কৰণা কালৰ সেই বিভীষিকাময় সন্ধ্যাটো-ৰাস্না বৰা
লকডাউনৰ ঠিক তিনিমাহমান আগতে মোৰ ছোৱালীজনীযে স্কুলত শিক্ষয়ত্ৰী ৰূপে যোগদান কৰি দুমাহৰ দৰমহা একেলগে পাই ঘৰৰ সকলোলৈ সৰুকৈ হ’লেও একোটাকৈ উপহাৰ আনিছিল৷ মোলৈ আনিছিল মাখন ৰঙত ৰঙা প্ৰিণ্টৰ এখন দেখাত বৰ ধুনীয়া শাৰী৷ যদিও তাই প্ৰথম এইদৰে অকলেই বজাৰ কৰি আমাক চাৰপ্ৰাইজ দিবৰ চেষ্টা কৰিছিল মোটামোটি শাৰীখন মোৰ বৰ ভাল লাগিছিল। ধুনীয়াকৈ ব্লাউজ চিলাই ৰেদি কৰি পিন্ধিবলৈ নৌ পাওঁতেই লকডাউন দিছিল৷ মোৰ আকৌ নতুন কাপোৰ আনিলে পিন্ধো পিন্ধো লাগিয়েই থাকে। মনত এটাই ভাব যদি ওপৰ পাওঁগৈ মোৰ কাপোৰ কোনে পিন্ধিব এনেয়ে নি জ্বলাইহে দিব। আলমাৰী খুলিলেই বৰ দুখ লাগে। এনেয়ে হাত ফুৰাই কওঁ বেয়া নাপাবা দেই ভাল দিন আহিলেই পিন্ধি এপাক ফুৰাই আনিম তোমাক। এতিয়া আৰামত শুই থাকা।
ইফালে মানুহজনে আকৌ চাৰ্ট পেণ্ট আনি কিছু দিন আলমাৰিত পেকিংৰ ভাগে থৈ দিয়ে। পিন্ধাৰ নামেই নলয়। ইয়াক লৈও ৰসাল কাহিনী আছে পিছত কম কেতিয়াবা।
সঁচাই কৰণা কালৰ বিভীষিকাময় পৰিবেশৰ কথা ভাবিলেই আজিও গা শিয়ঁৰি উঠে। ভাল মাছ মাংস অকণ পাবলৈ নাই, শাক তৰকাৰীও কিমান যে নাটনি কি ক’ম। লগতে পুলিচৰ টীকাকৰন। মোৰ গৃহস্থই জীৱনত প্ৰথম বাৰ উপায়হীন হৈ ঘৰৰ পুখুৰীত আঁঠুৱা এখনেৰে দুটা কুঁহি মাছৰ পোৱালি ধৰিছিল। তাকে দুসাঁজ খাইছোঁ ঐ টকালি পাৰি। কিছু দিনৰ পাছত কাৰফিউ অলপ শিথিল হ’ল ময়ো যিহেতু মধুমেহ ৰোগী গতিকে ৰাস্তাত অকলেই খোজ কঢ়াৰ সুবিধা পালোঁ। কিন্তু কাৰো ঘৰলৈ যোৱাৰ অনুমতি নাই। মোৰ আকৌ নতুন শাৰীখন পিন্ধাৰ ধান্দা এটা আছেই। গতিকে এদিন সাজি কাঁচি ওলালোঁ সন্ধ্যা ভ্ৰমণত। বতৰটো অকণ গোমা যিহেতু বাৰিষাৰ আগমন হৈছেই কিন্তু মনে নামনি ওলাই গ’লোঁ আমাৰ সৰু টাউনখনৰ মাজেৰে। ৰাস্তাত কোনো জনপ্ৰাণী নাই। খৰকৈ আধা কিলোমিটাৰমান যাওঁতেই আহিল ডবা পিতা বৰষুণ লগতে ভয়ংকৰ বিজুলী গাজনী। মই নতুন শাৰীখন ভিজাৰ দুখত কান্দো কান্দো হ’লো। ক’তো ৰ’বলৈ ঠাই অকণ নাই। লগতে কাৰেণ্ট কাটি দিয়াত সম্পূৰ্ণ অন্ধকাৰ। মোবাইল সেৱাও বন্ধ। জুৰুলি জুপুৰি কৈ ভিজি শাৰীৰ আচল মূৰত লৈ দৌৰি গৈ হাৰ্ডৱেৰ দোকান এখনৰ অকণমান আওলা এটাত সোমাইছোঁ যদিও ভিজিয়েই আছোঁ। এনেতে ঘৰটোৰ কাষৰ পৰা ল’ৰা দুটা দৌৰ মৰা দেখিলোঁ বিজুলীৰ পোহৰত। ঘনে ঘনে বিজুলী মৰা পোহৰত এবাৰ দেখিলোঁ মোৰ মূৰৰ পৰা টোপে টোপে তেজ পৰিছে। বুকুৰ পৰা মোবাইল টো উলিয়াই টৰ্চ মাৰি চাওঁ মোৰ হাতত তেজ মই থৰ থৰ কৈ ভয়ত কঁপিবলৈ ধৰিলোঁ। মনত ফতকৈ এটা কথাই ক্ৰিয়া কৰিলে যে নিশ্চয় চাদ খনৰ ওপৰত কোনোবাই কাৰোবাক ডিঙি কাটি মাৰ্ডাৰ কৰিছে। যিহেতু দুটা ল’ৰা ওলাই যোৱা মই দেখিছোঁৱেই। ভয়ত বৰষুণৰ মাজে মাজে দৌৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু যোতপুত লাগি লগতে ভয়ৰ বাবেই যেনেতেনে বহু দেৰীৰ মূৰত আহি ঘৰ পাই বাৰাণ্ডাত বহি দিছোঁ। ইফালে মানুজনৰ গালিৰ ভমকত একো ক’বই পৰা নাই। কিছু সময় পাছত ইংগিত দি পানী খুজিছোঁ আৰু এঢোক গিলি কথাখিনি কৈছোঁ তেওঁক থুকাথুকি মাতেৰে। তেওঁ ইনভার্টাৰ ছুইছ অন কৰি হাঁহিত ফাটি পৰিছে বোলে এইখন কি কাপোৰ পিন্ধিছা ৰং গৈ একাকাৰ।
আচল কথাটো এতিয়াহে বুজিলোঁ। মই বৰষুণত তিতি থকাত শাৰীৰ আঁচলটো চেপি দিছিলোঁ আৰু তাৰ পৰা ৰঙা ৰং পানী এগাল মান বাৰাণ্ডাৰ বগা টাইলছৰ ওপৰেৰে সোঁত বৈ গৈছিল। যাক দেখি মই দূৰদৰ্শনত দেখা CID ৰ ইঞ্চপেক্টৰ দয়াৰ দৰে কথাটো ভাবিছিলোঁ। পিচে ভালকৈ ভাবি গম পালোঁ বেচেৰী মোৰ ছোৱালীজনীক আজলী পাই দোকানীয়ে ভাল ঠগিলে দেহি।
☆ ★ ☆ ★ ☆
8:59 am
ভাল লাগিল। ধন্যবাদ
3:37 pm
😂😂😂একেবাৰে ডিঙিতে ধৰিলে গৈ! মজা লাগিল পঢ়ি