জতুৱা ঠাঁচেৰে এটি কবিতা-অৱন্তী গোস্বামী
আঁমঠু ক’লা পৰিল
পেটমোচা ল’ৰাটো আওমৰণে মৰিল।
কথাচহকী বাপেকৰ ফোঁপজহী কথা
বৰটোও যিটো হ’ল বাঘৰ আগতেল খোৱা।
কথাত কিন্তু বৰ চহকী বাৰে যোৰা দিয়া
এঠাইত কাটিলে সি সাত ঠাইত গজা।
গাখীৰতে ম’হৰ খুটি কুঁজাৰ মূৰত কিল
শহুৰ-শাহু লগ লাগি বাঢ়িল নিচাৰ কোব!
শাহুয়েকো যিজনী টুপাই বুৰ মৰা
জীয়েকতকৈ বুঢ়ী আৰু এখোপ চৰা।
কিনো চাবা পুৱা-গধূলী পোহাৰী-চুপতি
এনে মানুহ অজীন পাতকী শালৰ মাজৰ শিঙি
ধুনপেচ কিনো চাবা, ম’হতকৈ শিং চৰা
পৈয়েকৰ ঘৰ নাতিদূৰৈত ৰিং মাৰিলে শুনা।
ফটাকঁথা তিতে মানে গালৈকে গধূৰ
কবিতাৰ মাজেৰে দিলোঁ অলপ ৰগৰ।
এনে জতুৱাঠাঁচ আমাৰ সাহিত্যৰ সম্পদ।
তৃতীয় বিভক্তিত যোগ হয় কৰণ কাৰক।
জয়তু জননী আমাৰ ভাষা জননী
নকৰিবা কেতিয়াও অনাদৰ অৱহেলা।
☆ ★ ☆ ★ ☆