বেতনিত পৰিল ঔ-উপাসা ভাগৱতী
বিয়াৰ পিছৰে কথা৷ আছিলোঁ ধেমাজিৰ মাছখোৱাত। যাতায়ত অত্যন্ত বেয়া৷ বন্ধৰ দিন হ’লেই আমি দুয়োজন অলপ ফুৰিবলৈ বুলি ওলাই যাওঁ। কেতিয়াবা ধেমাজি টাউনলৈ আৰু কেতিয়াবা ঢকুৱাখানালৈ যাওঁ। বাহনখন আছিল এল এম এল ভেচ্পা এখন। সেইদিনা ধেমাজিত থিয়েটাৰ এখন চলি আছিল। ৰাস্তা যথেষ্ট বেয়া দুখন দলং ভগা। এখন মাৰ নাৱেৰে পাৰ হ’ব লাগে আৰু আনখন বাঁহৰ দলং পাৰ হৈ সিপাৰলৈ যোৱাৰ ব্যৱস্থা আছিল। আমি এওঁৰ লগৰ বন্ধু এজনৰ পৰিয়ালৰ লগত থিয়েটাৰ চাই ৰাতি তাতে কটোৱাৰ পৰিকল্পনা কৰি গৈছিলোঁ। মই আকৌ এই বাইক, স্কুটাৰত বহা পিছৰ গৰাকীয়ে যে কঁকালত হাতখন দি যে যায়, কিয় নাজানো সেইটো বৰ বেয়া পাইছিলোঁ। গতিকে স্কুটাৰত উঠি এওঁ মোক ভালকৈ ধৰিবলৈ কওঁতেও নধৰি চিট কভাৰটোতে আঙুলিকেইটাৰে যেনে তেনে ধৰি গৈ আছিলোঁ। অলপ সময় ভালদৰেই পাৰ হ’ল। হঠাতে চাদৰৰ আচলখন উৰিবলৈ ধৰাত অসুবিধা পাই হাতখন এৰুৱাই আনোতে ঘটিল নহয় ঘটনাটো। আন ঠাইত গৰু এৰাল দিয়াৰ দৰে ইয়াত আকৌ পোৱালি গাহৰি এৰাল দি থয়৷ স্কুটাৰৰ সন্মুখেৰে এটা গাহৰি পাৰ হ’বলৈ ধৰাত এওঁ গাহৰিটো বচাবলৈ স্কুটাৰখন ইফাল সিফাল কৰোঁতেই সোলোপকৈ সৰি পৰিলোঁ ৰাস্তাত। ভালকৈয়ে দোষ পালো কঁকাল আৰু বাওঁহাতখনত। ছাল -তাল অলপ গ’ল৷ মই সেই পৰি থকাতে থাকিলোঁ এওঁ গৈ কোনোবা ধুবুৰী পালেগৈ। খবৰেই নাই পিছফালে বহা অৰ্ধাংগিনী যে ৰাস্তাত পৰি ধৰাসায়ী। কাষে পাজৰে থকা মানুহবোৰ ইতিমধ্যে দৌৰি আহিল। মই লাহে ধীৰে উঠি সন্মুখলৈ চাই দেখোঁ স্কুটাৰ লৈ এওঁ উভতি আহিছে। সেমেনা সেমেনিকৈ কিমান দুখ পালোঁ সুধিছে যদিও উত্তৰ নিদি মই মানুহৰ মাজত বৰ অসহজ অনুভৱ কৰি কেৱল স্কুটাৰত বহি পৰিলোঁ আৰু কলোঁ, “আৰু মানুহ গোট খোৱাৰ আগতেই মোক সোনকালে ইয়াৰ পৰা লৈ ব’লক।” বন্ধুৰ ঘৰতহে ডেটল, মলম আদি লগাই অলপ সময় ৰৈ বিষ অনুভৱ কৰি থাকিলেও থিয়েটাৰ নোচোৱাকৈ নেৰিলোঁ। পিছদিনা উভতি অহাৰ পিছত ভাড়া ঘৰৰ মালিকনী বাইদেউৰ পৰা মায়ে পৰাৰ দৰে ঠিকছে গালি খালোঁ। ঘৰত নক’লো দেই গালি খাওঁ বুলি। এতিয়াও এই কথা ওলালে দুয়োৰে বৰ হাঁহি উঠে। ল’ৰাহঁতেও ধেক্ধেকাই হাঁহি উঠে৷
☆ ★ ☆ ★ ☆
8:58 am
বহুত ভাল লাগিল। ধন্যবাদ