প্ৰেম নিবেদন-অৰবিন্দ গোস্বামী
: দাদা,আপোনাৰ লগত কথা এটা আছিল।
: কোৱা।
:দাদা মোক প্ৰেমপত্ৰ এখন লিখি দিব লাগে।
: পিচে প্ৰেমপত্ৰখন কাক দিবা?
: ময়ুৰীক।
স্নাতক চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ দেৱজিতে সঞ্জীৱলৈ ঘোপাকৈ চালে। চকুত ক্ৰোধাগ্নি স্পষ্ট। মহাদেৱৰ দৰে তিনি নম্বৰ চকুটো থকা হ’লে সেইটো মেলি দি সঞ্জীৱক কামদেৱৰ দৰে ভষ্ম কৰি পেলালেহেঁতেন। কিন্তু পেছাদাৰী কামত আৱেগৰ স্থান নাই।
পেছাদাৰী প্ৰেমপত্ৰ লেখক দেৱজিতৰ মনৰ ৰাণী ময়ুৰী আৰু সেই ময়ুৰীকে ই বেটাই প্ৰেম নিবেদন কৰিবৰ বাবে প্ৰেমপত্ৰ লিখাবলৈ আহিছে।
: কি কৰা যায় ইয়াক!
দেৱজিতে মনে মনে ভাবিলে।
অৱশেষত যেনিবা পাঁচশ টকা আগধন লৈ দেৱজিতে ময়ুৰীৰ নামত প্ৰেমপত্ৰখন লিখি দিয়াৰ কথা দিলে।
: দুদিনমানৰ পিছত আহিবা, মই খবৰ দি মাতিম তোমাক। কাম হৈ যাব। দুই এদিন অলপ ব্যস্ত থাকিম।
: হ’ব দাদা,ধন্যবাদ।
দেৱজিতে সঞ্জীৱ আঁতৰি যোৱাৰফালে চাই থাকিল।এনেতে সঞ্জীৱৰ কান্ধত কোনোবাই লাহেকৈ হাত থৈ মৃদু স্বৰেৰে সুধিলে——-
: কোন আছিল দেৱ? আৰু সি কিয় আহিছিল?
হেমন্তদাই লাহেকৈ দেৱজিতৰ কান্ধত হাতখন থৈ সুধিলে।
টোপনীৰপৰা সাৰ পোৱা মানুহৰ দৰে দেৱজিতে পিছফালে ঘূৰি চাই ক’লে—–
: অহ! হেমন্তদা। দুই নম্বৰ হোষ্টেলৰ মক্কেল সঞ্জীৱ আহিছিল।
: পিচে তোমাৰ ওচৰলৈ বা কিয় আহিছিল! প্ৰেমপত্ৰ লিখোৱাবলৈ নহয়তো!
: তেনেকুৱাই দাদা।
দেৱজিত শৰ্মা কলেজৰ এটা বিখ্যাত নাম, সকলোৰে পৰিচিত। পঢ়া-শুনাত মধ্যমীয়া হ’লেও দেৱজিতৰ আছে এক সাংঘাটিক গুণ।সেয়া হ’ল দেৱজিতৰ হাতৰ আখৰ বৰ ধুনীয়া আৰু সি প্ৰেমপত্ৰ লিখাত পাকৈত। সেয়ে প্ৰথমে সি প্ৰেমাস্পদসকলক নিস্বাৰ্থভাৱে প্ৰেমপত্ৰবোৰ লিখি দিছিল। সুন্দৰ সুন্দৰ লেটাৰ পেডবোৰত তাৰ ধুনীয়া আখৰ আৰু সুন্দৰ ভাষাই চিঠিখন এবাৰ হ’লেও যিকোনো মানুহকে চাবলৈ বাধ্য কৰিব। পিচে পিছলৈ ইয়াকে দেৱজিতে বৃত্তি হিচাপে গ্ৰহণ কৰিলে।বৃত্তি বুলি আচলতে এইবাবেই ক’বলগীয়া হ’ল যে ইয়াৰদ্বাৰা দেৱজিতে চম্পকদাৰ দোকানৰ পকৰী, ঘূগুনি, আলু চপ, ব্ৰেড চপ আদি খোৱাৰ বাকীকেইটা মাৰিব পাৰিছিল।হোষ্টেলত পঢ়িবলৈ ঘৰৰ পৰা টকা ঠিকমতেই পঠায়। পিচে মুখৰ খজুৱতি বুলিও কথা এটা থাকে নহয়! সেই খজুৱতি মাৰিবলৈকে হোষ্টেলত বহুতে এনে গ্লেমাৰ থকা বৃত্তি কিছুমান বাচি লয়।
হেমন্ত কাকতি নামৰ চৰিত্ৰটো অলপ ব্যতিক্ৰম। প্ৰকৃততে এইজনাই কিমান বছৰ বেক লাগি লাগি বিশ্ববিদ্যালয়ত বোকাভৰ্তি ৰাস্তাত ট্ৰাক ফচাদি ফচি আছে, সঠিককৈ কোৱা টান। কোনো কোনোৱে কয় পাঁচ বছৰ আৰু কোনো কোনোৱে কয় সাত বছৰ…..কথাষাৰ নানা মুনিৰ নানা মতৰ নিচিনা। বিষয়টো লৈ সঞ্জীৱে কাকতিদাক এদিন প্ৰশ্ন কৰিছিল।
: কাকতিদা, কোনোবাই কয় আপুনি পাঁচ বছৰ ফেল কৰি বহি আছে,কোনোবাই কয় সাত বছৰ। আচলতে আনুমানিক কোন চনত আপুনি ডিগ্ৰীটো সম্পূৰ্ণ কৰিব লাগিছিল বাৰু?
আপোনালোকে হয়তো ভাবিছে সঞ্জীৱৰ প্ৰশ্নটো শুনি কাকতিদাৰ খং উঠিল। একদম খং উঠা নাছিল। বৰঞ্চ কাকতিদাই সঞ্জীৱক একেবাৰে ওচৰলৈ মাতি আনি কাণে কাণে কিবা এষাৰ কৈছিল। সঞ্জীৱৰ মুখখন মেল খাই যোৱা আৰু চকুৰ মণিকেইটা অমৰা গুটিটোৰ নিচিনা হৈ যোৱা কথাষাৰে বুজাই দিছিল যে সঞ্জীৱে যিদৰে কাকতিদাক ‘গাধা ব্ৰেণ্ডৰ’ বুলি ভাবি আছিল, সেয়া প্ৰকৃত সত্য নহয়। প্ৰকৃত সত্য কল্পনাৰো বহু উৰ্দ্ধত। অৱশ্যে কথাখিনি বৰ্তমান কাকো নজনাবলৈ কাকতিদাই সঞ্জীৱক সকীয়নি দিছিল।কাকতিদাই সঞ্জীৱক কোৱা কথাখিনিৰ সাৰংশ আছিল এনেধৰেণৰ।
সৰু-সুৰা পৰীক্ষা দি পাছ কৰাটোৱেই জীৱনৰ লক্ষ্য বুলি কাকতিদাই নাভাবে। পাছ কৰা নালাগে প্ৰতিখন পেপাৰতে কাকতিদাই এশ নম্বৰকৈ উঠাব পাৰে। কিন্তু কাকতিদাই সেয়া নকৰি এতিয়া ডিগ্ৰী পাঠ্যক্ৰমৰ প্ৰতিটো বিষয়ৰ ওপৰত গৱেষণা কৰি আছে। কিছুদিন আগতে তেওঁ নিউটনৰদৰেই তিনিটা সূত্ৰও উলিয়াইছে, যিটো প্ৰকাশ হোৱাৰ লগে লগে ‘নাচা’ৰ বৈজ্ঞানিকসকলেও ভাৰতৰ প্ৰতিভাৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ বাধ্য হ’ব।অৱশ্যে তৃতীয় সূত্ৰৰ কাম শেষ হ’বলৈ এতিয়াও কিছু বাকী। সূত্ৰকেইটা হ’ব ‘বিশ্বজনীন’—-অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুকণাৰ ক্ষেত্ৰত এই সূত্ৰ প্ৰযোজ্য হ’ব।সঞ্জীৱে প্ৰশ্ন কৰিছিল—-
: দাদা আপোনাৰ গুৰু বিষয় অৰ্থনীতিহে!আপুনি আকৌ বিজ্ঞানৰ সূত্ৰ কেনেকৈ আৱিস্কাৰ কৰিলে?
হেমন্তদাৰ উত্তৰ আছিল এনেধৰণৰ——
: মোৰ প্ৰথম সূত্ৰটোৱেই অৰ্থনীতিৰ লগত বিজ্ঞানৰ সম্পৰ্ক সমন্ধে…যিটো ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুকণাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুকণাত বিজ্ঞান আৰু অৰ্থনীতি একেলগে সোমাই আছে। যদিও আমি সাধাৰণ মানুহে এটা বিষয়ৰ লগত আনটোৰ সম্পৰ্ক নাই বুলিয়েই ভাবো, তথাপি এই দুটা বিষয় এটা আনটোৰ পৰিপূৰক।
মুঠতে কাকতিদাই যে সঞ্জীহঁতৰ মহাবিদ্যালয়খনৰ নাম উজলাব, সেয়া খাটাং বুলি সঞ্জীৱ নিশ্চিত হ’ল। ইমান মহান ব্যক্তি পঢ়া মহাবিদ্যালয়খন চৰকাৰে নিশ্চয় সোণেৰে সজাই পেলাব আৰু সঞ্জীৱহঁতৰ মহাবিদ্যালয়খন হৈ পৰিব বিশ্বৰ প্ৰথমখন স্বৰ্ণ মহাবিদ্যালয়। এৰা! মানুহজনৰ চুলিকেইডাল চাগে এনেদৰে গভীৰ গৱেষণাত নিমগ্ন থকাৰ বাবেই পানীয়ে মৰা বাওধানৰ নিচিনা হ’ল। যি কি নহওক, সঞ্জীৱে কাকতিদাৰ গৱেষণাৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰিলে।
সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য। হেমন্ত কাকতিদা আৰু দেৱজিত পঢ়া কলেজৰ নতুন ছাত্ৰ। ছাত্ৰ মানে সঞ্জীৱক কলেজৰ এটা ‘নমুনা’ বুলিবই পাৰি। অকল কিতাপৰ মাজতে ডুব গৈ থকা ‘কিতাপৰ পোক’ বুলি পৰিচিত সঞ্জীৱৰ পাৱাৰ থকা চাৰিকোণীয়া বিতচকুযোৰ কাৰো পৰিধান কৰাৰ সাহস নাই। সেইযোৰ এবাৰ ধেমালীকৈ পিন্ধি সিহঁতৰ কলেজৰে ছাত্ৰী ৰাজশ্ৰী শৰ্মা বোলে মূৰ ঘূৰাই পৰি গৈছিল।সঞ্জীৱৰ চোলাৰ ৰং আছিল ৰঙা। চোলাৰ একেবাৰে ওপৰৰ বুটামটো সদায় ভালদৰে মাৰিছিল কিন্তু তলৰ তিনিটা বুটাম খোলা ৰাখিছিল। ওপৰৰ বুটামটো টানকৈ মৰাৰ কাৰণ আছিল যাতে ডিঙিত কফৰ সমস্যা হ’ব নোৱাৰে। তলৰ তিনিটা বুটাম খোলা ৰাখিছিল যাতে প্ৰয়োজনীয় অক্সিজেনৰ সমস্যা নহয়।ইয়াৰ সৈতে নীলা জোতা আৰু বেঙুনীয়া জিন্স পৰিধান কৰি সঞ্জীৱে ভাল পাইছিল।কাপোৰ সলনি হৈছিল কিন্তু চোলা, পেণ্ট আৰু জোতাৰ ৰঙৰ নিৰ্বাচন সদায় একে আছিল আৰু ইয়াৰ লগতে পিন্ধাৰ কায়দাও আছিল সদায় একেটাই। সেয়া সোমবাৰৰ পৰা শণিবাৰ, জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহ, গ্ৰীষ্মৰ পৰা বসন্তকাল…….যিয়েই নহওক কিয় ঠাণ্ডাৰ দিনত এটা কোট পিন্ধে, সেইটোও ৰঙা ৰঙৰ।
এই সঞ্জীৱেই প্ৰেমত পৰিছে ময়ুৰীৰ। আচলতে ময়ুৰীৰ ৰূপেই এনেকুৱা আছিল যে যিকোনো গভীৰ ধ্যানত থকা যোগীৰো যেন তপস্যা ভঙ্গ হ’ব। সঁচা কথা ক’বলৈ গ’লে ময়ুৰীৰ ৰূপৰ সন্মুখত মহাবিদ্যালয়ৰ বাকীসকল গাভৰুক একেবাৰে নিষ্প্ৰভ দেখা গৈছিল। ময়ুৰীক দেখি মহাবিদ্যালয়ৰ বহুতো যুৱকৰ লগতে পেছাদাৰী প্ৰেমপত্ৰ লেখক দেৱজিতৰো ধ্যানভঙ্গ হৈছিল। পিচে ময়ুৰীক ক’বহে পৰা নাছিল দেৱজিতে। সেয়ে মনৰ সকলো আৱেগ অনুভূতি সামৰি তাক কবিতাৰ ৰূপ দিছিল। দেৱজিতৰ এক নম্বৰ হোষ্টেলৰ এক নম্বৰ কোঠাটোৰ টেবুল, চকী, বিচনাৰ তল, তুলিৰ তল, প্ৰতিটো চুকৰ লগতে চাজাৰ ওপৰখনো কবিতা লিখা কাগজেৰে ভৰি পৰিছিল। মুঠতে এক নম্বৰ হোষ্টেলৰ এক নম্বৰ কোঠাটো আছিল সম্পূৰ্ণ কবিময় আৰু কোঠাটোৰ কাষেৰে পাৰ হৈ গ’লেও যেন কবিত্বৰ এক গোন্ধই আমোলমোলাই গৈছিল।কিন্তু সঞ্জীৱে দেৱজিতৰ এই দুৰন্ত প্ৰেমৰ গতি ৰুদ্ধ কৰিব খোজাত দেৱজিতৰ খং উঠাটো স্বাভাৱিক আছিল। সেয়ে দেৱজিতে হোষ্টেলৰ দুই এজন তলৰ শ্ৰেণীৰ যুৱকক মতাই আনি এক কুমন্ত্ৰণা দিলে। কথামতেই কাম।
পিছদিনা সঞ্জীৱে ময়ুৰীৰ লগত কলেজৰ পুথিভঁড়ালৰ সন্মুখতে বেজবৰুৱা চাৰে দিয়া পদাৰ্থ বিজ্ঞানৰ টোকা সম্পৰ্কীয় কিছু কথা পাতি আছিল। এয়া কোনো আচৰিত হ’বলগীয়া কথাও নাছিল আৰু সঞ্জীৱৰ মনত ময়ুৰীৰ প্ৰতি অংকুৰিত হোৱা প্ৰেমৰ বীজৰ কথা কোনেও জনা নাছিল। দৃশ্যটো দেখি আজি দেৱজিতৰ খং দুগুণে চৰিল। ইংগিতেৰে আগতেই ঠিক কৰি থোৱা ল’ৰাকেইজনক আগদিনা কৈ থোৱা কামটো কৰিবলৈ ক’লে। ল’ৰাকেইজন সঞ্জীৱৰ লগৰে। এনেতে দশোদিশ কঁপাই এজনে সঞ্জীৱৰ ফালে চাই চিঞৰিলে——
“এ…..পাঠা….আ……।”
শব্দটো শুনি সঞ্জীৱ উচপ খাই উঠিল। এইটো নামেৰে তাক হোষ্টেলত সকলোৱে মাতে সঁচা কথা কিন্তু এনেদৰে ৰাজহুৱাভাৱে….ইচ! ইচ!ময়ুৰীয়ে তাৰ নামটো জানিলে কি হ’ব বাৰু!সঞ্জীৱে যেন শব্দটো শুনাই নাই এনে ভাৱ দেখুৱালে। আকৌ সেই একে শব্দ……
“এ….পাঠা….কি বে! এইফালে নাচাৱেই যে!”
সঞ্জীৱে চাওঁ নাচাওঁকৈ চালে।
“আব্বে….তোকে মাতিছোঁ। কি কলাৰ নিচিনা ভাও জুৰিছ? নিজৰ নামটোকে পাহৰিলি নেকি?”
সঞ্জীৱে এবাৰ লগৰকেইটাৰফালে আৰু এবাৰ ময়ুৰীলৈ চাই সেমেনা সেমেনি কৰি লগৰকেইটাৰফালে আগবাঢ়ি গ’ল। সি এবাৰ ময়ুৰীলৈ ঘূৰি চালে। ময়ুৰীয়ে সেই স্থান এৰি লগৰকেইজনীৰ ওচৰলৈ গৈছে। মূৰটো ঘূৰাই সঞ্জীৱে দেখে তাৰ লগৰকেইটা নাই। খঙত তাৰ মূৰটো জ্বলি গৈছিল। কিন্তু কি কৰিব, উপায় নাই। তাৰ লগৰকেইটাক সি একো কৰিব নোৱাৰে।
ইতিমধ্যে দেৱজিতে ছয় নম্বৰ হোষ্টেলৰ হেমন্ত কাকতিদাক লগ কৰি কাকতিদাৰ কোঠাৰ ভিতৰত গোপন বৈঠকত মিলিত হ’ল।
: দাদা কিবা এটা উপায় দিয়ক। এই নমুনাটো ময়ুৰীৰ গাত বেয়াকৈ লম্ভিছে। একে ডিপাৰ্টমেণ্টৰ হ’ল বুলি সিহঁতৰ কি ইমান পাতিবলগীয়া কথা থাকিব পাৰে? আকৌ চাওকচোন, মোকেনো সি ময়ুৰীলৈ তাৰ হৈ চিঠি লিখিবলৈ দিব লাগেনে? মুঠতে কৈছোঁ নহয়………
দেৱজিতে কথাখিনি খং আৰু আৱেগত দাঁত কামুৰি ক’লে।
: ৰ’বা ৰ’বা ডেকা ল’ৰা। কাকতিদা এতিয়াও জীয়াই আছে, চিন্তা নকৰিবা। সি বপুৰাই মোক প্ৰশ্ন কৰে যে মই পাঁচ বছৰ নে সাত বছৰ ফেল কৰি আছোঁ।
ইমান কিতাপ পঢ়ে কিন্তু একো নাজানে। মই কোৱা কথাখিনি সি আজিও সঁচা বুলি ভাবি আছে। তোমাক যে কৈছিলোঁ কাহিনীটো, মনত আছেনে তোমাৰ?
: আছে দাদা। কিন্তু আপুনি মোক এতিয়া কিবা এটা উপায় দিয়ক।
: দেৱজিত, যদি তুমি নিজৰ প্ৰেয়সীক পাবই বিচাৰা, তেন্তে তাৰ হৈ চিঠি লিখি দিবলৈ কিয় দায়িত্ব লৈছিলা? আগধনো ল’লা বোলে?
: হয় দাদা। দায়িত্বটো মই একো নভবাকৈয়ে লৈছিলোঁ। তথাপি ভাবিছিলো দায়িত্বটো লৈ থওঁচোন, নিজৰে কিবা সুবিধা হয় বা!
: ঠিকেই কৈছা। বহুত ভাল কাম কৰিলা। এই চিঠিখনেৰেই তুমি ময়ুৰীৰ কাষৰপৰা তাক আঁতৰাব পাৰিবা।
এইবুলি কাকতিদাই দেৱজিতক গুৰুমন্ত্ৰটো দিলে।
দেৱজিতে সুন্দৰ লেটাৰ পে’ডত চিঠিখন লিখি খামত সুমুৱাই আঠা লগাই ওপৰত ময়ুৰীৰ নামটোও সুন্দৰ হাতৰ আখৰেৰে লিখি সঞ্জীৱক মাতি পঠালে।
: চোৱা সঞ্জীৱ, মই সকলোখিনি কৰিয়েই দিছোঁ। খামটো তুমি নুখুলিবা। মই যেনেকৈ দিছোঁ, তেনেকৈয়ে এইটো নি ময়ুৰীক দিবা—-তোমাৰ কাম হৈ যাব।
সঞ্জীৱে প্ৰসন্নবদনে সেইখন নিজৰ হোষ্টেলৰ কোঠালৈ নি সেইদিনা ৰাতি ধূপ-ধূনা জ্বলাই পূজা সেৱা কৰি থৈ দিলে।
: হে প্ৰভু! মোৰ কামটো যেন হয় আৰু!
পিছদিনাখন সি সেইখন গৈ ময়ুৰীক দিলেগৈ।ময়ুৰীয়ে প্ৰথমে লওঁ নলওঁ যেন ভাৱ এটা দেখুৱাইছিল যদিও পিচত ল’লেগৈ। তাই বাৰে বাৰে সঞ্জীৱক সুধিলে—–
: ইয়াত কি আছে কোৱাচোন?
: তুমি নিজে হোষ্টেলত গৈ চাবা, গম পাবাই নহয়! গালি নাপাৰিবা কিন্তু মোক।
এইবুলি কৈ সঞ্জীৱ নৰ’ল, অহা বাটেৰেই ভিৰাই দৌৰ মাৰিলে।
ময়ুৰীয়ে ঠিকেই সন্দেহ কৰিছিল। সেইখন প্ৰেমপত্ৰই হয়। ৰঙীণ খামটোৰ ভিতৰত ৰঙীণ কাগজখন দেখাৰ পাছত তাই নিশ্চিত হ’ল।ধুনীয়াকৈ ভাঁজ কৰি থোৱা চিঠিখন খুলি পঢ়িবলৈ লওঁতে ময়ুৰীক লগৰবোৰে বেৰি ধৰিলেহি। তাৰে অত্যুৎসাহী এজনীয়ে চিঠিখন ময়ুৰীৰ হাতৰপৰা চিলনীয়ে থপিওৱাদি থাপ মাৰি লৈ গৈ বিছনা এখনৰ ওপৰত থিয় হৈ সেইখন পঢ়িবলৈ ধৰিলে। ময়ুৰীয়েও একো আপত্তি নকৰিলে, তাই মাত্ৰ হাঁহি থাকিল।
শ্ৰদ্ধাভাজনেষু…….
লগে লগে এমখা ছোৱালীৰ কিৰিলিত হোষ্টেলটো ৰজনজনাই গ’ল।
নমস্কাৰ গ্ৰহণ কৰিব। আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে মই শ্ৰীসঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্যই আপোনাৰ ৰূপত বিমোহিত হৈ প্ৰেম সাগৰত হাবুডুবু খাই আছোঁ। সেয়ে সুখৰ খবৰটো আপোনাক জনোৱাৰ ধৃষ্টতা প্ৰদৰ্শন কৰিলোঁ। মই ভাবোঁ যে আমি দুয়ো বৈদিক নিয়ম অনুসৰি গৃহস্থাশ্ৰমত প্ৰৱেশ কৰিলে আমাৰ সংসাৰখন সৰগতুল্য হৈ পৰিব আৰু মোৰো প্ৰেমৰ নামত জ্বলি পুৰি থকা হৃদয়খনে লংকা দহনৰ পিচত হনুমন্তই নিজৰ পুচ্ছ(নেজ) সাগৰত ডুবাই পোৱাৰদৰে শান্তি পাব।
গতিকে দয়ালু মহোদয়াই দয়া কৰি মোৰ বৰলা জীৱনৰ অৱসান ঘটাই ভৱিষ্যতে মোৰ জীৱনত ভাওনাৰ প্ৰৱেশৰদৰে প্ৰৱেশ কৰিব বুলি একান্ত কামনা কৰিলোঁ।
বিনয়াবানত
সঞ্জীেৱ কুমাৰ ভট্টাচাৰ্য্য(ওৰফে:প্ৰেমকুমাৰ)
ঘৰ: আপোনাৰ হৃদয়
পথ: প্ৰেমগলি
সিদিনা ছোৱালীহঁতৰ চিঞৰ আৰু হাঁহিত হোষ্টেল ফাটি ফাটি যাওঁ যেন হৈছিল। কোনো কোনোৱে কৈছিল—-
: তোৰহে কপাল আৰু দেই ময়ুৰী। তোক জীৱনত কেতিয়াও কফে আমনি কৰিব নোৱাৰিব আৰু তোৰ জীৱনত কেতিয়াও অক্সিজেনৰ অভাৱো নহ’ব।
পিছে পিচদিনাখন এটা অভাৱনীয় ঘটনা ঘটিল। ময়ুৰীয়ে সঞ্জীৱৰ প্ৰেমৰ প্ৰতি সঁহাৰি দিলে। এই ঘটনাত সকলোৱে
আশ্বৰ্য্য প্ৰকাশ কৰিলে।
বাকীসকলৰো যাৰ যি মন যায় কৈ থাকিল।কিন্তু সঞ্জীৱৰ প্ৰেমে স্বীকৃতি পালে। দুই নম্বৰ হোষ্টেলত ৰাতিলৈ ডাঙৰ ভোজ আয়োজন কৰা হ’ল। আনফালে এক নম্বৰ হোষ্টেলৰ এক নম্বৰ কোঠাৰপৰা ভাহি আহিল কিছু অস্পষ্ট গেঙেৰি আৰু অভিধানৰ কিছুমান নিষিদ্ধ শব্দ।
☆ ★ ☆ ★ ☆
8:46 pm
বেচেৰা দেবজিত😂। বহুত হাঁহিলো প্ৰেমপত্ৰ পঢ়ি।
10:45 pm
ধন্যবাদ ডলী।
9:58 pm
পাচ বছৰ গেৰা মাৰি কাকতি এনেই থকা নাছিল৷ পিচে যি নহক, বহুত ভাল লাগিল লেখাটো
10:47 pm
আন্তৰিক ধন্যবাদ কাকতিদা।
10:30 pm
ভাল লাগিল পঢ়ি
10:48 pm
ধন্যবাদ বাইদেউ।
9:28 am
হাঃ হাঃ হাঃ
শেষত এনেকুৱাহে হ’লগৈ 😂
9:49 pm
মন্তব্যৰ বাবে ধন্যবাদ জনালোঁ।
11:06 pm
হাঃ হাঃ! মজা৷
9:50 pm
ধন্যবাদ দাদা।
8:55 pm
মজ্জা
7:34 am
প্ৰেম পত্ৰ খন পঢ়ি ময়ুৰী কেনেকৈ গলিল সেইটো হে নুবুজিলো আজিৰ দিনত।