ফটাঢোল

শিল্পী পৰিচিটি-ডলী তালুকদাৰ

শিল্পী পৰিচিটি:   ছবিয়ে কথা কয়। শিল্পীয়ে ছবিৰ মাধ্যমেৰে, ৰং তুলিকাৰে মনৰ ভাব প্ৰকাশ কৰিব পাৰে। চিত্ৰকলা ঈশ্বৰৰ এনেকুৱা দান যে খুব কম সংখ্যকৰহে ভাগ্যত এই কলাটো থাকে। ৰঙৰ মাধ্যমেৰে চিত্ৰশিল্পীয়ে বহুত কথা বুজাব পাৰে। ছবিৰে কথা কোৱা   শিল্পী এগৰাকীক আমি পৰিচয় কৰি দিব বিচাৰিছো “শিল্পীৰ পৃথিবী” শিতানত। 

তেখেত হৈছে  পপী কোঁৱৰ। জন্মসুত্ৰে তিনিচুকীয়াৰ জীয়ৰী আৰু বৰ্তমান  গুৱাহাটী বাসিন্দা পপী এগৰাকী চিত্ৰশিল্পৰ নিৰব সাধক।

পিতৃ স্বৰ্গীয় চন্দ্ৰ কোঁৱৰ আৰু মাতৃ শ্ৰী মতী দিপালী কোঁৱৰ। পপী কোঁৱৰৰ জন্ম হৈছিল ১৯৮০ চনৰ ১৪ নবেম্বৰত। স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল ডুমডুমাৰ ডনবস্ক’ স্কুলত। পিছলৈ কটন কলেজৰ পৰা স্নাতক শিক্ষা লাভ কৰি এম.বি.এ. কৰে। সৰুৰে পৰা হাতৰ কাম যেনে চিলাই, তাতশাল, কূৰ্চা আদিৰ লগতে ছবি অঁকাৰ প্ৰতি প্ৰচুৰ ধাউতি থকা পপীয়ে ছবি অঁকাৰ বাবে কোনো আনুষ্ঠানিক শিক্ষা বা প্ৰশিক্ষণ লোৱা নাছিল। নিজে নিজে যত্ন কৰি পপীয়ে ছবি আঁকিবলৈ আৰম্ভ কৰিলে। স্কুলীয়া অৱস্থাতে তেওঁ বিভিন্ন কাৰ্ড আৰু পেলনীয়া সামগ্ৰীৰে বিভিন্ন সজোৱা বস্তু বনাইছিল। আৰু তেওঁৰ কামত সূখী হৈ স্কুলত শিক্ষক সকলৰ লগতে সহপাঠি সকলেও প্ৰেৰণা দিলে।  পিছলৈ তেওঁৰ আগ্ৰহ দেখি ঘৰৰ পৰাও উৎসাহিত কৰিলে। 

উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ আহি কটন কলেজত তেওঁ নামভৰ্তি কৰে। কলেজত পঢ়ি থকা সময়তে কটন কলেজৰ ” এশবছৰীয়া প্ৰতিষ্ঠা” দিনত পতা চিত্ৰ প্ৰদৰ্শণীত ভাগ লয়। আৰু তাত বহুতো গুণী শিল্পীৰ প্ৰশংসা লাভ কৰি ছবিৰ প্ৰতি তেওঁৰ আগ্ৰহ বাঢ়ে।

শিক্ষা সাং কৰি পপীয়ে প্ৰথমতে তেওঁ মৰাণৰ ওচৰত “ৰাজগড় একাডেমী” বিদ্যালয়ত শণিবাৰ আৰু ৰবিবাৰে এখন আৰ্ট স্কুল খুলিছিল। তাত তেওঁৰ লগতে বিশিষ্ট চিত্ৰশিল্পী ৰবীন বৰৰ ছাত্ৰ এজনেও শিকাইছিল। যাৰ পৰা পপীয়েও বহুখিনি শিকে।

পিছলৈ কলিকতাত ” উইপ্ৰ”  কোম্পানীত কাম কৰে।  কিন্তু তেওঁৰ ছবিৰ প্ৰতি থকা দূৰ্বলতাৰ বাবে ওচৰৰে আৰ্ট গেলেৰী এখনত অফিচ চুটিৰ পিছত দুঘন্টাৰ বাবে কাম কৰে চুপাৰভাইজাৰ হিচাপে। তাত অনুষ্ঠিত হোৱা ছবিৰ প্ৰদৰ্শণী সমূহত যেতিয়া চিত্ৰশিল্পী সকলে তেওঁলোকৰ চিত্ৰ সমূহৰ বিষয়ে দৰ্শক সকলক বুজাই থাকে তাৰপৰা কিছু জ্ঞান ছবিৰ বিষয়ে শিকিব পাৰে। 

কলিকতাৰ পৰা গুৱাহাটীত পোষ্টিং হোৱাত গুৱাহাটীত ছমাহ ছবিৰ প্ৰশিক্ষণ লয় আৰু পিছত শিল্পী ৰবীন বৰৰ ওচৰত প্ৰশিক্ষণ লয়।

ছবিৰ প্ৰতি থকা আগ্ৰহতে  আৰু সাংসাৰিক ব্যস্ততাৰ বাবে তেওঁ চাকৰি এৰি শিল্পৰ লগতে জৰিত হৈ পৰিল আৰু নিজাকৈ ব্যৱসায় আৰম্ভ কৰিলে।  নাম দিলে  ” Trinkets & Charm”।  আৰম্ভ কৰিলে থলুৱা সামগ্ৰী তথা ঘৰুৱা সামগ্ৰীৰে নিৰ্মিত বস্তু। ক্লে, তচ কাপোৰ, গামোছা আদিৰে গহণা আদি বনালে। যিমান পাৰি নিকিনাকৈ কেঁচা সামগ্ৰীৰে সজোৱা সামগ্ৰী আদি বনাবলৈ চেষ্টা কৰে। লাহে লাহে তেওঁৰ সামগ্ৰী সমূহৰ আদৰো লাভ কৰিবলৈ ধৰিলে। 

পিছলৈ ব্যৱসায়ৰ লগতে তেওঁ ” Younique Crafty Maneuver”  নামেৰে আৰ্ট স্কুল খোলে আৰু কণ কণ শিশু সকলক শিকাবলৈ লয়।

আজি তেওঁৰ স্কুলৰ পৰা বহুতো শিশুৱে ছবি শিকাৰ লগতে তেওঁৰ প্ৰতিষ্ঠানৰ জৰিয়তে কেইবাজনো নিবনুৱা আৰু মহিলাক কৰ্ম সংস্থাপন দিছে।

পপী কোঁৱৰ নিসন্দেহে মহিলা সকলৰ বাবে প্ৰেৰণা আৰু উৎসাহ। তেওঁৰ ভৱিষ্যত যাত্ৰা আৰু উজ্বল হওঁক।

“ফটাঢোল” পৰিয়ালৰ পৰা পপী কোঁৱৰলৈ বহুত বহুত শুভকামনা জনালোঁ।

☆ ★ ☆ ★ ☆

2 Comments

  • Arabinda Goswami

    বৰ সুন্দৰ ছবিকেইখন।লেখাটোও সাৱলীল হৈছে।ভাল লাগিল।পপী কোঁৱৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

    Reply
  • ডলী

    পপী কোঁৱৰলৈ অলেখ শুভকামনা জনালোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *