ফটাঢোল

আঠুৱা-নাজিয়া হাচান

:হেল্ল..হেৰি, শুনিছেনে এতিয়া?

:অঁ। কোৱা শুনিছোঁ। 

:কি হ’ল, মাইনাৰ হোষ্টেল পালেনে নাই কওক আক’!

:এ..নক’বাহে; মহা সমস্যা হৈছে বুইছানে?

হেল্ল’ হেল্ল’..হেৰা শুনিছানে? হেৰা..।

ধূৰ! এই নেটৱৰ্কডালেও ইয়াত কাম নকৰেহে।

:অ। কওক। হেৰি, মই শুনি আছোঁ। হেল্ল’।..হেৰি শুনিছেনে? ইস ৰাম..!

:হেল্ল’..। হেৰা, তোমাৰ মাত চাত একো শুনা যোৱা নাই। মই ৰাতিলৈ ফোন কৰিম দিয়া। এতিয়া পি.জিহে বিচাৰি আছোঁ। হোষ্টেলৰ লিষ্ট হেনো আৰু দেৰিকৈ ওলাব। ইমান দিনটো মই ইয়াত থাকিব নোৱাৰিম। পি.জি ল’বই লাগিব। মাইনা এতিয়া কলেজত, তাই কালিৰ পৰা ক্লাছ আৰম্ভ হৈছে। পি.জি নোপোৱালৈকে হোটেলৰ পৰায়ে এইকেইদিন তাইক লৈ কলেজলৈ অহা যোৱা কৰিম। ―হাজৰিকাই whatsapp তে মানুহজনীলৈ মেচেজটো কৰি লৰালৰি জীয়েকৰ বাবে পি.জি বিচাৰিবলৈ বুলি আগবাঢ়িল।

:মেছেজটো পঢ়ি মিছেছ হাজৰিকা আৰু বেছি চিন্তাত পৰিল!

:ইস ৰাম! হোষ্টেল নাপালে পি.জিতে তাইক থৈ আহিব বোলে! মহা চিন্তা হ’ল নহয় মোৰ। ল’ৰাটোৰ সাপ্তাহিক পৰীক্ষাবোৰ নথকা হয় ময়ো ছোৱালীজনীক থ’বলৈ লগতে যাব পাৰিলোঁ হয়! এতিয়া বাপেক জীয়েকে পি.জিটো বা কেনেকুৱা পছন্দ কৰে ঈশ্বৰেহে জানে! মই এই ছোৱালীজনীক কৈছিলোঁ, বোলো নেলাগে এতিয়াই বাহিৰত পঢ়িবলৈ চহিবলৈ যাবলৈ। মোৰ বুকুতে থাকি তিনিটা বছৰ কাষৰ কলেজখনতে ডিগ্ৰীটো কৰি লোৱা। নাই, কথা শুনিলেহে কিবা মোৰ! জানো, তাইৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ আন্দাৰত থকা কলেজত পঢ়িবলৈ সৰুৰে পৰা হেঁপাহ! তাৰ বাবে মোৰ গোসাঁনীয়েজনীয়ে কমখন কষ্ট কৰিলেনে; নতুনকৈ উদ্ভৱ হোৱা সেই চি.ইউ.ই.টি. বোলা এণ্ট্ৰেন্সটোও দিলে। শিক্ষা বিভাগেও এইবছৰৰ পৰাহে সেইভাগ এণ্ট্ৰেন্সৰ উদ্ভৱ কৰিব লাগিছিলনে? এণ্ট্ৰেন্সটোত কেৱল বহিলেই জানো হ’ব? মুঠ নম্বৰোতো বেইছ শকত আবত ডাঙৰ সংখ্যাৰ হ’ব লাগিব! তেহে। আয়ু! মাত্ৰ পোন্ধৰ বিশ দিনৰ ভিতৰত আগে পিছে একো আও ভাও নথকা সেই এণ্ট্ৰেন্সটোৰ তৈয়াৰী কৰিলে অ মোৰ আইজনীয়ে! ইস ৰাম,তাইৰ লগতে ময়ো উজাগৰে থাকি থাকি ময়ো জানো নিশাচৰেই হৈ পৰা নাছিলো! আধা ৰাতিলৈ ছোৱালজনীয়ে পঢ়ি থাকিলে মাকজনীৰনো কোন সতে টোপনি আহিব? চাহ অকণমানেই হওক বা বিস্কুট এটুকুৰাই হওক, ছোৱালীজনীক পঢ়াৰ মাজত খাবলৈ নিদিলে কলিজাখন মোৰ জলকীয়াই পুৰা দি পুৰি থাকিছিল। তাতে আকৌ সেই আঁঠুৱাখন! ইমান কওঁ, বোলো এই আঁঠুৱাখন নতৰি নুশুবা অ মাজনী। এই আঁঠুৱাখন বোলো এজনী মাকৰ দৰেই বুইছানে নাই; আগুৰি সাৱটি মহ-মাখি,জেঠী-পইতাচোৰা, চিকা, নিগনি আদি সকলোৰে পৰা আমাক ৰক্ষা কৰি নিচিন্ত মনে এইখনে আমাক শুব পৰা কৰি ৰাখে। নাই, তথাপি তাই আঁঠুৱাখন তৰি নুশুয়ে। ভায়েকৰ লগত সদায় ৰাতি আঁঠুৱাখন তৰা লৈ দণ্ড লাগে। এতিয়া পি.জিত যে তাই আঁঠুৱাখন তৰি শুব তাত মোৰ সন্দেহ আছে।..

:হেল্ল,মা..।― কম্বলখন জাপি কথাবোৰ তেওঁ মনতে পাগুলি থাকোঁতেই জীয়েক মাইনাৰ ফোন আহিল।

:অ অ মাইনা, কোৱা। কি হ’ল? পি.জি পালানে? 

:অ’ মা। পাইছোঁ। বৰ ধুনীয়া। কলেজৰ একেবাৰে কাষতে পালোঁ। খোৱা বোৱা তিনিও টাইম দিব। কিন্তু ভেইজহে দিব। মাছ মাংস নিদিয়ে। একো নাই; সেইবোৰ মন গ’লে বাহিৰতে গৈ খাব পৰিম বাৰু। তুমি চিন্তা কৰিব নালাগে। তাতে মোৰ ৰুম মেট কেইগৰাকী চিনিয়ৰ হয়। একো প্ৰব্লেম নাই। কথা পাতিও ভাল লাগিছে তেওঁলোকৰ লগত। 

:অঁ। হয়নে? এতিয়া পি.জিতে আছা নেকি?

:অঁ অঁ। পি.জিতে আছোঁ। ৰূমটো চাই আছোঁ।

:ভিডিঅ’ কল এটা কৰাচোন তেন্তে। ময়ো চাওঁ ৰূমটো।

:ৰ’বা। এতিয়া নহয়। দেউতাৰ লগত বজাৰ কৰিবলৈ ওলাম এতিয়া। পিছত ভিডিঅ’ কল কৰিম তোমাক। এতিয়া ফটো  দুখনখনমানকে দিছোঁ বাৰু, চোৱা।―কৈ তাই ফোনটো কাটি দিলে।

:ইয়ে ৰাম! ৰূমটোচোন তেনেই অকণমান, হেৰৌ! পঢ়াৰ টেবুলখনো এহাতমানহে হ’ব ! আলমাৰীকেইটাও ইমান মিহি আৰু চাপৰ! আলনা বুলিবলৈ একোয়েই দেখা নাইচোন! কানি কাপোৰ সোপা ক’ত থ’ব বাৰু এই? পাৰৰ বাহটো হেন ৰূম। তাই কেনেকৈ থাকিব বাৰু এইটোত! খিড়িকী এখনো নাই; ইফালে সিফালে হাৱা বতাহ ওলোৱা সোমোৱাৰ ফুটা এটাও থকা হয়! অঁ, বাথৰূমৰ ফটোচোন নিদিলেই এই; বাথৰূমটোবা কেনেকুৱা? এইটো ৰূমকে পাই ইমান আনন্দ পাইছেনে এই?―ফটোবোৰ জুম কৰি কৰি চাই চাই মিছেছ হাজৰিকাৰ মনটো একেবাৰেই অসন্তুষ্ট হৈ পৰিল। কোঠাৰ ৰেহ ৰূপ  দেখি টেনশ্যন তেওঁৰ আৰুহে বাঢ়িল।

:হেৰা। শুলা নেকি?

:কিনো কয়হে শুলা নেকি বুলি! আপোনালোকৰ ফোন মেছেজ নহালৈকে মই শুব পাৰোঁনে কিবা! কি হ’ল কওক।

:পি.জি হৈ গ’ল দিয়া। মাইনাই কৈছে নহয় তোমাক? বৰ ভাল ঠাইত পালোঁহে। পইচা অলপ বেছি লৈছে যদিও সুবিধাখিনি মনে বিচৰামতে পোৱাৰ বাবে মনটো বহুত ভাল লাগিছে বুইছা! মোৰটো মূৰ গৰম হৈ গৈছিল পি.জি বিচৰা কথা ভাবি!..

:হেৰি, তাই ক’ত এতিয়া?

:পি জিত।

:ইস ৰাম! তাইক আজিয়েই পিজিত থৈ আহিলযে আপুনি?

:অতো আকৌ। এই দুদিন মই হোটেলত থাকোঁতেই তাই পি.জিটোত থাকক আকৌ; তেতিয়াহে কিবা অসুবিধা হ’লে মই এতিয়াই গম পাম। নহ’লে মই ঘৰ গৈ পোৱাৰ পিছত কিবা অসুবিধা হৈছে বুলি পেনপেনালে লৰিটো মই আহিব নোৱাৰিম।

:হেৰি। তাই পিজিটোৰ ফটো দিছিল। ভিডিঅ’ দিবলৈ কওঁতে পিছত দিম বুলি ক’লে। ফটোবোৰ চাই মোৰ কিন্তু ৰূমটো অলপো পছন্দ হোৱা নাইহে। চৰাইৰ বাহটোওচোন সেই ৰূমটোতকৈ ডাঙৰ হ’বহে। তাতে আকৌ খাবলৈ হেনো মাছ মাংস অকণো নিদিয়ে? কেনেকৈ কি খাই থাকিবহে তাই?

:তুমি সেইবোৰ একো চিন্তা কৰিব নালাগে। ফটোত তেনেকুৱাই লাগে দেখাত। মই বাৰু কালিলৈ গৈ নিজে ৰূমটোৰ ভিডিঅ কৰি দিম তোমালৈ। এনেইটো মতা মানুহ সোমাবলৈ নিদিয়েই নহয় ছোৱালীৰ পি.জিৰ ৰূমবোৰত। কিন্তু মই তুমি আহিব নোৱাৰা অসুবিধাটো বুজাই কোৱাত মালিকে মোক লগত লৈ গৈ তাইৰ ৰূমটো চাবলৈ দিলে বাৰু।..

…..

:হেৰি। বাথৰুমটো চাওঁ বাথৰূমটো। উম। ঠিকে আছে আৰু..; ৰ’বচোন, এই  বিচনাবোৰতযে এডালো ষ্টেণ্ড নাই! আঁঠুৱাখন কেনেকৈ তৰিব?―হাজৰিকাই ভিডিঅ’ কল কৰি ৰূমটো ঘূৰাই পকাই দেখুৱাই থাকিল।

:কি যে কোৱা নহয় তুমি। আঁঠুৱাখন মই ঘৰলৈ বুলিহে সামৰি লৈছোঁ এতিয়া। মিছাতে টোপোলা এটা বঢ়াই দিছা।

:কি? কিয় ঘূৰাই আনিব আকৌ আঁঠুৱাখনক? আঁঠুৱা নিদিয়াকৈ শুলে মহ মাখিয়ে কামুৰি বেমাৰ নকৰিবনে তাইক? এনেও সেইবোৰ ঠাইত ডেংগু মেলেৰিয়া এভেইলেবল। দিনে ৰাতিয়ে তাইক আঠুৱাখনৰ প্ৰয়োজন হ’ব।..

:হেৰা। হোটেলত এইকেইদিন আঁঠুৱা নতৰিয়েই শুই আছোঁ। ইয়াত পি.জি, হোষ্টেল আনকি মানুহৰ ঘৰতো মানুহে আঁঠুৱা তৰি নুশুৱে। কিছুমানেতো চিনিয়েই নাপাই এই চাৰিঠেঙীয়া নেটৰ কাপোৰখনক, বুইছানে নাই?

:এহ! বেলেগে কেনেকৈ থাকে আমাৰ সেইবোৰ দৰকাৰ নাই নহয়; আঁঠুৱাখন মুঠতে এখন কামিলা বস্তু। এজনী মাকৰ দৰেই সেইখন। আঁঠুৱাখন আপুনি ঘূৰাই লৈ নাহিব কিন্তু। সেইখন তৰিবলৈ তাইক সুবিধা কৰিহে দি আহিব, কৈ দিছোঁ।

:হেৰা শুনা! ছোৱালী আমাৰ ডাঙৰ হ’ল বুইছা। তাই নিজে নিজক আৱৰি সামৰি ৰাখিব পৰা হৈ গৈছে। বুজিলোঁ, আঁঠুৱাখন বাৰু এজনী মাকৰ দৰেই; কিন্তু ইয়াতটো কোনোজনী ছোৱালীৰ মাকেই আগুৰি সাৱটি ৰাখিবলৈ সিহঁতৰ লগত থকাকৈ অহা নাই! তুমিয়ে জানো তাইক থ’বলৈ বুলিয়েই আহিব পাৰিলা? কথাবোৰ আচলতে তেনেকুৱাই। আজিৰ দিনত আঠুৱা চাই ঠেং মেলিবলৈ জনাটোহে বেছি প্ৰয়োজন বুইছা? তুমি তোমাৰ মনটো এতিয়া ডাঠ কৰা। নহ’লে, তাই যি আত্মবিশ্বাসেৰে ইয়াত পঢ়িম বুলি আহিছে সেয়া সব ছপট হ’ব। পিছত তুমিয়ে বেছি পষ্টাবা। এতিয়া মই ফোন ৰাখোঁ। পিছত কথা পাতিম।..

―হাজৰিকাৰ কথাখিনিয়ে মানুহগৰাকীৰ মুখখনত চাবিৰে তলা মাৰিহে যেন দিলে। কথাখিনিয়ে মানুহজনীৰ মূৰত গোটেই দিনটো টুকুৰিয়াই থাকিল।..

:অঁ মা, মা! কি ভাবি আছা? আজি আঁঠুৱাখন নতৰাকৈ শুবলৈ লৈছা যে? মই দি দিওঁ নেকি?― ৰাতি বিছনাত একাটি হৈ শুবলৈ লোৱা মাকৰ গাত ধৰি পুতেকে মৰমেৰে সুধিলে।

:একো নাই বাবা। নালাগে দিয়া আঁঠুৱা চাঠুৱা তৰিবলৈ। সেই গুড নাইটটো জ্বলি আছে নহয়…।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *