢোল গোটৰ সক্ৰিয় সদস্য তথা আলোচনীখনৰ বিভিন্ন দিশতএক অনন্য মাত্ৰা কৰা হিমাংশু ৰাজখোৱাৰ অকাল মৃত্যু আৰু গোটৰ অন্যতম সক্ৰিয়,পুৰণি সদস্যা মনিষা কাকতিৰ অপমৃত্যুত গোটৰ সদস্যসকলৰ মাজত যি এক মানসিক জোকাৰণিৰ সৃষ্টি হ’ল,তাৰ ব্যতিক্ৰম ময়ো নাছিলোঁ,বহুদিন ধৰি বিশেষকৈ মনিষাৰ ঘটনাটোৱে মোক জোকাৰি আছিল আৰু আলোচনীৰ বা গোটৰ সৈতে জড়িত কাকো একো কামৰ কথা ক’বলৈ সাহ গোটাব পৰা নাছিল,এই চেগতে মই দুয়োৰে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।
আলোচনী সংক্ৰান্তত কথা পাতোতে মন ভাৰ পাতল কৰি দিয়া নিলাক্ষী, অৰ্চন ,দিম্পল,নাজিয়া বা তোমালোকলৈ মৰম, আন্তৰিক ধন্যবাদ ।
শেহত অনিচ্ছাকৃত ভুল- ভ্ৰান্তিৰ বাবে সকলোৰে ওচৰত ক্ষমাবিচাৰি পাঠকৰ হাতত এই সংখ্যাটো তুলি দিলোঁ। পঢ়ি চাব, মন্তব্য দিব, ভুলবোৰ আঙুলিয়াই দি ভৱিষ্যতে আগুৱাই যাবলৈ সাহ দিব। এই আশাৰে……
লখিমী হাজৰিকা,সম্পাদক
পঞ্চম বৰ্ষ,দ্বাদশ সংখ্যা
ফটাঢোল আলোচনী
☆ ★ ☆ ★ ☆
9:52 pm
সুন্দৰকৈ লিখিছা।
10:58 am
তোমাৰ বহুমূলীয়া সময়কণ দি আমাক এইকন সহায় কৰাৰ বাবে আন্তৰিক ধন্যবাদ লখিমী
12:26 pm
আলোচনী সুন্দৰ হৈছে। অপেক্ষাৰ ফল সদায় মিঠা হয়।
9:34 pm
দুই এটা পঢ়িছো।ভাল হৈছে।তোমাৰ কষ্টখিনি ফটাঢোলৰ পৰিয়ালে নিশ্চয় মনত ৰাখিব।