ফটাঢোল

বৰলাৰ বিলৈ-উপাসা ভাগৱতী

বৰলাৰ বিলৈ শুনক ৰাইজ

কলিজা ফাটি যায়,

কিমান যে কৰে যতন তথাপি 

ছোৱালী পাবলৈ নাই।

ক’লা চানেকীয়াই 

হ’বলৈ ফেয়াৰ,

ফেয়াৰ এণ্ড হেণ্ডচম 

ঘঁহি লৈছে কেয়াৰ।

ক্ষীণ-মীনসকলে গৈছে জিম,

শৰীৰটো বঢ়াই হৈছে ভীম।

খাইছে দৈনিক একডজন ডিম।

পেটুৱাবোৰে পেট কমাই

হৈছে ছিক্স পেক।

ছোৱালীবোৰে নাচাই কিয়

হৈছে নেকি মন ঠেক।

আমাজন, ফ্লিপকাৰ্ট, মিন্ত্ৰাৰ 

লৈছে  বহু অফাৰ,

দিনক দিনে বৰলাবোৰ 

হৈছে দেখনিয়াৰ।

 

হে প্ৰভু বৰলাৰ জীৱনটো বাৰু 

কিয় হৈছে ইমান দীঘলীয়া,

কাট কুট কৰি অবিলম্বে 

পতি-পৰমেশ্বৰ কৰি দিয়া।

মাকবোৰে কাম কৰি কৰি 

কঁকাল হৈছে বেঁকা,

ফেচবুকত লিলিমাই কৰি 

বহুতে পাইছে সেকা।

 দিনবোৰ গণি আছে 

কেতিয়া আহিব লখিমী,

নাই যি নাই পাবলৈ নাই 

আঁকৰি-আজলী এজনী।

এইবাৰ ভাদত শৰাই দিছোঁ 

দিবা দেই এজনী লগৰী,

বৰলাৰ ভাত খাই খাই মোৰ 

লাগি গৈছে বৰ আমনি।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *