ফটা প্ৰেম-বৰ্ণালী শৰণীয়া (প্ৰয়াত)
নমস্কাৰ ফটাঢুলীয়া সকল, মোৰ মৰম, চেনেহ, সম্ভাষণখিনি গ্ৰহণ কৰে যেন।বহুদিনৰ আগৰ পৰাই ফটাঢোলত আছোঁ যদিও এইটো মোৰ প্ৰথম পষ্ট। প্ৰথম পোষ্টতো মোৰ ফটা প্ৰেমেৰে আৰম্ভ কৰিলোঁ।
এয়া ২০০৯ চনৰ কাহিনী। তেতিয়া মই ক্লাছ নাইনত। জানেই নহয় হাইস্কুলীয়া বয়সৰ প্ৰেমৰ কথা, লগৰবোৰৰ প্ৰায় ভাগৰে আছেই সঁচা হ’লেও মিছা হ’লেও এজন এজন। পিচে মোৰ হ’লে সেইবোৰলৈ বাঘৰ সমান ভয়, কেনেবাকৈ ঘৰত গম পাই বুলি। ইফালে তিনিজন মান পিছে পিছে লাগি ফুৰে মোৰ। মইহে গুৰুত্ব নিদিওঁ। লগৰবোৰে জোকালে মনে মনে ভালো লাগে কিন্তু সেয়া প্ৰেম-শ্রেম নাছিল দৌ। ল’ৰাকেইজনৰ ভিতৰৰ এজন বেছিকৈ লাগিছিল আমাৰ ক্লাছৰে। তেতিয়া আকৌ চিঠি পত্ৰ চলিছিল। হাতে হাতে মোবাইল নাছিল গাঁৱত। এদিন সুযোগ পাই মোক দিলে নহয় সি এখন চিঠি, মোৰ ভয়ত অৱস্থা নাই তেতিয়া, দাদাই গম পালে খালে আজি মোক বুলি। দাদাও আমাৰ স্কুলতে পঢ়িছিল। মই নল’লোঁ চিঠিখন। আও অলপ পিছত কি দেখিলোঁ, ল’ৰাটোৱে চোন কান্দিব ধৰিছে ৰূমৰ বেঞ্চত বহি। মই ভাবিলোঁ কি হ’ল তাৰ? ওচৰত থকা লগৰকেইটাই মোলৈ পোন্দোৱা চকুৰে চোৱা দেখি বুজিলোঁ বেচেৰাই কিয় কান্দিলে। মোৰ আকৌ খঙহে উঠিল দেখুৱাব আহিছে বুলি।
এতিয়াহে ভাবোঁ বেচৰাটো সঁচাকৈয়ে ভাল পাইছিল চাগে বুলি। এতিয়া মাজে মাজে লগ পাওঁ তাক, মাত দিয়ে। সি বিয়া বাৰু কৰালে সোনকালেই। তাক ভালপোৱা হ’লে এতিয়া দখনা পিন্ধি (ল’ৰাটো বড়ো জনগোষ্ঠীৰ)পাকঘৰ চম্ভালি থাকিলোঁহেঁতেন নেকি বুলিও নভবা নহয় মাজে মাজে।
(ৰসালকৈ লিখিব নাজানো, তথাপিও লিখিবলে মন গ’ল, অজানিতে কিবা ভুল ক্ৰুটি ৰৈ গৈছে যদি ক্ষমা মাগিছোঁ।)
☆ ★ ☆ ★ ☆