ফটাঢোল

গ্ৰন্থ সমালোচনা-অভিজিত কলিতা 

(স্বনামধন্য ভ্ৰমণকাহিনী লিখক দেৱজিত শৰ্মালৈ কৃতজ্ঞতাৰে) 

আপোনালোকে সকলোৱে জানেই, ফটাঢোল অসমীয়া ভাষা সংস্কৃতি সাহিত্যৰ হৈ নিজ নিজ ফটাঢোল কোবাব খোজা সকলৰ বাবে আজিৰ দিনত একমাত্ৰ বিশ্বাসযোগ্য প্লেটফৰ্ম। ফটাঢোলে অনুভৱ কৰে, অসমীয়া জাতিয়ে হোৱাই নোহোৱাই নিজৰ ফটাঢোল কোবাব নজনা বাবেই আজি ভাৰতভূমিত নিজৰ অস্তিত্বক লৈ সংকটত ভুগিব লগা হৈছে। আমি বুজি উঠিছোঁ যে আমাৰ পৰোচী ৰাজ্যৰ বাসিন্দাসকলৰ দৰে প্ৰচণ্ড আত্মবিশ্বাসেৰে নিজ নিজ ফটাঢোল কোবোৱাৰ প্ৰচেষ্টাইহে আমাক আমাৰ অধিকাৰ আৰু প্ৰতিষ্ঠা দিয়াব পাৰিব। আজিকালি ফটাঢোল কোবোৱাৰ যুগ, যি কোবাব নোৱাৰে সি গোল্লাই যাব।

সি যি কি নহওক, ফটাঢোলে আজিলৈকে ফটাঢোল কোবোৱাৰ নিত্য নতুন প্ৰক্ৰিয়া উদ্ভাৱন কৰি আহিছে, আৰু তাৰে এক নতুন পেটেণ্টেড উপায় হ’ল, সাম্ভাব্য গ্ৰন্থ সমালোচনা। 

সাধাৰণতে সমালোচনা লিখা হয়, গ্ৰন্থ এখন লিখা বা প্ৰকাশ হোৱাৰ পাছত, কিন্তু ফটাঢোলৰ ৰসায়নাগাৰত উদ্ভাৱিত এক নতুন প্ৰযুক্তি মতে এই কামটো কিতাপখন লিখাৰ আগতেই কৰিব পাৰি, আৰু তাৰ ফলাফল নৰ্মেল সমালোচনাৰ দৰেই হ’ব। সেয়ে আজি পৰীক্ষামূলক ভাৱে এখন অলিখিত, অপ্ৰকাশিত গ্ৰন্থৰ সমালোচনা আগবঢ়াবলৈ গৈ আছোঁ। আশাকৰোঁ আপোনালোকে এই সম্পৰীক্ষণত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আমাৰ এই ফটাঢোল কোবোৱা প্ৰচেষ্টাৰ নিজ নিজ যোগদান দিব।

তো ভাইয়োঁ ঔৰ উনকী বেহেনোঁ‌- আজি আমি সমালোচনা কৰিবলৈ লোৱা অলিখিত, অসম্পাদিত আৰু অপ্ৰকাশিত গ্ৰন্থখনৰ নাম হ’ল- 

“মেকমোহন লাইন গৰকি ৰঙাচীনত দহদিন”,

 এই অবিশ্বাস্য, তথ্য সমৃদ্ধ ভ্ৰমণ কাহিনীটিৰ লেখক হ’ল- স্বনামধন্য, নগৈ গড়গাঁ‌ৱৰ বাতৰি দিয়া অসমীয়া ভ্ৰমণ সাহিত্যৰ কাণ্ডাৰীখ্যাত চিৰি ল চিৰি যুক্ত দেৱজিত শৰ্মা।

শৰ্মাদেউৰ অসমীয়া সাহিত্যৰ প্ৰতি অৱদান আপোনালোকে সৱেই জানে। তেওঁ‌ আজি ২০ বছৰ ধৰি একাণপতীয়াকৈ অসমীয়া ফেণ্টাছী ভ্ৰমণ কাহিনী লিখি আহিছে আৰু তেওঁৰ সেই তপস্যাত বাধা বিঘিনি হয় বুলি তেওঁ‌ সাংসাৰীক জীৱনৰ মেৰপাকৰ পৰাও নিজকে মুক্ত ৰাখিছে। আজি আলোচিত গ্ৰন্থখনৰ উপৰিও তেওঁ‌ আজিৰ তাৰিখত প্ৰায় ১৫ খন গাজাখুৰী ভ্ৰমণ কাহিনী লিখিছে আৰু ২৫ খন লিখিবলৈ কণ্টেক্ট ইতিমধ্যে প্ৰদান কৰিছে। 

 এইহেন মহান ভ্ৰামণিকৰ অপ্ৰকাশিত অলিখিত গ্ৰন্থ এখনৰ সমালোচনা কৰিবলৈ পাই এই অধম অতিকৈ আনন্দিত।

তো, আমি পাতনি দীঘল নকৰি চিধা মুদ্দে কি বাত কৰোঁ‌-  শৰ্মাদেউৰ এই ভ্ৰমণ হৈছে চীন দেশলৈ আৰু চীন দেশৰ এনে কিছু পৰিস্থিতি বা ঘটনা লিখকে বৰ্ণনা কৰিছে, যি বিশ্বৰ কোনো লেখক সাংবাদিকে আজিলৈকে কৰিব পৰা নাই। শৰ্মাদেৱে জিন পিঙৰ শোৱনী কোঠাৰ যি বাস্তৱ দৃশ্য গ্ৰন্থখনিত তুলি ধৰিছে, সেয়া স্বয়ং চাইনীজ কমিউনিষ্ট পাৰ্টিয়েও কৰিব পাৰিব নে নাই সন্দেহ। 

এতিয়া আপোনাৰ মনত স্বাভাৱিক ভাৱেই প্ৰশ্ন জাগিব, যে শৰ্মাদেউ গ’ল কেনেকৈ তালৈ বা জিন পিঙে সোমাবলৈ কেনেকৈ দিলে তেওঁ‌ৰ  শোৱনী কোঠাত?  এই বিলাক সন্দেহ শৰ্মাদেৱে গ্ৰন্থখনৰ পাতনিতে কিলিয়াৰ কৰি দিছে। 

যি সময়ত মাও জে ডঙে চিয়াং কাই চেকক অপসাৰিত কৰি ৰেড চাইনাৰ কমিউনিষ্ট চৰকাৰ প্ৰতিষ্ঠা কৰিছিল, সেই সময়ত দেৱজিত শৰ্মা ক্লাছ ৱানত। সমগ্ৰ বিশ্ব দুভাগ হৈ গৈছিল, এভাগ ছেকক লগৰ আনভাগ ডঙৰ লগত। কিন্তু ক্লাছ ৱানৰ ছাত্ৰ হ’লেও শৰ্মাদেৱে বুজি উঠিছিল যে কাৰ পাল্লা ভাৰি হ’বলৈ গৈ আছে। টাইৱান, আমেৰিকা, জাপানে সেই সৰু কথাটোকে আজিও বুজি  নাপাই দক্ষিণ চীন সাগৰলৈ ধৰফৰাই মৰি আছে। সেয়ে শৰ্মাদেৱে ৰেড চাইনাৰ সৈতে এটা বুজাপৰা কৰি পেলালে তেতিয়াই, যে মই তোমাক নৱস্বাধীন ভাৰতবৰ্ষত হৈ থকা সকলো খবৰ দি থাকিম, একদম বৈদেশিক, সামৰিক ষ্ট্ৰেটেজীলৈকে সকলো কিন্তু তাৰ বিনিময়ত তুমি মোক এদিন চাইনা ফুৰাবলৈ নিব লাগিব। মই যেতিয়া বিচাৰোঁ তেতিয়াই আৰু মোক চাইনীজ প্ৰিমিয়াৰৰ ঘৰত দুৰাতি থাকিবলৈ দিব লাগিব।

মিছা ক’লে কিডাল হ’ব, দুৰ্ভিক্ষ পীড়িত আৰু নেহেৰুৰ আগ্ৰাসনত শংকিত নৱপ্ৰতিষ্ঠিত চীন চৰকাৰে দ্বিতীয় শ্ৰেণীত পঢ়ি থকা শৰ্মাদেউৰ প্ৰস্তাৱ একে আষাৰে মানি ল’লে।

এতিয়া আপোনাৰ মনত শংকা জাগিছে চাগৈ, যে শৰ্মা আচলতে চাইনাৰ এজেণ্ট। না না না না, শৰ্মাৰ দেশপ্ৰেম প্ৰশ্নৰ উৰ্ধত। তেওঁ আচলতে চাইনাক বুৰ্বকহে বনালে। মাটাহাৰীৰ নাম শুনিছে নহয়, শৰ্মাদেউ আচলতে অসম মুলুকৰ  একমাত্ৰ মাটাহাৰী, ডাবল এজেণ্ট। তেওঁ চাইনাক ইমানখিনি খবৰেই দিলে, যাৰ পৰা ভাৰতৰ একো লোকচান নহয় আৰু সেই খবৰবোৰৰ যোগেৰেই চীন চৰকাৰৰ বিশ্বাস ভাজন হৈ  চীন ভ্ৰমণ কৰি তেওঁ‌ এইখন গ্ৰন্থ লিখিবলৈ সক্ষম হ’ল। 

সেয়ে পোন প্ৰথমে শৰ্মাদেউৰ চৰণত লাং খাই পৰি তেওঁ‌ৰ প্ৰতি সন্মান জনাবলৈ সকলোকে অনুৰোধ কৰিলোঁ‌।

এই ভ্ৰমণ মহাকাব্যখনৰ আৰম্ভণি  হৈছে শৰ্মাদেউৰ চীন প্ৰৱেশৰ দৃশ্যৰে। যদিও চীন চৰকাৰৰ লগত শৰ্মাৰ একে নলীয়েদি পানী যোৱা সম্পৰ্ক, এডেভেন্সাৰ প্ৰিয় শৰ্মাদেৱে এই ভ্ৰমণ কাহিনীত অলপ স্পাইচ যোগাবৰ বাবে, ইলিগেলী চীনত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰে। পৃথিৱীৰ কোনো ভ্ৰমণ কাহিনীত এনে উদাহৰণ পোৱা নেযায়। বিৰল প্ৰতিভাধাৰী শৰ্মাদেৱে এটি গাধৰ বেশ ধৰি, সীমান্তৰক্ষী ভাৰতীয় আৰু চীনা সেনাক গাধ বনাই নাথুলা পাছৰ মাজেৰে চীনত প্ৰবেশ কৰে। সেই সময়চোৱাৰ বৰ্ণনা গ্ৰন্থখনিত অতি জীৱন্ত ভাবে দিয়া হৈছে। সমস্যা হৈছিল তেওঁ‌ গাধৰ দৰে চাৰিঠেঙীয়া হৈ সেই বৰফাবৃত এশ কিলোমিটাৰ পাৰ হ’ব লগা হৈছিল। লগতে আঁঠু কাঢ়ি দিয়াৰ বাবে তেওঁ‌ৰ উচ্চতা সাধাৰণ গাধতকৈ সন্দেহজনক ভাৱে কম হৈ গৈছিল। তাৰ উপায় মৰ্মে তেওঁ নিজৰ চাতিৰ দীমাগ ব্যৱহাৰ কৰি নিজকে এক বাওনা গাধ বুলি প্ৰতীয়মান কৰি ভাৰত আৰু চীনৰ সেনাৰ চকুত ধূলি দি ৰঙাচীনত প্ৰৱেশ কৰিছিল।

গ্ৰন্থখনত লিখামতে সেই এশ কিলোমিটাৰ আঁঠুকাঢ়ি বাওনা গাধ হৈ পাৰ কৰাৰ পিছতে তেওঁ‌ চীনৰ প্ৰসিদ্ধ ফৰবিডেন চিটিত উপস্থিত হৈছিল। অৱশ্যে এই সমালোচকে অলপ গুগলাই চোৱাত দেখা গৈছিল যে সেই বাটেৰে গ’লে তেওঁ আচলতে তিব্বত হে পাব লাগিছিল, কিন্তু ক্ৰিয়েটিভ ফ্ৰীডমৰ বাবে সেই পইণ্টটো ইগনোৰ কৰা হ’ল। 

সি যি কি নহওক, ফৰবিডেন চিটিত উপস্থিত হোৱাৰ লগে লগে শৰ্মাদেউক শ্বাউলীন টেম্পলৰ মংক সকলে আদৰণি জনায়। অৱশ্যে ফৰবিডেন চিটি আৰু শ্বাওলিন টেম্পলৰ অৱস্থান সম্পৰ্কে শৰ্মাদেউৰ গ্ৰন্থ নিমাত। যিহেতু ফৰবিডেন চিটিলৈ আন কোনো মানুহ যাবই নোৱাৰে, গতিকে শৰ্মাদেউৰ বিৱৰণ মানি লোৱাৰ বাদে এই সমালোচকৰ আন কোনো উপায় নাই। 

 গ্ৰন্থখনত এইখিনিতে এটা টুইষ্ট আছে, চীনা চৰকাৰে মুখেৰে যিমান মিঠা কথা নকওক লাগে, তেওঁ‌লোকে শৰ্মাক সম্পূৰ্ণ বিশ্বাসত লোৱা নাছিল। সেয়ে শৰ্মাই এটা পৰীক্ষা দিব লগা হ’ল- তেওঁ‌ শ্বাওলিনৰ সেই ৩৬ টা চেম্বাৰ পাৰ কৰিব লগা হ’ল, এটা এটাকৈ। প্ৰফেচনেল নহ’লেও শৰ্মা ডাঙৰীয়াৰ শ্বাওলিন কুংফুত দক্ষতাৰ কথা সকলোৱে জানেই। সেই স্বভাৱগত প্ৰতিভাৰ বলতে শৰ্মাই প্ৰথম ৩৫ টা চেম্বাৰ সহজেই পাৰ হ’ল। কিন্তু লেঠা লাগিল ৩৬ নম্বৰটোত। তাত তেওঁ সন্মুখীন হ’ব লগা হ’ল কাৰ জানেনে? 

স্বয়ং ব্ৰুছলীৰ! 

ব্ৰুছলী? তেওঁ‌তো কেতিয়াবাই ঢুকাল! সেইটোৱেই প্ৰশ্ন জাগিছে নহয় আপোনাৰ মনত? 

চাওক চীন এখন ৰহস্যময় দেশ, সেই ৰহস্য উদ্ধাৰ কৰিবৰ বাবেই শৰ্মাই নিজৰ জীৱন পণ কৰিছে, ডাবল এজেণ্ট হৈছে। 

এই গ্ৰন্থখন পঢ়িলে আপুনি গম পাব, ব্ৰুছলী আচলতে চীন বা হংকঙৰ সকলোতকৈ গোপন মাৰনাস্ত্ৰ। ব্ৰুছলী আচলতে এজন নহয়, বহুত আছে, এজন ব্ৰুছলী মৰিলে আন এজনে ব্ৰুছলীৰ ঠাই লয়, তেওঁৰ নামো ব্ৰুছলীয়েই হয়। ডালাই লামা টাইপ কেছ, চীনে ইমান বছৰে লুকুৱাই থোৱা ‘ৰাজ’টো শৰ্মাদেৱে নিজৰ গ্ৰন্থত নগ্ন কৰি দিছে। 

সি যি কি নহওক, বৰ্তমান ব্ৰুছলীৰ পদাধিকাৰীজনৰ সৈতে শ্বাওলিনৰ ৩৬ নম্বৰ চেম্বাৰটোত  শৰ্মাৰ তামাম ফাইট হয়, কিন্তু শৰ্মাই শেষত পৰাজয় বৰণ কৰিব লগা হয়। সমালোচকৰ দৃষ্টিৰে চাবলৈ গ’লে এই ফাইটখনত নিজকে হৰুৱাই শৰ্মাই আচলতে এই গ্ৰন্থখনক এক অনন্য মৰ্যাদা প্ৰদান কৰিছে। তেওঁ‌ ব্ৰুছলীক কুংফুত হৰুৱাই দিলোঁ বুলি মিথ্যা মাতি নিজকে জাহিৰ কৰিব খোজা নাই, অত্যন্ত আধ্যাত্মিক সততাৰে নিজৰ পৰাজয় স্বীকাৰ কৰিছে। এনে নিৰ্মম, নিৰ্মোহ পৰাজয় স্বীকাৰ অসমীয়া নেলাগে বিশ্বৰ ভ্ৰমণ কাহিনীতে বিৰল, হিউ ৱেন চাং, ইবন বটুতা আদি ঐতিহাসিক ভ্ৰমণ কাহিনী লিখোঁতায়ো নিজেক গ্লৰিফাই কৰাৰ চেষ্টা দেখা পোৱা যায়, কিন্তু শৰ্মাই একান্ত ভাৱে কেৱল সত্যৰ আৰাধনা কৰিছে, আৰু এই সততাই ভ্ৰমণ কাহিনীটিক এক অনন্য মৰ্যাদা প্ৰদান কৰিছে।

কিন্তু শ্বাওলিনৰ ৩৬ নম্বৰ চেম্বাৰটোত ব্ৰুছলীৰ লগত পৰাজিত হোৱাৰ পাছতো, মানে চাইনীজ চৰকাৰৰ চূড়ান্ত পৰীক্ষাটোত ফেইল মৰাৰ পাছতো, শৰ্মাক জিন পিঙে কেনেকৈ বিশ্বাসত ল’লে। সেই ৰহস্যৰ পৰ্দা উঠিছে কাহিনীটিৰ পৰৱৰ্তী খণ্ডত।

এই আনহোনী সম্ভৱ হৈছে ব্ৰুছলীৰ বদান্যতাত। ৩৬ নম্বৰ চেম্বাৰৰ যুঁ‌জখন কি হৈছিল ব্ৰুছলী আৰু শৰ্মাৰ বাদে আন কোনেও নেজানে, কিন্তু যুঁ‌জখনৰ জিকাৰ পাছত ব্ৰুছলীয়ে জিন পিঙক ফোন কৰি কোৱা শৰ্মাই নিজে শুনিছিল,

 আগৰ ৩৫ টা চেম্বাৰত যুঁজি ভাগৰি  নপৰা হ’লে আজি শৰ্মাই ব্ৰুছলীৰ থীমটো ধ্বংস কৰি পেলালেহেঁতেন। এওঁক গ্ৰহণ কৰক, নহ’লে চীনৰ ভৱিষ্যত অন্ধকাৰ।

ইয়াৰ পাছতে চাইনীজ চৰকাৰৰ এসোপা বিষয়ববীয়া আহি শৰ্মাক মাল্য প্ৰদান কৰে আৰু তেওঁ‌ক টিয়ান-এন-মেন স্কোৱাৰ দেখুৱাবলৈ লৈ যায়। এইখিনিতে ভ্ৰমণ কাহিনীটিয়ে অলপ সাম্যবাদী, মানৱ অধিকাৰী ৰূপ লয়। শৰ্মাই টিয়ান-এন-মেন স্কোৱাৰৰ এক এন্ধাৰ চুকত চুচু কৰিবলৈ যাওঁতে এজন ভীক্ষাৰীক লগ পায় আৰু লো বিহ’ল্ড, সেইজন ভীক্ষাৰী আচলতে টিয়ান-এন-মেন স্কোৱাৰত হোৱা চৰকাৰী মাচাকাৰৰ প্ৰত্যক্ষদৰ্শী। ভীক্ষাৰীজনৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি শৰ্মাই ভ্ৰমণ কাহিনীটোৰ এই চেপ্টাৰত প্ৰকৃততে তাত কি কি হৈছিল, সেই ঘটনা বৰ্ণনা কৰিছে। কেৱল টিয়েন-এন-মেন স্কোৱাৰৰ ৰাজনৈতিক প্ৰেক্ষাপটেই নহয়, প্ৰতিবাদকাৰী সকলৰ ব্যক্তিগত জীৱনত আলোকপাতো কৰিছে শৰ্মাদেৱে।

চুংয়ুংকেই নামৰ প্ৰেমিকজনে কিদৰে গৰ্ভৱতী য়ুন লেই নামৰ প্ৰতিবাদী প্ৰেমিকাগৰাকীৰ ৰক্ষা কৰিবলৈ গৈ চীনৰ চৰকাৰী টেংকৰ আগত নিজে শুই দিছিল আৰু কিদৰে প্ৰেমিকাৰ হাতত ধৰি জীৱন ত্যাগ কৰিছিল, সেই ঘটনাৰ জীৱন্ত বৰ্ণনাই পাঠকৰ চকুলো বোৱাব। পিছলৈ শৰ্মাই য়ুন লেইক লগ ধৰি ৫০০ টকা এটা দি অহাৰ বাস্তৱ কাহিনীয়ে পাঠকক লিখকৰ মহানুভৱতাৰ কথা সদায় মনত পেলাই থাকিব।

ইয়াৰ পাছত আৰু বহুত কিবা কিবি ঘটনা হয় কিন্তু গ্ৰন্থখনৰ শ্ব’ ষ্টপাৰ হয়গৈ, জিন পিঙৰ সৈতে শৰ্মাৰ সাক্ষাত। যদিও জিন পিঙে শৰ্মাক আগৰ পৰাই জানিছিল, ব্যক্তিগত ভাৱে লগ পোৱাৰ দহ মিনিটৰ ভিতৰতে জিন পিঙে অনুভৱ কৰে যে শৰ্মাৰ দৰে বিশ্বাসী আৰু সমঝদাৰ বন্ধু পোৱা ভাগ্যৰ কথা। সেয়ে জিন পিঙ আৰু শৰ্মাই একেলগে মদ্যপান কৰে, যদিও শৰ্মাই জানে যে মদ্যপান স্বাস্থ্যৰ বাবে অপকাৰী কিন্তু দেশৰ স্বাৰ্থত তেওঁ সেই ৱচুল ত্যাগ কৰে। আৰু সেই মদৰ আড্ডাতে শৰ্মাই বুজি উঠে জিন পিঙৰ নিসংগতাৰ কথা, অসহায়তাৰ কথা। বিশ্বৰ সকলোতকৈ শক্তিশালী দেশ আমেৰিকাৰ চকুত চকু থৈ প্ৰত্যাহ্বান জনোৱা দেশখনৰ মুৰব্বী হ’লেও, জিন পিঙ যে এজন মানুহ, তেওঁ‌ৰো দূৰ্বলতা আছে, তেঁৱো কেতিয়াবা কান্দে কিন্তু তেওঁ‌ৰতো সেইখিনি স্বাধীনতা নাই যে তেওঁ ৰাইজক নিজৰ মৰ্মবেদনা দেখুৱাব, মন খুলি কান্দিব! জিন পিঙ সদায় শক্তিশালী হৈ থাকিব লাগিব, শক্তিশালী হ’বলৈ তেওঁ‌ বাধ্য, দুৰ্বল হোৱাৰ কোনো স্ক’প জিন পিঙৰ জীৱনত নাই। 

হ’লেও মানুহ না, শৰ্মাৰ লগত দুইপেগ মৰাৰ পাছত জিন পিঙে অন্তৰ উজাৰি কোৱা কথাখিনিৰে এই ভ্ৰমণ কাহিনীটিৰ সামৰণি পৰিশৰহে, যি পাঠকক না কেৱল অনন্য তথ্য আৰু দৃশ্যৰে সমৃদ্ধ কৰিব, লগতে জিন পিঙ বা য়ুন লেইৰ মৰ্মস্পৰ্শী কাহিনীৰে আপোনাৰ দুচকু সেমেকাই তুলিব। 

শেষত এনে এটি ভ্ৰমণ কাহিনীৰে অসমীয়া সাহিত্যক দিন দুগুণী অঔৰ ৰাত চৌগুনী উন্নত কৰাৰ বাবে দেৱজিত শৰ্মাক আন্তৰিক ধন্যবাদ জনাইছোঁ।

☆ ★ ☆ ★ ☆

5 Comments

  • Pranita Goswami

    সাংঘাতিক ব্যংগ। ভাল লাগিল।

    Reply
  • ডলী

    বহুত সুন্দৰ ব্যংগ। ধন্যবাদ

    Reply
  • কৰবী দেবী

    বহুত সুন্দৰ লিখনি

    Reply
  • কমলা দাস

    মজা লাগিল পঢ়ি

    Reply
  • অভিজিত কলিতা

    ধন্যবাদ সকলোকে

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *