ড্ৰাইভাৰ-জয়ন্ত ডেকা
আজি কিছুদিনৰপৰা কণটিলৌৰ মাকৰ নতুনকৈ জোশ উঠিছে।মানে এই বয়সলৈ আহি গাড়ী চলোৱা শিকিবলৈ মন মেলিছে।গুৱাহাটীৰ এই মাথা গৰম কৰা ট্ৰেফিকত এই আগ্ৰহ কিয় জন্মিলে এই কথাটো অৱশ্যে মৃণালৰো অজ্ঞাত আছিল।কিন্তু এই জোশ উঠাৰেপৰা কণটিলৌৰ মাকে পুহমাহৰ ঠাণ্ডাতো মৃণালক শোৱাপাটিৰপৰা জোৰ-জবৰদস্তি উঠাই লৈ আহে।ভোলাবাবাৰ শিষ্য মৃণালেও সহ্য কৰি উঠি আহে আৰু।তথাপিও এদিন ঠাণ্ডাৰ কোব সহ্য কৰিব নোৱাৰি ক’লে….
– মোৰ দৰে বিনা দৰমহাৰ ড্ৰাইভাৰ থাকোঁতে তুমি আৰু কিয় শিকিব লাগে?ময়ে দেখোন বিনা প্ৰতিবাদে এই কাম সদায়ে কৰি আহিছোঁ।
কণটিলৌৰ মাকৰ স্পষ্ট উত্তৰ…
– মই ৰাজশ্ৰী নহয়।কেৱল যে ফটোকে উঠি থাকিম। বৰশীত ঘৰিয়াল উঠাবপৰা কিটিপৰ লগতে গাড়ীও যে মই বুলেট ট্ৰেইনৰ দৰে চলাব পাৰোঁ সেইয়া ফেচবুকত ৰাইজে জানিব লাগিব।
তেতিয়াৰেপৰা আৰু মৃণালে একো নকৈ একান্ত বাধ্য ছাত্ৰৰদৰে কণটিলৌৰ মাকক গাড়ী চলাবলৈ শিকোৱা আৰম্ভ কৰিলে।কণটিলৌ ৰাতিপুৱা শুই উঠাৰ আগেয়ে দুয়ো ওলাই যায় আৰু ৩০ মিনিট শিকি উভতি আহে। আহিয়েই কণটিলৌক মাকে কয়….
– আজি কিমান পৰা হ’ল….; কিমান স্পীডত চলালে ইত্যাদি ইত্যাদি।কণটিলৌৰো এইবোৰ শুনি স্ফুৰ্তি লাগে। সিও সপোন দেখে বোলে মাকে যেতিয়া সম্পূৰ্ণকৈ চলাবলৈ শিকিব, তেতিয়া দুয়ো মাক-পুতেকে গাড়ী চলাই আমেৰিকা-কানাডালৈ যাব।কণটিলৌৰ সপোন আৰু মাকৰ প্ৰশিক্ষণৰ এমাহ এনেদৰেই পাৰ হ’ল।
কিন্তু আজি কিছুদিনৰ পৰা কণটিলৌৰ মাকৰ গা বেয়া। শৰীৰতকৈ মন বেছি বেয়া।মাজে মাজে উচুপি উচুপি কান্দে।মৃণালে সুধিলে কয়….
– তোমালোক দুয়ো বাপেক-পুতেকে মোৰ মনৰ অৱস্থা নুবুজা।পুৰুষ যে….!কি বুজিবা এগৰাকীৰ নাৰীৰ মন।
এইখিনিয়ে কৈ সামৰি থয় । ইফালে দেহ-মন দিনে দিনে বেয়ালৈ যোৱা দেখি আজি পুৱা আৰু মৃণালে একপ্ৰকাৰৰ জোৰ কৰিয়ে সুধিলে….
– ক’বানে কি হৈছে তোমাৰ ?
কণটিলৌৰ মাকে তেতিয়াহে ক’লে প্ৰকৃত কথাটো।
কিছুদিন আগতে কণটিলৌৱে বোলে ৰাতি মাকক এটা প্ৰশ্ন কৰিছিল।সেই প্ৰশ্নৰ উত্তৰ বিচাৰি নোপোৱাৰ বাবেই তেওঁৰ অন্তৰত শোকে খুন্দিয়াই তেখেতক বেমাৰী কৰি দিছে।কণটিলৌৱে বোলে মাকক সুধিছিল….
” মা,তুমিতো মোক আৰু দেউতাক তামাম মৰম কৰা। এতিয়া কোৱাচোন,তুমি ৰাস্তাত গাড়ী চলাই যাওঁতে সোঁফালে যদি দেউতা আৰু বাওঁফালে যদি মই আহি যাওঁ,তেতিয়া তুমি কাক খুন্দিয়াই কাক বচাবা?”
– মৃণাল এতিয়া তুমিয়েই কোৱাচোন কি উত্তৰ দিম মই তাক…! এই কথা ভাবি ভাবিয়ই মই বেমাৰী হৈ পৰিছো মৃণাল!
কণটিলৌৰ মাকে কথাখিনি কৈয়ে আকৌ ভেএএএ কৈ কান্দি দিলে।এনেই ভোলাবাবাৰ শিষ্য মৃণালৰ খং নুঠে । কিন্তু আজি কণটিলৌৰ মাকৰ ঠেহ-পেছ নাভাঙি খঙতে ৰাতিপুৱা যি ঘৰৰপৰা ওলাই গ’ল, এতিয়ালৈ উভতি অহাই নাই।
☆ ★ ☆ ★ ☆
8:49 am
ভাল লাগিল। ধন্যবাদ
11:23 am
Ha…ha…bhal lagil 🤣