ফটাঢোল

এখন আধৰুৱা ৰম্য-ৰচনা-ভাস্কৰ জ্যোতি বৰুৱা

‘দাদা কওক’

ম’বাইলৰ স্পীকাৰ হৈ মোৰ কাণৰ ভিতৰলৈ গতি কৰা সেই চিনাকি শব্দ দুটাত কিবা এটা আত্মীয়তা আছে। অত দিনৰ মূৰত ফোন। দুটা ৰিঙৰ পাছতেই ফোন ৰিচিভ কৰি এনেকৈ আৰম্ভ কৰিছে যেন সঘন যোগাযোগৰ মাজতে আমি আজিও আছোঁ। মনটো ভাল লাগি গ’ল।

‘কেনে আছা বীৰেন?’

‘মোৰ নাম লৈ কিবা লিখিবলৈ লৈছে ন?’

লাজ লাগি গ’ল। ইমান দিন সম্পৰ্কহীন হৈ থাকি হঠাৎ ৰাতি ৯ বজাত কৰা ফোনটোৰ উদ্দেশ্য বীৰেনে ইতিমধ্যেই উলিয়াই পেলাইছে। লাজ পালেও লাজ নলগাৰ দৰে থাকি নিজৰ উদ্দেশ্য সাধন কৰিব পৰাটোও এক দক্ষতা। দক্ষতা প্ৰয়োগৰ চেষ্টা চলালোঁ।

‘ফটাঢোলত লেখা এটা লাগে হে। বৰকৈ ধৰি আছে।’ এবাৰেই খুজিছিল দেৱজিতে। কিন্তু নিজৰ গুৰুত্ব বঢ়োৱাৰ সুযোগকণনো কিয় এৰোঁ?

‘লেখি দিয়ক কিবা এটা। এনেও … হি হি হি …’

বাক্যটো শেষ নকৰিলে বীৰেনে। এটা শব্দত খালী ঠাই পূৰণ কৰিবলৈ দিয়া প্ৰশ্নৰ উত্তৰ হিচাপে মই বহালোঁহেঁতেন (নিগেটিভ মাৰ্কিং নাথাকিলে) – ‘নপঢ়ে’। কিন্তু হাঁহিৰ দৈৰ্ঘ্যলৈ চাই এনে লাগিল বীৰেনে এটা শব্দত সেই বাক্য শেষ কৰিলেও আন বহুকেইটা বাক্য সেই বাক্যৰ পাছত, হাঁহিৰ মাজত চেপা খাই আছে। আকৌ এবাৰ দক্ষতা প্ৰয়োগৰ প্ৰয়োজন আহি পৰিল।

‘পঢ়ে বীৰেন, পঢ়ে। মোৰ লেখাৰ তলত কমেণ্ট আহে নহয়। ভাল পায়।’

‘হয় দেখিছোঁ। আপোনাৰ লেখাৰ তলত মেইনলী সম্পাদনাৰ লগত জড়িত থকাকেইজনে কমেণ্ট কৰে। ভদ্ৰতা বুলিও কথা এটা থাকে দিয়কচোন।’

নীলাক্ষি কাকতি আৰু ৰিণ্টুমণি দত্তৰ ফেচবুকৰ প্ৰফাইল পিকচাৰ দুখন চকুৰ আগলৈ উঠি আহিল। কিন্তু চলচিত্ৰৰ দৰে জীৱন্ত। দুয়োটাৰে চকুৱে মুখে অস্বীকাৰ কৰিব নোৱৰা কিবা এক অস্বস্তি। মোৰো সিহঁত দুটাৰ সেই অসহায় অৱস্থা বেছি সময় চাই থকা সম্ভব হৈ নাথাকিল। বেচেৰা দুটা! আলোচনীখনৰ প্ৰতি সমৰ্পিত। বিদায় দিলোঁ।

যি নাই নাই, এই বীৰেনৰ কাহিনী বীৰেনক নোসোধাকৈয়ে আৰম্ভ কৰি দিওঁ নেকি? সৃজনীশীল। এনেকৈ কথোপকথনৰ প্ৰতিটো ঢাপতে দক্ষতা বৃদ্ধি কৰি নিয়াটো যথেষ্ট কষ্টকৰ হৈ উঠিছে।

‘শুনানা, মোক তোমাৰ জীৱনৰ এনে এটা ঘটনা কোৱাচোন, যি এটা মজাৰ গল্পৰ দৰে। যাৰ আৰম্ভণি  চমকপ্ৰদ আৰু সমাপ্তি পৰিপূৰ্ণ।’ মই চেষ্টা এৰি দিয়া নাই। বীৰেনকেন্দ্ৰিক এটা গল্প মোক লাগেই। 

‘বাঃ দাদা, ভাষা কিছু লগাইছেহে।’

প্ৰথমবাৰলৈ এনে লাগিল বীৰেনৰ কথাত কোনো তাচ্ছিল্য নাই। আছে এশ শতাংশ বিশুদ্ধ প্ৰশংসা। 

‘লেখা-মেলা কৰি থাকিলে আহি যায় বীৰেন।’

‘বুজিছে দাদা, আমাৰ গাঁৱৰ ফুলকণেও ফেচবুকত BIO লিখে – ‘আনে যোৱা বাটেৰে নোযোৱা ল’ৰাটো’। আৰু সি পদূলি এৰি আনৰ ঘৰৰ জেওৰা পাৰ হৈ ৰাতি মনে মনে তামোলৰ বাৰীত সোমায়। হাঁহ-কুকুৰাৰ গড়ালো পাইগৈ।’

এইবাৰ কি বুজাব খুজিছে বীৰেনে? মোৰ লেখা কি আনৰ পিঠাৰে পতা বিহু? ভাবিবলৈ বাদ দিলোঁ। কিন্তু বীৰেনৰ উদাহৰণলৈ অহা বেচেৰা ফুলকণ, যি আজি জুইশালত কৰা অভ্যাসৰ বাবে বীৰেনহঁতৰ গাঁৱত নিন্দিত হৈছে, এদিন কমাৰশাল খুলি বহিব পৰা হ’লে গুণমুগ্ধৰ অভাব নহ’ব। আধুনিক বিশাল ফেক্টৰী খুলিলেতো কথাই নাই। সকলো দেখিয়েই আহিছোঁ দেখোন অত দিনে। কথাবোৰ মুখ ফুটাই ক’বলৈ গ’লেহে সমস্যা। বোবা দৰ্শক হৈ চাই থাকিব পাৰি। মেটাফৰ প্ৰয়োগ কৰি গল্প চল্পত ক’ব পাৰি অৱশ্যে। একো নকলোঁ।

‘দাদা’। সকলো সহি মৌণতাৰ সিপাৰে মই আছোঁ নে নাই বীৰেনে হয়তো পৰীক্ষা কৰিলে।

‘কোৱা।’ মই অপেক্ষা কৰিলোঁ – এইবাৰ বা কি এৰে ডাইলগ মাষ্টাৰে?

‘সকলো কাহিনীৰে এক চমকপ্ৰদ আৰম্ভণি আৰু পৰিপূৰ্ণ সমাপ্তি থাকে জানো?’

মাতৰ গভীৰতালৈ চাই এয়া ব্যংগাত্মক কিবা এটাৰ অৱতাৰণা যেন নালাগিল। ‘নাথাকে,’মই ক’লোঁ।’সেইবাবেই কিজানি কিছুমানক গল্প হিচাপে কথনযোগ্য বুলি নাভাবে লেখকে আৰু কিছুমানক পাঠকে নাভাবে পঠনযোগ্য বুলি।’

‘তেন্তে দাদা, সেইবোৰ জীৱনৰ কাহিনীৰে কি একো গল্প নহয়গৈ, যিবোৰ এদিন হঠাৎ ৰৈ যায়, আন্তৰিকতাৰে নিৰ্মাণ কৰিব খোজা কাহিনীটো আধা নৌহওতেই?’

হাৰে, কিহে পালে? হঠাৎ বীৰেন দাৰ্শনিক হৈ উঠিল যে! বীৰেনৰ এইটো সংস্কৰণ হাস্য-ব্যংগ আলোচনী এখনত খাপ নাখায়। আনহাতে এইটো মুডত বীৰেনৰ পৰা সাংঘাতিক পাঞ্চ থকা ব্যংগ জাতীয় কিবা এটা আশা কৰাও নাযায়। বুজিলোঁ, যি কৰোঁ ময়েই কৰিব লাগিব। কথা চমুৱালোঁ। 

“শ্বেয়াৰ ট্ৰেডিঙত বীৰেন”– শিৰোনামটো লিখি অপেক্ষা কৰিলোঁ মগজুৱে আগুৱাই নিয়ালৈ। বিজয় মহন্তৰ শ্বেয়াৰ ট্ৰেডিঙৰ কাহিনী কিছুমানক অতিৰঞ্জিত কৰি বীৰেনীকৰণ কৰা যাওক – এটা সু-সজ্জিত ট্ৰেডিং ৰূম। চাৰি পাঁচটা এল চি ডি মনিটৰ বেৰত ওলমি আছে। নাঃ, বীৰেনৰ গাঁৱত ভালদৰে ইণ্টাৰনেটৰ নেটৱৰ্কেই নাপায়। কল্পনা হ’ল বুলি ইমানো গছত গৰু উঠা হ’ব নালাগে। পাঠক বিৰক্ত হ’ব। গছৰ ওপৰত তৈয়াৰ কৰা এক সুদৃশ্য কোঠা নিশ্চয় হ’ব পাৰে। এনে এটা বিৰিষ ভৱনৰ ফটো মাধুৰীমা ঘৰফলীয়াই লক ডাউনৰ সময়ত ফেচবুকত দিয়া মনত আছে। তেওঁৰ অভিযন্তা স্বামী ‘ৱৰ্ক ফ্ৰম হোম’ত ব্যস্ত থকাৰ ফটো। মোৰ লেখাটোত বীৰেনৰ বাবে ৪-৫ টা এল চি ডি মণিটৰৰ পৰিবৰ্তে থাকিব দুটা লেপটপ। অধিক বাস্তবসন্মত হ’ব। সলনা-সলনিকৈ দুয়োটাতে বীৰেনৰ তীক্ষ্ণ দৃষ্টি। হঠাৎ বেংক নিফটিৰ পতন। পুনৰ উঠাৰ আশাত বীৰেন অপেক্ষাৰত। নাই, গতি অধিক নিম্নগামী। সি সিদ্ধান্ত লৈ পেলালে। আৰু ৰিস্ক নলয়। সি লোকচানতে ওলাই আহিব। কিন্তু হঠাৎ ইণ্টাৰনেটৰ নেটৱৰ্ক নোহোৱা হৈ গ’ল। বীৰেন অস্থিৰ। এটা বান্দৰে খিৰিকীৰে বীৰেনক জুমি চাই খেকখেকাইছে।

ধেই, এনেকুৱা বিপদৰ সময়ক লৈ সৃষ্টি কৰা হাস্যৰস বিৰক্তিকৰ। এইটো পৰিকল্পনা বাদ দিলোঁ। বেলেগ কিবা এটা ভবা যাওক। হঠাৎ মোৰ ম’বাইল ফোনটো বাজি উঠিল। চিন্তাত ব্যাঘাত। বীৰেন দেখোন। ফোনটো কাণৰ কাষলৈ নিলোঁ। 

‘কোৱা বীৰেন’

‘দাদা, বীৰেনৰ স্বৰ্গ ভ্ৰমণ বুলি শিৰোনাম দি কিবা এটা লিখক না।’

‘কি হ’ল, পৃথিৱীয়ে আমুৱালে নি তোমাক? একবিংশ শতিকাত জীয়াই জীয়াই কেনেকৈ স্বৰ্গ পাবাগৈহে।’ এছাট উভতাই দিয়াৰ সুযোগটো নেৰিলোঁ।

‘ধেই, কি যে কয়। মেজিক ৰিয়েলিজিম আনে, যি আনে আনক, মাত্ৰ মই মনিষাক স্বৰ্গত লগ পোৱাটো কৰিব। জমনি কাহিনী এটা বনাওক।’

‘পাগল হৈছা নেকি? সেইটো টপিকত মই জমাব নোৱাৰোঁ।’

‘ভাবকচোন ভাবক। এই ধৰক, পাণ্ডবে স্বৰ্গাৰোহণ কৰা পথেৰে ফুচুক লৈ মোৰ যাত্ৰা। বাংলাপট্টি, না না, স্বৰ্গপট্টি পান খাই তাই ব’ৰ হৈ গৈছে। মোক তামোল এখন খুজিছে। ফুচুক দেখি …’

বীৰেনে সম্পূৰ্ণ কৰিব নোৱাৰিলে। তাৰ মাত থোকাথুকি হৈ আহিল। ফোনটো কাটি দিলে।

হঠাৎ কি হ’ল ইয়াৰ? অলপ আগলৈকেতো সকলো ঠিকেই আছিল। স্বভাৱসিদ্ধ কুশলতাৰে ইডালৰ পাছত সিডাল তীক্ষ্ণ ব্যংগ বাণেৰে মোক আঘাত সানি আছিল। মানুহৰ মনোজগতখন সঁচাকৈয়ে বৰ বিস্ময়কৰ। যেন বহু তৰপীয়া এখন অনুভৱৰ নৈ। উপৰিপৃষ্ঠত আনে দেখাখিনিয়েই শেষ কথা নহয়। আঃ কাহিনীৰ চমকপ্ৰদ আৰম্ভণি আৰু পৰিপূৰ্ণ সমাপ্তিক লৈ সোধা বীৰেনৰ প্ৰশ্ন মনিষাকেন্দ্ৰিকেই আছিল নেকি? তাৰ পৰৱৰ্তী প্ৰশ্নটোও দেখোন তেনে ইংগিতৰে এক সম্প্ৰসাৰণ যেন এতিয়া লাগিছে। যিখিনিক মোৰ বাবে অপ্ৰয়োজনীয় বুলি আওকাণ কৰিছিলোঁ। মনীষায়ো বাৰু ঠিক এনেদৰে কিবা ইংগিত দিছিল নেকি তাইৰ কিছু কাম আৰু কথাৰ মাজেৰে? যিবোৰ আনে ধৰিব নোৱাৰিলে!

***

 

প্ৰিয় পাঠক, মূল লেখাটো ওপৰৰ যতি চিহ্নতেই শেষ হৈছে। ব্যংগ হিচাপে নিতান্তই হতাশজনক এটা লেখা। সফল ব্যংগ হোৱাৰ সম্ভাৱনা হয়তো এই লেখাটোৱে কঢ়িয়াইছিল। কিন্তু ই প্ৰাৰম্ভিক প্ৰত্যাশাক ধৰি ৰাখি ইপ্সিত দিশলৈ গতি নকৰিলে। ঠিক মনিষাৰ জীৱনটোৰ দৰেই অনাকাংক্ষিতভাৱে হঠাৎ আধৰুৱাকৈ নৰ’বলগীয়া ঠাইত শেষ হ’ল। বুজিছোঁ, আপুনি বিৰক্ত হৈছে। খঙো উঠিব পাৰে। উঠাৰে কথা, যদিহে এটা ভাল ব্যংগ পঢ়াৰ মানসেৰে ইমানখিনি সময় আপুনি ব্যয় কৰিছিল। মই দুঃখিত। 

***

দুপৰীয়া দেৱজিতলৈ ফোন কৰিছিলোঁ। লেখাটো হোৱাটছ এপত দি থ’বলৈ ক’লে। ৰাতিলৈ পঢ়িব। দি থ’লোঁ। দুটা বাক্য দেৱজিতৰ পৰা মাজৰাতি হোৱাটছ এপত সোমাল – ‘দাদা, ব্যংগ হিচাপে লেখাটো ভাল পালোঁ বুলি ঠিক ক’ব নোৱাৰিম। আধৰুৱা জীৱন, আধৰুৱা স্মৃতি আৰু আধৰুৱা লেখাৰে স্মৃতি তৰ্পন – সেই ফালৰ পৰা চলিব।’

এটা দীঘল হুমুনিয়াহ কঢ়াৰ বাদে কিয়েইবা ক’ব পাৰি তেনে মুহূৰ্তত? এটা নিখুঁত পৰিসমাপ্তিৰে এটা সম্পূৰ্ণ লেখা আচলতে ময়ো বিচৰা নাই। মনিষাৰ স্মৃতি মূৰত লৈ চেষ্টা কৰিলেও নোৱাৰিলোঁহেঁতেন কিজানি। দেবজিতলৈ একো নিলিখাকৈয়ে হোৱাটছ এপৰ পৰা ওলাই আহিলোঁ।

মনিষাই বীৰেন নামৰ চৰিত্ৰটোক ভাল পাইছিল। বীৰেনৰ বিষয়ে লিখিবলৈ মোক উৎসাহিত কৰিছিল। তাইৰ স্মৃতিতে খেলিমেলি মনেৰে কিবা এটা লিখিলোঁ।

ভগৱান, মনিষাক শান্তি দিয়া। চিৰশান্তি।

☆ ★ ☆ ★ ☆

10 Comments

  • কমলা দাস

    খুবেই ভাল লাগিছে পঢ়ি।

    Reply
    • ভাস্কৰ জ্যোতি বৰুৱা

      সকলোকে ধন্যবাদ জনাইছোঁ‌।

      Reply
  • কাবেৰী মহন্ত

    মিক্সদ অনুভৱ … শব্দৰ বান্ধোন কিন্তু মনীষাৰ মুখখন পেন্দোলামৰ দৰে অহাযোৱা কৰি থাকিল! বিষাদবোৰ ওলোমাই ..

    Reply
  • কৰবী দেবী

    বৰ সুন্দৰকৈ লিখিলে । শেষলৈ কিছু আবেগিক হ’লো।

    Reply
  • Anonymous

    বৰ সুন্দৰ লেখাটো ্। মনটো গধুৰ হৈ পৰিল

    Reply
  • বন্দিতা

    বৰ সুন্দৰ লেখাটো ্। মনটো গধুৰ হৈ পৰিল

    Reply
  • ৰিণ্টু

    আকৌ এবাৰ চকুপানী ওলাল

    Reply
  • আপোনাৰ লেখা মোৰ সদায়ে প্ৰিয়৷ ভাল লাগিল৷ এডমিন হিচাপে নহয়৷ পাঠক হিচাপে৷ শেষলৈ দুখ অকনে বুকুখন বিষাই পেলালে৷

    Reply
  • Anonymous

    দুখ লাগিল।

    Reply
  • ডলী

    মনত পেলাই দিলে মনীষাক। সুন্দৰ লেখাটোৰ বাবে ধন্যবাদ দাদা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *