ভাইৰেল- কাহিনী মে টুইষ্ট -ৰিমঝিম বৰঠাকুৰ
: আৰে বাবা সঁচা কথা ক’লে মই তোমাক কিবা কৰিম নেকি হা?
অলপ মৰম, অলপ খং মিহলি সুৰেৰে অংকুৰে লতাৰ গাল দুখনত তাৰ হাত দুখনৰে টেপা মাৰি ধৰি সুধিলে।
: কিবা থাকিলেহে মই তোমাক ক’ম
একে ভাঁজতে থাকি লতায়ো তাৰ প্ৰশ্নৰ উত্তৰটো দিলে। লতাৰ মুখলৈ একেৰাহে চাই থকা অংকুৰৰ মুখখন এইবাৰ খঙতে ৰঙা পৰি আহিল। চকুকেইটাও ৰঙা পৰি চলচলীয়া হৈ আহিছে। সেয়া দুখ নে খং লতাই ধৰিব নোৱাৰিলে। তাৰ চকুকেইটালৈ চাই উচুপি থকা লতা হঠাৎ ওলোৱা চিঞৰত এইবাৰ হাউ হাউকৈ কান্দি উঠিল। অংকুৰে হাতদুখন তাইৰ গালৰ পৰা আঁতৰাই আনি সোঁহাতখনৰে বিছনাৰ তুলিখনতে সজোৰে এটা ভুকু মাৰিলে। এইবাৰো কাষতে বহি কান্দি থকা লতা উচপ খাই উঠিল।
অংকুৰে যে কেতিয়াবা এনেকুৱা ৰূপ ধাৰণ কৰিব লতাই কাহানিও ভবা নাছিল। কিন্তু এতিয়া যে পৰিস্থিতি ক’লৈ গুচি গৈছে তাই ভবাৰো পৰিধিৰ বাহিৰত।
লতাক বন কৰা মানুহৰ প্ৰয়োজন আছিল। অংকুৰে নিজেই তাইক কৈছিল খবৰ কৰি থাকিবা। ক’ৰবাত খবৰ পালে মাতি পঠিয়াবা তুমি নিজেই ইণ্টাৰভিউ ল’বা আৰু ভাল লাগিলে ৰাখি থ’বা। অংকুৰে তাইক বন কৰা মহিলা ল’বনে পুৰুষ ল’ব কেতিয়াও ভাগ কৰি দিয়া নাছিল। লতাইহে বহুত ভাবি-চিন্তি পুৰুষ এজনকে লোৱাৰ সিদ্ধান্ত লৈছিল। তাৰ পিছৰখিনি গতানুগতিক। লগৰ, চিনাকিবোৰৰ মাজত বন কৰা মানুহৰ নিয়োগৰ বাতৰিটো লতাই নিজেই বিয়পাই দিছিল। সেইমতে যিয়ে য’তে খবৰ পাই তাইক জনায়। তায়ো ইণ্টাৰভিউৰ কাৰণে তাৰিখ এটা নিৰ্ধাৰণ কৰি মাতি পঠিয়ায়। দুই তিনিজনৰ লগত কথা পতাৰ পিছতে দাম-দৰে, কথাই-বতৰাই মিলাই লতাই বাছনি কৰিলে অচিন্তক।
অচিন্ত অহাৰ পৰা লতাই সকাহ পাইছে। সি একেবাৰে গোটেই ঘৰখন নিজৰ বুলি সামৰি লৈছে প্ৰথম দুদিন বস্তুবোৰৰ লগত চিনাকি কৰাই দিয়াৰ পিছত লতাই আৰু দ্বিতীয়বাৰৰ বাবে তাক সোঁৱৰাই থাকিব নালাগে। বিশেষকৈ লতাৰ খোৱা বোৱা, পছন্দ অপছন্দৰ গুৰুত্ব সি বুজি উঠিছে। তাইক কেতিয়া গ্ৰীণ টি একাপ, ব্লেক কফি একাপৰ প্ৰয়োজন হয় অচিন্তই লতাৰ মুখখন দেখিলেই গম পায়। অচিন্ত অহাৰ পৰা অংকুৰৰো ভাল হৈছে। সি অলপ সময় অফিচত বেছিকৈ থাকি কামকেইটা কৰি আজৰি আহিব পাৰে। নহ’লে সন্ধিয়া লতাক অকলশৰে ৰাখিবলৈ বেয়া লাগে। তায়ো দিনটো অকলে থাকি, শেষৰভাগলৈ আমনি পাইগৈ। এতিয়া অন্তত: কথা এটা পাতিবলৈ লগ এটা হৈছে। অচিন্তৰ কাম-কাজবোৰ দেখিলে কেতিয়াবা অংকুৰে ধেমালিকৈ কয়,
: ই দেখোন এগৰাকী ভাল গৃহিণী। ভাল ছোৱালী এজনী চাই তাক বিয়াহে দি দিব লাগিব।
অংকুৰৰ ধেমেলীয়া কথাত অচিন্তই লাজ লাজকৈ লতালৈ চাই হাঁহি এটা মাৰি আঁতৰি যায়। লতাইয়ো সি যোৱাৰ পিছত বহুদেৰিলৈকে তাক চাই থাকি উদাস কণ্ঠৰে অংকুৰে শুনাকৈ কয়,
: এৰাহ সি ভাল ছোৱালী এজনী পালেই হ’ল। কি..বা.. অভাৱত ইমান ধুনীয়া ল’ৰা এটাই এনেকৈ গোলামী খাটিছে।
লতাৰ কথাত অংকুৰে তাইক এনেই জোকাই চাওঁ বুলিয়েই,
: হমম আজিকালি দেখিছোঁ গোলামৰ প্ৰতি দৰদ বাঢ়িছে।
কথাষাৰ কৈ তাইৰ গালখনত চিকুটি দিয়ে।
অংকুৰে জানে অচিন্তক গোলাম বুলি কোৱাটো লতাই বৰ এটা পছন্দ নকৰে। সেয়ে সি মাজে মাজে তাইক এনেকৈ জোকায়।
অংকুৰক বাদ দি কথাবোৰ সকলোৰে কাণত পৰিবলৈ ধৰিছে। আজিকালি অচিন্ত আৰু লতা দুয়ো একেলগে ক’ৰবাত ওলাই গ’লে সকলোৱে বু বু বা বা কৰে। সিহঁতেও কাৰোলৈ কেৰেপ কৰাবিধৰ নহয়। সকলোৱে যেতিয়া সন্দেহ কৰিছেই গতিকে সেই সন্দেহৰ জুইকুৰাত আৰু অকণ ঘীউ ঢালি বঢ়াই দিয়ে। সিহঁত দুয়ো ক’ৰবালৈ ওলাই গ’লে কোনোবাই সিহঁতক উভতি চোৱা দেখিলে আৰু অকণ দুয়োয়ে দুয়োৰে বাহুদুটা কাষ চপাই আনি গা ঘঁহাই ঘঁহাই গৈ থাকে।
কোনোবাই কোনোবাই এনেকৈয়ো কোৱা সিহঁতৰ কাণত পৰে,
“কিহৰ অভাৱত এইজনীয়ে অংকুৰৰ নিচিনা ল’ৰাটো পায়ো বনকৰা ল’ৰাটোক ইমান চল দিছে।”,
“অংকুৰৰ নিচিনা ইমান ভাল ল’ৰা, দেখাই-শুনাই ভাল, চাকৰি ভাল, স্বভাৱে চৰিত্ৰই ভাল, তাইক মূৰতে থ’বনে, কোঁচতে ৰাখিব যেন কৰে, তাৰপিছতো…ছিহ ছিহ….”
: এক ছেকেণ্ড
ভায়’লিনাই কৈ যোৱা কাহিনীটো আধাতে ৰখাই দিলে প্ৰতিমে। প্ৰতিমৰ চিঞৰটো শুনিও ধুনীয়াকৈ কাহিনীটো কৈ যোৱা ভায়’লিনা ৰৈ গ’ল।
: কি হ’ল আকৌ এনেকৈ চিঞৰি কিয় ৰখাই দিলা?
বিৰক্তিৰ সুৰত ভায়’লিনাই প্ৰতিমক কৈ উঠিল।
: হ’ব কাহিনী বুজিলোঁ। মানে এক্সট্ৰা মেৰিটেল এফায়াৰ। তাৰপিছত গিৰিয়েকে গম পাই বৌম কোবন দিয়ে।
: হমম তেনেকুৱাই কিন্তু কাহিনী মে টুইষ্ট।
প্ৰতিমৰ কথাষাৰত ভায়’লিনাই তাৰ নাকটো টান মাৰি উত্তৰটো দিলে। তাইৰ কথাত তাইলৈ ভেবা লাগি চাই থকা প্ৰতিমৰ মুখখন দেখি ভায়’লিনাই আৰম্ভ কৰিলে,
: মানে এক্সট্ৰা মেৰিটেল এফায়াৰে কিন্তু অচিন্ত আছিল লতাৰ আগৰ প্ৰেমিক। তাইক বিয়া পাতিবলৈ নাপায় তাইৰ ঘৰত আহি গোলামি খাটিছে পিছত সিহঁতে …
ভায়’লিনাৰ কথাখিনি সম্পূৰ্ণ হ’বলে নিদিয়াকৈয়ে প্ৰতিমে হো…হোৱাই হাঁহি উঠিল আৰু হাঁহি হাঁহি চকুপানী উলিয়াই দিয়া প্ৰতিমে চকুপানীখিনি মুচি ভায়’লিনাৰ থুতৰিটো ধৰি ক’লে,
: চোৱা এইবোৰ যে কাহিনী লিখি এনে সময় নষ্ট নকৰিবা। আজিকালি যে কোনো প্ৰেমিকে প্ৰেমিকাক নাপালে তাইৰ গিৰিয়েকৰ ঘৰত আহি কাঁহী বাটি ধুই নাথাকেহি। অন্তত: মইটো তেনেকুৱা নকৰোঁ।
হাঁহি হাঁহি কৈ থকা প্ৰতিমৰ মুখখনলৈ চাই ভায়’লিনাই এইবাৰ চিঞৰি উঠিল,
: হ’ব হা ময়ো যদি অংকুৰৰ নিচিনা গিৰিয়েক এটা পাওঁ তোমাক কিহলে মোৰ ঘৰত আনি ৰাখিমহি
ভায়’লিনাৰ কোৱাৰ ধৰণটো দেখি প্ৰতিমে সুধিলে,
: তেন্তে এই ফটুৱা কাহিনীবোৰ লিখিছা কিয়?
: ভাইৰেল বুজিছা ভাইৰেল
ভায়’লিনাই কোৱা কথাটো বুজি নাপায় হাঁহি থকা প্ৰতিমে এইবাৰ অকণমান গহীন হৈয়ে সুধিলে,
: মানে?
: মানে কি আৰু। ৰাইজে এইটো কাহিনী পঢ়ি অচিন্তৰ দুখত ছোৱালীজনীক গালি পাৰি পাৰি কাহিনীটো চচিয়েল মিডিয়াত শ্বেয়াৰ কৰি ‘আজিও জীয়াই আছে সঁচা প্ৰেম’ বুলি ভাইৰেল কৰিব ইফালে লিখক মানে মই এৰাতিতে হৈ পৰিলোঁ জনপ্ৰিয় লিখক।
ভায়’লিনাৰ কথাত প্ৰতিমে এইবাৰ কিবা এটা ক’ম বুলি ভাবিও ক’ব নোৱাৰিলে মাত্ৰ ওপৰলৈ চাই এটা কথাই মনতে ভাবিলে ‘ভগৱান এইজনীক এআ ভাইৰেল জ্বৰবিধৰ পৰা ওলাই আহিবলৈ সুমতি দিয়া।’
☆ ★ ☆ ★ ☆
6:54 pm
ভাল লাগিল৷
7:00 pm
বহুত ভাল লাগিল। ধন্যবাদ