ফটাঢোল

ভ্ৰম ৰংগ-ডা° ভূপেন শইকীয়া( প্ৰয়াত)

যোৱা বুধবাৰে ক্লিনিকৰ ফিলিপিনো নাৰ্চ এজনীয়ে সবিনয়ে ক’লেহি, 

: ছাৰ, কাইলৈ নিশা ৯ বজাত বিন মামুদৰ জলিবি (Jollibee) ৰেষ্টোৰালৈ এবাৰ আহি দেখা দিলে ভাল পাম৷ আমাৰ বেবীটোৰ এবছৰ হ’ল৷

কথাষাৰ শুনি মই মনতে জুকিয়াই চালোঁ- এৰা হয়তো৷ যোৱা বছৰ তাই বিয়া পতাৰ কথা মই পাহৰা নাই৷

ডিউটি শেষ কৰি লুলু ডিপাৰ্টমেণ্টেল ষ্ট’ৰলৈ গ’লোঁ৷  উদ্দেশ্য এটা উপহাৰ কিনাৰ৷ পোনতে বগা, বেঙুনীয়া আৰু সেউজীয়া ৰঙ থকা এখন কোমল টাৱেল বাচি ল’লোঁ৷ ইয়াৰ পিছত শিশুৰ কাপোৰৰ বিপনীত প্ৰবেশ কৰিলোঁ৷ টাৱেলৰ ৰঙৰ সৈতে মিলা এটা ধুনীয়া ফ্ৰক কিনিবলৈ পচন্দ কৰিলোঁ৷ ফিলপিনো চেলচ গাৰ্লজনীক সুধিলোঁ,

: এইটো এবছৰীয়া বেবীৰ জোখৰ হ’বনে?

মিচিকিয়া হাঁহিৰে উত্তৰ আহিল,

: পাৰফেক্ট চাইজ!

তাৰ পিছত চকুত লগা গিফ্ট পেপাৰ আৰু গিফ্ট কেৰি বেগো কিনি লৈ লুলু ডিপাৰ্টমেণ্টেল ষ্ট’ৰ এৰিলোঁ৷ পিছদিনা বৃহস্পতিবাৰে চাৰে পাঁচটাত ডিউটি শেষ কৰি নিজৰ বিন মামুদৰ বাসস্থানলৈ আহিলোঁ৷ পৰিবাৰ অসমলৈ যোৱাত বৰ্তমান অকলে আছোঁ৷ চাহ বনাই বিস্কুটৰ সৈতে খাই টিভিটো লগাই ল’লোঁ৷ অসমৰ বা-বাতৰিখিনি এবাৰ চকু ফুৰাই তিনিটামান চেনেলৰ ধাৰবাহিক কেইখনমান চাৰে আঠটালৈ চালোঁ৷ উপহাৰৰ টোপোলাটো নিজ হাতেৰে বান্ধি ৯ বজাৰ আগে আগে পদব্ৰজে ঘৰৰ পৰা জলিবি ৰেষ্টোৰালৈ ওলালোঁ৷ খোজেৰে মাথো দহ মিনিটৰ বাট৷

ৰঙা নীলা লাইটৰ পোহৰত চিকমিকাই জিলিকি থকা সৰু হল ঘৰটো হাঁহিমুখীয়া মানুহৰে ভৰি পৰিছে৷ বাজি আছিল মৃদু শব্দৰে ফিলিপিনো সংগীত৷ মানুহবোৰে পাৰ্টি উপলক্ষে সাঁজি-কাচি আহিছে৷ কেঁচুৱাৰ মাক-দেউতাকে মোক আদৰ-সাদৰ কৰি বহোৱালে৷ এজনে আদৰণি পানীয় (ৱেলকাম ড্ৰিংকচ) হাতত তুলি দিলে৷ ফিলিপিনো বুফেৰে সকলো অতিথিক আপ্যায়ন কৰা হৈছিল৷ মই তাৰে বাচি বাচি দুই তিনিপদ গ্ৰহণ কৰি ধন্যবাদ জনাই দহ বজাত ঘৰমুৱা হ’লোঁ৷

শুকুৰবাৰে আমাৰ সাপ্তাহিক বন্ধৰ দিন৷ শনিবাৰে ডিউটিত নাৰ্চজনীক লগ পালোঁ৷ আজৰি সময়ত সিদিনা মোৰ কেনে লাগিল সুধিলে আৰু ক’লে,

: ছাৰে পাহৰি গ’ল আমাৰ বেবীটো ছোৱালী নহয় ল’ৰাহে!

মই নিজৰ ভুলৰ বাবে লজ্জিত হৈ ক’লোঁ,

: ফ্ৰকটো মই সলাই আনিম দিবা৷

নাৰ্চজনীয়ে লাজ লাজকৈ উত্তৰ দিলে,

: নালাগে ছাৰ৷ সেইটো আমাৰ পৰৱৰ্তী সন্তানৰ কামত আহিব!

☆ ★ ☆ ★ ☆

One comment

  • অৰবিন্দ গোস্বামী

    বৰ সুন্দৰ লিখিছিল এইটো।
    তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *