মই অলপৰ কাৰণেহে আই.এ.এছ. পোৱা নাছিলোঁ-প্ৰাঞ্জলজ্যোতি দত্ত
সিদিনা বহু বছৰৰ পিছত তপনক লগ পাই গ’লোঁ। তপন শৈশৱৰ বন্ধু। পঞ্চম মান পাওঁতেই তাৰ সৈতে এৰা এৰি হৈছিলোঁ। লগ পাই খুব কথা পাতিলোঁ তাৰ সৈতে।
কথাই কথাই তপনক মই ক’লোঁ-
: বুইছ তপন। এতিয়া ভাবিলে বেয়াই লাগে। মই আচলতে আই. এ. এছ বিষয়াই হ’ব লাগিছিল। অলপতেহে আই.এ.এছ. নাপালোঁ মই।
সি আচৰিত হৈ ক’লে-
: এস হয় নেকি! মই নাজানিছিলোঁ। কি হ’ল ক’চোন ক।ভাইভাত ৰৈ গ’লি!
মই ক’লোঁ-
নহয় অ’, চব ৰীতাৰ কাৰণে হ’ল। তাই মেইন কালপ্ৰিত।
তপনে তাৰ মিহি বেকা হাঁহিটো মাৰি ক’লে-
: অঃ তাৰমানে বেটাক ৰীতাৰ প্ৰেমে পাইছিল। ধূৰ..কৰিছ কৰ প্ৰেম, পঢ়াটো বজাই ৰাখিব নোৱাৰিলি।
মই তাক ৰাখি দি ক’লোঁ-
: ৰ। কথাটো সেইটো নহয়। মই তেতিয়া ক্লাছ চেভেনত।ৰীতা একে ক্লাছৰে। টামাম ওস্তাদ ছোৱালী, সাঁতোৰে। গছ -চছ বগাই ফুৰে এক্কেবাৰে। চব কৰে।
তপনে মাত লগালে-
: ঐ তই IAS নোপোৱা কথাটোৰ লগত ৰীতা গছত বগোৱাৰ কি কানেকচন হু?
মই ক’লোঁ-
: আছে কানেকচন। আছে, শুন মন দিবি। সিদিনা দুপৰীয়া স্কুলৰ পৰা আহিয়েই ৰীতাৰ লগত ওলাই গৈছিলোঁ। ৰীতাই মধুৰী এজোপাৰ বহুত ওপৰত উঠি মধুৰী ছিঙি দলিয়াই আছিল মোলৈ। মই তলত ৰৈ ধৰি আছিলোঁ। হঠাৎ কেৰেককৈ ৰীতা উঠি থকা ডালটো ভাগি সৰি পৰিল। পৰিল মানে ডাইৰেক্ট ৰীতাই -চিতাই ডালটো মোৰ মূৰত। বৰ বেয়াকৈ পালোঁ। মূৰটো বিষাই থাকিল পোন্ধৰদিনমানলৈ। তাৰ পিছৰ কথাটোহে আচল..সেই যে ৰীতা পৰিল মোৰ মূৰত তাৰ পিছৰ পৰা চব খেলিমেলি।একো মনত নথকা হ’ল। পঢ়ি যাওঁ পাহৰি যাওঁ। চেভেনৰ বছেৰেকীয়া পৰীক্ষাত অংকত পালোঁ তেইশ। সমাজ অধ্যয়ণত জোখৰটোতকৈ এটাও বেছি নাপালোঁ।একো মনত নৰয়। পঢ়িবলৈও মন নাযায়। ৰীতা যিদিনা মূৰত পৰিল তাৰ পিছতেই এইবোৰ আৰম্ভ। মুঠতে IAS পাবলগীয়া ল’ৰা এটা বৰবাদ হৈ গ’ল।
তপনে এইবাৰ উভতি ধৰিলে,
: ঐ যা-তা কথা নক’বি। ৰীতা তোৰ মূৰত কেতিয়া পৰিছিল- অঁ ক্লাছ চেভেনত। ক্লাছ চেভেনত আইএএছ দিয়ে নি কোনোবাই। কি কথা কৈছ, হা?
মই অকণমান সময় তললৈ মূৰ কৰি থাকি তপনক ক’লোঁ, “
: তেনেকৈ নকবিচোন। শুন- আই.এ.এছৰ নিচিনা ইমান ডাঙৰ পৰীক্ষা এটাৰ কাৰণে চবেই দেখোন ক্লাছ ছিক্স চেভেনৰ পৰাই তৈয়াৰী কৰে। মোৰ গাত কি দোষ- ৰীতা দেখোন মোৰ মূৰত চেভেনত থাকোতেই পৰিলহি।কথাবোৰ ভাবচোন ভালকৈ তই!
দেখিলোঁ দীঘল দি তপন ঠাইতে শুই পৰিল। কি হ’ল? কি হ’ল তপনৰ? ভালকৈ ভাবিবলৈকে তপনে তেনেকৈ দীঘল দি পৰি দিছিল নেকি বাৰু! অকণমান ভাল পাই তপনে টু এটাও নকৰাকৈ গুছি গৈছিল। তাৰ পাছত তাক আৰু লগ নাপালোঁ। আজিলৈকে নাপালোঁ। সি বাৰু কিয় সিদিনা তেনেকৈ দীঘল দিছিল! মই নুবুজিলো আজিও।
☆ ★ ☆ ★ ☆